সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া লিপিস্বৰবৰ্ণৰ দশম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।[1] 'ও'ও এটি স্বৰধ্বনি, সেয়েহে 'ও' উচ্চাৰণ কৰোঁতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'ও'-ক এনেদৰে ⠕ (braille pattern dots-135) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]

কোনো ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ও'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ও'ৰ গৌণ প্ৰতীক। 'ও'ৰ এই ৰূপ হ'ল 'ো'।[3] যেনে-ক্+ও=কো আদি।

ইউনিক’ড

[সম্পাদনা কৰক]
ৰূপচিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপU+0993U+0993BENGALI LETTER O
গৌণ ৰূপU+09CBU+09CBBENGALI VOWEL SIGN O

'ও' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]

ও-কাৰ যুক্ত শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]
  • খোল
  • ঢোল
  • কোৰ
  • চোকা
  • চোৰ
  • টোকা
  • টোল
  • বোৰ
  • বোল‌
  • মোৰ
  • লোক
  • কোঁচ
  • কোঁঠ
  • কোঁহ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of স্বৰবৰ্ণ
  2. World Braille Usage Archived 2014-09-08 at the Wayback Machine, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)