ৰ
ৰ |
অসমীয়া বৰ্ণমালা |
---|
স্বৰবৰ্ণ |
অ আ ই ঈ |
উ ঊ ঋ |
এ ঐ ও ঔ |
ব্যঞ্জনবৰ্ণ |
ক খ গ ঘ ঙ |
চ ছ জ ঝ ঞ |
ট ঠ ড ঢ ণ |
ত থ দ ধ ন |
প ফ ব ভ ম |
য ৰ ল ৱ |
শ ষ স হ |
ক্ষ ড় ঢ় য় |
ৎ ং ঃ ঁ |
অব্যৱহৃত বৰ্ণ |
ৠ ঌ ৡ |
ৰ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।[1] 'ৰ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ৰ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]
স্বৰবৰ্ণ | 'ৰ'ৰ লগত যোগ হ'লে |
---|---|
অ | ৰ |
আ | ৰা |
ই | ৰি |
ঈ | ৰী |
উ | ৰু/ৰু |
ঊ | ৰূ/ৰূ |
ঋ | ৰৃ |
এ | ৰে |
ঐ | ৰৈ |
ও | ৰো |
ঔ | ৰৌ |
যুক্তবৰ্ণ (ৰ যোগ)[সম্পাদনা কৰক]
'ৰ'ৰ লগত আন বৰ্ণ যুক্ত হ'লে 'ৰ' লুপ্তহৈ পিছৰ বৰ্ণটোৰ ওপৰত ৰেফ ব্যৱহৃত হয়। যেনে -
ৰ্ + ক = ৰ্ক = তৰ্ক
ৰ্ + খ = ৰ্খ = মুৰ্খ
ৰ্ + গ = ৰ্গ = স্বৰ্গ ইত্যাদি
'ৰ'ৰে আৰম্ভ শব্দ[সম্পাদনা কৰক]
- ৰথ
- ৰং
- ৰৌ
- ৰজা
- ৰাণী আদি।
তথ্যসংগ্ৰহ[সম্পাদনা কৰক]
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ