সমললৈ যাওক

পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা

ৰাজনীতি বিজ্ঞান, অৰ্থনীতি আৰু খেল তত্ত্বপাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য এনে এক পৰিস্থিতি য'ত দুই খেলুৱৈয়ে যুদ্ধও নকৰে আৰু যুদ্ধৰ আহিলা ত্যাগো নকৰে।[1] এনে দেখা যায় সেই পৰিস্থিতিত য'ত দুয়ো খেলুৱৈৰ ওচৰতে এনে বিধ্বংসী কৌশল অৱলম্বন কৰাৰ ক্ষমতা থাকে যে প্ৰতিদ্বন্দ্বীয়ে যুদ্ধ কৰিলে নিজৰেই ধ্বংস নিশ্চিত কৰি ল'ব। ই সাধাৰণতে এটি সংমিত পৰিস্থিতি। পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ পৰিস্থিতি এটি নাশ্ব সাম্যাৱস্থা

এনে পৰিস্থিতিৰ এটি প্ৰায় উল্লিখিত উদাহৰণ হ'ল শীতল যুদ্ধ। ১৯৪৫-১৯৯১লৈ চলা এই যুদ্ধত এনে অৱস্থা আহি পৰিছিল যে বিশ্বৰ দুই মহাশক্তি আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট সংঘ উভয়েই বৃহৎ পৰিমাণৰ পৰমানৱিক অস্ত্ৰ যুদ্ধৰ বাবে সাজু ৰাখিছিল। পিচে যুদ্ধৰ বাবে দুয়োৰে সামৰ্থ্যই আছিল যুদ্ধ নোহোৱাৰ কাৰণ-- আমেৰিকা যুক্তৰাষ্ট্ৰ নিশ্চিত আছিল যে ছ'ভিয়েট সংঘক আক্ৰমণ কৰা আমেৰিকাই নিজকেই ধ্বংসৰ পথলৈ লৈ যোৱাৰ সমকক্ষ হ'ব। সেয়ে আমেৰিকাই ছ'ভিয়েট সংঘক আক্ৰমণ নকৰিছিল। একেই যুক্তিৰে ছ'ভিয়েট সংঘয়ো নিজৰ স্বাৰ্থৰ বাবেই আমেৰিকাক আক্ৰমণ নকৰিছিল। এনে পৰিস্থিতিত পৰমানৱিক অস্ত্ৰ যুদ্ধৰ নহয়, শান্তি বৰ্তাই ৰখাৰহে সজুলী হৈ পৰিছিল।[2] সেইবাবে এই পৰিস্থিতি নিবৃত্তি তত্ত্বৰো অন্তৰ্গত।[3] মেক্স লাৰ্ণাৰৰ মতে নিবৃত্তিৰ নীতি, বিশেষভাৱে যুদ্ধনীতিৰ ক্ষেত্ৰত, প্ৰায় নিখুঁট যুক্তিসংগতিৰ বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল।[4]

যুদ্ধনীতিত পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য দুই চৰ্তৰ ওপৰত নিৰ্ভৰশীল-- সংমিতি: দুয়ো খেলুৱৈৰে আন খেলুৱৈক ধ্বংস কৰাৰ ক্ষমতা আছে, আৰু প্ৰত্যাশাৰ অভিসৰণ: দুয়ো খেলুৱৈয়ে বিশ্বাস কৰে যে আন খেলুৱৈয়ে বিধ্বংসী আক্ৰমণ বা প্ৰত্যাক্ৰমণ কৰাৰ ক্ষমতা ৰাখে।[5]

খেলৰ কৌশলগত ৰূপ

[সম্পাদনা কৰক]

পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যক এটি সমকালিক খেলৰ ৰূপত দৰ্শাব পৰা যায়। এনে কৰিবলৈ আমি ধৰি ল'ব লাগিব যে দুয়ো খেলুৱৈয়ে বা অন্ততঃ দ্বিতীয় খেলুৱৈয়ে আক্ৰমণ হ'লে প্ৰত্যুত্তৰ দিয়াৰ নিশ্চিতি প্ৰদান কৰিব পাৰে। সকলো পৰস্থিতিত তেনে নহ'বও পাৰে- এই সমস্যা "বিশ্বাসযোগ্য সংকট"ৰ (credible threat) সমস্যা।[6] এনে নিশ্চিতি doomsday deviceএৰে প্ৰদান কৰিব পৰা যায় আন্তৰ্জাতিক যুদ্ধাৱস্থাত- য'ত কোনো দেশে পৰমাণৱিক আক্ৰমণৰ সন্মুখীন হ'লে এনে ব্যৱস্থা কৰি ৰাখে যে নিবিচাৰিলেও প্ৰত্যুত্তৰ দিবই লাগিব, সম্ভৱতঃ স্বচল যন্ত্ৰেৰে। আন এক সম্ভৱ উপায় হ'ল madman strategy য'ত এজন খেলুৱৈয়ে এনে দেখাবলৈ যত্নপৰ হয় যে তেওঁ যুক্তিসংগত নহয়, আৰু সেয়ে যুদ্ধাৱস্থাত নিজৰ ক্ষতি কৰি হ'লেও প্ৰত্যুত্তৰ দিব। এনে কিছু কিছু পৰিস্থিতিত পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্য দেখা পোৱা যায়, আৰু এনে পৰিস্থিতিক এক সমকালিক খেলৰ ৰূপতো প্ৰস্তুত কৰিব পৰা যায়।

ধৰি লওক দুগৰাকী খেলুৱৈ আছে আৰু প্ৰত্যেকজন খেলুৱৈৰে দুটি সাম্ভাব্য কৌশল আছে-- যুদ্ধ আৰু শান্তি। যদি দুয়ো খেলুৱৈয়ে শান্তি চয়ন কৰে, আমি ধৰি লওঁ যে দুয়োৱে সসীম উপযোগিতা লাভ কৰিব। ধনাত্মকো হ'ব পাৰে বা ঋণাত্মকো, কিন্তু সাধাৰণতে ক ঋণাত্মক বুলি ধৰি লোৱা হয়। আন হাতে, যদি কোনো এটি খেলুৱৈয়েও যুদ্ধ চয়ন কৰে, doomsday deviceৰ বাবে আনজন খেলুৱৈয়ে যি কৌশলেই চয়ন নকৰক কিয়, প্ৰত্যুত্তৰ দিয়া হ'বই, আৰু সেয়ে যুদ্ধ হ'বই। এনে অৱস্থাত, যিহেতু দুয়ো খেলুৱৈৰ ওচৰতেই বৃহৎ বিধ্বংসী অস্ত্ৰ আছে, আমি দেখিম যে দুয়ো খেলুৱৈৰে উপযোগিতা হ'ব । তলত উপযোগিতা মৌলকক্ষ প্ৰদৰ্শন কৰা হৈছে--

উপযোগিতা মৌলকক্ষ
খেলুৱৈ ২
যুদ্ধ শান্তি
খেলুৱৈ ১ যুদ্ধ
শান্তি


এই খেলত কেৱল এটি নাশ্ব সাম্যাৱস্থা আছে-- (শান্তি, শান্তি)।[2]

পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ প্ৰতি অগ্ৰসৰ খেলুৱৈ

[সম্পাদনা কৰক]

যদি দুয়ো খেলুৱৈৰে বিধ্বংসী ক্ষমতা অত্যধিক নহয়, তেন্তে পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ পৰিস্থিতি দেখা নিদিয়ে। এনে পৰিস্থিতিত যুদ্ধ দেখা দিব পাৰে। কিছু বিশেষ পৰিস্থিতিত, বৰ্তমানে নাথাকিলেও, দুই দেশ পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ প্ৰতি অগ্ৰসৰ হয়। এই আগ্ৰাসনক এটি অনুক্ৰমিক খেলৰ ৰূপত দৰ্শাব পৰা যায়।

খেলুৱৈ ১ৰ ওচৰত প্ৰথম চয়ন কৰাৰ ক্ষমতা আছে-- শান্তি বা যুদ্ধৰ ধমক। শান্তি চয়ন কৰিলে দুয়ো খেলুৱৈয়ে ধৰি লওক উপযোগিতা লাভ কৰে। যুদ্ধৰ ধমক চয়ন কৰিলে খেলুৱৈ ২ৰ পাল চয়ন কৰাৰ-- শান্তি বা আগ্ৰাসন। শান্তি চয়ন কৰিলে খেলুৱৈ ১এ ০.৫ আৰু খেলুৱৈ ২এ ০ লাভ কৰে। আগ্ৰাসন চয়ন কৰিলে খেলুৱৈ ১ৰ চয়ন কৰাৰ পাল আকৌ আহে-- শান্তি বা আগ্ৰাসন। শান্তি চয়ন কৰিলে খেলুৱৈ ১ৰ উপযোগিতা হয় -১ (যিহেতু মিছা ধমকৰ বাবে সন্মানহানি হয়) আৰু খেলুৱৈ ২ৰ উপযোগিতা ১ হয় (সন্মান বৃদ্ধি)। আগ্ৰাসন চয়ন কৰিলে এনেদৰেই খেল আগবাঢ়ি গৈ থাকে। এনে আগ্ৰাসনৰ মাজেৰেই পৰিস্থিতি বিষম হৈ গৈ থাকে আৰু দুয়ো দেশ সামৰিকভাৱে সাজু হৈ গৈ থাকে। শেষত এনে পৰিস্থিতি আহি পৰে য'ত দুয়ো দেশৰেই আন দেশক সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ ক্ষমতা জন্মে। এই পৰিস্থিতিত আমি পাৰস্পৰিকভাৱে নিশ্চিত ধ্বংসকাৰ্যৰ পৰিস্থিতি দেখা পাওঁ।[5]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. https://www.spaceship.com.au/learn/game-theory-cold-war/
  2. 1 2 "আৰ্কাইভ কপি". Archived from the original on 2021-04-15. https://web.archive.org/web/20210415112349/http://www.umsl.edu/~naumannj/Geography%20PowerPoint%20Slides/russia%20-%20former%20USSR/Game%2520Theory%2520and%2520Nuclear%2520Warfare%2520condensed.pdf আহৰণ কৰা হৈছে: 2021-04-15.
  3. https://www.britannica.com/topic/deterrence-political-and-military-strategy
  4. মেক্স লাৰ্ণাৰ। (১৯৬২)। দ্য এ'জ অৱ অভাৰকিল।
  5. 1 2 "আৰ্কাইভ কপি". Archived from the original on 2021-04-15. https://web.archive.org/web/20210415112349/http://tesi.luiss.it/22943/1/197791_GARGIULO_VALERIA_TESI.pdf আহৰণ কৰা হৈছে: 2021-04-15.
  6. https://chicagounbound.uchicago.edu/cgi/viewcontent.cgi?referer=&httpsredir=1&article=2378&context=law_and_economics

লগতে চাওক

[সম্পাদনা কৰক]