মছজিদে নববী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মছজিদে নববী
المسجد النبوي
সাধাৰণ তথ্য
স্থান মদিনা, চৌদি আৰৱ[1]
ভৌগোলিক স্থানাংক 24°28′06″N 39°36′39″E / 24.468333°N 39.610833°E / 24.468333; 39.610833স্থানাংক: 24°28′06″N 39°36′39″E / 24.468333°N 39.610833°E / 24.468333; 39.610833
স্থাপত্য সম্পৰ্কীয় বৰ্ণনা
স্থাপত্য শৈলী ধ্ৰুপদী আৰু সাম্প্ৰতিক ইছলামী, উছমানীয় আৰু মামলুক স্থাপত্য
ক্ষমতা ৬,০০,০০০ (হজ্জৰ সময়ত এই সংখ্যা বৃদ্ধি পায় ১০,০০,০০০ হয়)
মিনাৰ ১০

মছজিদে নববী (আৰবী: المسجد النبوي) মুহাম্মাদ (ছাঃ) কৰ্তৃক প্ৰতিষ্ঠিত মছজিদ; যিটো বৰ্তমান চৌদি আৰৱৰ মদিনাত অৱস্থিত। গুৰুত্বৰ দিশৰ পৰা মছজিদুল হাৰাম(পবিত্ৰ)ৰ পাছত মছজিদে নববীৰ স্থান। মুহাম্মাদ (ছাঃ) হিজৰত কৰি মদিনালৈ অহাৰ পাছতেই এই মছজিদ নিৰ্মিত হয়। এইটো পৃথিৱীৰ অন্যতম বৃহৎ মছজিদ। মছজিদটো দিন-ৰাতি সকলো সময়ত খোলা থাকে।

মুহাম্মাদ (ছাঃ)ৰ বাসগৃহৰ ওচৰতেই এই মছজিদ নিৰ্মিত হৈছিল। তেখেত নিজে ব্যক্তিগতভাৱে মছজিদৰ নিৰ্মাণকামত অংশ লৈছিল। সেই সময়ত মছজিদ সম্মিলনস্থল, আদালত আৰু মাদ্ৰাছা হিচাপে ভূমিকা পালন কৰিছিল। পৰৱৰ্তীকালত মুছলিম শাসকসকলে মছজিদ সম্প্ৰসাৰণ আৰু সৌন্দৰ্যবৰ্ধন কৰিছে। ১৯০৯ খ্ৰিষ্টাব্দত আৰৱ উপদ্বীপৰ মাজত ইয়াতেৰথমে বৈদ্যুতিক বাতি জ্বলোৱা হয়।[2] মছজিদ খাদেমুল হাৰামাইন শ্বদিফাইনৰ নিয়ন্ত্ৰণত থাকে। মছজিদ ঐতিহ্যগতভাৱে মদিনাৰ কেন্দ্ৰস্থলত অৱস্থিত। মছজিদে নববী অন্যতম গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান। বিদায় হজ্জৰ সময়ত আগতে হাজিসকলে হজ্জৰ আগতে বা পাছত মদিনাত অৱস্থান কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]