ম
অৱয়ব
এই প্ৰবন্ধটো অসমীয়া ভাষাৰ বৰ্ণটোৰ বিষয়ে। বঙালী ভাষাৰ বৰ্ণটোৰ বাবে বাংলা আখৰ ম চাওক।
ম |
| অসমীয়া বৰ্ণমালা |
|---|
| স্বৰবৰ্ণ |
| অ আ ই ঈ |
| উ ঊ ঋ |
| এ ঐ ও ঔ |
| ব্যঞ্জনবৰ্ণ |
| ক খ গ ঘ ঙ |
| চ ছ জ ঝ ঞ |
| ট ঠ ড ঢ ণ |
| ত থ দ ধ ন |
| প ফ ব ভ ম |
| য ৰ ল ৱ |
| শ ষ স হ |
| ক্ষ ড় ঢ় য় |
| ৎ ং ঃ ঁ |
| অব্যৱহৃত বৰ্ণ |
| ৠ ঌ ৡ |
| অতিৰিক্ত চিহ্ন |
| ৺ ॐ ₹ ঽ |
ম অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৫ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত কৰবাত অকণমান হলেও বাধাপ্ৰাপ্ত হয়;স্বৰতন্ত্ৰী সঞ্চালিত হ'বও পাৰে বা নহ'বও পাৰে।[1] 'ম'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ম' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়। ব্ৰেইল্ত 'ম'-ক এনেদৰে
লিখা যায়।[2]

স্বৰবৰ্ণৰ লগত যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | 'ম'ৰ লগত যোগ হ'লে |
|---|---|
| অ | ম |
| আ | মা |
| ই | মি |
| ঈ | মী |
| উ | মু |
| ঊ | মূ |
| ঋ | মৃ |
| এ | মে |
| ঐ | মৈ |
| ও | মো |
| ঔ | মৌ |
যুক্তবৰ্ণ (ম যোগ)
[সম্পাদনা কৰক]ম + ন = ম্ন = নিম্ন
ম + প = ম্প = চম্পা
ম + ফ = ম্ফ = গুম্ফা
ম + ব = ম্ব = অম্বৰ
ম + ভ = ম্ভ = স্তম্ভ
ম + ম = ম্ম = জম্মু
ম + য = ম্য = কাম্য
ম + ৰ = ম্ৰ = নম্ৰ
ম + ল = ম্ল = ম্লান
'ম'ৰে আৰম্ভ শব্দৰ উদাহৰণ
[সম্পাদনা কৰক]ইউনিক’ড
[সম্পাদনা কৰক]| চিহ্ন | ইউনিক’ড | ক’ড নম্বৰ | ইউনিক’ডত বিৱৰণ[3] |
|---|---|---|---|
| ম | ম | U+09AE |
BENGALI LETTER MA |
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
- ↑ World Braille Usage, UNESCO, 2013
- ↑ বঙালী ইউনিক’ড তালিকা (পি.ডি.এফ.)