দ
অৱয়ব
দ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
দ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ১৮ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'দ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'দ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'দ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | দ |
| আ | দা |
| ই | দি |
| ঈ | দী |
| উ | দু |
| ঊ | দূ |
| ঋ | দৃ |
| এ | দে |
| ঐ | দৈ |
| ও | দো |
| ঔ | দৌ |
যুক্তবৰ্ণ (দ যোগ)
[সম্পাদনা কৰক]দ্ + গ = দ্গ = উদ্গিৰণ
দ্ + ঘ = দ্ঘ = উদ্ঘাটন
দ্ + দ = দ্দ =উদ্দাম
দ্ + ধ = দ্ধ = যুদ্ধ
দ্ + ব = দ্ব = দ্বাৰা
দ্ + ভ = দ্ভ = উদ্ভৱ
দ্ + ম = দ্ম = ছদ্ম
দ্ + য = দ্য = পদ্য
দ্ + ৰ = দ্ৰ = ভদ্ৰ
দ্ + ৰ + উ = দ্ৰু = দ্ৰুত
'দ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ