অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৮ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'দ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'দ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'দ'ৰ লগত যোগ হ'লে
দা
দি
দী
দু
দূ
দৃ
দে
দৈ
দো
দৌ

যুক্তবৰ্ণ (দ যোগ)[সম্পাদনা কৰক]

দ্ + গ = দ্গ = উদ্গিৰণ
দ্ + ঘ = দ্ঘ = উদ্ঘাটন
দ্ + দ = দ্দ =উদ্দাম
দ্ + ধ = দ্ধ = যুদ্ধ
দ্ + ব = দ্ব = দ্বাৰা
দ্ + ভ = দ্ভ = উদ্ভৱ
দ্ + ম = দ্ম = ছদ্ম
দ্ + য = দ্য = পদ্য
দ্ + ৰ = দ্ৰ = ভদ্ৰ
দ্ + ৰ + উ = দ্ৰু = দ্ৰুত

'দ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • দা
  • দৈ
  • দুৱাৰ
  • দল
  • দাঁত
  • দ্ৰব্য
  • দক্ষিণ
  • দিল্লী
  • দিন
  • দ'ল
  • দৌৰ
  • দুগদুগী
  • দ্ৰষ্টব্য
  • দৈনিক
  • দলিল

আদি।

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ