ব্যোমমিত্ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ব্যোমিত্ৰাৰ পৰা পুনঃনিৰ্দেশিত)
ব্যোমমিত্ৰা
Vyommitra
প্ৰস্তুতকাৰী ভাৰতীয় মহাকাশ গৱেষণা সংস্থা
দেশ  ভাৰত
নিৰ্মাণৰ চন ২০২০
প্ৰকাৰ হিউমনয়ড ৰবট
উদ্দেশ্য মহাকাশত পৰীক্ষণৰ কাৰণে

ব্যোমমিত্ৰা (ইংৰাজী: Vyommitra) হৈছে এগৰাকী মহাকাশ ভ্ৰমণকাৰী হিউমনয়ড (মানৱগুণ বিশিষ্ট) ৰবট। ২০২০ চনৰ ২২ জানুৱাৰী তাৰিখে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৱে মানৱ মহাকাশযাত্ৰা আৰু অনুসন্ধানকাৰী আলোচনাচক্ৰত এগৰাকী নাৰীসদৃশ ৰবটৰ নাম ঘোষণা কৰে, যাক গগণযান নামৰ মহাকাশ অভিযানটোত আন মহাকাশচাৰীসকলৰ সৈতে প্ৰেৰণ কৰা হ'ব। মানৱ মহাকাশ উৰণ কৰা আন ৰাষ্ট্ৰসমূহৰ বিপৰীতে ইছৰোয়ে পৰীক্ষামূলক অভিযানত জন্তু উৰুৱাব নোৱাৰিব বুলি সিদ্ধান্ত লৈছিল। ইয়াৰ পৰিৱৰ্তে, মহাকাশত দীঘলীয়া সময়ৰ বাবে মানৱ শৰীৰৰ ওজনহীনতা আৰু বিকিৰণে কি প্ৰভাৱ পেলাব সেয়া অধ্যয়ন কৰিবলৈ হিউমেনইড ৰবট পঠিওৱা হ'ব।[1]

ব্যোমমিত্ৰাই মাইক্ৰ'গ্ৰেভিটি পৰীক্ষা, মডিউলৰ প্ৰাচল নিৰীক্ষণ, আৰু কঁকালৰ পৰা ওপৰলৈ মানুহৰ দৰে কাৰ্যকলাপ অনুকৰণ কৰি ক্ৰুড মিছনত মহাকাশচাৰীসকলক সমৰ্থন কৰাৰ বাবে অবিচলিতভাবে গগনযান অভিযানত থাকিব বুলি আশা কৰা হৈছে।[2] ইয়াৰ নিজস্ব কোনো ভৰি নাই, যদিওবা দুখন হাত আছে। ব্যোমমিত্ৰাই হিন্দী আৰু ইংৰাজী উভয় ভাষাতে কথা পাতিব পাৰে। একাধিক কাম সম্পাদন কৰাৰ বাবে ইয়াক প্ৰ'গ্ৰেম কৰা হৈছে।[3][4][5][6]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Why is India sending robots into space?" (en ভাষাত). 25 July 2019. https://www.bbc.com/news/world-asia-india-48918280. 
  2. "ISRO to send humanoid Vyommitra in unmanned Gaganyaan spacecraft ahead of human spaceflight". Economic Times. 24 January 2020. https://economictimes.indiatimes.com/news/science/isro-to-send-humanoid-vyommitra-in-unmanned-gaganyaan-spacecraft-ahead-of-human-spaceflight/articleshow/73576959.cms. 
  3. Kumar, Chethan (22 January 2020). "Gaganyaan mission: First glimpse of 'Vyommitra', the humanoid for Gaganyaan; it's a 'She'" (en ভাষাত). Times of India. https://timesofindia.indiatimes.com/india/1st-glimpse-of-vyommitra-the-humanoid-for-gaganyaan-its-a-she/articleshow/73513989.cms। আহৰণ কৰা হৈছে: 22 January 2020. 
  4. "ISRO's manned mission to Moon will happen, but not right now: K Sivan" (en-US ভাষাত). The Indian Express. 22 January 2020. https://indianexpress.com/article/technology/science/isro-will-look-at-manned-mission-to-moon-someday-but-not-right-now-k-sivan-6229655/। আহৰণ কৰা হৈছে: 22 January 2020. 
  5. "'व्योममित्रा'ची पहिली झलक! भारताकडून 'ती' पहिल्यांदा जाणार अवकाशात" (mr-IN ভাষাত). Loksatta. 22 January 2020. https://www.loksatta.com/desh-videsh-news/vyommitra-the-humanoid-for-isros-mission-gaganyaan-dmp-82-2066411/। আহৰণ কৰা হৈছে: 22 January 2020. 
  6. "ISRO's prototype humanoid for Gaganyaan mission is Vyom Mitra which will go to space before astronauts" (en ভাষাত). Times Now News. 22 January 2020. https://www.timesnownews.com/technology-science/article/isro-s-prototype-humanoid-for-gaganyaan-mission-is-vyom-mitra-which-will-go-to-space-before-astronauts/543450। আহৰণ কৰা হৈছে: 22 January 2020. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]