ঘ
অৱয়ব
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ ঘ চাওক।
ঘ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ঘ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ চতুৰ্থ আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ঘ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঘ'ক উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঘ'-ক এনেদৰে
লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ঘ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ঘ |
| আ | ঘা |
| ই | ঘি |
| ঈ | ঘী |
| উ | ঘু |
| ঊ | ঘূ |
| ঋ | ঘৃ |
| এ | ঘে |
| ঐ | ঘৈ |
| ও | ঘো |
| ঔ | ঘৌ |
যুক্তবৰ্ণ (ঘ যোগ)
[সম্পাদনা কৰক]ঘ্ + ন = ঘ্ন = কৃতঘ্ন
ঘ্ + য = ঘ্য = অশ্লাঘ্য
ঘ্ + ৰ = ঘ্ৰ = ব্যাঘ্ৰ
'ঘ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013