ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/ফেব্ৰুৱাৰী-২০১৭

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Wiki patrika banner2.jpg Wiki patrika.jpg
ফেব্ৰুৱাৰী, ২০১৭

আন্তৰ্জাতিক মাতৃভাষা দিৱস

ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস (International Mother Language Day) হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্ক'ই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৫২ চনৰ এই দিনতে বাংলা ভাষাক পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰভাষা কৰাৰ দাবী জনোৱা আন্দোলনকাৰী ছাত্ৰসকলৰ ওপৰত পুলিচে গুলিবৰ্ষণ কৰাত কেইবাজনো যুৱক ছহিদ হয়। এই দিনটোক বাংলাদেশত ছহিদ দিৱস হিচাপেও পালন কৰা হয়। (বিতংকৈ পঢ়ক)

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

Sir CV Raman.JPG

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস (ইংৰাজী: National Science Day, চমুকৈ NSD) প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেঙ্কট ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয়। ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল।

এই আৱিষ্কাৰৰ বাবে ১৯৩০ চনত ৰমনে পদাৰ্থ বিজ্ঞানত ন’বেল বঁটা লাভ কৰে। (বিতংকৈ পঢ়ক)

ভেলেণ্টাইন দিৱস

Antique Valentine 1909 01.jpg

সন্ত ভেলেণ্টাইন দিৱস, সাধাৰণতে চমুকৈ ভেলেণ্টাইন দিৱস হ'ল এজন বা ততোধিক খ্ৰীষ্টিয় শ্বহীদ চেইণ্ট ভেলেণ্টাইনৰ নামত উচৰ্গিত দিন৷ বছৰৰ দ্বিতীয় মাহ ফেব্ৰুৱাৰী মাহৰ ১৪ তাৰিখে ইয়াক পালন কৰা হয়৷ ইয়াক এটা পৱিত্ৰ প্ৰেমৰ দিন হিচাপে সমগ্ৰ বিশ্বতে পালন কৰা হয়৷ এই দিনটোত প্ৰেমিক -প্ৰেমিকা সকলে নিজৰ প্ৰিয়জনক ফুলৰে, মিঠাই বা মৰমৰ বাৰ্তাৰে ( ভেলেণ্টাইন বাৰ্তা ) সম্ভাষণ জনায়৷ এই দিনটো, উচ্চ মধ্য যুগৰ জিও’ফ্ৰি চাওঁচাৰ (Geoffrey Chaucer)ৰ চক্ৰৰ লগত ৰাজকীয় প্ৰেমৰ পৰম্পৰাৰ জয়জয় ময়ময়ৰ সময়তে, প্ৰথম বাৰৰ বাবে ৰোমান্টিক প্ৰেমৰ লগত সাঙোৰ খাই পৰে৷ এই দিৱসটো প্ৰথম বাৰৰ বাবে প’প গিলাচিয়াছে ৪৯৬ খ্ৰীঃ পূঃ ত প্ৰতিষ্ঠিত কৰে আৰু ইয়াক পিছত ১৯৬৯ চনত চতুৰ্থ প’প প’লৰ দ্বাৰা সাধাৰণ ৰোমান দিনপঞ্জীৰ পৰা আঁতৰাই দিয়া হয় ৷

হৃদয়ৰ আকৃতিৰ পৰিসীমা, কপৌ আৰু ডেউকা থকা কিউপিডৰ ছবিক, আধুনিক ভেলেণ্টাইন দিৱসৰ প্ৰতীক হিচাপে গণ্য কৰা হয়৷ ১৯ শতিকাৰ পৰা হাতে লিখা ভেলেণ্টাইন বাৰ্তা আঁতৰি, তাৰ ঠাইত পাইকাৰী হাৰত শুভেচ্ছা প্ৰত্ৰৰ প্ৰচলন আৰম্ভ হয়৷ (বিতংকৈ পঢ়ক)

যোৱা মাহত সৃষ্ট প্ৰবন্ধ (অসমীয়া ৱিকিপিডিয়া)

  1. ছালাম
  2. অমলপ্ৰভা দাস
  3. হৈমন্তী শুক্লা
  4. হাদিছ
  5. কাবুলিৱালা (১৯৬১ চলচ্চিত্ৰ)
  6. বিশ্ব কৰ্কট ৰোগ দিৱস
  7. ক্ষ
  8. ৰূপকোঁৱৰ থিয়েটাৰ
  9. আব্ৰাহামিক ধৰ্ম
  10. একেশ্বৰবাদ
  11. হিলিয়াম
  12. মুহাম্মাদ
  13. লো
  14. চাল্লাহু আলাইহি ওয়াছাল্লাম
  15. কুৰাইশ্ব
  16. প্ৰাচীন অসমীয়া থেল ধেমালি
  17. অনুষ্কা শংকৰ
  18. পিএছএলভি-চি৩৭
  19. গুজৰাটী ভাষা
  20. পৰিক্ষিত সাহানী
  21. কাবা
  22. নাইট্ৰ'জেন
  23. গেছ ধ্ৰুৱক
  24. নিয়ন
  25. ইব্ৰাহিম
  26. নীলফামাৰী জিলা
  27. মছজিদে নববী
  28. ৱিকিচ'ৰাৰ বাবে ৱিকিমিডিয়া
  29. তেলুগু ভাষা
  30. হৃদপিণ্ড বা কলিজা
  31. পাকস্থলী
  32. বৃহদন্ত্ৰ
  33. অস্থি বা হাড়
  34. মাংসপেশী
  35. মুখ
  36. জিভা
  37. হাওঁফাওঁ
  38. ছালাত
  39. দুআ
  40. ফৰজ
  41. ছিয়াম
  42. ৰমাদ্বান
  43. ঈদুল ফিতৰ
  44. লাইলাতুল কদৰ
  45. ঈদুল আজহা
  46. ইফতাৰ
  47. খেজুৰ
  48. ইবাদত
  49. কিয়ামত
  50. শ্বাহাদাহ
  51. জাকাত
  52. হজ্জ
  53. ইছমাইল
  54. শুক্ৰেশ্বৰ মন্দিৰ
  55. আৰবী
  56. জিব্ৰাইল
  57. মিকাইল
  58. ৰাছুল
  59. কোৰআনত উল্লেখিত মহিলাসকল
  60. আদম

অন্যান্য

S
+ আপোনাৰ মতামত লিখকএই সম্পৰ্কে আলোচনা কৰক
বৰ্তমানলৈকে কোনো মন্তব্য নাই। আপুনি প্ৰথম মন্তব্যদাতা হ'ব পাৰে!