শীতল যুদ্ধ
শীতল যুদ্ধ (ইংৰাজী: Cold War; ৰুছ: холо́дная война́, kholodnaya voĭna) হৈছে দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰসমূহ আৰু চোভিয়েট ইউনিয়ন আৰু ইয়াৰ মিত্ৰসমূহৰ মাজত থকা ৰাজনৈতিক আৰু সামৰিক উত্তেজনাপূৰ্ণ অৱস্থা। ইতিহাসবিদসকল শীতল যুদ্ধৰ সঠিক কাল সম্পৰ্কে একমত নহয় কিন্তু ১৯৪৭-১৯৯১ চনলৈকে এই অৱস্থা বিৰাজ কৰা বুলি মানি লোৱা হয়। দুই পক্ষৰ মাজত মুকলিকৈ কোনো যুদ্ধ হোৱা নাছিল বাবে ইয়াক "শীতল" বোলা হৈছিল। কিন্তু প্ৰক্সী যুদ্ধ বোলা কেইবাখনো যুদ্ধ কোৰিয়া, ভিয়েটনাম আৰু আফগানিস্তানৰ সংঘটিত হৈছিল য'ত দুই পক্ষই বিপৰীত গোটলৈ সমৰ্থন আগবঢ়াইছিল। মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহ আছিল গণতন্ত্ৰ আৰু পুঁজিবাদৰ সপক্ষে; আৰু চোভিয়েট ইউনিয়ন আৰু তাৰ মিত্ৰ দেশসমূহ আছিল সাম্যবাদী বা সমাজতন্ত্ৰপন্থী। শীতল যুদ্ধৰ সময়ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰধান প্ৰধান মিত্ৰ আছিল সংযুক্ত ৰাজ্য, ফ্ৰান্স, পশ্চিম জাৰ্মানী, জাপান আৰু কানাডা। চোভিয়েট ইউনিয়নৰ পক্ষত আছিল পূব ইউৰোপৰ কেইবাখনো ৰাষ্ট্ৰ, যেনে বুলগেৰিয়া, চেকোস্লোভাকিয়া, হাংগেৰী, পোলেণ্ড, পূব জাৰ্মানী আৰু ৰোমানিয়া। শীতল যুদ্ধৰ কিছুকাল কিউবা আৰু চীন-এ চোভিয়েটক সমৰ্থন দিছিল। যিবোৰ দেশে দুই পক্ষক চৰকাৰীভাৱে সমৰ্থন দিয়া নাছিল সেইবোৰক নিৰপেক্ষ দেশ বোলা হৈছিল। তৃতীয় বিশ্বৰ নিৰপেক্ষ দেশবোৰ জোট-নিৰপেক্ষ আন্দোলনৰ অংশ আছিল। অবশেষত চোভিয়েট ইউনিয়নৰ নাটকীয় পৰিৱৰ্তন আৰু পতনৰ পাছত এই যুদ্ধৰ সমাপ্তি হয়।
ইংৰাজীত 'Cold War' শব্দৰাজী পোনপ্ৰথমে মাৰ্কিন সাংবাদিক ৱাল্টাৰ লিপমেনে ১৯৪৭ চনত সাধাৰণভাৱে ব্যৱহাৰ কৰে।[1] এই ঐতিহাসিক ঘটনাৱলীক বিশেষভাৱে বুজাবলৈ শব্দৰাজী আমেৰিকাৰ ডেম'ক্ৰেটিক ৰাষ্ট্ৰপতিসকলৰ পৰামৰ্শদাতা বাৰ্নাড বাৰুকে ব্যৱহাৰ কৰে।[2] proclaimed, "Let us not be deceived: we are today in the midst of a cold war."[3]
তথ্যসূত্ৰ[সম্পাদনা কৰক]
- ↑ Orwell, "You and the Atomic Bomb", Tribune 19 October 1945
- ↑ Safire, William (1 October 2006). "Islamofascism Anyone?". The New York Times. http://www.nytimes.com/2006/10/01/opinion/01iht-edsafire.2988871.html.
- ↑ "Bernard Baruch coins the term 'Cold War'", history.com, 16 April 1947. Retrieved on 2 July 2008.
বহিঃসংযোগ[সম্পাদনা কৰক]
| Cold War প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| শব্দৰ অৰ্থ ৱিকিঅভিধানত | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| মাধ্যম আৰু কাৰ্যক্ৰম ৱিকিবিশ্ববিদ্যালয়ত | |
| বা-বাতৰি ৱিকিসংবাদত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
| কিতাপ, লিখনি আদি ৱিকিউৎসত | |
| পাঠ্যপুথি ৱিকিগ্ৰন্থত | |
- সংগ্ৰহশালা
- Open Society Archives, Budapest (Hungary), one of the biggest history of communism and cold war archives in the world
- An archive of UK civil defence material
- Post-Cold War World Economy from the Dean Peter Krogh Foreign Affairs Digital Archives
- CONELRAD Cold War Pop Culture Site
- CBC Digital Archives – Cold War Culture: The Nuclear Fear of the 1950s and 1960s
- The Cold War International History Project (CWIHP)
- The Cold War Files
- CNN Cold War Knowledge Bankসাঁচ:Dead link।date=November 2011 comparison of articles on Cold War topics in the Western and the Soviet press between 1945 and 1991
- The CAESAR, POLO, and ESAU Papers–This collection of declassified analytic monographs and reference aids, designated within the Central Intelligence Agency (CIA) Directorate of Intelligence (DI) as the CAESAR, ESAU, and POLO series, highlights the CIA's efforts from the 1950s through the mid-1970s to pursue in-depth research on Soviet and Chinese internal politics and Sino-Soviet relations. The documents reflect the views of seasoned analysts who had followed closely their special areas of research and whose views were shaped in often heated debate.
- গ্ৰন্থপঞ্জী
- সংবাদ
- শিক্ষামূলক সংগ্ৰহশালা