অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৩০ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হ'লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'শ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'শ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্‌ত 'শ'-ক এনেদৰে ⠩ (braille pattern dots-146) লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ 'শ'ৰ লগত যোগ হ'লে
শা
শি
শী
শ‌ু/শু
শূ
শৃ
শে
শৈ
শো
শৌ

যুক্তবৰ্ণ (শ যোগ)[সম্পাদনা কৰক]

শ + চ = শ্চ = নিশ্চয়
শ + ন = শ্ন = প্ৰশ্ন
শ + ৱ = শ্ব = অশ্ব
শ + ম = শ্ম = শ্মশান
শ + য = শ্য = বৈশ্য
শ + ৰ = শ্ৰ = শ্ৰৱণ
শ + ৰ + উ = শ্ৰু = শ্ৰুতলিপি
শ + ল = শ্ল = শ্লোক

'শ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]

  • শিং
  • শিঙি
  • শীত
  • শংকৰ আদি।

ইউনিক’ড[সম্পাদনা কৰক]

চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[3]
U+09B6 U+09B6 BENGALI LETTER SHA

তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. xobdo.org search result of ৱ্যঞ্জন বৰ্ণ
  2. World Braille Usage, UNESCO, 2013
  3. বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)