ৰিধিমা পাণ্ডে
ৰিধিমা পাণ্ডে | |
---|---|
জন্ম | ২০০৯ |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
পেচা | শিক্ষাৰ্থী, পৰিৱেশ কৰ্মী |
বঁটা, সন্মান, পুৰস্কাৰ আদি | বিবিচিৰ ১০০ মহিলা ২০২০ |
ৰিধিমা পাণ্ডে (জন্ম ২০০৯) এগৰাকী ভাৰতীয় পৰিৱেশ কৰ্মী যি জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ পদক্ষেপ লোৱাৰ পোষকতা কৰে। তেওঁক গ্ৰেটা থুন্বাৰিৰ সৈতে তুলনা কৰা হৈছে।[1] তেওঁ ন বছৰ বয়সত জলবায়ু পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ পৰ্যাপ্ত পদক্ষেপ নোলোৱাৰ বাবে ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।[2] জলবায়ু সংকটৰ মোকাবিলা কৰিবলৈ বিভিন্ন দেশৰ পদক্ষেপ লোৱাত ব্যৰ্থহোৱাৰ বিৰুদ্ধে তেওঁ কেইবাজনো যুৱ জলবায়ু কৰ্মীৰ সৈতে ৰাষ্ট্ৰসংঘৰ বাদীসকলৰ মাজৰ এজন আছিল।[3]
পৃষ্ঠভূমি
[সম্পাদনা কৰক]ৰিধিমা পাণ্ডে ভাৰতৰ উত্তৰ অংশৰ উত্তৰাখণ্ড ৰাজ্যত বাস কৰে। তেওঁৰ দেউতাক দিনেশ পাণ্ডেও এজন জলবায়ু কৰ্মী যি উত্তৰাখণ্ডত ১৬ বছৰ ধৰি এই বিষয়ত কাম কৰিছে।[2]
উত্তৰাখণ্ডত তেওঁৰ এলেকাটো যোৱা দহ বছৰত শোচনীয় বতৰৰ দ্বাৰা প্ৰভাৱিত হৈছে। ২০১৩ চনত বানপানী আৰু ভূমিস্খলনত ১০০০ ৰো অধিক লোকৰ মৃত্যু হৈছিল।[4] অঞ্চলটোৰ পৰা প্ৰায় ১,০০,০০০ লোকক স্থানান্তৰ কৰিব লগা হৈছিল।[5] বিশ্ব বেংকৰ মতে, জলবায়ু পৰিৱৰ্তনৰ ফলত ভাৰতলৈ পানী যোগানৰ ওপৰত চাপ বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে।[6]
বঁটা
[সম্পাদনা কৰক]ৰিধিমা পাণ্ডে ২০২০ চনৰ ২৩ নৱেম্বৰত ঘোষণা কৰা বিবিচিৰ ১০০ গৰাকী মহিলাৰ তালিকাত আছিল।[7]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "Who Is Ridhima Pandey". Business Standard India. https://www.business-standard.com/about/who-is-ridhima-pandey.
- ↑ 2.0 2.1 "Meet the nine-year-old girl who is suing the Indian Government over climate change" (en ভাষাত). The Independent. 1 April 2017. http://www.independent.co.uk/environment/nine-ridhima-pandey-court-case-indian-government-climate-change-uttarakhand-a7661971.html। আহৰণ কৰা হৈছে: 23 April 2020.
- ↑ "earthjustice.org". https://earthjustice.org/blog/2019-september/greta-thunberg-young-people-petition-UN-human-rights-climate-change। আহৰণ কৰা হৈছে: 26 April 2020.
- ↑ "India's death toll in aftermath of floods reaches 1,000" (en-GB ভাষাত). The Guardian. Associated Press. 24 June 2013. ISSN 0261-3077. https://www.theguardian.com/world/2013/jun/24/india-uttarakhand-floods-rescue-death-toll.
- ↑ "Many still stranded in India floods" (en-GB ভাষাত). BBC News. 28 June 2013. https://www.bbc.com/news/world-asia-india-23093839.
- ↑ "India: Climate Change Impacts" (en ভাষাত). World Bank. https://www.worldbank.org/en/news/feature/2013/06/19/india-climate-change-impacts। আহৰণ কৰা হৈছে: 23 April 2020.
- ↑ "BBC 100 Women 2020: Who is on the list this year?" (en-GB ভাষাত). BBC News. 2020-11-23. https://www.bbc.co.uk/news/world-55042935.