অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৮ নং আখৰ। ই এক পাৰ্শ্ব বা পাৰ্শ্বিক ধ্বনি৷ এনে ধ্বনি উচ্চাৰণ কৰোঁতে আগ জিভাৰ দাঁতিৰ জিহ্বাদল দুটা চেপেটা হৈ নাথাকি গোটা হৈ আগদাঁতৰ অন্তৰ্ভাগত স্পৰ্শ কৰি বায়ুপ্ৰবাহক ভেটা দি, জিহ্বাৰ একাষে বা দুয়োকাষে ওলাই যাবলৈ দি “ল’’ উচ্চাৰণ কৰা হয়৷[1][2] ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[3] 'ল'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ল' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ল'ৰ লগত যোগ হ'লে
লা
লি
লী
লু
লূ
লো
লৌ

যুক্তবৰ্ণ (ল যোগ)[সম্পাদনা কৰক]

ল + ক = ল্ক = বল্কল
ল্ + গ= ল্গ = বল্গা
ল্ + ট = ল্ট = উল্টা
ল্ + প = ল্প = অল্প
ল্ + ব = ল্ব = বাল্ব
ল্ + ম = ল্ম = গুল্ম
ল্ + য় = ল্য = বাল্য
ল্ + ল = ল্ল = মল্ল

'ল'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • লফা
  • লাজ
  • ল'ৰা
  • লাই
  • লেখক
  • লোক
  • লব
  • লৌহ
  • লোকসভা
  • লৃগাং
  • লীলাৱতী

আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. বৰুৱা, ড° ভীমকান্ত (২০০২). ভাষাৰ ইতিবৃত্ত. বনলতা. পৃষ্ঠা. ৭-৮. ISBN 81-7339-338-9. 
  2. গোস্বামী, ড° উপেন্দ্ৰনাথ (২০০২). ভাষা-বিজ্ঞান. মণি-মাণিক প্ৰকাশ. পৃষ্ঠা. ১০০. 
  3. xobdo.org search result of ব্যঞ্জন বৰ্ণ