সমললৈ যাওক

ক্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ক্ষ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ অন্তৰ্ভুক্ত আখৰ যদিও ই স্বতন্ত্ৰ বৰ্ণ নহয়। ই এটা যুক্ত বৰ্ণ হে। ক আৰু ষ বৰ্ণ সংযুক্ত হৈ (ক্‌ + ষ) ক্ষ হয়। ইয়াৰ উচ্চাৰণ খিয়ো। শব্দটোত ক’ত ব্যৱহাৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বৰ্ণটোৰ উচ্চাৰণ বেলেগ বেলেগ হয়। ই এক অস্পষ্ট ব্যঞ্জনবৰ্ণ।

'ক্ষ'ৰ উচ্চাৰণ

[সম্পাদনা কৰক]

অসমীয়া, বাংলা আদি ভাষাত 'ক্ষ'ৰ উচ্চাৰণ দুইধৰণে হ'ব পাৰে:

  1. যদি কোনো শব্দৰ আৰম্ভণিত ক্ষ থাকে তেন্তে ইয়াৰ উচ্চাৰণ ‘খ’ৰ দৰে হয়।

যেনে: ক্ষমা (উচ্চাৰণ: খমা)।

  1. ক্ষ যদি মাজত বা শেষত থাকে তেন্তে ইয়াৰ উচ্চাৰণ ‘ক + খ’ৰ দৰে হয়।

যেনে: সুৰক্ষা (উচ্চাৰণ: সুৰক্খা)।[1]

অৱশ্যে সংস্কৃত, হিন্দী আদি ভাষাত ক্ষৰ উচ্চাৰণ বেলেগ ধৰণে হয়। যেনে: ক্ষমা (স্যমা), সুৰক্ষা (সুৰক্ষা)।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]
স্বৰবৰ্ণ 'ক্ষ'ৰ লগত যোগ হ'লে
ক্ষ
ক্ষা
ক্ষি
ক্ষী
ক্ষু
ক্ষূ
ক্ষৃ
ক্ষে
ক্ষৈ
ক্ষো
ক্ষৌ

যুক্তবৰ্ণ (ক্ষ যোগ)

[সম্পাদনা কৰক]

ক্‌ + ষ্‌ + ম = ক্ষ্ম = সুক্ষ্ম
ক্‌ + ষ্‌ + য = ক্ষ্য = লক্ষ্য

'ক্ষ'ৰে আৰম্ভ শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]
  • ক্ষমা
  • ক্ষতি
  • ক্ষত্ৰিয়
  • ক্ষুধা
  • ক্ষণ
  • ক্ষমতা
  • ক্ষেত্ৰ
  • ক্ষুদ্ৰ
  • ক্ষুব্ধ
  • ক্ষিপ্ৰ
  • ক্ষীণ
  • ক্ষোভ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "ক্ষ-ৰ উচ্চাৰণ". বানান আন্দোলন. ১৮ জুন ২০২০. https://bananandolon.com/2020/06/18/%E0%A6%95%E0%A7%8D%E0%A6%B7-%E0%A6%8F%E0%A6%B0-%E0%A6%89%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BE%E0%A6%B0%E0%A6%A3/। আহৰণ কৰা হৈছে: ১০ মে' ২০২৫.