ৰমজান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ৰমাদ্বানৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search


ৰমজান
ৰমজান
পালন কৰে মুছলিম
প্ৰকাৰ ধৰ্মীয়
আৰম্ভ হয় ৰমজান
শেষ হয় ২৯, অথবা ৩০ ৰমজান
তাৰিখ পৰিৱৰ্তনশীল (ইছলামত জোনক চাই অনুসৰণ কৰি থাকে)
উদযাপন সাম্প্ৰদায়িক ইফতাৰৰ আৰু সাম্প্ৰদায়িক ছালাত(নামাজ)ৰ
মানিবলগা ধাৰ্মিক কাৰ্য্য * ছিয়াম (ৰোজা)
সম্পৰ্কিত ঈদুল ফিতৰ, শ্ববে কদৰ

ৰমজান(ৰমাদ্বান) (আৰবী: رمضانৰমাদ্বান, [ভিন্ন ৰূপ]) হ'ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিম সকলে ইছলামিক উপবাস ছিয়াম পালন কৰি থাকে।[1] ৰমজান মাহত ছিয়াম(ৰোজা) ইছলামৰ পঞ্চস্তম্ত তৃতীয়তম। ৰমজান মাহৰ জোন দেখাৰ ওপৰত ভিত্তি কৰি ত্ৰিশ দিনলৈ ৰোজা ৰখা হয় , যিটো নিৰ্ভৰযোগ্য হাদিছৰ দ্বাৰা প্ৰমাণিত।[2][3][4] এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক ও সুস্থ মুছলিম ব্যক্তিৰ উপৰত ছিয়াম(ৰোজা) পালন ফৰজ, কিন্তু অসুস্থ, গৰ্ভৱতী, ডায়বেটিক ৰোগী, ঋতুৱৰ্তী নাৰীসকলৰ ক্ষেত্ৰত সেয়া শিথিল কৰা হৈছে। ৰোজা বা ছিয়াম হ'ল ছুবেহ ছাদিকৰ পৰা সুৰ্যাস্তলৈকে সকলো প্ৰকাৰ পানাহাৰ, পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা গুনাহ(পাপ) কাম আৰু (স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত) যৌনসংগমৰ পৰা বিৰত থকা। এই মাহত মুছলিমসকল অধিক ইবাদত কৰি থাকে, কাৰণ অন্য মাহৰ তুলনাত এই মাহত ইবাদতছওয়াব(পূণ্য) বহুগুণে বঢ়াই দিয়া হয়। এই মাহৰ শ্ববে কদৰ(ৰমজানৰ ২৭ দিনৰ ৰাতি) নামৰ ৰাতিত কোৰআন অৱতীৰ্ণ হৈছিল বুলি কোৰআনত উল্লেখ আছে, যি ৰাতিক আল্লাহএ কোৰআনতেই হাজাৰ মাহতকৈ উত্তম বুলি কৈছে। এই ৰাতি ইবাদত কৰিলে হাজাৰ মাহৰ ইবাদতৰতকৈও অধিক ছওয়াব (পূণ্য) পোৱা যায়। ৰমজান মাহৰ শেষৰদিশে শ্বাওয়াল মাহৰ জোন দেখা গলে শ্বাওয়াল মাহৰ ১ তাৰিখে মুছলিমসকলে ঈদ-উল- ফিতৰ পালন কৰে, যিটো মুছলিমসকলৰ দুটা প্ৰধান ধৰ্মীয় উৎসৱৰ মাজত এটা।

টীকা[সম্পাদনা কৰক]

^ৰমাদ্বান : আৰৱী ধ্বনিতত্ত্ব অনুযায়ী, এইটোক অঞ্চলভেদে ৰমজান/ ৰমাদান/ ৰমাযান/ ৰমযান/ হিচাপে উচ্চাৰিত হ'ব পাৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BBC - Religions Retrieved 2012-07-25
  2. "Muslims worldwide start to observe Ramadan". The Global Times Online. 2012. http://www.globaltimes.cn/content/722486.shtml। আহৰণ কৰা হৈছে: 28 July 2012. 
  3. "The Muslim World Observes Ramadan". Power Text Solutions. 2012. http://newsfeedresearcher.com/data/articles_w30_3/ramadan-muslims-fasting.html। আহৰণ কৰা হৈছে: 28 July 2012. 
  4. "Schools - Religions". BBC. http://www.bbc.co.uk/schools/religion/islam/ramadan.shtml। আহৰণ কৰা হৈছে: 2012-07-25.