শ
অৱয়ব
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ শ চাওক।
শ |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
শ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'শ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'শ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'শ'-ক এনেদৰে
লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'শ'ৰ লগত যোগ হ'লে |
|---|---|
| অ | শ |
| আ | শা |
| ই | শি |
| ঈ | শী |
| উ | শু/শু |
| ঊ | শূ |
| ঋ | শৃ |
| এ | শে |
| ঐ | শৈ |
| ও | শো |
| ঔ | শৌ |
যুক্তবৰ্ণ (শ যোগ)
[সম্পাদনা কৰক]শ + চ = শ্চ = নিশ্চয়
শ + ন = শ্ন = প্ৰশ্ন
শ + ৱ = শ্ব = অশ্ব
শ + ম = শ্ম = শ্মশান
শ + য = শ্য = বৈশ্য
শ + ৰ = শ্ৰ = শ্ৰৱণ
শ + ৰ + উ = শ্ৰু = শ্ৰুতলিপি
শ + ল = শ্ল = শ্লোক
'শ'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]ইউনিক’ড
[সম্পাদনা কৰক]| চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[3] |
|---|---|---|---|
| শ | শ | U+09B6 |
BENGALI LETTER SHA |
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)