ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/মে’-২০২১

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | মে' | ২০২১ | পঞ্চম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক৷
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
ড° জোনালী বৰুৱা

প্ৰতিদিন ৰাতিপুৱা যেতিয়া আমি চকু মেলোঁ, মানুহৰ বাহিৰে, বিভিন্ন প্ৰজাতিৰ পশু-পক্ষী আৰু বিবিধ প্ৰকৃতিৰ বিচিত্ৰ দৃশ্য আমাৰ দৃষ্টিৰ সীমাত আৱদ্ধ হয়। অলপ সচেতন হ'লেই আমি শুনিবলৈ পাওঁ মানুহ আৰু প্ৰকৃতি জগতৰ বিভিন্ন ভাষাৰ আদান প্ৰদান। দৰাচলতে, মানুহৰ অস্তিত্বত ভাষা যেনেকে বিদ্যমান, প্ৰকৃতিৰ অস্তিত্বতো একেদৰেই বিৰাজমান। কোৱা হয় যে পৃথিৱীখন ইমান জীৱন্ত, প্ৰাণচঞ্চল আৰু আনন্দময়, তাৰ কাৰণ হ’ল ভাষা। এই পৃথিৱীত বহুতৰ ওচৰত বহুতো সম্পদ নাই, কিন্তু সকলোৰে এটা সম্পদ আছে - সেয়া হʼল "মাতৃভাষা"। অসমীয়া ভাষাৰ জাতীয় জনক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল যে “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মঙ্গল মন্দিৰৰ সিংহদ্বাৰ হৈছে মাতৃভাষা”।

২০১১ চনৰ লোকপিয়লৰ প্ৰতিবেদনত প্ৰকাশিত অসমীয়া ভাষীৰ সংখ্যাৰ নিৰন্তৰ অৱনতিৰ বিষয়টোৱে মোক সদায় বিচলিত কৰি আহিছে। তদুপৰি, অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ড° কুলধৰ শইকীয়াদেৱৰ প্ৰথম সভাপতিৰ ভাষণত অসমীয়া ভাষাৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে জানিবলৈ পাই মনত মাতৃভাষাৰ প্ৰতি অৱদান আগবঢ়োৱা ইচ্ছা অধিক তীব্ৰ হৈ উঠিছিল। তেতিয়াৰ পৰাই ডিজিটেলাইজেশ্যনৰ দিশত অৱদান আগবঢ়োৱাৰ ইচ্ছা জাগি উঠিছিল। হয়তো দূৰৈৰ দেশত বাস কৰাৰ কাৰণেই অন্তৰখন অধিক আৱেগিক হৈ উঠিছিল!

উত্তৰ আমেৰিকাৰ অসম এছ'চিয়েচন (Assam Association of North America -AANA, আনা) -ৰ সাধাৰণ সম্পাদিকা হিচাপে, মই আৰু বৰ্তমানৰ সভাপতি সুৰঞ্জয় হাজৰিকাদেৱে এই অভিযানত সহায় আৰু অৱদান আগবঢ়োৱাৰ সুযোগ বিচাৰিবলৈ আৰম্ভ কৰিছিলোঁ। এই প্ৰচেষ্টাৰ বিষয়ে উত্তৰ আমেৰিকাত থকা আমাৰ সংগঠনৰ বিষয়ববীয়াসকলৰ লগত বহুত আলোচনাও কৰিলোঁ। আমি গুগুল প্ৰতিষ্ঠানৰ কৰ্ম্মীৰ সৈতে একাধিক বৈঠক কৰিলোঁ অসমীয়া ভাষাৰ অনুবাদৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে জানিবলৈ। সেই লক্ষ্যৰে অসমীয়া ৱিকিপিডিয়াত অংশগ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰি ২০২০ চনৰ ছেপ্টেম্বৰত বিষ্ণু শইকীয়া আৰু গীতাৰ্থ বৰদলৈৰ লগত যোগাযোগ কৰিলোঁ। বিষ্ণু শইকীয়াই মোক ৱিকিপিডিয়া “হ্ৱাটছএপ” গোটৰ সৈতে পৰিচয় কৰাই দিছিল। তাৰ পিছত আমি আমেৰিকাত থকা বন্ধু-বান্ধৱীসকলক লৈ দুটা ৱিকিপিডিয়াৰ জুম আভাসী কৰ্মশালাৰ আয়োজন কৰিছিলোঁ। কৰ্মশালাত প্ৰশিক্ষক গীতাৰ্থ বৰদলৈ, মৃদুল শৰ্মা আৰু দিব্য দত্তৰ জৰিয়তে অসমীয়া ৱিকিউৎস আৰু ৱিকিপিডিয়াৰ বৰ্তমানৰ স্থিতি সম্পৰ্কে ভালেমান কথা জানিব পাৰিলোঁ। বিশ্বৰ দৰবাৰত অসমীয়া ৱিকিউৎসৰ দুখজনক অৱস্থাৰ বিষয়ে শুনি মনটো সেমেকি গৈছিল। তেওঁলোকৰ উৎসাহত মোৰ আত্মবিশ্বাস বাঢ়িল আৰু মই ৱিকিৰ বাবে প্ৰবন্ধ লিখাৰ প্ৰত্যাহ্বানটোৰ সন্মুখীন হʼবলৈ সাহস গোটালোঁ। লগতে মোৰ আমেৰিকাত থকা বন্ধু বান্ধৱী আৰু জ্যেষ্ঠসকলক ৱিকিত প্ৰবন্ধ লিখিবলৈ আমন্ত্ৰণ জনালোঁ।

তেতিয়া ২০২০ চনৰ নৱেম্বৰ মাহ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৬তম ৰাষ্ট্ৰপতি জ' বাইডেন নিৰ্বাচিত হোৱাৰ পথত। তেওঁৰ ওপৰতে প্ৰথমটো প্ৰবন্ধ লিখাৰ ধাৰণা মনলৈ আহিল। বহুত আশংকাৰ সৈতে মই ৱিকিপিডিয়াত মোৰ প্ৰথম অসমীয়া প্ৰবন্ধটো লিখিছিলোঁ। প্ৰবন্ধটো লিখাৰ পিছত মই অত্যন্ত গৌৰৱান্বিত হৈছিলোঁ। যিমান দূৰ মোৰ মনত আছে ইয়াৰ আগতে মই লিখা অসমীয়া প্ৰবন্ধ আছিল "মোৰ দৈনন্দিন জীৱনত বিজ্ঞানৰ ভূমিকা", যিটো মই প্ৰায় তিনি দশকৰ আগতে মেট্ৰিক পৰীক্ষাত ৰচনা লিখিছিলোঁ। মোৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অসমীয়া বিষয় (অসমীয়া-৪) এটাই আছিল। যদিও মই মোৰ মনোবিজ্ঞান গৱেষণাৰ ওপৰত ভিত্তি কৰি বহুতো বৈজ্ঞানিক প্ৰবন্ধ ইংৰাজীত প্ৰকাশ কৰি আহিছোঁ, মই অসমীয়া ৱিকিপিডিয়াত লিখা প্ৰবন্ধবোৰৰ বাবে বিশেষভাৱে গৌৰৱান্বিত কাৰণ আমেৰিকাৰ পৰা বহু দূৰত থকা মোৰ জন্মভূমিৰ বাবে, মোৰ ভাষাৰ বাবে, মই সৰুকৈ হʼলেও কিবা এটা কৰিব পাৰিছোঁ।

যদিও মোৰ অসমীয়া লিখাৰ পৰ্য্যাপ্ত অভিজ্ঞতা নাছিল, মই কেৱল অসমীয়া ভাষাৰ ৱিকিপিডিয়াতহে প্ৰবন্ধ লিখাত বিশেষকৈ মনোনিবেশ কৰিছিলোঁ। মোৰ এটাই লক্ষ্য আছিল- মোৰ ভাষাৰ ডিজিটেল উপস্থিতি আৰু আন্তঃৰ্জাল (ইণ্টাৰনেট) প্ৰস্তুতি কেনেদৰে বৃদ্ধি কৰিব পাৰি? মোৰ অসমীয়া লিখাত ভাল প্ৰশিক্ষণ নাছিল বাবে মনত কিছু আশঙ্কাও আছিল। তথাপিও মনতে ভাবিছিলোঁ যদি এজনে সাঁতোৰ শিকিব বিচাৰে, তেওঁ পানীত জঁপিয়াবই লাগিব। মই সেয়াই কৰিছিলোঁ। বাকী ৱিকিপিডিয়া গোটৰ স্বেচ্ছাসেৱকসকলে বানানবোৰ চাই শুধৰাই দিছিল। সময়ৰ লগে লগে মোৰ অসমীয়াৰ শব্দভাণ্ডাৰ আৰু বানানৰ দক্ষতাও বহুখিনি উন্নত হৈছিল। লাহে লাহে অধিক প্ৰবন্ধ লিখিবলৈ আত্মবিশ্বাস বাঢ়িছিল। এই সম্পূৰ্ণ প্ৰক্ৰিয়াটো মোৰ বাবে এটা সুন্দৰ অভিজ্ঞতা! মহাবিদ্যালয়ৰ অধ্যাপনা, মনোবিজ্ঞানৰ গৱেষণা, ঘৰুৱা কামকাজৰ ব্যস্ততা আৰু সমাজ সেৱাৰ কামৰ সময়সূচীৰ মাজত অলপ সময় উলিয়াই ৱিকিপিডিয়াত অৱদান আগবঢ়াব পাৰি মই এক বিশেষ আত্মসন্তুষ্টি অনুভৱ কৰোঁ। আজি মই নিজকে দিনত এগৰাকী শ্ৰমজীৱী মহিলা আৰু কৰ্মৰত মাতৃ, আৰু ৰাতি এগৰাকী ৱিকিপিডিয়ান হিচাপে পৰিচয় দিওঁ।

মই ভাবোঁ মোৰ ভাষা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহৰ আঁৰৰ প্ৰাথমিক কাৰণ আছিল মোৰ পিতৃ-মাতৃৰ ভূমিকা। ইংৰাজী মাধ্যমৰ বিদ্যালয়ত পঢ়ালেও দেউতাই সঁফুৰা, পাফু ছিৰিজ, দস্যু ভাস্কৰ ছিৰিজ, মামণি ৰয়ছম গোস্বামী আৰু ভবেন্দ্ৰ নাথ শইকীয়াৰ কিতাপ আদি নিয়মীয়াকৈ ঘৰত আনিছিল। অসমীয়া গল্প আদি পঢ়িবলৈ আমাক উৎসাহিত কৰিছিল। সম্ভৱতঃ, শৈশৱৰ সেই অভিজ্ঞতাবোৰ মনৰ ভিতৰত নিষ্ক্ৰিয় হৈ ৰৈ গৈছিল আৰু আজি ৱিকিমিডিয়াৰ জৰিয়তে আৱিষ্কাৰ হোৱাৰ অপেক্ষাত আছিল। শৈশৱৰ শিক্ষাৰ জীৱনজোৰা প্ৰভাৱ বৰ গুৰুত্বপূৰ্ণ! আমেৰিকাতে মোৰ লʼৰা-ছোৱালীৰ জন্ম আৰু ডাঙৰ-দীঘলো ইয়াতে হৈছে। মা-দেউতাই মোক শিকোৱাৰ দৰেই ময়ো তেওঁলোকক অসমীয়া শিকাৰ সুযোগ দিছোঁ। মোৰ ছোৱালীয়ে অসমীয়া পঢ়িব আৰু লিখিবও পাৰে আৰু দুয়োটা লʼৰা-ছোৱালীয়ে সাৱলীলভাৱে অসমীয়া ক'ব পাৰে। ৰাজহুৱা স্থান, বিদ্যালয় আৰু কৰ্মস্থানত যদিও আমি ইংৰাজীত কথা পাতোঁ ঘৰত নিজৰ মাতৃভাষা, অসমীয়াতে কথা পাতোঁ। ক’ৰবাত পঢ়া মনত আছে- There are two things we should give our children: one is roots, the other is wings.

প্ৰায়ে লক্ষ্য কৰোঁ যে কেৱল অসমেই নহয়, ভাৰতৰ বহুঠাইত নতুন প্ৰজন্মৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ মাতৃভাষাক লৈ গৌৰৱ অনুভৱ নকৰে। ঘৰত আৰু তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে ইংৰাজীত কথা পাতিবলৈ পছন্দ কৰে, আৰু সাধাৰণতে, পশ্চিমীয়া সংগীত, খাদ্য, সাহিত্য আদি অনুকৰণ কৰে। অৱশ্যে, শিক্ষাৰ বাবে বিভিন্ন ভাষাৰ অনুশীলন আৰু বিভিন্ন সাহিত্য সংস্কৃতিৰ বিষয়ে জ্ঞান আহৰণ দোষণীয় নহয়। গৱেষণাত দেখা গৈছে যে দ্বিভাষিক বা বহুভাষিক শিশুসকল একভাষিক শিশুতকৈ অধিক বুদ্ধিমান। একাধিক ভাষা শিকিলে নিঃসন্দেহে শিশুৰ জ্ঞানৰ পৰিসৰ আৰু মগজুৰ কাৰ্যক্ষমতা বৃদ্ধি হয় আৰু ইয়াক নিশ্চিতভাৱে সমৰ্থন কৰা উচিত। কিন্তু নিজৰ মাতৃভাষাক কম গুৰুত্ব দিলে এদিন নিজৰ ভাষা বিলুপ্ত হ'ব পাৰে; আৰু এটা ভাষাৰ বিলুপ্তিৰ লগতে এটা জাতিও বিলুপ্তিৰ পথত আগবাঢ়ে। ঘৰত হোৱা শৈশৱৰ অভিজ্ঞতা আৰু অনুশীলনবোৰ এটা ভাষা, সংস্কৃতি আৰু জাতি জীয়াই ৰখাৰ মুখ্য চালক হʼব পাৰে। এই অভিজ্ঞতাবোৰেই ক্ৰমাগত প্ৰজন্মৰ জৰিয়তে বংশানুক্ৰমে স্থানান্তৰিত হয়। মই বিশ্বাস কৰোঁ, আমাৰ সন্তানৰ মাজত এনে মূল্যবোধ গঢ়ি তুলিবলৈ আমি অভিভাৱকসকলেই দায়বদ্ধ।

যোৱা পাঁচ মাহত মই ৱিকিপিডিয়াত প্ৰায় ২৪টা অসমীয়া প্ৰবন্ধ লিখিলোঁ। মোক এই যাত্ৰা অব্যাহত ৰাখিবলৈ সহায় কৰি আহিছে দিব্য দত্ত, মৃদুল শৰ্মা আৰু ৱিকিগোটৰ আন বহুতো স্বেচ্ছাসেৱকে। শেষত আমাৰ ভাষাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰত নিস্বাৰ্থ আৰু অক্লান্তভাৱে নিজৰ মূল্যৱান সময় প্ৰদান কৰা অসমীয়া ৱিকিপিডিয়া আৰু ৱিকিউৎস গোটলৈ মোৰ আন্তৰিক নমন আৰু ধন্যবাদ। আপোনালোক সকলোৰে মাতৃভাষাৰ প্ৰতি এই নিঃস্বাৰ্থ অৱদান অত্যন্ত প্ৰশংসনীয়।

আন্তৰিক শুভেচ্ছাৰে,

--ড॰ জোনালী বৰুৱা (15:47, 30 April 2021 (ইউ.টি.চি.))[উত্তৰ দিয়ক]

বৰ্তমান বাসস্থান: ডালাচ, টেক্সাছ, আমেৰিকা যুক্তৰাষ্ট্ৰ

মাতৃগৃহ: চান্দমাৰী, গুৱাহাটী, অসম
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক

গুৰুতৰ অৱসাদজনিত ব্যাধি (Major depressive disorder-MDD), (যাক সচৰাচৰ হতাশগ্ৰস্ততা বা অৱসাদ হিচাপেও জনা যায়), হৈছে একধৰণৰ মানসিক ব্যাধি যাৰ বৈশিষ্ট্য হ'ল যে দুসপ্তাহ বা ততোধিক কালজুৰি নিম্ন মনোৱস্থা বিস্তৃত হৈ থাকে। নিম্ন আত্ম-মৰ্য্যদা, সচৰাচৰ আনন্দ প্ৰদানকাৰী ক্ৰিয়াকৰ্মৰ প্ৰতি আগ্ৰহ হ্ৰাস, নিম্ন শক্তি আৰু স্পষ্ট কোনো কাৰণৰহিত বেদনা বা বিষ- এইকেইটা হৈছে গুৰুতৰ অৱসাদজনিত ব্যাধিৰ সাধাৰণ লক্ষণ। আক্ৰান্ত ভুক্তগোগীৰ মাজে সময়ে হোৱা বিভ্ৰম (delusion) আৰু অমূলপ্ৰত্যক্ষ (hallucination)-ও এই ৰোগৰ লক্ষণ। ৰোগগ্ৰস্ত কিছুসংখ্যক লোকৰ ক্ষেত্ৰত কেইবা বছৰৰ অন্তৰত হোৱা গুৰুতৰ হতাশগ্ৰস্ততাৰ পৰ্ব উদ্ৰেক হয়, আৰু আন একাংশৰ ক্ষেত্ৰৰ ব্যাধিৰ লক্ষণ প্ৰায় সকলো সময়তে পৰিলক্ষিত হয়। গুৰুতৰ অৱসাদ অধিক গম্ভীৰ, আৰু সৰ্বসাধাৰণ মানুহৰ জীৱনৰ অংশ দুঃখবোধতকৈ অধিকঁকাল জুৰি ব্যাপ্ত হৈ থাকে। গুৰুতৰ অৱসাদজনিত ব্যাধিয়ে আক্ৰন্ত ব্যক্তিৰ ব্যক্তিগত জীৱন, কৰ্মজীৱন, শিক্ষা, কেৰিয়াৰ, সামাজিক জীৱন, খাদ্যাভাসকে ধৰি সাধাৰণ স্বাস্থ্যৰ ক্ষেত্ৰতো বিৰূপ প্ৰভাৱ বিস্তাৰ কৰে। গুৰুতৰ হতাশগ্ৰস্ততাত ভোগা প্ৰাপ্তবয়স্কসকলৰ মাজত ২-৮% লোকে আত্মহত্যাৰ পথ বাছি লয়, আৰু আত্মহত্যাৰ জৰিয়তে মৃত্যু ঘটা প্ৰায় ৫০% লোকৰেই মৃত্যুৰ পূৰ্বকালীন অৱসাদ বা অন্য কোনো মনোৱস্থা সংক্ৰান্তিয় ব্যাধিত আক্ৰান্ত হোৱাৰ তথ্য পোৱা যায়। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ ঊষা উথুপৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
এপ্ৰিল-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা =  ৯০

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. মেৰী ৰবিনচন
  2. ক্লৱি ঝাও
  3. লুইচ জৰ্জ ৰিভেৰা হেৰেৰা

অন্যান্য

  1. কৰতোৱা নদী
  2. নামিবিয়া
  3. বৎচোৱানা
  4. এৰিচ
  5. হীৰা (গ্ৰীক দেৱী)
  6. ৰীয়া
  7. ইউৰেনাচ (গ্ৰীক দেৱতা)
  8. টাইটানসকল
  9. গেইয়া
  10. আন্তৰ্জাতিক মানৱ অধিকাৰ আইন
  11. গোলকীয় জলবায়ু পৰিৱৰ্তনৰ মানৱীয় মাত্ৰাৰ ওপৰত মালে ঘোষণাপত্ৰ

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. সুনীতি কুমাৰ চট্টোপাধ্যায়
  2. কিৰিত প্ৰদ্যুৎ দেৱ বৰ্মন
  3. মৎস্যেন্দ্ৰনাথ
  4. গোৰক্ষনাথ
  5. ‎দিব্যা খোসলা কুমাৰ
  6. বি. আৰ. চোপ্ৰা
  7. এন. ভি. ৰমনা
  8. শংখ ঘোষ
  9. ৰোহিত চাৰ্দানা
  10. ‎ৰিধিমা পাণ্ডে

অন্যান্য

  1. ব্যোমিত্ৰা
  2. মৌছিনৰাম
  3. শাৰী
  4. দ্য জাপানীজ ৱাইফ
  5. লুইপাদ
  6. সংগীত নাটক একাডেমী বঁটাৰ্দান
  7. কিৰাট
  8. নাথ-যোগী সম্প্ৰদায়
  9. ভাৰতৰ নিৰ্বাচন আয়োগ
  10. শ্বিলং বিমানবন্দৰ
  11. ৰাজস্থানী ভাষা

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. সুজিতা দাস
  2. শুভংকৰ বৰুৱা
  3. বিতোপন বৰবৰা
  4. প্ৰেমধৰ বৰা
  5. ৰেৱকান্ত মহন্ত
  6. হিৰণ্য কুমাৰ ভট্টাচাৰ্য্য
  7. সন্তোষ কুমাৰ কৰ্মকাৰ
  8. পৃথু
  9. সোমনাথ বড়া
  10. ভিতালী দাস
  11. মৃদুস্মিতা ফুকন
  12. পাৰুল দেৱী দাস
  13. গায়ত্ৰী হাজৰিকা

গ্ৰন্থ বিষয়ক

  1. বেংছতা

চলচ্চিত্ৰ বিষয়ক

  1. মা (চলচ্চিত্ৰ)

অন্যান্য

  1. ৰাইজৰ দল
  2. অসম জাতীয় পৰিষদ
  3. পশ্চিম গুৱাহাটী মহাবিদ্যালয়
  4. অসমৰ পৰম্পৰাগত সাজ-পাৰ
  5. মোহন ভাইৰা বঁটা
  6. নৰোৱা সত্ৰ
  7. তিল পিঠা
  8. কামৰূপ পীঠ
  9. কামৰূপী প্ৰাকৃত
  10. কামৰূপী লিপি
  11. বুঢ়া-বুঢ়ী থান
  12. ‎আলিপুখুৰী

সানমিহলি

  1. মেথড অভিনয়
  2. নিধানপুৰ তাম্ৰলিপি
  3. নগাজৰী-খনিকৰগাঁৱৰ শিলালিপি
  4. মেৰা পিঠা
  5. ৰছমালাই
  6. ডুবি তাম্ৰলিপি আৰু ছীল
  7. তৎসম
  8. বিশ্ব ঘৰচিৰিকা দিৱস
  9. জামাইকাযান ক্ৰিৱ'লি ৱিকিপিডিয়া
  10. পৃথিৱীৰ আহ্নিক গতি
  11. উইলছন ৰোগ
  12. ‎পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য
  13. ‎গতিশীল প্ৰসম্ভাব্য সাধাৰণ সাম্যাৱস্থা আৰ্হি
  14. এন'ৰেক্সিয়া নাৰ্ভ'ছা
  15. চ'ল'-স্বান আৰ্হি (অৰ্থনীতি)
  16. ‎অস্তিত্বৰ সংকট
  17. গুৰুতৰ অৱসাদজনিত ব্যাধি
  18. একাকীত্ব
  19. নিঃসঙ্গতা
  20. স্বাস্থ্যকৰ পৰিৱেশৰ অধিকাৰ
  21. এস্কাজু চুক্তি
  22. মেক্সৱেলৰ দৈত্য
  23. বাসস্থানৰ অধিকাৰ
  24. শিক্ষাৰ অধিকাৰ
  25. যৌন নিৰ্যাতন
  26. ‎অক্সফৰ্ড-এষ্ট্ৰজেনেকা ক'ভিড-নাইণ্টিন ভেকছিন
  27. জীয়াই থকাৰ অধিকাৰ
  28. মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তন
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
মিচিং সম্প্ৰদায়ৰ পৰম্পৰাগত পানীয়। নগিন আপং আৰু পঃৰ আপং বা ছাই মদ।
আলোকচিত্ৰ শিল্পী: ৰুমী বৰা
উল্লেখনীয় ৱিকিমিডিয়ান

অম্লান বসুমতাৰী: ২০১১ চনৰ পৰা ৱিকিপিডিয়াৰে জড়িত এজন দক্ষ আৰু কৌশলী ৱিকিপিডিয়ান। এই ৱিকিমিডিয়ান গৰাকীয়ে অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈকে ২৩,৫৮০টা সম্পাদনা কৰাৰ লগতে ২১৯টা প্ৰবন্ধ সৃষ্টি কৰিছে। ইয়াৰ লগতে তেওঁ ৫,৫৯২টা সম্পাদনাৰে অসমীয়া ৱিকিউৎসলৈয়ো উল্লেখনীয় বৰঙণি আগবঢ়াইছে। ৱিকিৰ প্ৰবন্ধ আদিত থকা আসোঁৱাহসমূহ দূৰ কৰি এক নতুন মানদণ্ড প্ৰদানকে ধৰি অসমীয়া ৱিকিমিডিয়ালৈ আগবঢ়োৱা অমূল্য অৱদানৰ বাবে অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁক “ৱিকি ৰত্ন পদক”, “ৱিকি সংস্কাৰক পদক”, “উদ্ভাৱন পদক”, “অক্লান্ত কৰ্মী পদক”, “এই মাহৰ ৱিকিপিডিয়ান”, “শেহতীয়া সালসলনি পদক”, “The Teamwork Barnstar”, “The Working Wikipedian's Barnstar”, “শ্ৰেণীকৰণ পদক”, “অনুপ্ৰাণিত ৱিকিপিডিয়ান”, “অমূল্য অৱদান পদক”, "প্ৰবন্ধ উন্নীতকৰণ পদক" আদিৰে কেইবাবাৰো সন্মানিত কৰা হৈছে। আমি সমূহ অসমীয়া ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা তেওঁৰ উজ্বল ভৱিষ্যৎ কামনা কৰিলোঁ।

পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
কন্দৰ্পজিৎ কল্লোল
কূটনৈতিক বিচক্ষণতা পদক
বাবুল বৈশ্য
পুনঃনিৰ্দেশ পদক
অজয় দাস
ব্যৱসায় আৰু অৰ্থনীতি পদক
ঈশান কাশ্যপ হাজৰিকা
প্ৰবন্ধ উন্নীতকৰণৰ পদক
অম্লান বসুমতাৰী






বিশেষ অভিলেখ
এপ্ৰিল-২০২১ৰ বিশেষ অভিলেখ সম্পাদনা কৰক
অলপতে অনুষ্ঠিত হৈ যোৱা “নাৰীবাদ আৰু লোকগাথা দক্ষিণ এছিয়া” শীৰ্ষক সম্পাদনা মেলাত গোলকীয় পৰ্যায়ত অসমীয়া ৱিকিপিডিয়াৰ সদস্য অজয় দাসে অষ্টম স্থান, বাবুল বৈশ্যই নৱম স্থান আৰু ঈশান জ্যোতি বৰাই পঞ্চদশ স্থান লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৮,৪০৫ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩১৪ খনলৈ বৃদ্ধি পালে।



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
কন্দৰ্পজিৎ কল্লোল ৪৯১ - - ৫৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
হীৰক ৰাজা ৭৮ - ৩৯ ২৭৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ২৮১ - ১৯ ২৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বাবুল বৈশ্য ২৫৩ - - ৫২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণৱ জ্যোতি ভূঞা ১৭৮ ১৬ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অজয় দাস ১৫৫ - - ৯৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
নয়ন জ্যোতি নাথ ২৪২ - ৩৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ২২২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰণামিকা অধিকাৰী - ১৮৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ হানিফ আলী ৪৪ ৩৯ ৭২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ ৰুমী বৰা - ১৪৩ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ চন্দন চিৰিং ফুকন ৮২ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ ঈশান জ্যোতি বৰা ৬৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ অজয় ৰাভা ৫১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ TaDrian58 ৫২ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকলভাস্কৰজ্যোতি ভূঞা, দিব্য দত্ত, চানক্য কুমাৰ দাস, জোনালী বৰুৱা, ঈশান কাশ্যপ হাজৰিকা, প্ৰাণজ্যোতি নাথ, অনামিকা(চুমু) বড়া, মৃদুল কুমাৰ শৰ্মা আৰু অজিত মেধি

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।