সমললৈ যাওক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ প্ৰথম আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক'ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'ক'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ক' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ক'-ক এনেদৰে ⠅ (braille pattern dots-13) লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে

[সম্পাদনা কৰক]

স্বৰবৰ্ণ'ক'ৰ লগত যোগ হ'লে
কা
কি
কী
কু
কূ
কৃ
কে
কৈ
কো
কৌ

যুক্তবৰ্ণ (ক যোগ)

[সম্পাদনা কৰক]
পৃথকৰূপত যুক্তৰূপ শব্দ
ক্ + ক ক্ক বৃক্ক
ক্ + ট ক্ট অক্টোবৰ
ক্ + ত ক্ত ভক্ত, ৰক্ত
ক্ + ম ক্ম ৰুক্মিণী
ক্ + য ক্য বাক্য, চাণক্য
ক্ + ৰ ক্ৰ বক্ৰ, শুক্ৰ
ক + ল ক্ল ক্লেশ, শুক্ল, শুক্লা
ক্ + ষ ক্ষ ক্ষমা, বৃক্ষ
ক্ + ষ + ণ ক্ষ্ণ তীক্ষ্ণ
ক্ + ষ + ম ক্ষ্ম সূক্ষ্ম
ক্ + ষ + য ক্ষ্য ভক্ষ্য
ক্ + স ক্স বাক্স, ৰিক্সা

'ক'ৰে আৰম্ভ শব্দৰ উদাহৰণ

[সম্পাদনা কৰক]

ইউনিক’ড

[সম্পাদনা কৰক]

অসমীয়া কৰ বাবে ইউনোক'ডত কোনো পৃথক স্থান নাই, সেয়েহে অসমীয়া ৱিকিপিডিয়াকে ধৰি বহুতো অন্য ৱেবছাইট আদিয়ে "বেংগালি লেটাৰ ক" (BENGALI LETTER KA)কে অসমীয়া কৰ বাবে ব্যৱহাৰ কৰিছে। এই 'ক'ৰ ক'ড হ'ল U+0995।[3] যদিও এই আখৰৰ নাম ইউনিকোডে মাজতে "বেংগালি আছামিজ ক" কৰিছিল, পিচে এই আখৰৰ নাম পুনৰ বেংগালি লেটাৰ ক কৰা হ'ল।[4][5] গুৱাহাটী বাপ্টিষ্ট গিৰ্জাৰ পেষ্টৰ আজিজুল হকৰ মতে অসম চৰকাৰে দুই বিপৰীত দাবী কৰি চিঠি দিয়াৰ বাবে এনে হ'ল।[6]

চিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ[7]
U+0995U+0995BENGALI LETTER KA

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. xobdo.org search result of ব্যঞ্জন বৰ্ণ
  2. World Braille Usage Archived 2014-09-08 at the Wayback Machine, UNESCO, 2013
  3. Character map
  4. http://www.xobdo.org/article/unicode-script-languages ৰ মতে সকলো বেংগলি আখৰৰ নাম বেংলি আছামিজ লেটাৰ কৰা হৈছিল।
  5. http://timesofindia.indiatimes.com/india/In-the-east-a-war-of-words/articleshow/16417273.cms ৰ মতে সকলো বেংগলি আখৰৰ নাম বেংলি আছামিজ লেটাৰ কৰা হৈছিল।
  6. http://timesofindia.indiatimes.com/india/In-the-east-a-war-of-words/articleshow/16417273.cms
  7. বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)