ঁ (চন্দ্ৰবিন্দু)

অসমীয়া ৱিকিপিডিয়াৰ পৰা

 ঁ (চন্দ্ৰবিন্দু) অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ৪১ নং আখৰ হিচপে আছে যদিও ই এটা বৰ্ণ নহয়, এটা নাসিক্যধ্বনিহে৷[1] ই সদায় স্বৰবৰ্ণৰ ওপৰত বহি নাসিক্য ধ্বনি সূচায়, অৰ্থাৎ ইয়াক উচ্চাৰণ কৰোঁতে স্বৰধ্বনি নাকেৰে উচ্চাৰণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইংৰাজী N ধ্বনিযুক্ত বৰ্ণ বুজাবলৈয়ো চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷ যেনে: Nagaon=নগাঁও৷ নিজে নিজে উচ্চাৰিত হ’ব নোৱাৰে বাবেই ই বৰ্ণ নহয়৷[2] অসমীয়া ভাষাত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ সম্পৰ্কে কিছুমান নীতি-নিয়ম ধৰাবন্ধা আছে৷ চন্দ্ৰবিন্দুৰ ব্যৱহাৰৰ তাৰতম্যত শব্দৰ অৰ্থৰ তাৰতম্য ঘটে৷ কিছুমান বৰ্ণত চন্দ্ৰবিন্দুৰ ব্যৱহাৰ বিধি-নিষেধ আছে৷ যেনে: ঙ, ঞ, ণ, ন আৰু ম বৰ্ণৰ ওপৰত কেতিয়াও চন্দ্ৰবিন্দু ব্যৱহৃত নহয়৷ কাৰণ, উল্লিখিত বৰ্ণকেইটা নিজেই একো একোটা নাসিক্য বৰ্ণ৷ প্ৰকৃততে সংস্কৃতৰ নাসিক্য ধ্বনি “অনুস্বাৰ(ং), ঙ, ঞ, ণ, ন,আৰু ম’’ নাসিক্য ধ্বনিৰ পৰিৱৰ্তিত ৰূপ অসমীয়া ভাষাৰ চন্দ্ৰবিন্দু৷[3]

চন্দ্ৰবিন্দুৰ ব্যৱহাৰ[সম্পাদনা কৰক]

  1. অসমীয়া ভাষাৰ তদ্ভৱ শব্দত সংস্কৃতৰ অনুস্বাৰ, ঙ, ঞ, ণ, ন আৰু ম ধ্বনি পৰিৱৰ্তিত হৈ অসমীয়াত চন্দ্ৰবিন্দুৰূপে ব্যৱহাৰ হয়৷ যেনে; বংস>বাঁহ, অঙ্ক>আঁক, পঞ্চ>পাঁচ, কণ্টক>কাঁইট বা কাঁটা, দন্ত>দাঁত, গ্ৰাম>গাঁও,[3] জাম্প>জাঁপ আদি৷[2]
  2. বৰ্তমান আৰু অতীতকালৰ প্ৰথম পুৰুষৰ সকলো ক্ৰিয়াপদত আৰু সাম্ভাৱ্য ভূতকালৰ “হেঁতেন’’ পৰসৰ্গতো (হ+এ) ’এ’ৰ ওপৰত চন্দ্ৰবিন্দু বহে৷ যেনে: খালোঁ, পঢ়োঁ, খাইছিলোঁ, পঢ়িছিলোঁ, খালোঁহেঁতেন ইত্যাদি৷[3]
  3. ক্ৰিয়াপদৰ অসমাপিকা ৰূপ গঠন কৰোঁতে চন্দ্ৰবিন্দু ব্যৱহাৰ কৰিব লাগে৷ যেনে: খাওঁতে, যাওঁতে, পঢ়োঁতা, দিওঁতা ইত্যাদি৷[3]
  4. নামপদৰ বহুবচন বুজোৱা “হঁত’’ আৰু ক্ৰিয়াপদৰ বহুবচন বুজোৱা “হঁক’’ প্ৰত্যয়তো চন্দ্ৰবিন্দু ব্যৱহৃত হয়৷ যেনে: সিহঁত, মাহঁত, যোৱাহঁ, খোৱাহঁক আদি৷[3]
  5. মৃত লোকক বুজাবলৈ নামৰ আগত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷[3]
  6. কিছুমান তদ্ভৱ শব্দত নথকা স্বত্বেও স্বতঃস্ফুৰ্ত নাসিক্যভৱনৰ বাবে কিছুমান অসমীয়া শব্দত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা হয়৷ যেনে সঁচা, আঁহত, আঁঠু আদি৷[3]

চন্দ্ৰবিন্দু ব্যৱহাৰত নিষেধ[সম্পাদনা কৰক]

  1. আদেশ বা অনুৰোধ বুজোৱা অনুজ্ঞাৰ তৃতীয় পুৰুষৰ ক্ৰিয়াবিভক্তিত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়৷ যেনে: খাওক, লওক, যাওক আদিত৷[3]
  2. ইংৰাজী also, too বুজোৱা অৰ্থত ও ব্যৱহাৰ হ’লে, তাত চন্দ্ৰবিন্দু ব্যৱহাৰ কৰা নহয়৷ যেনে: সিও, ক’লেও, গ’লেও, তুমিও ইত্যাদি৷[3]
  3. অনুস্বাৰ, ঙ, ঞ, ণ, ন, আৰু ম বৰ্ণৰ ওপৰত চন্দ্ৰবিন্দু ব্যৱহাৰ নহয়৷[3]

চন্দ্ৰবিন্দুৰ ব্যৱহাৰত অৰ্থৰ ভিন্নতা[সম্পাদনা কৰক]

চন্দ্ৰবিন্দুৰ ভুল প্ৰয়োগে অসমীয়া ভাষাৰ শব্দৰ প্ৰকৃত অৰ্থ প্ৰকাশ নকৰে৷ যেনে: তেও(তথাপি)-তেওঁ( তেখেত), বাহ(চৰাইৰ বাহ)-বাঁহ(বাঁহগছ) আহত(আঘাতপ্ৰাপ্ত)-আঁহত(আঁহতগছ) আদি৷[2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. ডেকা, ড° খগেশ সেন (২০২০). অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্বৰ ৰূপৰেখা. বান্ধৱ. পৃষ্ঠা. ২১০. 
  2. 2.0 2.1 2.2 "চন্দ্ৰবিন্দু আৰু ৰেফৰ ব্যৱহাৰ". https://xahitya.org/%E0%A6%9A%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%AC%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%81-%E0%A6%86%E0%A7%B0%E0%A7%81-%E0%A7%B0%E0%A7%87%E0%A6%AB%E0%A7%B0-%E0%A6%AC%E0%A7%8D/। আহৰণ কৰা হৈছে: 21 September 2023. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.9 অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (২০২২). সাহিত্য সৌৰভ. মাধ্যমিক শিক্ষা বিভাগ অসম, চৰকাৰ. পৃষ্ঠা. ১৭৭.