বিতোপন বৰবৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বিতোপন বৰবৰা
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা সাংবাদিকতা আৰু গণসংযোগত স্নাতকোত্তৰ।
বিষয় গল্প সাহিত্য, চলচ্চিত্ৰ সমালোচক।

বিতোপন বৰবৰা অসমৰ এজন গল্পকাৰ, চলচ্চিত্ৰ সমালোচক আৰু সাংবাদিক। তেখেতে গল্পৰ বাবে মুনীন বৰকটকী বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।[1] ভাৰতৰ এজন আগশাৰীৰ চলচ্চিত্ৰ সমালোচক হিচাপেও বিতোপন বৰবৰাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচক ফেডাৰেছন(ফিপ্ৰেছকী)ৰ সদস্য হিচাপে ইতিমধ্যে ভাৰতৰ মুম্বাই আৰু বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় মহোৎসৱৰ লগতে দক্ষিণ কোৰিয়াৰ পুছান, ৰাছিয়াৰ মস্কো, ফ্ৰান্সৰ কান আৰু ইজিপ্তৰ কাইৰো আৰু এল গউনা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত সন্মানীয় জুৰীৰ দায়িত্ব পালন কৰিছে। তেখেত বৰ্তমান দৈনিক অসম কাকতত সম্পাদকৰূপে কৰ্মৰত।[2]

জন্ম আৰু পৰিচয়[সম্পাদনা কৰক]

বৰবৰাৰ জন্ম হৈছিল ১২ আগষ্ট, ১৯৬৩ চনত। পিতৃৰ নাম অমূল্য বৰবৰা আৰু মাতৃৰ নাম কমলা বৰবৰা।

শিক্ষা[সম্পাদনা কৰক]

  1. প্ৰাথমিক শিক্ষা নুমলীগড় চাহ বাগিচা প্ৰাথমিক বিদ্যালয়।
  2. উচ্চ মাধ্যমিক শিক্ষা: নুমলীগড় এম ই স্কুল আৰু মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়, কমাৰগাঁও।
  3. ১৯৭৯ চনত মহুৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰপৰা হাইস্কুল শিক্ষান্তত উত্তীৰ্ণ।
  4. ১৯৮৫ চনত গুৱাহাটীৰ আৰ্য বিদ্যাপীঠৰপৰা বিজ্ঞানৰ স্নাতক
  5. গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা পোনতে সাংবাদিকতাত ডিপ্ল’মা অৰু পাছত সাংবাদিকতা আৰু গণসংযোগত স্নাতকোত্তৰ ডিগ্ৰী লাভ।

কৰ্ম জীৱন[সম্পাদনা কৰক]

১৯৮৭ চনত পদ্ম বৰকটকীৰ মুখ্য সম্পাদনা আৰু ডাঃ ধ্ৰুৱজ্যেতি বৰাৰ সম্পাদনাত প্ৰকাশিত ‘আজিৰ সময়’ আলোচনীৰ যোগেদি সাংবাদিক জীৱনৰ সূচনা আৰু পৰৱৰ্তী সময়ত এবছৰ কাল কনকসেন ডেকা সম্পাদিত ‘তিনিদিনীয়া অগ্ৰদূত’ কাকতত সংবাদ সেৱা। ১৯৮৮ চনৰপৰা চন্দ্ৰপ্ৰসাদ শইকীয়া সম্পাদিত দৈনিক কাকত ‘নতুন দৈনিক’ কাকতত সংবাদ সেৱা। ১৯৯১ চনৰ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে ‘দৈনিক অসম’ কাকতত কৰ্তব্যৰত।

প্ৰকাশিত গল্প সংকলন[সম্পাদনা কৰক]

  1. ‘মোৰো এটা সপোন আছিল’ ১৯৯৬ চন
  2. ‘বন্দুকনলৰ বতাহ’, ১৯৯৯ চন
  3. ‘মেনিকিনৰ সৈতে জীৱন’, ২০০৫ চন
  4. ‘বুদ্ধই হাঁহিছে’, ২০১৩ চন

বঁটা[সম্পাদনা কৰক]

  1. ১৯৯৯ চনত প্ৰথমখন গল্প সংকলন ‘মোৰো এটা সপোন আছিল’(১৯৯৬)ৰ বাবে মুনীন বৰকটকী বঁটা লাভ।
  2. ২০০১ চনত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিনিয়ৰ ফেল’শ্বিপ লাভ।
  3. ২০১৫-১৬ বৰ্ষৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ বঁটা লাভ।
  4. ২০২০ চনত পৰাগ দাস সোঁৱৰণী সাংবাদিকতা বঁটা প্ৰদান।


তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.muninbarkotoki.org/assamese/trust/awrdlist.html
  2. বুদ্ধই হাঁহিছে, প্ৰকাশ-২০১৩ বেটুপাতৰপৰা সংগ্ৰহীত