অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৫ম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হবও পাৰে বা নহবও পাৰে।[1] 'ঙ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ঙ' উচ্চাৰণ কৰোতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ঙ'-ক এনেদৰে ⠬ (braille pattern dots-346) লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'ঙ'ৰ লগত যোগ হ'লে
ঙা
ঙি
ঙী
ঙু
ঙূ
ঙৃ
ঙে
ঙৈ
ঙো
ঙৌ

যুক্তবৰ্ণ (ঙ যোগ)[সম্পাদনা কৰক]

ঙ + ক = ঙ্ক = অঙ্ক
ঙ + খ = ঙ্খ = শঙ্খ
ঙ + গ = ঙ্গ = গঙ্গা
ঙ + ঘ = ঙ্ঘ = সঙ্ঘ
ঙ + ব = ঙ্ব
ঙ + ম = ঙ্ম = বাঙ্ময়
ঙ + য = ঙ্য
ঙ + ৰ = ঙ্ৰ

'ঙ'যুক্ত শব্দ[সম্পাদনা কৰক]

  • নাঙল
  • মঙহ
  • কঙাল
  • গঙা-চিলনী
  • চুঙা আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
  2. World Braille Usage, UNESCO, 2013