ৰমজান (পঞ্জিকা মাহ)
ৰমজান বা ৰমাদ্বান হ'ল ইছলামিক বৰ্ষপঞ্জিকা অনুসৰি নৱম মাহ, যি মাহত বিশ্বব্যাপী মুছলিমসকলে ৰোজা পালন কৰে। ৰমজান মাহত ৰোজাপালন ইছলামৰ পঞ্চস্তম্ভৰ মাজত তৃতীয়তম। এই মাহত প্ৰত্যেক প্ৰাপ্তবয়স্ক মুছলিম ব্যক্তিৰ উপৰত ৰোজা পালন কৰা ফৰজ (বাধ্যতামূলক), কিন্তু অসুস্থ, গৰ্ভৱতী, ঋতুৱৰ্তী নাৰীসকলৰ ক্ষেত্ৰ কিছু শিথিল কৰা হৈছে। ৰোজা বা ছিয়াম হল সুৰ্য উদয়ৰ পৰা সুৰ্যাস্তলৈ সকলো প্ৰকাৰৰ পানাহাৰ, পঞ্চইন্দ্ৰিয়ৰ দ্বাৰা হোৱা গুনাহসমূহ আৰু (স্বামী-স্ত্ৰীৰ ক্ষেত্ৰত) যৌনসংগমৰ পৰা বিৰত থকা। এই মাহত মুছলিমসকলে অধিক ইবাদত কৰি থাকে, কাৰণ অন্য মাহৰ তুলনাত এই মাহত ইবাদতৰ পূণ্য বহুগুণে বেছি পোৱা যায়। এ মাহত লাইলাতুল কদৰ নামৰ ৰাতিত কোৰআন আৱতাৰিত হৈছিল, যি ৰাতিক আল্লাহই কোৰআনত হাজাৰ মাহতকৈও উত্তম বুলি কৈছে। ৰমজান মাহৰ শেষৰফালে ছাওয়াল মাহৰ জোন দেখা গলে ছাওয়াল মাহৰ ১ তাৰিখে মুছলমানসকলে ঈদুল-ফিতৰ পালন কৰে যিটো মুছলমানসকৰ দুটি প্ৰধান ধৰ্মীয় উৎসবৰ মাজৰ এটি।
ঘটনাৱলী[সম্পাদনা কৰক]
এই মাহৰ কিছু গুৰুত্বপূৰ্ণ ঐতিহাসিক ঘটনাসমূহ হ'ল
- ২ ৰমজান - ঈছায়ে তাওৰাত প্রাপ্ত হয়।
- ১০ ৰমজান - মুহাম্মাদ(ছাঃ)ৰ প্রথম স্ত্রী খাদিজা বিনতে খুওয়াইলিদ ইন্তেকাল কৰে।
- ২০ ৰমজান - মুহাম্মাদ(ছাঃ)য়ে মক্কা বিজয় কৰে।
মাহটোৰ শেষৰ দহ দিনত (সাধাৰণতে অযুগ্ম ৰাতিত) লাইলাতুল কদৰ পালন কৰা হয়। মুছলিমসকলে এই ৰাতিক হাজাৰ মাহতকৈ উত্তম ৰাতি বুলি বিশ্বাস কৰে। হাদিছত লাইলাতুল কদৰৰ ইবাদতৰ দ্বাৰা এক হাজাৰ মাহ (৮৩ বছৰ চাৰি মাহ)ৰ ইবাদতৰ সমপৰিমান পোৱাৰ কথা কোৱা হৈছে।[1]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ আল কোৰআনঃ ছূৰা কদৰ