শ্বিলং বিমানবন্দৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শ্বিলং বিমানবন্দৰ
আইএটিএ: SHLআইচিএঅ: VEBI
সংক্ষিপ্ত
প্ৰকাৰ ৰাজহুৱা
অপাৰেটৰ ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ
সেৱা শ্বিলং, মেঘালয়, ভাৰত
অৱস্থান উমৰৈ
কেন্দ্ৰৰ বাবে ইণ্ডিগ'
উচ্চতা ৮৮৭ মিটাৰ / ২,৯১০ ফুট
স্থানাঙ্ক 25°42′13″N 091°58′43″E / 25.70361°N 91.97861°E / 25.70361; 91.97861স্থানাংক: 25°42′13″N 091°58′43″E / 25.70361°N 91.97861°E / 25.70361; 91.97861
ৱেবছাইট aai.aero/allAirports/shillong
উড্ডায়ন পথ
দিকনিৰ্দেশনা দৈৰ্ঘ্য উপৰিতল
মিটাৰ ফুট
০৪/২২ ১,৮২৯ ৬,০০ Concrete

শ্বিলং বিমানবন্দৰ (আইএটিএ: SHLআইচিএঅ’: VEBI) হৈছে ভাৰতশ্বিলং, মেঘালয়ৰ উমৰৈ নামৰ ঠাইত অৱস্থিত এটা বিমানবন্দৰ। যি শ্বিলঙৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত অৱস্থিত।

ইতিহাস[সম্পাদনা কৰক]

বিমানবন্দৰটো ১৯৬০-ৰ দশকৰ মাজভাগত নিৰ্মাণ কৰা হৈছিল আৰু ১৯৭০-ৰ দশকৰ মাজভাগত কাৰ্যক্ষম হৈছিল। ২০০৯ চনত বিমানবন্দৰৰ সম্প্ৰসাৰণৰ বাবে ২২৪.১৬ একৰ মাটি অধিগ্ৰহণ কৰা হৈছিল। কামটো ২০০৯ চনৰ জুনমাহত আৰম্ভ হৈছিল আৰু ২০১০ চনৰ মে মাহত সম্পূৰ্ণ হৈছিল।[1] নতুুুন টাৰ্মিনাল বিল্ডিংটো নিৰ্মাণ কৰোঁতে ₹৩০ কোটি খৰচ গৈছিল। আৰু এয়া ২০১১ চনৰ জুুুন মাহত সম্পূৰ্ণ হৈছিল।[2] 2015 চনত, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষক বিমানবন্দৰৰ অধিক সম্প্ৰসাৰণৰ বাবে ভূমি আৱণ্টন কৰা হৈছিল।[3] 2017 চনত, এ.এ.আই.-য়ে শ্বিলঙত আন্তঃগাঁথনি উন্নীত কৰে, এটা ইনষ্ট্ৰুমেণ্ট লেণ্ডিং চিষ্টেম (আই.এল.এছ.) স্থাপন, দুটা ইন্ধন ভৰ্তি সুবিধা নিৰ্মাণ, ৰানৱে সম্প্ৰসাৰণ আৰু উৰণ-পথৰ বাধা আঁতৰ কৰে।[4] বিমানবন্দৰটোৱে জুন ২০১৯ ত ভাৰতীয় ডিজিচিএৰ পৰা ইয়াৰ শ্ৰেণী ৩চি অনুজ্ঞাপত্ৰ লাভ কৰিছিল, যাৰ ফলত কিউ৪০০/এটিআৰ ৭২ বিমানৰ পৰিচালনাৰ অনুমতি দিয়া হৈছিল।[5] ইণ্ডিগ'ই ২০ জুলাই ২০১৯ তাৰিখে শ্বিলঙৰ পৰা কলকাতা বিমানবন্দৰৰ পৰা দৈনিক বিমানেৰে উড়ান আঁচনিৰ অধীনত এটিআৰ-৭২ ব্যৱহাৰ কৰি কাম আৰম্ভ কৰিছিল।[6]

বৰ্তমানৰ ৬,০০০ ফুটৰ ৰানৱেটো প্ৰায় ৮,০০০ ফুটলৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰা হৈছিল যাতে বোয়িং ৭৩৭ আৰু এয়াৰবাছ এ৩২০ ৰ দৰে সংকীৰ্ণ বডী জেট বিমানপৰিচালনাৰ সুবিধা হয়।[7] অৱশ্যে, ইয়াৰ বাবে ৰানৱে সম্প্ৰসাৰিত হোৱাৰ পিছত বিমানৰ ওচৰলৈ অহাৰ পথত আহিব লগা হিললকৰ গোটবোৰ কাটিব লাগিব। এই বাধা আঁতৰোৱাৰ ব্যয় আছিল ₹৮,০০০ কোটি।[8] মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে কৈছিল যে সেই ব্যয়ত বিমানবন্দৰৰ সম্প্ৰসাৰণৰ সৈতে আগবাঢ়ি যোৱাটো কঠিন হ'ব।[9]

এয়াৰলাইন আৰু গন্তব্যস্থানসমূহ[সম্পাদনা কৰক]

এয়াৰলাইন গন্তব্যস্থান 
ফ্লাইবিগ দিল্লী, পাচিঘাট
ইণ্ডিগ' ডিব্ৰুগড় (২৪ মে ২০২১ ত আৰম্ভ হয়),[10] ইম্ফল (আৰম্ভ হয় ২৫ মে ২০২১),[10] কলকাতা,[11] শিলচৰ

বাহ্যিক সংযোগসমূহ[সম্পাদনা কৰক]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Expansion of Air Connectivity in North-East". Pib.nic.in. http://pib.nic.in/newsite/erelease.aspx?relid=95836। আহৰণ কৰা হৈছে: 2017-03-29. 
  2. "Shillong airport's new terminal to open on Saturday". The Economic Times. 22 June 2011. Archived from the original on 12 April 2012. https://web.archive.org/web/20120412000151/http://economictimes.indiatimes.com/news/news-by-industry/transportation/airlines-/-aviation/shillong-airports-new-terminal-to-open-on-saturday/articleshow/8948403.cms. 
  3. "Land handed over to AAI for Umroi Airport expansion work". The Shillong Times. 8 January 2015. Archived from the original on 18 August 2017. https://web.archive.org/web/20170818174032/http://www.theshillongtimes.com/2015/01/08/land-handed-over-to-aai-for-umroi-airport-expansion-work/. 
  4. "India's Shillong airport to be north eastern hub". Ch-aviation. 16 September 2017. https://www.ch-aviation.com/portal/news/59510-indias-shillong-airport-to-be-north-eastern-hub. 
  5. "Umroi Airport gets nod to install advanced ILS". Shillong Times. 18 June 2019. http://theshillongtimes.com/2019/06/18/umroi-airport-gets-nod-to-install-advanced-ils/. 
  6. "IndiGo service begins at Shillong". The Assam Tribune. 20 July 2019. Archived from the original on 21 July 2019. https://web.archive.org/web/20190721143208/http://www.assamtribune.com/scripts/detailsnew.asp?id=jul2119/oth059. 
  7. "Defence ministry refuses to give land for Shillong airport". Daily News & Analysis. 15 February 2011. http://www.dnaindia.com/india/report-defence-ministry-refuses-to-give-land-for-shillong-airport-1508278. 
  8. "IGive list of hurdles that impede Boeing jet landing in Shillong: HC to DGCA". Business Standard. 3 July 2019. https://www.business-standard.com/article/pti-stories/hc-asks-dgca-to-submit-list-of-obstacles-that-impede-boeing-aircraft-landing-at-shillong-119070300538_1.html. 
  9. "IFinancial probs deter expansion of Shillong airport". The Northeast Today. 20 July 2019. Archived from the original on 6 October 2019. https://web.archive.org/web/20191006101436/https://thenortheasttoday.com/financial-probs-deter-expansion-of-shillong-airport/. 
  10. 10.0 10.1 "Shillong Airport new flights schedule". Twitter. https://twitter.com/aaishillong/status/1376519517371658242/photo/1। আহৰণ কৰা হৈছে: 31 March 2021. 
  11. "Three new flights to Raipur, Shillong from Kolkata | Kolkata News". The Times of India. https://timesofindia.indiatimes.com/city/kolkata/three-new-flights-to-raipur-shillong/articleshow/69349771.cms.