মেক্সৱেলৰ দৈত্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
মেক্সৱেলৰ দৈত্য থট্ এক্সপেৰিমেণ্টৰ প্ৰণালীবদ্ধ চিত্ৰ

মেক্সৱেলৰ দৈত্য (ইংৰাজী: Maxwell’s demon) হৈছে এটা থট্ এক্সপেৰিমেণ্ট যিয়ে কল্পিতভাৱে তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰটো উলংঘা কৰে। ১৮৬৭ চনত পদাৰ্থবিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলে ইয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল।[1]

থট্ এক্সপেৰিমেণ্টটোত এটা দৈত্যই দুটা গেছৰ খোঁটালিৰ মাজত থকা ভৰশূণ্য দুৱাৰ এখন নিয়ন্ত্ৰণ কৰে। যেতিয়াই স্বতন্ত্ৰ গেছৰ অণুবিলাক (বা পৰমাণু) দুৱাৰখনৰ ওচৰ চাপে, দৈত্যটোৱে দুৱাৰখন খুলিয়েই তৎক্ষণাত আকৌ বন্ধ কৰি দিয়ে। মেক্সৱেলৰ দৈত্যটোৱে তীব্ৰ গতিত চলাচল কৰি থকা কোনো অণু দুৱাৰখনৰ ওচৰ চাপিলেই দুৱাৰখন খুলি দিয়ে যাতে সেই অণুটো কাষৰ খোঁটালিটোত প্ৰৱেশ কৰিব পাৰে, ঠিক তেনেদৰে লেহেমীয়া গতিত চলাচল কৰি থকা কোনো অণু দুৱাৰখনৰ ওচৰ চাপিলে আকৌ দুৱাৰখন খুলি দিয়ে যাতে অণুটো আনটো খোঁটালিত প্ৰৱেশ কৰিব পাৰে। অণুবিলাকৰ গতি নিৰীক্ষণ কৰি থকা দৈত্যটোৱে দুৱাৰ খোলা আৰু দুৱাৰ বন্ধ কৰা কাৰ্যটো তেতিয়ালৈ কৰি থাকে যেতিয়ালৈ তীব্ৰ গতিত চলাচল কৰি থকা অণুবিলাক এটা খোঁটালিত আৰু লেহেমীয়া গতিত চলাচল কৰি থকা অণুবিলাক আন এটা খোঁটালিত গোট নাখায়। যিহেতু এটা গেছৰ গতি উষ্ণতা ইয়াৰ গঠনকাৰী অণুবিলাকৰ বেগৰ ওপৰত নিৰ্ভৰ কৰে, দৈত্যটোৰ কাৰ্যই এটা খোঁটালি উষ্ম কৰি তোলে আৰু আনটো খোঁটালি শীতল কৰি তোলে। ই কোনোধৰণৰ কাৰ্য সম্পাদন নকৰাকৈ দুটা গেছৰ এণ্ট্ৰ’পি হ্ৰাস কৰিব যাৰ ফলত তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰটো উলংঘা হ’ব।

মেক্সৱেলৰ দৈত্যৰ ধাৰণাটোৱে বিজ্ঞানৰ দৰ্শন আৰু তাত্ত্বিক পদাৰ্থবিজ্ঞানত যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰিছে যি বৰ্তমানলৈ অব্যাহত আছে। ই তাপগতি বিজ্ঞান আৰু তথ্য তত্ত্বৰ মাজৰ সম্পৰ্কৰ ওপৰত নতুন কৰ্মৰ সূচনা কৰিছিল। বেছিভাগ বিজ্ঞানীয়ে তাত্ত্বিক ভিত্তিত যুক্তি দিয়ে যে কোনো ব্যৱহাৰিক সঁজুলিয়ে এইদৰে তাপগতিবিজ্ঞানৰ দ্বিতীয় সূত্ৰটো উলংঘা কৰিব নোৱাৰে। আন গৱেষকসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষাত মেক্সৱেলৰ দৈত্যৰ ৰূপ কাৰ্যকৰী কৰিছে যদিও সেই গোটেইবোৰ থট্ এক্সপেৰিমেণ্টটোৰ পৰা কিছু পৰিমাণে পৃথক আৰু কোনেও তাপগতি বিজ্ঞানৰ দ্বিতীয় সূত্ৰটো উলংঘা কৰা পৰিলক্ষিত হোৱা নাই।

ধাৰণাটোৰ উৎপত্তি আৰু ইতিহাস[সম্পাদনা কৰক]

১৮৬৭ চনৰ ১১ ডিচেম্বৰ তাৰিখে মেক্সৱেলে পীটাৰ টেইটলৈ লিখা এখন চিঠিত প্ৰথমবাৰৰ বাবে থট্ এক্সপেৰিমেণ্টটো প্ৰকাশ পাইছিল। ১৮৭১ চনত জন উইলিয়াম ষ্ট্ৰুটলৈ লিখা আন এখন চিঠিত পুনৰবাৰ এই এক্সপেৰিমেণ্টটো প্ৰকাশিত হয়। ১৮৭২ চনত মেক্সৱেলে তাপগতি বিজ্ঞানৰ ওপৰত লিখা Theory of Heat শীৰ্ষক গ্ৰন্থখনৰ জৰিয়তেহে সৰ্বসাধাৰণ ৰাইজে উক্ত পৰীক্ষাটোৰ বিষয়ে জানিবলৈ পায়।[2]

মেক্সৱেলে তেওঁৰ চিঠি আৰু কিতাপসমূহত খোঁটালি দুটাৰ মাজত দুৱাৰ খোলা কৰ্তাজনক এটা “সীমিত সত্বা” বুলি বৰ্ণনা কৰিছিল। ১৮৭৪ চনত নেচাৰ পত্ৰিকাত মেক্সৱেলৰ ধাৰণাটোৰ বাবে উইলিয়াম থমছনে (লৰ্ড কেলভিন) প্ৰথমবাৰৰ বাবে “দৈত্য” শব্দটো প্ৰয়োগ কৰে আৰু বুজাইছিল যে তেওঁ শব্দটোৰ অশুভ অৰ্থৰ পৰিৱৰ্তে মধ্যস্থতা কৰিব বিচাৰিছিল।[3][4][5]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Cargill Gilston Knott (1911). "Quote from undated letter from Maxwell to Tait". Life and Scientific Work of Peter Guthrie Tait. Cambridge University Press. পৃষ্ঠা. 213–215. https://archive.org/stream/lifescientificwo00knotuoft#page/212/mode/2up. 
  2. Leff & Rex (2002), p. 370.
  3. William Thomson (1874). "Kinetic theory of the dissipation of energy". Nature খণ্ড 9 (232): 441–444. doi:10.1038/009441c0. 
  4. "The sorting demon Of Maxwell". Nature খণ্ড 20 (501): 126. 1879. doi:10.1038/020126a0. 
  5. Alan S. Weber (2000). Nineteenth Century Science: a Selection of Original Texts. Broadview Press. পৃষ্ঠা. 300.