সুৰদেৱী থিয়েটাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
সুৰদেৱী থিয়েটাৰ
ঠিকনা চামতা, নলবাৰী জিলা, অসম
চহৰ নলবাৰী
দেশ ভাৰত
স্বতাধিকাৰী ধৰণী বৰ্মন
মুঠ সক্ৰিয় সময় ১৯৬৪ চন-
অন্যান্য নাম সুৰদেৱী নাট্য সংঘ

সুৰদেৱী থিয়েটাৰ হৈছে এটি অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ দল। নলবাৰী জিলাচামতা ত ১৯৬৪ চনত এই ভ্ৰাম্যমান নাট্যদলটো সুৰদেৱী নাট্য সংঘ নামেৰে আত্মপ্ৰকাশ কৰে। ১৯৬৪ চনত সুৰদেৱী নাট্য সংঘই নাম সলনি কৰি সুৰদেৱী থিয়েটাৰ নামেৰে নাট্য পৰিক্ৰমা আৰম্ভ কৰে। সুৰদেৱী থিয়েটাৰৰ প্ৰযোজক আছিল ধৰণী বৰ্মন[1]

ঐতিহাসিক বিৱৰণ[সম্পাদনা কৰক]

সুৰদেৱী থিয়েটাৰৰ স্ৰষ্টা ধৰণী বৰ্মন সংগীত নাটক অকাডেমী বঁটাপ্ৰাপ্ত শিল্পী আছিল। ১৯৫২ চন মানৰ পৰাই তেওঁ অভিনয় জগতৰ লগত জড়িত হৈ আছিল। চামতাৰ মঞ্চত তেওঁ পিয়লি ফুকন নাটকত অভিনয় কৰিছিল। উল্লেখযোগ্য যে, সেই সময়ছোৱাত পুৰুষেই নাৰীৰ চৰিত্ৰও ৰূপায়ণ কৰিছিল। ১৯৬০ চনত তেওঁ এটি নাট্যদলত সোমাল আৰু চাৰিদিনমান অভিনয় কৰিলে। ১৯৬১ চনত ধৰণী বৰ্মনে নটৰাজ অপেৰাত সোমায়। তাৰ পৰাই ১৯৬৩ চনত তেওঁ প্ৰথম অসমীয়া ভ্ৰাম্যমাণ নাট্য দল নটৰাজ থিয়েটাৰত অভিনেতা হিচাপে অভিনয় কৰে। ভ্ৰাম্যমাণৰ পিতামহস্বৰূপ অচ্যুত লহকৰ আছিল ধৰণী বৰ্মনৰ আদৰ্শ। প্ৰথম অৱস্থাৰ পৰাই তেওঁৰ মন আছিল এটি ভ্ৰাম্যমাণ নাট্যদল খোলাৰ। সেই কামৰ আৰম্ভণি হিচাপে ১৯৬৪ চনত তেওঁ সুৰদেৱী নাট্য সংঘ প্ৰতিষ্ঠা কৰে[1]

জন্ম-কাহিনী[সম্পাদনা কৰক]

১৯৫৯ চনত পাঠশালাত অচ্যুত লহকৰ-এ প্ৰতিষ্ঠা কৰা নটৰাজ থিয়েটাৰৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ধৰণী বৰ্মনে ১৯৬৪ চনত নলবাৰী জিলাৰ চামতাত সুৰদেৱী নাট্য সংঘ প্ৰতিষ্ঠা কৰে। পাছলৈ ১৯৬৬ চনত এই নাম পৰিৱৰ্তন হৈ নতুন নাম হয়গৈ সুৰদেৱী থিয়েটাৰ। তেতিয়ালৈকে যাত্ৰা দলত খোলা মঞ্চৰহে ব্যৱস্থা আছিল। মাজত থকা মঞ্চৰ চাৰিওপিনে বহি দৰ্শকে নাট্যাভিনয় উপভোগ কৰিছিল। সুৰদেৱী থিয়েটাৰে এই ব্যৱস্থাৰ সলনি কৰি তিনিফাল খোলা আৰু পিছফাল বন্ধ মঞ্চৰ ব্যৱস্থা কৰিছিল। পাছলৈ অন্য যাত্ৰাদলেও এনে ধৰণৰ মঞ্চৰ ব্যৱহাৰ কৰিবলৈ লয়[1]

ৰঙ্গমঞ্চ[সম্পাদনা কৰক]

১৯৬৪ চনত সুৰদেৱী নাট্য সংঘ প্ৰতিষ্ঠা হোৱালৈকে অসমৰ যাত্ৰা দল সমূহত খোলা মঞ্চৰহে ব্যৱস্থা আছিল। মাজত থকা মঞ্চখনৰ চাৰিওদিশে বহি দৰ্শকে নাট উপভোগ কৰিছিল। সুৰদেৱী নাট্য সংঘ বা পাছলৈ ১৯৬৬ চনত নাম সলনি কৰি হোৱা সুৰদেৱী থিয়েটাৰে পোন প্ৰথম বাৰৰ বাবে তিনিফাল খোলা, পিছফাল বন্ধ মঞ্চৰ ব্যৱস্থা কৰে। পাছলৈ অন্য যাত্ৰাদলসমূহেও এই ধৰণৰ মঞ্চয়েই ব্যৱহাৰ কৰিবলৈ লয়। ১৯৭০-৭১ চনত ধৰণী বৰ্মনে থিয়েটাৰত 'থ্ৰি ডাইমেনছন ষ্টেজ' (Three dimension stage) পদ্ধতি আৰম্ভ কৰে। এই পদ্ধতিৰ আৰম্ভণি কৰা ব্যক্তিজন আছিল সুৰদেৱী থিয়েটাৰৰ কলা নিৰ্দেশক গোবিন্দ চৌধুৰী[1]

নাট্য পৰিক্ৰমা[সম্পাদনা কৰক]

সুৰদেৱী নাট্য সংঘৰ প্ৰথম বছৰৰ নাট্য পৰিক্ৰমা (১৯৬৪-৬৫)[সম্পাদনা কৰক]

ৰাছিয়ান থিয়েটাৰৰ আৰ্হিত নলবাৰী জিলাৰ চামতাত ধৰণী বৰ্মনৰ প্ৰযোজনাত গঢ় লৈ উঠা সুৰদেৱী নাট্য সংঘই শুভ নাট উদ্বোধন কৰিছিল ১৯৬৪ চনৰ ৯ ছেপ্তেম্বৰ তাৰিখে। এই নাট্যবৰ্ষৰ উল্লেখনীয় নাটসমূহ আছিল-'ধাত্ৰীমাতা', 'সোণৰ ভাৰত' আৰু 'হৰিশ্চন্দ্ৰ'। নাটসমূহ পৰিচালনা কৰিছিল চন্দ্ৰ চৌধুৰী আৰু কমল চক্ৰৱৰ্তীয়ে। সুৰদেৱী নাট্য সংঘৰ প্ৰথম নাট্যবৰ্ষত অভিনয় কৰা অভিনেতা-অভিনেত্ৰীসকল আছিল-চন্দ্ৰ চৌধুৰী, কমলা চক্ৰৱৰ্তী, ধৰণী বৰ্মন, হৰেণ গোস্বামী, ৰুদ্ৰ চৌধুৰী, ৰমা শীল, মহেন্দ্ৰ বৈশ্য, আৰতি বৰুৱা, পুতুল হাজৰিকা, পদুম বড়া, তুনু, প্ৰেমলতা, প্ৰতিমা, পৱিত্ৰী, ধৰ্মেশ্বৰী আদি। এই বৰ্ষৰ নৃত্য পৰিচালক আছিল ৰবীন দাস আৰু সূৰ্য্য বৈশ্য। সংগীত পৰিচালনা কৰিছিল চন্দ্ৰ চৌধুৰীয়ে[1]

সুৰদেৱী নাট্য সংঘৰ দ্বিতীয় বছৰৰ নাট্য পৰিক্ৰমা (১৯৬৫-৬৬)[সম্পাদনা কৰক]

সুৰদেৱী নাট্য সংঘই ইয়াৰ দ্বিতীয় বছৰ নাট্য পৰিক্ৰমাত মঞ্চস্থ কৰা নাটসমূহৰ ভিতৰত অন্যতম আছিল-'ৰাণীবাঈ'। 'ৰাণীবাঈ' নাটকত 'আলমগিৰ'ৰ চৰিত্ৰত ৰুদ্ৰ চৌধুৰী, 'ইন্দ্ৰ সিঙ'ৰ চৰিত্ৰত মহানন্দ শৰ্মা, 'ভীম সিঙ'ৰ চৰিত্ৰত হৰেন গোস্বামী, 'আকবৰ'ৰ ভূমিকাত নৰেন ডেকা আৰু 'চম্পা'ৰ চৰিত্ৰত সাৱিত্ৰী বৰুৱাই প্ৰশংসনীয় অভিনয় কৰিছিল[1]

সুৰদেৱী থিয়েটাৰৰ প্ৰথম বছৰৰ নাট্য পৰিক্ৰমা (১৯৬৬-৬৭)[সম্পাদনা কৰক]

১৯৬৬ চনত সুৰদেৱী নাট্য সংঘই নাম সনলি কৰি সুৰদেৱী থিয়েটাৰ নাম লয়। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক নাট পৰিচালক হিচাপে আনি প্ৰথম বৰ্ষতেই চমক সৃষ্টি কৰা সুৰদেৱী থিয়েটাৰৰ আন চমক আছিল নিজস্ব মঞ্চ, বিজুলী চাকি, তম্বুৰ বিশাল প্ৰেক্ষাগৃহত পোন্ধৰশ দৰ্শকৰ সন্মুখত নাট অভিনয় কৰা। প্ৰথম বৰ্ষত অভিনীত নাটসমূহ আছিল- 'সমুদ্ৰ গুপ্ত', 'চম্বলৰ অভিশাপ', 'সম্ৰাট অশোক', 'সাৱিত্ৰী সত্যবান', আৰু 'পিয়লি ফুকন'। এই বৰ্ষত অভিনীত নৃত্য নাটিকা সমূহ আছিল-'পৰশমণি', 'লুইতক ভেটিব কোনে' আৰু 'সুভদ্ৰা'। প্ৰথম নাট্যবৰ্ষত সুৰদেৱী থিয়েটাৰৰ কৰ্মকৰ্তা আৰু শিল্পীসকল আছিল-

প্ৰথম বৰ্ষৰ কৰ্মকৰ্তাসকল আৰু শিল্পীসকল
বিষয় নাম
প্ৰযোজনা ধৰণী বৰ্মন
নাট্য পৰিচালনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা
সংগীত পৰিচালনা ব্ৰজেন বৰুৱা
নৃত্য পৰিচালনা ৰবীন দাস
কলা নিৰ্দেশনা পদুম গোহাঁই
অভিনয় শিল্পীসকল ধৰণী বৰ্মন, কমলা চক্ৰৱৰ্তী, সূৰ্য্য বৈশ্য, ভোলা কটকী, ৰজনী তালুকদাৰ, হৰেন গোস্বামী, ধনেশ্বৰ শৰ্মা, স্বৰ্ণলতা বৰা, আৰতি বৰুৱা, পদুমী হাজৰিকা, লাবণ্য বৰুৱা, ৰেখা বৰুৱা, মঞ্জু বৰা, শোভাৰাণী দাস, গিৰীশ তালুকদাৰ, অক্ষয় পাটগিৰী, জন্মি দাস আদি
নৃত্য শিল্পীসকল ৰাজাৰাম, পৱিত্ৰী, অনিমা, কল্পনা আদি
বাদ্যযন্ত্ৰী সকল ৰাজকৃষ্ণ বাঢ়ৈ, নৰেন দাস, নৰেন নাগ, কামিনী দাস, জয়হৰি দাস, ধৰ্মেশ্বৰ, সুকুমাৰ সৰকাৰ, অৰবিন্দ হালৈ, শান্তি দাস, চবিন দাস আদি

[1]

সুৰদেৱী থিয়েটাৰৰ দ্বিতীয় নাট্যবৰ্ষ (১৯৬৭-৬৮)[সম্পাদনা কৰক]

দ্বিতীয় নাট্যবৰ্ষত সুৰদেৱী থিয়েটাৰে মঞ্চস্থ কৰা নাটসমূহ আছিল-'হৰিশ্চন্দ্ৰ', 'সাৱিত্ৰী', 'ক্ষুধিত চম্বল', 'চম্বলৰ অভিশাপ', 'দেবাসুৰ', ৰূপ-অপৰূপ' আৰু 'মল্লিকা দাস'। এই নাট্যবৰ্ষত অভিনীত নৃত্য-নাটিকাসমূহ আছিল-'কনক চম্পা', 'গুপ্ত প্ৰণয়', 'মীৰাবাঈ', 'লুইতক ভেটিব কোনে', আৰু 'পৰশমণি'। নাটসমূহ পৰিচালনা কৰিছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই। মঞ্চসজ্জাৰ দায়িত্বত আছিল খগেন দাস আৰু অক্ষয় পাটগিৰী। অভিনয় শিল্পীসকল আছিল-ধৰণী বৰ্মন, যোগেশ শৰ্মা, ভোলা কটকী, হৰেন গোস্বামী, স্বৰ্ণ বৰা, আৰতি বৰুৱা, নিজৰা বৰা, মিনতি ভৰালী আদি। এই বৰ্ষতে কণ্ঠশিল্পী ৰাজকৃষ্ণ বাঢ়ৈয়ে দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল[1]

পৰৱৰ্তী বৰ্ষৰ কাৰ্যকলাপ[সম্পাদনা কৰক]

১৯৭০-৭১ নাট্যবৰ্ষত সুৰদেৱী থিয়েটাৰে সুৰদেৱী থ্ৰি ডাইমেনছন থিয়েটাৰ নাম লৈ নাট্যবৰ্ষ আৰম্ভ কৰিছিল। এই বৰ্ষৰ বিশেষ আকৰ্ষনৰ থল আছিল গোবিন্দ চৌধুৰীয়ে প্ৰৱৰ্তন কৰা থ্ৰি ডাইমেনছন মঞ্চৰ ব্যৱহাৰ। এই মঞ্চৰ বিশেষত্ব আছিল এয়ে যে, ইয়াত আঁৰ কাপোৰৰ প্ৰয়োজন নহৈছিল। চিনেমাৰ দৰে দৰ্শকসকলে একেলেথাৰিয়ে ইয়াৰ নাটসমূহ উপভোগ কৰিব পাৰিছিল [1]


লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 1.8 কিশোৰ কুমাৰ কলিতা (লেখক), কিশোৰ কুমাৰ কলিতা আৰু ড° ৰনজিৎ ডেকা (সম্পাদক), পাঠশালা, আনন্দৰাম বৰুৱা একাডেমী প্ৰকাশন, পাঠশালা, পৃষ্ঠা ৪৪ -ৰ পৰা উল্লেখিত , ডিচেম্বৰ, ২০১১