বিজ্ঞানৰ দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

 বিজ্ঞানৰ দৰ্শন দৰ্শনৰ এটি ভাগ যাৰ বিষয় বিজ্ঞানৰ গুৰি, প্ৰণালী আদি। এই ভাগৰ মুখ্য প্ৰশ্নসমূহৰ বিষয় 'কি বিজ্ঞান হয় আৰু কি নহয়', 'বৈজ্ঞানিক প্ৰণালীসমূহৰ নিৰ্ভৰশীলতা', 'বিজ্ঞানৰ শেষ লক্ষ্য' আদি। এই ভাগৰ দৰ্শন আন আন ভাগ যেনে অধিবিদ্যা, তত্ত্ববিদ্যা, জ্ঞানতত্ত্ব আদিৰ সৈতে সম্পৰ্কিত। উদাহৰণ স্বৰূপে বিজ্ঞান আৰু সত্যৰ সম্বন্ধ অধ্যয়ন কৰোঁতে- কেনেকৈ বিজ্ঞানে মিছা প্ৰমাণিত কৰাৰ যোগ্য ভৱিষ্যদ্বানী আগবঢ়াই আৰু বিজ্ঞানৰ এই কাৰ্যই কেনেকৈ বিজ্ঞানক অধিক নিৰ্ভৰশীল কৰি তুলে।

বিজ্ঞানৰ দৰ্শনৰ বহু মুখ্য প্ৰশ্নৰ উত্তৰৰ ক্ষেত্ৰত দাৰ্শনিকসকল একমত নহয়। 'বিজ্ঞানে অনিৰীক্ষণীয় বিষয়ৰ সত্য অনাবৃত কৰিব পাৰিব নে?', 'বৈজ্ঞানিক যুক্তিৰ ন্যায্যতাই বা প্ৰতিপন্ন কৰিব পৰা যায় নে নাযায়?' আদি প্ৰশ্ন তাৰ অন্তৰ্গত। বিজ্ঞান বিষয়ক তেনে সাধাৰণ প্ৰশ্নসমূহৰ উপৰিও দৰ্শনৰ এই ভাগে বিজ্ঞানৰ কোনো এক ধাৰাতহে (যেনে জীৱবিজ্ঞানভৌতিক বিজ্ঞান আদি) মাথো প্ৰযোজ্য প্ৰশ্নৰো উত্তৰ সন্ধান কৰে। কোনো কোনো দাৰ্শনিকে আকৌ আধুনিক বিজ্ঞানৰ ফলাফলৰ সহায়ত স্বয়ং দৰ্শনৰ বিষয়েই মীমাংসা কৰে।

যদিও বিজ্ঞান বিষয়ক দাৰ্শনিক চিন্তা অন্ততঃ এৰিষ্ট'টলৰ দিনৰপৰাই চলি আহিছে, বিজ্ঞানৰ দৰ্শনৰ এক পৃথক শৃংখলা ৰূপে বিকাশ বিংশ শতিকাৰ মাজ ভাগৰপৰাহে আৰম্ভ হৈছে। এনে হৈছিল যৌক্তিক দৃষ্টবাদৰ প্ৰাক্কালত। যৌক্তিক দৃষ্টিবাদৰ লক্ষ্য প্ৰতিটো দাৰ্শনিক বিবৃতিৰ অৰ্থপূৰ্ণতাৰ মাপ-কাঠি নিৰ্ণয় কৰা আৰু বস্তুবাদী ৰূপে সেই বিবৃতিসমূহক পৰিমাপ কৰা। থমাচ কুহ্নৰ ঐতিহাসিক গ্ৰন্থ 'দ্য ষ্ট্ৰাক্সাৰ অৱ চাইণ্টিফিক ৰিভ'লিউচন্সে' (১৯৬২) বৈজ্ঞানিক বিকাশ যে অবিচলিত, আৰু জ্ঞানৰ সঞ্চয়িত অধিগ্ৰহণ নিশ্চিত প্ৰণালীৰ ওপৰত আধাৰিত, সেই ধাৰণাক প্ৰত্যাহ্বান জনালে। তেওঁ তাৰ সলনি তৰ্ক কৰিলে যে যিকোনো বিকাশ এক বিশেষ ঐতিহাসিক সময়ৰ দৃষ্টান্তৰ-- প্ৰশ্ন, ধাৰণা, চৰ্চাৰ-- সৈতে আপেক্ষিক।

পৰৱৰ্তি কালত, ডাব্লিউ ভি কুৱাইন আৰু অন্যান্যৰ বাবে বিজ্ঞানৰ সুসংগত অভিগমন, যে শাস্ত্ৰ  মান্য হয় যদি ই পৰ্যবেক্ষণক এক সুসংগত সমগ্ৰৰ অংশ হিচাপে দেখুৱাব পাৰে-- এই অভিগমন প্ৰধান হৈ পৰিল। ষ্টিফেন জে' গুডৰ দৰে কোনো কোনো চিন্তাবিদে বিজ্ঞানক স্বয়ংসিদ্ধ ধাৰণাৰ সমষ্টিলৈ স্থলিত কৰিব বিচাৰে, যেনে প্ৰকৃতিৰ সামঞ্জস্যপল ফেয়েৰাবেণ্ডকে ধৰি দাৰ্শনিকসকলৰ এক কণ্ঠ্য সংখ্যালঘু দলে তৰ্ক কৰে যে 'বৈজ্ঞানিক প্ৰণালী'ৰ দৰে প্ৰকৃততে কোনো বস্তুৱেই নাই, সেয়ে বিজ্ঞানৰ সকলো অভিগমনক মান্যতা প্ৰদান কৰিব লাগে, অলৌকিকসমূহকো। বিজ্ঞানৰ বিষয়ে চিন্তা কৰাৰ আন এক অভিগমন হ'ল সমাজবৈজ্ঞানিক দৃষ্টিকোণৰপৰা জ্ঞান কেনেকৈ সৃষ্টি হয় তাক অধ্যয়ন কৰা। এনে অভিগমনক ডেভিড ব্লুৰ, বেৰী বাৰ্ণছৰ দৰে দাৰ্শনিকে সমৰ্থন কৰে। শেষত, ১৯-২০ শতিকাৰ ইউৰোপীয় দৰ্শনে বিজ্ঞানক মানৱ অভিজ্ঞতাৰ কঠোৰ বিশ্লেষণ হিচাপে চায়।

বিজ্ঞানৰ বিশেষ ভাগ সম্বন্ধীয় দাৰ্শনিক প্ৰশ্নসমূহ আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰপৰা উদিত সময়ৰ প্ৰকৃতি বিষয়ক, ৰাজহুৱা নীতিত অৰ্থনীতিৰ প্ৰভাৱ আদি। এক মুখ্য বিষয় হ'ল, কোনো এক বৈজ্ঞানিক শৃংখলাক আন এক শৃংখলালৈ অনুবাদ কৰিব পৰা যায় নে নাযায়। যেনে, ৰসায়ন বিজ্ঞানক ভৌতিক বিজ্ঞানলৈ অনুবাদ কৰিব পাৰি নে? সমাজ বিজ্ঞানক ব্যক্তিগত মনোবিজ্ঞানৰ স্তৰলৈ অনুবাদ কৰিব পাৰি নে?  বিজ্ঞানৰ দৰ্শনৰ সাধাৰণ প্ৰশ্নসমূহৰো বিজ্ঞানৰ কোনো এক ধাৰাত বিশেষ গুৰুত্ব থাকিব পাৰে। যেনে বৈজ্ঞানিক যুক্তিৰ বৈধতাৰ পৰিসংখ্যানবিদ্যাৰ প্ৰতিষ্ঠাপনত বিশেষ গুৰুত্ব আছে। কি বিজ্ঞান হয় আৰু কি বিজ্ঞান নহয় সেই কথা চিকিৎসাৰ দৰ্শনত জীৱন-মৰণৰ প্ৰশ্ন। তদুপৰি, জীৱবিজ্ঞান, মনোবিজ্ঞান, সমাজ বিজ্ঞান ইত্যাদিৰ দৰ্শনসমূহে মানৱ প্ৰকৃতিৰ বৈজ্ঞানিক অধ্যয়নে বস্তুবাদী ৰূপ লাভ কৰিব পাৰিব নে মূল্যবোধ আৰু সামাজিক সম্বন্ধৰে প্ৰভাৱিত হৈ থাকিবই, তেনে বিষয়ো অধ্যয়ন কৰে।

সূচী

পৰিচয়[সম্পাদনা কৰক]

বিজ্ঞানৰ সংজ্ঞা নিৰ্ণয়[সম্পাদনা কৰক]

কাৰ্ল পপাৰ ১৯৮০ৰ দশকত

বিজ্ঞান আৰু অ-বিজ্ঞানৰ মাজত পাৰ্থক্য কৰাক সীমা সমস্যা বোলা হয়। যেনে, মনোবিশ্লেষণ বিজ্ঞান হয় নে? তথা কথিত সৃষ্টিৰ বিজ্ঞান, স্ফীতিজনিত মাল্টিভাৰ্ছ পৰিকল্পনা বা সামষ্টিক অৰ্থনীতিৰ বিষয়ে কি ক'ব পাৰি? কাৰ্ল পপাৰৰ মতে এই প্ৰশ্নই বিজ্ঞানৰ দৰ্শনৰ মূল প্ৰশ্ন।[1] পিচে, এই প্ৰশ্নৰ কোনো সৰ্বজনবিদিত সমাধান বিচাৰি পোৱা হোৱা নাই। কোনো কোনোৱে এই সমস্যাৰ সমাধান নাই অথবা এই প্ৰশ্ন ৰুচিহীন বুলি গণ্য কৰে।[2][3] মাৰ্টিন গাৰ্ডনাৰে অপ-বিজ্ঞান চিনাক্ত কৰিবলৈ পটাৰ ষ্টীৱাৰ্ট মানক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে-- "মই ইয়াক জানো কাৰণ মই ইয়াক দেখো"।

যৌক্তিক দৃষ্টবাদীসকলে প্ৰথমে বিজ্ঞানক পৰ্যবেক্ষণলৈ স্থলিত কৰিছিল, তাৰ বিপৰীতে অ-বিজ্ঞান পৰ্যবেক্ষণহীন আৰু সেইবাবে অৰ্থহীন।[4] পপাৰে তৰ্ক কৰিছিল যে বিজ্ঞানৰ কেন্দ্ৰীয় গুণ হ'ল মিথ্যায়ন। অৰ্থাৎ, প্ৰতি বাস্তৱিক বৈজ্ঞানিক দাবীকে, অন্ততঃ সিদ্ধান্তত হ'লেও, অসত্য প্ৰমাণ কৰিব পৰা যাব।

অধ্যয়ন বা ভাৱনা-চিন্তাৰ কোনো ক্ষেত্ৰ, যি ক্ষেত্ৰই অন্যথা লাভ কৰিব নোৱাৰা বৈধতাৰ দাবী কৰাৰ প্ৰচেষ্টাত বিজ্ঞানৰ ছদ্মবেশ ধাৰণ কৰে, সেই অধ্যয়ন বা ভাৱনা চিন্তাক অপ-বিজ্ঞান, পাৰ (ফ্ৰিঞ্জ--fringe)) বিজ্ঞান বা আবৰ্জনা বিজ্ঞান বোলা হয়।[5] ভৌতিক বিজ্ঞানী ৰিচাৰ্ড ফেইনমেনে এনে ঘটনাসমূহৰ বাবে, যি ঘটনাসমূহত গবেষণাকাৰীয়ে তেওঁলোকৰ কাৰ্য বিজ্ঞান বুলি ভাবে কিন্তু প্ৰকৃততে বাহিৰাকৈ বৈজ্ঞানিক আৱৰণ থাকিলেও কাৰ্যসমূহত কাঠিন্যৰে মূল্যায়ন কৰাৰ যোগ্য "চৰম সততা" নাথাকে, মাল-পন্থ বিজ্ঞান (কাৰ্গ'-কাল্ট চাইঞ্চ--cargo-cult science) সংজ্ঞা ব্যৱহাৰ কৰিছিল।

বৈজ্ঞানিক ব্যাখ্যা[সম্পাদনা কৰক]

আন এক প্ৰশ্ন হ'ল "ভাল বৈজ্ঞানিক ব্যাখ্যা কাক বোলা হয়?"। ভৱিষ্যতৰ ঘটনাৰ পূৰ্বানুমান কৰাৰ উপৰিও, সমাজে প্ৰায় বৈজ্ঞানিক সূত্ৰসমূহৰ সহায়ত বৰ্তমানে ঘটি থকা আৰু পূৰ্বতে ঘটিত ঘটনাৰ ব্যাখ্যা দাঙি ধৰে। দাৰ্শনিকসকলে বৈজ্ঞানিক সূত্ৰই কোনো এক ঘটনাক সফলভাৱে ব্যাখ্যা কৰিছে নে নাই আৰু এটি বৈজ্ঞানিক সূত্ৰৰ ব্যাখ্যাৰ শক্তি আছে নে নাই সেই কথা নিৰ্ণয় কৰাৰ মাপ-কাঠি অনুসন্ধান কৰি উলিয়াইছে।

এটি পূৰ্বৰ কালৰে পৰা চলি অহা প্ৰভাৱশালী  বৈজ্ঞানিক ব্যাখ্যাৰ সূত্ৰ হ'ল ন্যায়িক-ন'মলজিকেল মডেল। এই মডেল অনুসৰি এক সফল বৈজ্ঞানিক ব্যাখ্যাই প্ৰশ্নোদ্ধৃত ঘটনাত কোনো এক বৈজ্ঞানিক সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব লাগিব।[6] এই ধাৰণাক বাৰুকৈ সমালোচনা কৰা হৈছে আৰু অনেক অভ্যুদাহৰণ বহুলভাৱে স্বীকৃত।[7] বিশেষকৈ, ব্যাখ্যা চিনাক্ত কৰা অতিকৈ কঠিন হৈ পৰে যেতিয়া ব্যাখ্যা কৰিবলগীয়া বস্তুত কোনো সিদ্ধান্তৰপৰা যুক্তিৰে উপনীত হ'ব পৰা নাযায়। কাৰণ এয়া কেৱল সুযোগৰ বস্তু, বা ইয়াক যি জনা যায় তাৰে সঠিকভাৱে পূৰ্বানুমান কৰিব পৰা নাযায়। ৱেস্লী চেল্মনৰ মতে এক ভাল বৈজ্ঞানিক ব্যাখ্যা পৰিসংখ্যাংনভাৱে ব্যাখ্যা কৰিবলগীয়া ফলাফলৰ সৈতে প্ৰাসংগিক হ'ব লাগিব।[8][9] আন আনৰ মতে ভাল বৈজ্ঞানিক ব্যাখ্যাৰ চাবি হ'ল ভিন ভিন ঘটনাক একেই ব্যাখ্যাৰে বুজোৱা।

বিজ্ঞানৰ বৈধতা প্ৰতিপন্ন কৰা[সম্পাদনা কৰক]

কুকুৰাবোৰে মালিকৰ বিষয়ে ৰাখিব পৰা ধাৰণাসমূহে "অধিষ্ঠাপনৰ সমস্যা"ৰ উদাহৰণ দাঙি ধৰে

যদিও এই কথাক বিনা প্ৰমাণে শুদ্ধ বুলি প্ৰায় ধৰি লোৱা হয়, এই কথা একেবাৰেই স্পষ্ট নহয় যে কেইবাৰমান পৰীক্ষা শুদ্ধ হ'লে বা কেইটামান উদাহৰণ চাই কোনো সূত্ৰক কেনেকৈ বৈধ বুলি ধৰিব পাৰি।[10] উদাহৰণ স্বৰূপে, এটি কুকুৰাই পৰ্যবেক্ষণ কৰে যে প্ৰতি ৰাতিপুৱা মালিক আহে আৰু খাদ্য প্ৰদান কৰে। তেনে শ-শ দিনৰপৰা চলি আহিছে। সেয়ে, কুকুৰাটোৱে প্ৰস্তাৱনামূলক যুক্তিৰে এই সিদ্ধান্তত উপনীত হ'ব পাৰে যে মালিকে সকলো ৰাতিপুৱাই খাদ্য প্ৰদান কৰিব। পিচে, এবাৰ ৰাতিপুৱা, মালিক আহিল আৰু কুকুৰাটোক খাদ্য প্ৰদান কৰাৰ পৰিৱৰ্তে হত্যা কৰিলে। বৈজ্ঞানিক যুক্তি কুকুৰাটোৰ যুক্তিতকৈ কেনেকৈ অধিক নিৰ্ভৰশীল?

এক অভিগমন হ'ল এই কথা লক্ষ্য কৰা যে অধিষ্ঠাপনাই নিশ্চয়তা প্ৰদান কৰিব নোৱাৰে, কিন্তু এটি সাধাৰণ বিবৃতিৰ উদাহৰণ বাৰে বাৰে পৰ্যবেক্ষণ কৰিলে অন্ততঃ বিবৃতিটো অধিক সাম্ভাব্য হ'ব। সেয়ে, প্ৰতি ৰাতিপুৱাৰ অভিজ্ঞতাৰপৰা কুকুৰাটোৱে ধাৰণা কৰিব পাৰে যে এই কথা অধিক সাম্ভাব্য যে পৰৱৰ্তী ৰাতিপুৱা মালিকে খাদ্য প্ৰদান কৰিব, যদিও এই কথা নিশ্চিত নহয়। পিচে, প্ৰতি প্ৰৰ্যবেক্ষণে সাধাৰণ বিবৃতিত কি যথাযথ সম্ভাৱনীয়তা ন্যায্য কৰে, সেই বিষয়ে অনেক কঠিন প্ৰশ্ন থাকি যায়। এই কঠিনতাসমূহৰপৰা আঁতৰাৰ এক উপায় হ'ল এই কথা ঘোষণা কৰা যে বৈজ্ঞানিক সূত্ৰসমূহৰ বিষয়ে থকা বিশ্বাস বিষয়বাদী, বা ব্যক্তিগত, আৰু শুদ্ধ যুক্তি কেৱল কেনেকৈ সাক্ষই এজনৰ বিষয়বাদী বিশ্বাসক প্ৰভাৱিত কৰে, সেই বিষয়েহে।

কোনো কোনোৱে তৰ্ক কৰে যে বিজ্ঞানীসকলে অধিষ্ঠাপনামূলক যুক্তি ব্যৱহাৰেই নকৰে। তাৰ সলনি এব্ডাক্টিভ যুক্তিৰহে (abductive reasoning) প্ৰয়োগ কৰে। এই হিচাপত বিজ্ঞান বিশেষ ঘটনাসমূহৰ সাধাৰণীকৰণ বিষয়ক নহয়, পিচে, পৰ্যবেক্ষণৰ ব্যাখ্যাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰাৰ বিষয়েহে। পূৰ্বতে আলোচনা কৰাৰ দৰে, এই কথা সদাই স্পষ্ট নহয় যে কোনটো ব্যাখ্যা "উৎকৃষ্টতম্"। অকহামৰ ৰেজৰে সবাটোকৈ সৰল ব্যাখ্যাক চয়ন কৰাৰ পৰামৰ্শ প্ৰদান কৰে। সেয়ে এই অভিগমনৰ কোনো কোনো সংস্কৰণত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কুকুৰাৰ উদাহৰণলৈ পুনৰ চালে, কোনটো পৰিকল্পনা অধিক সৰল-- মালিকে তাক ভাল পায় আৰু খাদ্য প্ৰদান কৰি যাব, নে মালকে তাক ভক্ষণ কৰাৰ পূৰ্বে ভালকৈ খোৱাই-বোৱাই শকত কৰিছে? দাৰ্শনিকসকলে এই অনুসন্ধানমূলক নীতিক অধিক যথাযথ কৰিবলৈ চেষ্টা কৰিছে শাস্ত্ৰীয় মিতব্যয়িতা আদিৰ ক্ষেত্ৰত। তথাপিও, সৰলতাৰ বহু জোখ আগবঢ়ালেও, সাধাৰণতে মানি লোৱা হৈছে যে সূত্ৰ-মুক্ত সৰলতাৰ জোখ নাই। আন শব্দত, সৰলতাৰ জোখ চয়ন কৰাৰ কাৰ্যও সূত্ৰসমূহৰ এটিক চয়ন কৰাৰ দৰেই সমস্যাপূৰ্ণ।

পৰ্যবেক্ষণ আৰু সূত্ৰ অবিচ্ছেদ্য[সম্পাদনা কৰক]

আইনষ্টাইনৰ ক্ৰচ নামেৰে জনাজাত এক মহাজাগতিক বস্তু।

পৰ্যবেক্ষণ কৰোতে, বিজ্ঞানীসকলে টেলিস্ক'পেৰে চাই, বৈদ্যুতিক পৰ্দাত ছবি চাই, মীটাৰ ৰিডিং ৰেকৰ্ড কৰে ইত্যাদি ইত্যাদি। প্ৰাৰম্ভিক স্তৰত, তেওঁলোকে যি দেখিছে তাক মানি ল'ব পাৰে, যেনে, থাৰ্ম'মিটাৰত ৩৭.৯ ডিগ্ৰী চেলচিয়াছ দেখুৱাইছে। পিচে, যদি ভিন ভিন বিজ্ঞানীৰ সূত্ৰৰ বিষয়ে ভিন ভিন ধাৰণা থাকে, যিসূত্ৰক এই প্ৰাৰম্ভিক পৰ্যবেক্ষণসমূহক ব্যাখ্যা কৰিবলৈ তৈয়াৰ কৰা হৈছে, তেন্তে তেওঁলোকে তেওঁলোকে কি পৰ্যবেক্ষণ কৰিছে সেই বিষয়ে ভিন্ন মত পোষণ কৰিব পাৰে। যেনে, এল্বাৰ্ট আইনষ্টাইনৰ সাধাৰণ আপেক্ষিকতাবাদৰ সূত্ৰৰ পূৰ্বে , পৰ্যবেক্ষকসকলে প্ৰদান কৰা ছবিখনত ৫টা বস্তু দেখা পোৱা বুলি মত পোষণ কৰিলেহেতেন। পিচে, সাধাৰণ আপেক্ষিকতাবাদৰ সৈতে পৰিচিত বিজ্ঞানীসকলে ক'ব যে সেয়া প্ৰকৃততে দুটা বস্তুৰ ছবিহে। এটা মাজত, আৰু আনটোৰ চাৰিখন ছবি, চাৰি বেলেগ বেলেগ স্থানত। তাৰ বিপৰীতে, কোনো কোনো বিজ্ঞানীয়ে টেলিস্ক'পটো ভালকৈ কাম কৰা নাই বুলি, কেৱল এটা বস্তুৰ ছবিহে দেখা গৈছে বুলি ক'ব পাৰে। বিজ্ঞানীৰ এই দলে আকৌ আন এক পৃথক সূত্ৰকহে সমৰ্থন জনাইছে। যি পৰ্যবেক্ষণক সূত্ৰৰপৰা বেলেগ কৰিব পৰা নাযায়, তেনে পৰ্যবেক্ষণক সূত্ৰ-ভাৰাক্ৰান্ত বুলিব পাৰি (theory-laden)। 

প্ৰতি পৰ্যবেক্ষণতে ধাৰণা আৰু অনুভূতি থাকে। অৰ্থাৎ, কোনোৱে পৰ্যবেক্ষণ নিষ্ক্ৰিয়কৈ নকৰে, পিচে ওচৰৰ গ্ৰহণশীল তথ্যৰপৰা ঘটনাক পৃথক কৰা কাৰ্যত সক্ৰিয়ভাৱে নিয়োজিত। সেয়ে, পৰ্যবেক্ষণক কোনোৱে সংসাৰে কেনেকৈ কাম কৰে, সেই বিষয়ে যেনেদৰে বুজে, সেই কথাই প্ৰভাৱান্বিত কৰে-- সেই বুজনিয়ে কি অনুভূত হৈছে, মন কৰা হৈছে, বা বিবেচনাৰ যোগ্য বুলি গণ্য কৰা হৈছে, সেই কথা প্ৰভাৱান্বিত কৰে। এই অৰ্থত, এই কথাৰ হকে তৰ্ক কৰিব পৰা যায় যে সকলো পৰ্যবেক্ষণেই সূত্ৰ-ভাৰাক্ৰান্ত।

বিজ্ঞানৰ উদ্দেশ্য[সম্পাদনা কৰক]

বিজ্ঞানে প্ৰকৃত সত্য উজাগৰ কৰাৰ উদ্দেশ্যে কাম কৰিব লাগে, নে এনে প্ৰশ্ন আছে যাৰ উত্তৰ বিজ্ঞনে প্ৰদান কৰিব নোৱাৰে? বৈজ্ঞানিক বাস্তৱবাদীসকলৰ মতে বিজ্ঞানৰ উদ্দেশ্য সত্য উজাগৰ কৰা হোৱা উচিত আৰু মানুহে বৈজ্ঞানিক সূত্ৰসমূহক সত্য, প্ৰায় সত্য বা সাম্ভাব্য সত্য ৰূপে গণ্য কৰিব লাগে। তাৰ বিপৰীতে বৈজ্ঞানিক অ-বাস্তৱবাদীসকলে তৰ্ক কৰে যে বিজ্ঞানৰ উদ্দেশ্য সত্য নহয় (অন্ততঃ সত্যত উপনীত হ'ব নোৱাৰে) আৰু বিশেষকৈ অপৰ্যবেক্ষণীয়সমূহৰ সত্য, যেনে ইলেক্ট্ৰণ বা আন ব্ৰহ্মাণ্ডৰ সত্য বিজ্ঞানে উজাগৰ কৰিব নোৱাৰে।[11]  বাদকসলকে তৰ্ক কৰে যে বৈজ্ঞানিক সূত্ৰসমূহক ব্যৱহাৰযোগ্যতাৰ ওপৰতহে মূল্যাংকন কৰিব লাগে। এই দৃষ্টিত, বৈজ্ঞানিক সূত্ৰ সঁচা নে মিছা সেয়া আলোচনাৰ বিষয় নহয়, কাৰণ বিজ্ঞানক সঠিক পূৰ্বানুমান আৰু প্ৰভাৱশালী প্ৰযুক্তি নিৰ্মাণ কৰিবলৈহে ব্যৱহাৰ কৰা হয়।

বাস্তৱবাদীসকলে প্ৰায় শেহতীয়া সূত্ৰসমূহৰ সফলতাৰ কথা দোহাৰে-- সত্যৰ (বা সত্যৰ ওচৰৰ) সাক্ষ্য ৰূপে।[12][13] অবাস্তৱবাদীসকলে বিজ্ঞানৰ ইতিহাসৰ মিছা প্ৰমাণিত সূত্ৰসমূহ[14][15], জ্ঞানশাস্ত্ৰীয় মডেলসমূহ[16] , মিথ্যা মডেলিং ধাৰণাসমূহৰ সফলতা[17], বা বহুলভাৱে ব্যৱহৃত বস্তুবাদৰ উত্তৰাধুনিক সমালোচনাক বৈজ্ঞানিক বাস্তৱবাদবিৰোধী  সাক্ষ্য হিচাপে ব্যৱহাৰ কৰে।[12] অবাস্তৱবাদীসকলে বৈজ্ঞানিক সূত্ৰসমূহৰ সাফল্য সত্যৰ উল্লেখ নকৰাকৈ বুজাবলৈ চেষ্টা কৰে।[18] কোনো কোনো অবাস্তৱবাদীয়ে দাবী কৰে যে বৈজ্ঞানিক সূত্ৰসমূহে কেৱল পৰ্যবেক্ষণীয় বস্তুৰ বিষয়ে সঠিক হোৱাৰহে লক্ষ্য কৰে আৰু তৰ্ক কৰে যে সেই সূত্ৰসমূহৰ সাফল্য কেৱল সেই চৰ্তেৰেহে মূল্যাংকন কৰা হয়।

মূল্যবোধ আৰু বিজ্ঞান[সম্পাদনা কৰক]

মূল্যবোধ আৰু বিজ্ঞান ভিন্ন ধৰণেৰে পৰস্পৰৰ সৈতে জড়িত। জ্ঞানশাস্ত্ৰীয় মূল্যবোধে বিজ্ঞানক প্ৰধানতঃ মাৰ্গদৰ্শন কৰে। বৈজ্ঞানিক অভ্যাস ব্যক্তিগত অভ্যাসকাৰীৰ দ্বাৰা বিশেষ সংস্কৃতি তথা মূল্যবোধত খচিত হৈছে। মূল্যবোধ বিজ্ঞানৰপৰা সৃষ্ট হয় আৰু সমাজৰ বিভিন্ন সংস্কৃতিত বিতৰিত হৈ থাকিব পাৰে।

যদি এয়া অস্পষ্ট যে কি বিজ্ঞান হয়, সূত্ৰসমূহৰ কাৰ্যক্ষমতা কেনেকৈ নিশ্চিত কৰিব পাৰি, আৰু বিজ্ঞানৰ উদ্দেশ্য বা কি, তেন্তে মূল্যবোধ আৰু আন আন সামাজিক প্ৰভাৱে বিজ্ঞানৰ আকাৰ নিৰ্ণয় কৰাৰ গণ্যমান্য সুযোগ আছে। নিশ্চয়, মূল্যবোধে ভূমিকা পালন কৰিব পাৰে, কোনটো গৱেষণাই অধিক পুঁজি লাভ কৰিছে, কোনবোৰ সূত্ৰই বিজ্ঞান জগতত অধিক আদৰ বা স্বীকৃতি লাভ কৰিছে আদি বিষয়ত।[19] উদাহৰণ স্বৰূপে ১৯ শতিকাত বৰ্ণবাদী চিন্তাধাৰাই ক্ৰমবিকাশৰ অধ্যয়নত সহায় কৰিলে আৰু সামাজিক শ্ৰেণীৰ মূল্যবোধে কপাল-বিদ্যা বিষয়ক তৰ্কত অৰিহনা যোগালে (সেই সময়ত কপাল-বিদ্যাক বিজ্ঞান বুলি গণ্য কৰা হৈছিল)।[20] বিজ্ঞানৰ নাৰীবাদী দাৰ্শনিকসকল, বিজ্ঞানৰ সমাজবিজ্ঞানীসকল আৰু আন আন লোকে বিজ্ঞানৰ ওপৰত সামাজিক মূল্যাবোধৰ প্ৰভাৱ অধ্যয়ন কৰে।

ইতিহাস[সম্পাদনা কৰক]

প্ৰাক-আধুনিক[সম্পাদনা কৰক]

বিজ্ঞানৰ দৰ্শনৰ গুৰি প্লেট' আৰু এৰিষ্ট'টল।[21] তেওঁলোকে আনুমানিক আৰু নিশ্চিত যুক্তিৰ পাৰ্থক্য, এব্ডাক্টিভ, ন্যায়িক আৰু অধিষ্ঠাপনামূলক অনুমানৰ তিনিতৰপীয়া নীতি, আৰু সাদৃশ্যৰ যুক্তি অধ্যয়ন কৰিছিল। ১১ শতিকাৰ আৰবৰ বহুবিদ্যাজ্ঞ ইব্ন অল-হয়থামে (লেটিন ভাষাত আলহাজেন) নিজৰ আলোকবিজ্ঞান বিষয়ক গৱেষণাত নিয়ন্ত্ৰিত গৱেষণামূলক পৰীক্ষণ আৰু ব্যৱহাৰ্য জ্যামিতি ব্যৱহাৰ কৰিছিল, বিশেষকৈ তেওঁ কৰা পোহৰৰ প্ৰতিফলন আৰু প্ৰতিসৰণেৰে গঠিত ছবিৰ অধ্যয়ন কৰোতে। অল-হয়থামেৰে বাৰুকৈ প্ৰভাৱিত ইংৰাজ চিন্তাবিদ আৰু গৱেষণাকাৰী ৰজাৰ বেকনক (১২১৪-১২৯৪) আধুনিক বৈজ্ঞানিক পদ্ধতিৰ জনক বুলি অনেকে অভিহিত কৰে।[22] তেওঁৰ ধাৰণা যে প্ৰাকৃতিক দৰ্শনত গণিত অপৰিহাৰ্য-- তেওঁৰ সময়ৰপৰা অন্ততঃ ৪০০ বছৰ পাছৰ ধাৰণা বুলি গণ্য কৰা হৈছিল।

আধুনিক[সম্পাদনা কৰক]

লণ্ডনৰ চাউথ স্কুৱেৰৰ গ্ৰেইজ ইনত ফ্ৰেঞ্চিছ বেকনৰ মূৰ্ত্তি।

ফ্ৰেঞ্চিছ বেকন (যি ৰজাৰতকৈ প্ৰায় ৩০০ বছৰ পাছৰ আৰু যাৰ ৰজাৰ বেকনৰ সৈতে কোনো পোণপটীয়া সম্বন্ধ নাই) বৈজ্ঞানিক বিপ্লৱৰ সময়ৰ বিজ্ঞানৰ দৰ্শনৰ প্ৰমুখ ছবি। তেওঁ নিজৰ ১৬২০ চনৰ ন'ভাম অৰ্গেণামত (এৰিষ্ট'টলৰ অৰ্গেণনৰ উদ্ধৃতি) পুৰণি দাৰ্শনিক পদ্ধতি অনুমানবাক্যক উন্নত কৰিবলৈ যুক্তিৰ এক নতুন প্ৰণালী লিখিছিল। বেকনৰ পদ্ধতিয়ে বিকল্প সূত্ৰ আঁতৰাবলৈ পৰীক্ষামূলক ইতিহাস ব্যৱহাৰ কৰিছিল।[23] ১৬৩৭ত ৰেণে ডেকাৰ্টে বৈজ্ঞানিক জ্ঞানক স্থলিত কৰি এক নতুন তন্ত্ৰ তৈয়াৰ কৰিলে, নিজৰ ডিস্ক'ৰ্চ অন মেথডত। তেওঁ ইন্দ্ৰীয়সমূহৰ অভিজ্ঞতাৰ বিপৰীতে যুক্তিৰ কেন্দ্ৰীয় ভূমিকাৰ হৈ তৰ্ক কৰিছিল। তাৰ বিপৰীতে, ১৭১৩ৰ আইজাক নিউটনৰ ফিলচফিয়ে' নেচুৰেলিচ প্ৰিঞ্চিপিয়া মেথেমেটিকাৰ দ্বিতীয় সংস্কৰণে তৰ্ক কৰিছিল যে "... প্ৰমেয়ৰ ... পৰীক্ষামূলক দৰ্শনত কোনো স্থান নাই। এই দৰ্শনত [,] প্ৰস্তাৱসমূহক ঘটনাৰ পৰা অনুমান কৰা হয় আৰু অধিষ্ঠানপনেৰে সাধাৰণীকৰণ কৰা হয়।"[24] এই উত্তৰণে "দাৰ্শনিকভাৱে-অনুৰক্ত পাঠকৰ এক পাছৰ পীড়িক প্ৰাকৃতিক দৰ্শনত কাৰণ পৰিকল্পনাৰ নিষেধাজ্ঞা উচ্চাৰণ কৰিবলৈ" প্ৰভাৱিত কৰিলে।[24] বিশেষকৈ, ১৮ শতিকাত ডেভিড হ্যুমে বিখ্যাতভাৱে সংশয়বাদক স্পষ্ট কৰিলে, বিজ্ঞানৰ সাময়িকতা নিৰ্ধাৰিত কৰাৰ সামৰ্থ্যৰ বিষয়ে আৰু অভিষ্ঠাপনৰ সমস্যাক এক নিশ্চিত সূত্ৰীকৰণ প্ৰদান কৰিলে। জন ষ্টুৱাৰ্ট মিলৰ ১৯ শতিকাৰ লেখসমূহক বৈজ্ঞানিক প্ৰণালীৰ বৰ্তমানৰ ধাৰণাৰ গঠন আৰু বৈজ্ঞানিক ব্যাখ্যাৰ পাছৰ হিচাপ-কিতাপ আশংকা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।

যৌক্তিক দৃষ্টবাদ[সম্পাদনা কৰক]

বাদ্যবাদ ২০ শতিকাৰ ভৌতিক বিজ্ঞানীসমূহৰ মাজত জনপ্ৰিয় হৈ পৰিছিল। তাৰ পাছতেই যৌক্তিক দৃষ্টবাদে কেইবা দশকলৈকে মৈদানখন সংজ্ঞায়িত কৰিলে। যৌক্তিক দৃষ্টবাদে কেৱল পৰীক্ষণযোগ্য বিবৃতিসমূহকহে অৰ্থপূৰ্ণ বুলি গণ্য কৰে, আধিবিদ্যক ব্যাখ্যাসমূহক নাকচ কৰে, আৰু প্ৰতিপাদনবাদক সমৰ্থন কৰে (প্ৰতিপাদনবাদে যুক্তিবাদ, পৰীক্ষণবাদ, আৰু ভাষাবিদ্যাক এক কৰে দৰ্শনক পৰীক্ষণ সম্বন্ধীয় বিজ্ঞানসমূহৰপৰা লাভ কৰা ফলাফলৰ সৈতে সুসংগত কৰিবলৈ)। সমগ্ৰ দৰ্শনক বৈজ্ঞানিক দৰ্শনলৈ পৰিবৰ্তিত কৰিবলৈ বাৰ্লিন চাৰ্কাল আৰু ভিয়েনা চাৰ্কালে ১৯২০ৰ দশকত যৌক্তিক দৃষ্টবাদ প্ৰস্তাৱিত কৰিছিল।

লুডৱিগ ৱিটজেনষ্টাইনৰ পূৰ্বৰ ভাষাৰ দৰ্শনক ব্যাখ্যা কৰি যৌক্তিক দৃষ্টবাদীসকলে এক নিৰীক্ষণযোগ্যাতাৰ নীতি আগবঢ়াইছে, জ্ঞানীয় অৰ্থপূৰ্ণতাৰ। তেওঁলোকে ৰুচেলৰ যৌক্তিক পৰমাণুবাদ, আৰ্ণষ্ট মেকৰ ঘটনাবাদ-- মনে কেৱল প্ৰকৃত বা সাম্ভাৱ্য ইন্দ্ৰীয়সম্বন্ধীয় অভিজ্ঞতাহে জানে, যি সকলো বিজ্ঞানৰ সমল, সেয়া ভৌতিক বিজ্ঞানেই হওক বা মনোবিজ্ঞানেই হওক, আৰু পাৰ্চি ব্ৰিড্জমেনৰ পৰিচালনবাদক সমৰ্থন জনায়। অৰ্থাৎ, কেৱল নিৰীক্ষণযোগ্যহে বৈজ্ঞানিক আৰু জ্ঞানীয় অৰ্থপূৰ্ণ, আন হাতে অনিৰীক্ষণীয় অবৈজ্ঞানিক আৰু অৰ্থহীন, অথবা, দাৰ্শনিকসকলে পুনৰ বিবেচনা কৰাৰ যোগ্য নহয়, যি দাৰ্শনিকৰ নতুন কাম নতুন জ্ঞান সৃষ্টি কৰা নহয়, জ্ঞান ব্যৱস্থিত কৰাহে হৈ পৰিল।

যৌক্তিক দৃষ্টবাদক প্ৰায় এক চৰম অৱস্থান হিচাপে দৰ্শোৱা হয়, যাৰ বিশ্বাস যে বিজ্ঞানে কেতিয়াও একো অপৰ্যবেক্ষণীয়ৰ উদ্ধৃতি দিব নালাগে-- আন কি সাময়িকতা, তন্ত্ৰ আৰু বিধিৰ দৰে মূল যেন লগা সংকেতনসমূহৰ বিষয়েও-- পিচে সেয়া অতিশয়োক্তি। তেনে অপৰ্যবেক্ষণীয়সমূহৰ কথাক উপমা হিচাপে-- পোণপটীয়া পৰ্যবেক্ষণ বিমূৰ্তত দৃষ্ট-- বা আটাইতকৈ বেয়াকৈ-- অধিবিদ্যা সম্বন্ধীয় বা ভাবাত্মক হিচাপে অনুমতি প্ৰদান কৰা হ'ব। শাস্ত্ৰীয় নিয়মসমূহক পৰীক্ষণমূলক নিয়মলৈ অনুবাদ কৰা হ'ব, আৰু শাস্ত্ৰীয় পদসমূহে পৰ্যবেক্ষণ সম্বন্ধীয় পদৰ পৰা অৰ্থ লাভ কৰিব সামঞ্জস্যৰ নিয়মেৰে। ভৌতিক বিজ্ঞানত গণিত যুক্তিবাদেৰে প্ৰতীকাত্মক যুক্তিলৈ অনূদিত হ'ব। তৰ্কসংগত পুনৰ্নিৰ্মাণে সাধাৰণ ভাষাক মান্য সমকক্ষলৈ অনুবাদ কৰিব, সকলো এক যৌক্তিক বাক্য বিন্যাসেৰে সংযোজিত আৰু একত্ৰিত। এটি বৈজ্ঞানিক সূত্ৰক নিজৰ প্ৰতিপাদনৰ প্ৰক্ৰিয়াৰে বিবৃত কৰা হ'ব, আৰু এক যৌক্তিক অশ্মই সূত্ৰৰ সত্যতা বা মিথ্যা প্ৰতিপাদন কৰিব।

১৯৩০ৰ দশকৰ শেষৰ ফালে যৌক্তিক দৃষ্টবাদীসকলে জাৰ্মানী আৰু অষ্ট্ৰিয়া ত্যাগ কৰি ব্ৰিটেইন আৰু আমেৰিকাত প্ৰৱেশ কৰিলে। তেতিয়ালৈকে, অনেকে মেকৰ ঘটনাবাদক অট্ট' নিউৰেথৰ ভৌতিকতাবাদেৰে সলাইছিল, আৰু ৰুডল্ফ কাৰ্ণেপে প্ৰতিপাদনক সাধাৰণভাৱে নিশ্চিতকৰণেৰে সলাব বিচাৰিছিল। ১৯৪৫ত দ্বিতীয় বিশ্বযুদ্ধৰ শেষত, যৌক্তিক দৃষ্টবাদৰ প্ৰভাৱ হ্ৰাস পাবলৈ ধৰিল। যৌক্তিক পৰীক্ষণবাদ, প্ৰধানতঃ কাৰ্ল হেম্পেলৰ নেতৃত্বত, আমেৰিকাত, যোনে আবৃত নিয়ম মডেল ব্যাখ্যা কৰিছিল, ব্যাখ্যাৰ যৌক্তিক ৰূপ চিনাক্ত কৰিবলৈ, "কৰণ"ৰ কোনো উদ্ধৃতি প্ৰদান নকৰাকৈ। যৌক্তিক দৃষ্টবাদী আন্দোলন বিশ্লেষণাত্মক দৰ্শনৰ মুখ্য আধাৰ হ'ল।[25] যৌক্তিক দৃষ্টবাদে ১৯৬০ৰ দশলৈকে বিজ্ঞানৰ দৰ্শনকে ধৰি এংল'স্ফেয়াৰ দৰ্শনত দমনীয় ভূমিকা পালন কৰিলে। পিচে এই আন্দোলনে নিজৰ কিছু কেন্দ্ৰীয় সমস্যাকেই সমাধান কৰিব নোৱাৰিলে,[26][27][28] আৰু ইয়াৰ সিদ্ধান্তসমূহ প্ৰায় আক্ৰমণৰ সন্মুখীন হ'বলৈ ধৰিল। যি কি নহওক, ই বিজ্ঞানৰ দৰ্শনক এক পৃথক উপ-শৃংখলা ৰূপে স্থান দিয়াত এক বিশেষ ভূমিকা পালন কৰিলে, কাৰ্ল হেম্পেলৰ মুখ্য নেতৃত্বত।

থমাচ কুহ্ন[সম্পাদনা কৰক]

কুহ্নৰ বাবে টলেমিৰ জ্যোতিৰ্বিদ্যাত এপিচাইকেলৰ যোগ "সাধাৰণ বিজ্ঞান" এক দৃষ্টান্তৰ ভিতৰত, পিচে কপাৰ্ণিচিয়ান বিপ্লৱ দৃষ্টান্তৰৰ স্থানান্তৰণ।

১৯৬২ চনৰ নিজৰ ঐতিহাসিক গ্ৰন্থ দ্য ষ্ট্ৰাক্সাৰ অৱ চাইণ্টিফিক ৰিভ'লিউচন্সত থমাচ কুহ্নে যৌক্তিক দৃষ্টবাদ বিৰোধী প্ৰতিক্ৰিয়াসমূহক কেন্দ্ৰীভূত কৰিলে। তেওঁ তৰ্ক কৰিলে যে পৰ্যবেক্ষণ আৰু মূল্যাংকনৰ প্ৰণালী এক দৃষ্টান্তৰত সংঘটিত হয়। দৃষ্টান্তৰেৰে তেওঁ বুজাইছে নিজৰ দৃষ্টিকোণেৰে কৰা পৰ্যবেক্ষণৰ সৈতে সুসংগত, বিশ্বৰ এক যৌক্তিকভাৱে সুসংগত "ছবি"। দৃষ্টান্তৰে এক বৈজ্ঞানিক শৃংখলাক সংজ্ঞায়িত কৰা প্ৰশ্ন আৰু অভ্যাসৰ সমূহকো সামৰে। তেওঁ "সাধাৰণ বিজ্ঞান"ক পৰ্যবেক্ষণ আৰু "সাঁথৰৰ সমাধান" বুলি চিহ্নিত কৰিছিল যি এক দৃষ্টান্তৰৰ ভিতৰত সংঘটিত হয়, পিচে বৈপ্লৱিক বিজ্ঞান সংঘটিত হয় যেতিয়া এটা দৃষ্টান্তৰে আন এটা দৃষ্টান্তৰৰ স্থান লয়, এক দৃষ্টান্তৰৰ স্থানান্তৰণত।

কুহ্নে এই কথা অস্বীকাৰ কৰিলে যে পৰীক্ষা কৰিবলগীয়া পৰিকল্পনাক সেই সূত্ৰৰ প্ৰভাৱৰপৰা মুক্তকৈ পৰীক্ষা কৰিব পাৰি, যি সূত্ৰৰ ওপৰত ভিত্তি কৰি পৰ্যবেক্ষণ কৰা হৈছে। আৰু তেওঁ লগতে তৰ্ক কৰিলে যে দুই প্ৰতিদ্বন্দ্বী দৃষ্টান্তৰক স্বতন্ত্ৰকৈ মূল্যাংকন কৰিব পৰা নাযায়। এটাতকৈ অধিক যৌক্তিক নিৰ্মাণে এই বিশ্বৰ এক ব্যৱহাৰ্য সমানতা  অংকিত কৰিব পাৰে, কিন্তু পৰস্পৰৰ সৈতে তেনে কৰিবলৈও কোনো সামান্য আধাৰ নাই, সূত্ৰৰ বিৰুদ্ধে সূত্ৰ। কোনো এটায়ো মূল্যাংকনৰ মান প্ৰদান নকৰে, সেয়ে দৃষ্টান্তৰ সলনি হ'লে বৈজ্ঞানিক প্ৰগতি জোখাৰ কোনো স্পষ্ট পথ নাই।

কুহ্নৰ মতে, দৃষ্টান্তৰৰ চয়নক তৰ্কসংগত প্ৰক্ৰিয়াই জীৱিত ৰাখিছিল, কিন্তু সিঁহতৰ দ্বাৰাই ই সম্পূৰ্ণ ৰূপে নিৰ্ণিত নহয়। দুই দৃষ্টান্তৰৰ মাজৰ পৰা চয়নত বিশ্বৰ দুই পৃথক ছবি দাঙি ধৰা হয়, তাৰ মাজৰ পৰা সেই ছবিক চয়ন কৰা হয় যি অধিক অশাজনক যেন লাগে। কুহ্নৰ মতে, কোনো দৃষ্টান্তৰৰ গ্ৰহণ বা বৰ্জন যিমান এক যৌক্তিক প্ৰক্ৰিয়া, সিমানেই এক সামাজিক প্ৰক্ৰিয়াও। পিচে, কুহ্নৰ অৱস্থান, সাপেক্ষবাদী নহয়।[29] কুহ্নৰ মতে দৃষ্টান্তৰ তেতিয়া পৰিৱৰ্তিত হয় যেতিয়া পুৰণি দৃষ্টান্তৰত ভালে সংখ্যক পৰ্যবেক্ষণ সম্বন্ধীয় বিসংগতি দেখা যায় আৰু নতুন দৃষ্টান্তৰে সিঁহতকো বুজাব পাৰে। অৰ্থাৎ, দৃষ্টান্তৰ পৰিবৰ্তন ঘটে পৰ্যবেক্ষণৰ আধাৰত, যদিও সেই পৰ্যবেক্ষণসমূহ পুৰণি দৃষ্টান্তৰৰ আধাৰত কৰা হয়।

বৰ্তমানৰ অভিগমনসমূহ[সম্পাদনা কৰক]

স্বয়ংসিদ্ধ ধাৰণা[সম্পাদনা কৰক]

অনেক চিন্তাবিদে স্বয়ংসিদ্ধ ধাৰণা কিছুমান স্পষ্ট কৰিব বিচাৰে, যাৰ ওপৰত বিজ্ঞান সম্ভৱতঃ আধাৰিত, ই মূলবাদৰ এক ৰূপ। কৰ্মৰত বিজ্ঞানীসকলৰ সাধাৰণতে ই এক অন্তৰ্নিহিত দৰ্শন যে বৈজ্ঞানিক প্ৰণালীক বৈধ ঘোষণা কৰিবলৈ উল্লিখিত কল্পনা বা ধাৰণাসমূহৰ প্ৰয়োজন: ১/ সকলো পৰ্যবেক্ষণকাৰীৰ মাজত এক বস্তুবাদী বাস্তৱতা বিতৰিত; ২/ এই বস্তুবাদী বাস্তৱতাক প্ৰাকৃতিক নিয়ম কিছুমান চালিত কৰে; ৩/ এই নিয়মসমূহক প্ৰণালীবদ্ধ পৰ্যবেক্ষণ আৰু পৰীক্ষণেৰে আৱিষ্কাৰ কৰিব পৰা যায়।[30] সমৰ্থকসকলে দাবী কৰে এই কল্পনাসমূহ যুক্তিসংগত আৰু বিজ্ঞানৰ অভ্যাৰ বাবে প্ৰয়োজনীয়। যেনে, হুঘ গছে তৰ্ক কৰে যে বিজ্ঞানে পূৰ্বতেই ধৰি লয় যে "ভৌতিক জগৎ ব্যৱস্থিত আৰু সুবোধ"।[31] ঠিক তেনেদৰে, জীৱবিজ্ঞানী ষ্টীফেন জে' গুডে উদ্ধৃতি দিছিল  যে ভূগৰ্ভশাস্ত্ৰ অধ্যয়ন কৰাৰ পূৰ্বে বিজ্ঞানীসকলে অনুমান কৰি লয় যে প্ৰকৃতিৰ নিয়মসমূহ সুসংগত।[32] এই দৃষ্টিত, বৈজ্ঞানিক নিয়মসমূহৰ সমানতা এক প্ৰমাণ কৰিব নোৱাৰা স্বীকাৰ্য, যিয়ে বিজ্ঞানক অ-পৰ্যবেক্ষণীয় অতীতলৈ এক্সট্ৰাপ'লেট কৰিবলৈ অনুমতি প্ৰদান কৰে। আন শব্দত, প্ৰাকৃতিক নিয়মসমূহৰ সুসংগতি আছে বুলি ধৰি ল'লেহে অতীতৰ এক অৰ্থপূৰ্ণ অধ্যয়ন সম্ভৱ।

সুসংগতিবাদ[সম্পাদনা কৰক]

১৯০৩ চনত কল্পনানুযায়ী চিত্ৰশিল্পী ডাব্লিউ আৰ লেভেণ্ডাৰে অংকন কৰা জেৰেমিয়াহ কৰক্সে ১৬৩৯ত প্ৰথমবাৰৰ বাবে শুক্ৰৰ পাৰগমন পৰ্যবেক্ষণ কৰাৰ ছবি

স্বয়ংসিদ্ধ ধাৰণাৰ ওপৰত বিজ্ঞান আধাৰিত হোৱাৰ ধাৰণাৰ বিপৰীতে, সুসংগতিবাদে কয় যে বিবৃতিসমূহৰ এক সুসংগত ব্যৱস্থাৰ অংগ হিচাপে বৈধতা প্ৰতিপন্ন কৰা যায়। বা, কোনো বিবৃতিক নিজতেই বৈধ বুলি ক'ব পৰা নাযায়, কেৱল সুসংগত ব্যৱস্থাৰহে বৈধতা প্ৰতিপন্ন কৰিব পৰা যায়।[33] শুক্ৰৰ পাৰগমনৰ পূৰ্বানুমানক আকাশী বস্তুসমূহ আৰু পূৰ্বৰ পৰ্যবেক্ষণৰ আন আন বিশ্বাসসমূহৰ দ্বাৰা বৈধ প্ৰতিপন্ন কৰিব পৰা যায়। পূৰ্বতে বুজোৱাৰ দৰেই, পৰ্যবেক্ষণ এক জ্ঞানীয় কৰ্ম। অৰ্থাৎ, ই পূৰ্বৰে পৰা অস্তিত্বত থকা এক সহায়ক বিশ্বাসৰ সংগ্ৰহৰ ওপৰত নিৰ্ভৰ্শীল। শুক্ৰৰ পাৰগমনৰ পৰ্যবেক্ষণক টেলিস্ক'পৰ পোহৰবিদ্যা বিষয়ক, টেলিস্ক'পৰ যান্ত্ৰিক বিষয় বিষয়ক, আকাশী বস্তুসমূহৰ যান্ত্ৰিক বিদ্যা বিষয়ক বিশ্বাস আদিৰ প্ৰয়োজন হৈছিল। যদি পূৰ্বানুমান ভুল হ'লহেতেন আৰু পাৰগমন লক্ষ্য কৰা নহ'লহেতেন, তেন্তে ই সম্ভৱতঃ প্ৰণালীৰ অভিযোজন ঘটালেহেতেন, কোনো কোনো সহায়ক ধাৰণাৰ সাল-সলনি হ'লহেতেন, পিচে সমগ্ৰ শাস্ত্ৰীয় প্ৰণালীটো বৰ্জন কৰা নহ'লহেতেন।

প্ৰকৃততে, ডুহেম-কুৱাইন গৱেষণামূলক প্ৰবন্ধানুযায়ী, পিয়েৰে ডুহেম আৰু ডাব্লিউ ভি কুৱাইনৰ পাছত, কোনো সূত্ৰক অকলশৰীয়াকৈ পৰীক্ষণ কৰা অসম্ভৱ।[34] পৰীক্ষণযোগ্য পূৰ্বানুমান কৰিবলৈ সহায়ক অনুমান যোগ কৰা অপৰিহাৰ্য। যেনে, নিউটনৰ মধ্যাকৰ্ষণৰ নিয়মক পৰীক্ষা কৰিবলৈ, সূৰ্যৰ স্থান, ভৰ, গ্ৰহসমূহৰ ভৰ আদিৰ কথা জনা বা সিহঁতৰ বিষয়ে ধাৰণা থকা অনিবাৰ্য। এই কথা বিখ্যাত, যে ইউৰেনাছৰ গ্ৰহপথৰ পূৰ্বানুমান কৰাৰ অসমফলতাই নিউটনৰ নিয়মৰ বৰ্জন নঘটালে, পিচে এই পৰিকল্পনাৰহে বৰ্জন ঘটালে যে সৌৰজগতত কেৱল সাতটা গ্ৰহ আছে। তাৰ পাছত হোৱা অনুসন্ধানসমূহে এক অষ্টম গ্ৰহৰ আৱিষ্কাৰৰ পথ মেলিলে-- নেপচ্যুন। যদি কোনো পৰীক্ষণ অসফল হৈছে, তেন্তে  কিবা এটা ভুল আছে। পিচে, কি ভুল, সেয়া জনা অতিকৈ কঠিন: এটি অচীন গ্ৰহ, বেয়াকৈ অংশ-শোধিত পৰীক্ষণৰ সৰঞ্জাম, নে অন্তৰিক্ষৰ অপূৰ্বকল্পিত বক্ৰতা, নে আন কিবা?

ডুহেম-কুৱাইন গৱেষণামূলক প্ৰবন্ধৰ এটি ফল হ'ল যে কোনোৱে যিকোনো সূত্ৰক যিকোনো পৰীক্ষামূলক পৰ্যবেক্ষণেৰে সংগত কৰিব পাৰে, যথেষ্ট সংখ্যক তদৰ্থ পৰিকল্পনা যোগ কৰি। কাৰ্ল পপাৰে এই গৱেষণামূলক প্ৰবন্ধক স্বীকৃতি প্ৰদান কৰিলে। তেওঁ নিষ্কপট মিথ্যায়নক বৰ্জন কৰিলে। তাৰ সলনি, তেওঁ "যোগ্যতমৰ উত্তৰজীৱিতা"ৰ দৃষ্টিক সমৰ্থন জনালে। এই দৃষ্টিত আটাইতকৈ অধিক মিথ্যায়িত কৰিব পৰা বৈজ্ঞানিক সূত্ৰকেই পচন্দ কৰা হয়।

সকলো চলে[সম্পাদনা কৰক]

পল কাৰ্ল ফেয়েৰাবেণ্ড

অষ্ট্ৰিয়াৰ বিজ্ঞানৰ দাৰ্শনিক পল ফেয়েৰাবেণ্ডে (১৯২৪-১৯৯৪) তৰ্ক কৰিছিল যে বৈজ্ঞানিক প্ৰণালীৰ কোনো এনে বিৱৰণ নাই যিয়ে বিজ্ঞানীসকলে ব্যৱহাৰ কৰা সকলো অভিগমন আৰু প্ৰণালী সামৰি ল'ব পৰাকৈ বাহুল্য ৰাখে। তেওঁ দাবী কৰিলে যে বিজ্ঞানৰ বিকাশক শাসন কৰা এনে কোনো ব্যৱহাৰ্য প্ৰণালীসম্বন্ধীয় নিয়ম নাই যাৰ কোনো ব্যতিক্ৰম নাই। ফেয়েৰবেণ্ডৰ মতে, কোনো পৰিপ্ৰেক্ষিত প্ৰণালীয়ে বিজ্ঞানৰ বিকাশক কণ্ঠৰোধ আৰু বাধিত কৰিব। তেওঁ দাবী কৰিছিল যে "এনে একমাত্ৰ নীতি যিয়ে বিকাশক বাধিত নকৰে হ'ল: "সকলো চলে""

ফেয়েৰাবেণ্ডৰ মতে বিজ্ঞান আৰম্ভ হৈছিল এক মুক্তকাৰী আন্দোলনৰ ৰূপত, পিচে সময়ৰ সৈতে, ই বৰ্দ্ধিতভাৱে উদ্ধত আৰু কঠোৰ হৈ পৰিছে। সেয়ে ই এক ভাৱাদৰ্শলৈ পৰিণত হ'বলৈ ধৰিছে। বিজ্ঞানে দমনমূলক বৈশিষ্ট্য আহৰণ কৰিবলৈ লৈছে। তেওঁ তৰ্ক কৰিলে যে বিজ্ঞান আৰু ধৰ্ম, জাদু,  বা মিথকবিদ্যাৰ মাজত ভেদ কৰাৰ স্পষ্ট পথ উলিওৱা অসম্ভৱ। তেওঁ বিজ্ঞানৰ অনন্য দমনক সমাজক সত্তাবাদী আৰু অস্থলিতভাৱে আগুৱাই লৈ যোৱাৰ এক সাধন হিচাপে চাইছিল।[35] এই জ্ঞানতাত্ত্বিক নৈৰাজ্যবাদৰ প্ৰচাৰে তেওঁৰ আলোচকসমূহক তেওঁক "বিজ্ঞানৰ নিকৃষ্টতম্ শত্ৰু" উপাধি দিয়াত সহায় কৰিলে।

বৈজ্ঞানিক জ্ঞানৰ সমাজ-শাস্ত্ৰ[সম্পাদনা কৰক]

কুহ্নৰ মতে বিজ্ঞান এক অত্যন্ত সাম্প্ৰদায়িক কাৰ্য যাক কেৱল সম্প্ৰদায়ৰ অংগ হিচাপেহে কৰিব পৰা যায়।[36] তেওঁৰ বাবে, বিজ্ঞান আৰু আন ছাত্ৰ-শৃংখলাৰ মাজৰ পাৰ্থক্য হ'ল কেৱল সম্প্ৰদায়টোৱে কাৰ্য সম্পন্ন কৰাৰ ধৰণ। অন্যান্যই, বিশেষকৈ ফেয়েৰাবেণ্ড আৰু আন কোনো কোনো উত্তৰাধুনিকতাবাদী চিন্তাবিদে তৰ্ক কৰিছে যে এই পাৰ্থক্য ৰক্ষা কৰিবলৈ বিজ্ঞানৰ সামাজিক কৰ্মসমূহ আৰু আন শৃংখলাৰ মাজত পাৰ্থক্যৰ অভাৱ। তেওঁলোকৰ মতে, সামাজিক কাৰকসমূহৰ বৈজ্ঞানিক প্ৰণালীত এক গুৰুত্বপূৰ্ণ আৰু পোণপটীয়া ভূমিকা আছে। পিচে সিহঁতে বিজ্ঞান আৰু আন শৃংখলাৰ মাজত কোনো পাৰ্থক্যৰ সৃষ্টি নকৰে। এই হিচাপে, বিজ্ঞানক সামাজিকভাৱে নিৰ্মাণ কৰা হয়, যদিও ই অধিক চৰম ধাৰণা যে বাস্তৱতা স্বয়ং এক সামাজিক নিৰ্মাণ নুবুজাই। 

পিচে, কুৱাইনৰ দৰে কোনো কোনোৱে বিশ্বাস কৰে যে বাস্তৱতা এক সামাজিক নিৰ্মাণ:

ভৌতিক বস্তুসমূহ ধাৰণাত্মকভাৱে পৰিস্থিতিটোলৈ অনা হয় সুবিধাজনক মধ্যস্থকাৰীৰ ৰূপত, অভিজ্ঞতাৰ চৰ্তৰ সংজ্ঞাৰ ৰূপত নহয়, পিচে সাধাৰণভাৱে অলঘুকৰণীয় যথাস্থানত ৰখাৰ ৰূপত, তুল্য, জ্ঞানতাত্ত্বিকভাৱে, হ'মাৰৰ দেৱতাসমূহৰ দৰে ... পিচে মোৰ ভাগত মই, যোগ্যতাৰ ৰূপত ৰখা ভৌতিক বিজ্ঞানীয়ে, ভৌতিক বস্তুসমূহত বিশ্বাস ৰাখো আৰু হ'মাৰৰ দেৱতাসকলত নাৰাখো; আৰু মই তেনেকৈ বিশ্বাস নকৰাক এক বৈজ্ঞানিক ত্ৰুতি গণ্য কৰো।.[37]

এনে ধৰণৰ চিন্তাধাৰাৰ বিৰুদ্ধে যি ৰাজহুৱা প্ৰতিক্ৰিয়া হৈছিল, বিশেষকৈ ১৯৯০ৰ দশকত, তাকেই বিজ্ঞান যুদ্ধ বোলা হয়।[38]

শেহতীয়া দশকসমূহৰ বৃহৎ বিকাশ হৈছে ডেভিড ব্লুৰ, হেৰী কলিন্স, ব্ৰুণ' লাটৌৰ আৰু আন্সেল্ম ষ্ট্ৰছৰ দৰে নৃবেজ্ঞানী আৰু সমাজবিদসকলে বৈজ্ঞানিক সম্প্ৰদায়সমূহৰ গঠন, সংৰচনা, আৰু ক্ৰমবিকাশৰ অধ্যয়ন। জ্ঞানৰ সৃষ্টিত বৈজ্ঞানিক সম্পৰদায়সমূহৰ দক্ষতা বুজিবলৈ অৰ্থনীতিৰ ধাৰণা আৰু প্ৰণালী, যেনে যুক্তিসংগত বিকল্প, সামাজিক বিকল্প বা খেল সূত্ৰ আদিকো ব্যৱহাৰ কৰা হৈছে। এই আন্তঃশৃংখলীয় ক্ষেত্ৰক বিজ্ঞান আৰু প্ৰযুক্তি অধ্যয়ন বোলা হয়।[39] ইয়াত বিজ্ঞানৰ দৰ্শনৰ অভিগমন হ'ল বৈজ্ঞানিক সম্প্ৰদায়সমূহ প্ৰকৃততে কেনেকৈ পৰিচালিত হয় তাৰ বিষয়ে অধ্যয়ন কৰা।

মহাদেশীয় দৰ্শন (১৯-২০ শতিকাৰ ইউৰোপীয়)[সম্পাদনা কৰক]

মহাদেশীয় দাৰ্শনিক পৰম্পৰাৰ দাৰ্শনিকসকলক সাধাৰণতে বিজ্ঞানৰ দৰ্শনৰ দাৰ্শনিক হিচাপে গণ্য কৰা নহয়। পিচে, তেওঁলোকেও বিজ্ঞানৰ বিষয়ে বহু কথা কয়, তাৰে কিছুমানৰ বিশ্লেষণাত্মক পৰম্পৰাত প্ৰত্যাশিত বিষয় থাকে। উদাহৰণ স্বৰূপে, নিয়েটছেই নিজৰ "দ্য জিনিয়ালজী অৱ মৰেল্স"ত গৱেষণামূলক প্ৰবন্ধ আগবঢ়ালে যে বিজ্ঞানত সত্যৰ সন্ধান তপস্বী আদৰ্শৰ এক প্ৰকাৰ।

ফ্ৰাঞ্জ কুগ্লাৰৰ দ্বাৰা অংকিত: হেগেল তেওঁৰ বাৰ্লিনৰ ছাত্ৰসমূহৰ লগত

সাধাৰণতে, মহাদেশীয় দৰ্শনত বিজ্ঞানক এক বিশ্ব-ঐতিহাসিক দৃষ্টিৰে চোৱা হয়। জৰ্জ ৱিল্হেল্ম ফ্ৰাইড্ৰিছ হেগেল তেনে প্ৰথম দাৰ্শনিকসকলৰ অন্যতম যিয়ে এই দৃষ্টিক সমৰ্থন জনাইছিল। কুহ্নতকৈ এক পীড়িতকৈ বা তাতোকৈ অধিক আগৰ পিয়েৰে ডুহেম আৰু গেষ্টন বেকেলাৰ্ডেও এই দৃষ্টিৰে বিজ্ঞানৰ বিষয়ে লিখিছিল। এই অভিগমনসমূহত ঐতিহাসিক আৰু সমাজ-শাস্ত্ৰীয় দিশ আছে, জীৱিত অভিজ্ঞতাক অধিক গুৰুত্ব প্ৰদান কৰা হয়, বিশ্লেষণাত্মক প্ৰম্পৰাৰ বিকাশ-ভিত্তিক বা ইতিহাস বিৰোধী অভিগমনৰ বিপৰীতে (হুচেৰ্লীয়ান "জীৱন-বিশ্ব"ৰ দৰে)। এই দৃষ্টি এডমাণ্ড হুছেৰ্লৰ ফেন'মেনলজী, মেৰলিউ-পণ্টিৰ শেষৰ কৰ্মসমূহ (নেচাৰ: ক'ৰ্চ ন'টছ ফ্ৰম দ্য কলেজ দে ফ্ৰাঞ্চ, ১৯৫৬-৬০) আৰু মাৰ্টিন হেইডেগাৰৰ হাৰ্মেনেউটিক্স।

বিজ্ঞান সম্বন্ধে মহাদেশীয় দৰ্শনত পৰা বৃহত্তম্ প্ৰভাবৰ অন্যতম মাৰ্টিন হেইডেগাৰৰ শাস্ত্ৰীয় মনোভাৱৰ সমালোচনা। ই বৈজ্ঞানিক মনোভাৱকো সামৰে।[40] সেই বাবেই মহাদেশীয় পৰম্পৰা মানৱ জীৱনত আৰু দাৰ্শনিক অনুসন্ধানত বিজ্ঞানৰ গুৰুত্বকলৈ সন্দেহপ্ৰৱণ। অথচ, কেইবাটাও গুৰুত্বপূৰ্ণ কৰ্ম আছে: বিশেষকৈ কুহ্নৰ অগ্ৰত্ব, এলেগজেণ্ড্ৰে কয়ৰে। ফৌকাল্টৰ শক্তি আৰু দুৰ্নীতিৰ অধ্যয়ন, উন্মত্ততাৰ "বিজ্ঞান"ৰ ভিতৰত আৰু অৰ্ডাৰ অৱ থিংচত ঐতিহাসিক আৰু বৈজ্ঞানিক চিন্তাৰ বিশ্লেষণ। বিজ্ঞানৰ মহাদেশীয় দৰ্শনত তেওঁৰ পাছত বিংশ শতিকাৰ শেষৰ ফালে জাৰ্গেন হেবাৰ্মাছ (যেনে, "ট্ৰুথ এণ্ড জাষ্টিফিকেচন", ১৯৯৮), কাৰ্ল ফ্ৰাইড্ৰিখ ভন ৱেইজচেকাৰ ("য়ুনিটি অৱ নেচাৰ", ১৯৮০) আৰু ৱল্ফগেং ষ্টেগম্যুলাৰ ("প্ৰব্লেমে আণ্ড ৰেচুল্টাটে ডেৰ ৱিছেনচ্ছাফ্টথিয়'ৰিয়ে আণ্ড এনেলিটিস্চেন ফিল'চফিয়ে'", ১৯৭৩-১৯৮৬)।

অন্যান্য বিষয়[সম্পাদনা কৰক]

খণ্ডতাবাদ[সম্পাদনা কৰক]

বিশ্লেষণ হ'ল এক পৰ্যবেক্ষণ বা সূত্ৰক ভাঙি সৰলতৰ ধাৰণাৰে বুজাৰ চেষ্টা। এই অভিগমনৰ সৈতে সম্পৰ্কিত বিভিন্ন দাৰ্শনিক অৱস্থিতিক খণ্ডতাবাদ বুলিব পাৰি। তাৰে এক হ'ল এই বিশ্বাস যে অধ্যয়নৰ সকলো ক্ষেত্ৰকে বৈজ্ঞানিকভাৱে ব্যাখ্যা কৰিব পাৰি। সম্ভৱতঃ এক ঐতিহাসিক ঘটনাক সমাজ-শাস্ত্ৰীয় বা মনোবৈজ্ঞানিক সংজ্ঞাৰে বুজাব পৰা যায়, যাক আকৌ মানৱ মনোবৈজ্ঞানিক সংজ্ঞাৰে বুজাব পৰা যায়, যাক আকৌ ৰসায়ন বিজ্ঞান আৰু ভৌতিক বিজ্ঞানেৰে বুজাব পৰা যায়।[41] ডেনিয়েল ডেন্নেটে বৈধ খণ্ডতাবাদক লুভীয়া খণ্ডতাবাদৰ পৰা পৃথক কৰিছিল, যিয়ে প্ৰকৃত জটিলতাসমূহক অস্বীকাৰ কৰে আৰু অতি শীঘ্ৰে সাধাৰণীকৰণ কৰে গৈ।

সামাজিক দায়বদ্ধতা[সম্পাদনা কৰক]

বিজ্ঞানৰ নিৰপেক্ষতাৰ সৈতে জড়িত এক বহল সমস্যা হ'ল বিজ্ঞানে কি  বিষয়, অন্বেষণ কৰিব বিচাৰে, অৰ্থাৎ, পৃথিৱীৰ কি অংশ, আৰু মানুহক বিজ্ঞানে অধ্যয়ন কৰে। ফিলিপ কিটছাৰে নিজৰ "চাইঞ্চ, ট্ৰুথ, এণ্ড ডেম'ক্ৰেচি"ত[42] তৰ্ক কৰিছে যে যি বৈজ্ঞানিক অধ্যয়নে জনসংখ্যাৰ কোনো অংশক কম চোকা, সফল বা ভাৱাত্মকভাৱে পিচ পৰা বুলি দেখুৱাই, সিহঁতে এক ৰাজনৈতিক প্ৰতিক্ৰিয়া পায়, যিয়ে সেই অংশক বিজ্ঞানৰপৰা আঁতৰাই লৈ যায়। সেয়ে, তেনে অধ্যয়নে ভাল বিজ্ঞানৰ বহল ঐক্যমত্যক অৱমাননা কৰে আৰু শেষত নিজকেই অবৈজ্ঞানিক প্ৰতিপন্ন কৰে।

বিশেষ বিজ্ঞানসমূহৰ দৰ্শন[সম্পাদনা কৰক]



দৰ্শন-মুক্ত বিজ্ঞানৰ দৰে কোনো বস্তুৱেই নাই; মাথো এনে বিজ্ঞান আছে যাৰ দাৰ্শনিক টোপোলাক পৰীক্ষা নকৰাকৈ ব'ৰ্ডত লোৱা হয়।[43]
-- ডেনিয়েল ডেনট, ডাৰ্ৱিন্স ডেঞ্জাৰেচ আইডিয়া



বিজ্ঞান সম্বন্ধীয় সাধাৰণ প্ৰশ্নসমূহ অধ্যয়ন কৰাৰ উপৰিয়ো বিজ্ঞানৰ দৰ্শনে বিশেষ বিজ্ঞানৰ বিষয়েও প্ৰশ্ন কৰে। বহু দাৰ্শনিক এনে কৰ্মত নিয়োজিত। তেওঁলোকে বিশেষ বিজ্ঞানসমূহৰ প্ৰতিষ্ঠামূলক প্ৰশ্ন শোধাৰ উপৰিয়ো তেনে বিজ্ঞানৰ উদাহৰণসমূহক বহলতৰ দাৰ্শনিক প্ৰশ্নৰ সমাধানৰ বাবে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। একবিংশ শতিকাত বিশেষ বিজ্ঞান বিষয়ক দাৰ্শনিক অভ্যাসকাৰীৰ সংখ্যা বৃদ্ধি পাইছে।

পৰিসংখ্যানবিদ্যাৰ দৰ্শন[সম্পাদনা কৰক]

অধিষ্ঠাপনৰ সমস্যাক পৰিসংখ্যানবিদ্যাৰ প্ৰতিষ্ঠাত এক পৃথক ৰূপত দেখা যায়।[44] সাধাৰণতে পৰিসংখ্যানবৈজ্ঞানিক পৰিকল্পনা পৰীক্ষণত এই দাবীসমূহক এৰাই চলাই হয় যে সাক্ষ্যই এক পৰিকল্পনাক সমৰ্থন কৰে, নে অধিক সাম্ভাব্য কৰে। তাৰ বিপৰীতে, সাধাৰণতে পৰীক্ষণত এক পি-মূল্য পোৱা যায়, যি সাক্ষ্য তেনে হয় নে নহয় তাৰ সম্ভাৱনীয়তা, এই পূৰ্ব ধাৰণাত, যে পৰিক্ষা কৰা পৰিকল্পনা শুদ্ধ হয়। যদি পি-মূল্য জোখতকৈ কম, পৰিকল্পনাক বৰ্জন কৰা হয়, এই প্ৰক্ৰিয়া মিথ্যায়নৰ সৈতে সাদৃষ্যপূৰ্ণ। তাৰ বিপৰীতে, বায়েচিয়ান অনুমানত, পৰিকল্পনাক সম্ভাৱনীয়তা প্ৰদান কৰা হয়। পৰিসংখ্যানবিদ্যাৰ আন আন চৰ্চাৰ বিষয় সম্ভাৱনীয়তাৰ ব্যাখ্যা, অভাৰ্ফিটিং (overfitting) আৰু অনুবন্ধ আৰু কৰণৰ মাজৰ পাৰ্থক্য।

এটি ত্ৰিভূজ

গণিতৰ দৰ্শন[সম্পাদনা কৰক]

গণিতৰ দৰ্শনৰ বিষয় গণিতৰ দাৰ্শনিক ভিত্তি আৰু সংশ্লেষ আদিৰ বিষয়ে।[45] কেন্দ্ৰীয় প্ৰশ্নকেইটামান হ'ল-- সংখ্যা, ত্ৰিভূজ আৰু আন আন গাণিতিক সত্তাসমূহ মানৱ মনতহে অস্তিত্বত থাকে নে স্বাধীনভৱেও থাকে? গাণিতিক প্ৰস্তাৱসমূহৰ প্ৰকৃতি কি? "১+১=২" হয় নে নহয় বুলি প্ৰশ্ন কৰা কাৰ্য মৌলিকভাৱে এটি পিণ্ড ৰঙা হয় নে নহয় সেই প্ৰশ্ন কৰাতকৈ বেলেগ নে? গণনা উদ্ভাৱন কৰা হৈছিল নে আৱিষ্কাৰ কৰা হৈছিল? তেনে এক প্ৰশ্ন হ'ল যে গণিত শিক্ষাত কেৱল যুক্তিৰ প্ৰয়োজন নে অভিজ্ঞতাৰো প্ৰয়োজন। গাণিতিক উপপাদ্যক প্ৰমাণিত কৰাৰ অৰ্থ কি? কেনেকৈ জানিম যে এটি গাণিতিক প্ৰমাণ শুদ্ধ নে ভুল? গণিতৰ দাৰ্শনিকসকলে গণিত আৰু তৰ্কবিদ্যাৰ সম্বন্ধ, মানৱ সামৰ্থ্য যেনে স্বজ্ঞা আৰু ভৌতিক ব্ৰহ্মাণ্ডকো অধ্যয়ন কৰে।

ভৌতিক বিজ্ঞানৰ দৰ্শন[সম্পাদনা কৰক]

Question dropshade.png ভৌতিক বিজ্ঞানৰ উত্তৰহীন প্ৰশ্ন:
অৱস্থাৰ উপৰিপত্তি, আৰু ৱে'ভ ফাংচন পতনৰ দৰে বিষয় সামৰা বাস্তৱতাৰ ক্বাণ্টাম বিৱৰণে কেনেকৈ আমি বুজা বাস্তৱতাৰ উদয় কৰে?
(ভৌতিক বিজ্ঞানৰ আন নিৰুত্তৰ প্ৰশ্ন)


ভৌতিক বিজ্ঞানৰ দৰ্শনত আধুনিক ভৌতিক বিজ্ঞানত অন্তৰ্নিহিত মৌলিক দাৰ্শনিক প্ৰশ্ন যেনে পদাৰ্থ আৰু ঊৰ্জা আৰু সিহঁতে কেনেকৈ পৰস্পৰক প্ৰভাৱিত কৰে। মুখ্য প্ৰশ্নসমূহৰ বিষয় স্থান আৰু সময়ৰ প্ৰকৃতি, পৰমাণু আৰু পৰমাণুবাদ। লগতে সৃষ্টিতত্ত্বৰ পূৰ্বানুমান, ক্নাণ্টাম বলবিদ্যাৰ ব্যাখ্যা, পৰিসংখ্যানবৈজ্ঞানিক বলবিদ্যাৰ প্ৰতিষ্ঠা, আকস্মিকতা, নিয়তিবাদ আৰু ভৌতিক বৈজ্ঞানিক নিয়মসমূহৰ প্ৰকৃতি।[46] পূৰ্বতে ইয়াৰ বহুতো প্ৰশ্ন অধিবিদ্যাত অধ্যয়ন কৰা হৈছিল (যেনে নিয়তিবাদ, আকস্মিকতা, স্থান আৰু সময় আদি)

ৰসায়ন বিজ্ঞানৰ দৰ্শন[সম্পাদনা কৰক]

ৰসায়ন বিজ্ঞানৰ দৰ্শন হ'ল ৰসায়ন বিজ্ঞানৰ প্ৰণালীবিজ্ঞানৰ আৰু সমলৰ দাৰ্শনিক অধ্যয়ন। ইয়াক দাৰ্শনিক, ৰসায়ন বিজ্ঞানী আৰু দাৰ্শনিক-ৰসায়ন বিজ্ঞানীসকলে অধ্যয়ন কৰে। ইয়াত সাধাৰণ বিজ্ঞানৰ দৰ্শনৰ সমস্যাসমূহৰ ৰসায়ন বিজ্ঞানত প্ৰয়োগ অধ্যয়ন কৰা হয়। যেনে, সকলো ৰসায়নিক প্ৰক্ৰিয়াক ক্বাণ্টাম বলবিদ্যাৰে বুজাব পৰা যায় নে ৰসায়ন বিজ্ঞানক ভৌতিক বিজ্ঞানলৈ অনুবাদ কৰিব পৰা নাযায়? আন এক উদাহৰণ, ৰসায়নিক প্ৰতিক্ৰিয়া পদ্ধতিৰ নিশ্চিতকৰণৰ পদ্ধতিৰ অধ্যয়নেৰে সূত্ৰ নিশ্চিত কৰাৰ প্ৰক্ৰিয়া বিষয়ক দৰ্শন অধ্যয়ন কৰা। প্ৰতিক্ৰিয়া পদ্ধতি নিৰ্ধাৰণ কৰা কঠিন কাৰণ সিহঁতক পোণপটীয়াকৈ পৰ্যবেক্ষণ কৰিব পৰা নাযায়। ৰসায়ন বিজ্ঞানীসকলে বহুতো পৰোক্ষ জোখক সাক্ষ্য হিচাপে ব্যৱহাৰ কৰে কিছু কিছু প্ৰক্ৰিয়াক বাদ দিবলৈ। কিন্তু তেওঁলোক প্ৰায় নিশ্চিত নহয় যে শেষ থকা প্ৰক্ৰিয়াসমূহ শুদ্ধ নে ভুল, কাৰণ আন কেইবাটাও বৈকল্পিক প্ৰক্ৰিয়া মজুত থাকে, যাক তেওঁলোকে সম্ভৱতঃ পৰীক্ষা কৰা নাই বা চিন্তাও কৰা নাই।[47] দাৰ্শনিকসকলে ভৌতিক ধাৰণা নুবুজোৱা ৰসায়নিক ধাৰণা যানে ৰসায়নিক বন্ধনকো বুজাবলৈ চেষ্টা কৰে।

জীৱবিজ্ঞানৰ দৰ্শন[সম্পাদনা কৰক]

জীৱবিজ্ঞানৰ দৰ্শনত জীৱবিজ্ঞান আৰু জৈৱচিকিৎসা বিজ্ঞান সম্বন্ধীয় জ্ঞানতাত্ত্বিক, অধিবিদ্যা সম্বন্ধীয় আৰু নৈতিক সমস্যা অধ্যয়ন কৰা হয়। যদিও পূৰ্বৰেপৰা বিজ্ঞানৰ দাৰ্শনিকসকল আৰু সাধাৰণতে দাৰ্শনিকসকল (যেনে এৰিষ্ট'টল, ডেকাৰ্ট, লেইব্নিজ আৰু কাণ্ট পৰ্যন্ত) জীৱবিজ্ঞানত আগ্ৰহী, জীৱবিজ্ঞানৰ দৰ্শনৰ, দৰ্শনৰ এক পৃথক ক্ষেত্ৰ হিচাপে বিকাশ ১৯৬০ৰ আৰু ১৯৭০ৰ দশককেইটাতহে হৈছিল।[48] বিজ্ঞানৰ দাৰ্শনিকসকল জীৱবিজ্ঞানৰ উপলব্ধিসমূহৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰিল ১৯৩০ৰ দশকৰ আধুনিক সংশ্লেষণৰপৰা ১৯৫৩ত ডিঅক্সিৰাইব'নিউক্লেইক এচিড বা ডি এন এৰ আৱিষ্কাৰলৈকে, জেনেটিক ইঞ্জীনিয়াৰিঙৰ শেহতীয়া সাফল্যসমূহলৈকে। আন আন মূল ধাৰণা যেনে সকলো জীৱন প্ৰক্ৰিয়াক জৈৱৰসায়নিক প্ৰক্ৰিয়ালৈ অনুবাদ আৰু মনোবিজ্ঞানকো যোগ কৰি এক বহলতৰ স্নায়ুবিজ্ঞান আদিও আলোচনাৰ বিষয়। জীৱবিজ্ঞানৰ দৰ্শনৰ বৰ্তমানৰ বিষয়সমূহৰ অন্তৰ্গত ক্ৰমবিকাশৰ সূত্ৰৰ পৰ্তিষ্ঠাপনৰ অনুসন্ধান,[49] হ'ষ্ট জীন'মত নিৰন্তৰ চিম্বায়'ণ্ট হিচাপে ভাইৰাছৰ ভূমিকা। তাৰ ফলস্বৰূপে জেনেটিক সমলৰ ক্ৰমবিকাশক উপযুক্ত জেন'ম সম্পাদকৰ ফল হিচাপে চোৱা হৈছে, পূৰ্বতে নকলৰ ত্ৰুতিৰ ধাৰণাই দমনীয় আছিল

৩য় শতিকাৰ হিপ'ক্ৰেটিক শপতৰ অংশ

চিকিৎসা বিজ্ঞানৰ দৰ্শন[সম্পাদনা কৰক]

চিকিৎসাৰ নীতিশিক্ষা আৰু জৈৱ নীতি শিক্ষাৰ বাদে, চিকিৎসা বিজ্ঞানৰ দৰ্শনত চিকিৎসা বিজ্ঞানৰ জ্ঞানত্ত্ব আৰু তত্ত্ববিদ্যা/অধিবিদ্যা অধ্যয়ন কৰা হয়। এই ভাগৰ জ্ঞানত্ত্বত সাক্ষ্য-ভিত্তিক চিকিৎসা, বিশেষকৈ অনিয়মিতকৰণ[50][51][52] অন্ধকৰণ আৰু প্লেচেব' নিয়ন্ত্ৰণৰ ভূমিকাই আকৰ্ষণীয় ভূমিকা পালন কৰিছে। এই ক্ষেত্ৰসমূহৰ সৈতে জড়িত তত্ত্ববিদ্যাসম্বন্ধীয় বিষয় যেনে কেৰ্টেচিয়ান দ্বৈতবাদ, ৰোগৰ ম'ন'জেনেটিক ধাৰণা[53] আৰু প্লেচেব' আৰু প্লেচেব' এফেক্টৰ বৈচাৰিকীকৰণ।[54][55][56][57] চিকিৎসা বিজ্ঞানৰ অধিবিদ্যাতো বহু জনে ৰুচী প্ৰকাশ কৰে[58], বিশেষকৈ কৰণত। চিকিৎসাৰ দাৰ্শনিকসকল কেৱল চিকিৎসাসম্বন্ধীয় জ্ঞানৰ সৃষ্টিতেই আগ্ৰহী নহয়, তেনে ঘটনাৰ প্ৰকৃতিতো আগ্ৰহী। কৰণ ইমান আকৰ্ষণীয় কাৰণ ইয়াক কাৰণৰ সম্বন্ধ বুজিবলৈ ব্যৱহাৰ কৰা হয়, যেনে, বেমাৰৰ কাৰণ, মানুহ ভাল হোৱাৰ কাৰণ।

মনোবিজ্ঞানৰ দৰ্শন[সম্পাদনা কৰক]

ৱিল্হেল্ম ৱুণ্ড্ট (উপৱিসত) তেওঁৰ সহকৰ্মীসকলৰ সৈতে, নিজৰ প্ৰকাৰৰ প্ৰথম, মনোবৈজ্ঞানিক গৱেষণাগাৰত

মনোবিজ্ঞানৰ দৰ্শনে আধুনিক মনোবিজ্ঞানৰ প্ৰতিষ্ঠাপনাৰ শাস্ত্ৰীয় গুৰি অধ্যয়ন কৰে। তাৰেই কিছু মনোবৈজ্ঞানিক অনুসন্ধানৰ প্ৰক্ৰিয়া সম্বন্ধীয় জ্ঞানতাত্ত্বিক প্ৰশ্ন। উদাহৰণ স্বৰূপে, মনোবিজ্ঞানীসকলে বাহিৰা জগতলৈ দিয়া প্ৰতিক্ৰিয়াতেই কেৱল গুৰুত্ব প্ৰদান কৰিব লাগে নে তেওঁলোকে মনৰ অনুভূতি আৰু চিন্তন প্ৰক্ৰিয়াও অধ্যয়ন কৰা উচিত?[59] যদি পাছৰটো শুদ্ধ, তেন্তে এক প্ৰশ্ন হ'ল-- মানুহৰ মনৰ ভিতৰৰ অভিজ্ঞতাক কেনেকৈ জোখিব পৰা যাব? নিজৰ অনুভৱ আৰু বিশ্বাসৰ বিষয়ে নিজেই দিয়া বিৱৰণ নিৰ্ভৰযোগ্য নহয়, কাৰণ কোনোৱে ইচ্ছাকৃতভাৱে বিভ্ৰান্ত কৰিবলৈ চেষ্টা নকৰিলেও, আত্ম-কপট আৰু চয়নাত্মক স্মৃতিয়ে তেনে প্ৰভাৱ পেলাব পাৰে। আৰু, যদি আত্ম-বিৱৰণ শুদ্ধও হয়, বেলেগ বেলেগ ব্যক্তিৰ প্ৰতিক্ৰিয়া কেনেকৈ তুলনা কৰিব পৰা যাব? যদি দুই ব্যক্তিয়ে লাইকাৰ্ট মাপত একে উত্তৰো দিছে, তেওঁলোকে একেবাৰে বেলেগ বেলেগ অনুভৱ কৰাৰো সম্ভাৱনা থাকে।

মনোবিজ্ঞানৰ দৰ্শন সম্বন্ধীয় আন প্ৰশ্ন হ'ল মন, মস্তিষ্ক আৰু জ্ঞান, অনুভূতি সম্বন্ধীয় সাধাৰণ দাৰ্শনিক প্ৰশ্নসমূহ। এই অধ্যয়নক সম্ভৱতঃ সাধাৰণতে অনুভূতি বিজ্ঞান, বা মনৰ দৰ্শনৰ অংগ হিচাপে গণ্য কৰা হয়। উদাহৰণ স্বৰূপে, মানুহ যুক্তিসংগত প্ৰাণী হয় নে?[59] এনে কোনো অনুভূতি আছে নে, য'ত স্বাধীন ইচ্ছাশক্তি থাকে, আৰু যদি থাকে, ই চয়ন কৰাৰ অভিজ্ঞতাৰ সৈতে কেনেদৰে সম্পৰ্কিত? মনোবিজ্ঞানৰ দৰ্শনে বৰ্তমানৰ অনুভূতিসম্বন্ধীয় স্নায়ু-বিজ্ঞান, ক্ৰমবিকাশ-সম্বন্ধীয় মনোবিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাকো অধ্যয়ন কৰে।

মনোবিজ্ঞানৰ দৰ্শন এক তুলনামূলকভাৱে নতুন ক্ষেত্ৰ, কাৰণ মনোবিজ্ঞান নিজেই ১৮০০ৰ শতিকাতহে এক পৃথক শৃংখলা হিচাপে প্ৰতিষ্ঠিত হৈছিল। বিশেষকৈ, স্নায়ুসম্বন্ধীয় মনোবিজ্ঞান এতিয়াহে পল চাৰ্চলেণ্ড আৰু পেট্ৰিচিয়া চাৰ্চলেণ্ডৰ অৱদানেৰে এক পৃথক ক্ষেত্ৰ হিচাপে চিহ্নিত হৈছে।[60] আন হাতে, মনৰ দৰ্শন এক সু-প্ৰতিষ্ঠিত শৃংখলা কাৰণ এই শৃংখলা মনোবিজ্ঞানৰো পূৰ্বেই অধ্যয়নৰ ক্ষেত্ৰ আছিল। ই মনৰ প্ৰকৃতি, অভিজ্ঞতাৰ গুণ, আৰু বিশেষ সমস্যা কিছুমান যেনে দ্বৈতবাদ আৰু একবাদৰ তৰ্কৰ বিষয়ক। আন এক সম্বন্ধীয় ক্ষেত্ৰ হ'ল ভাষাৰ দৰ্শন।

আমৰ্ত্য সেনক দৰ্শন আৰু অৰ্থনীতিৰ সঁজুলি একত্ৰিত কৰাৰ বাবে নবেল বঁটাৰে সন্মানিত কৰা হৈছিল।

অৰ্থনীতিৰ দৰ্শন[সম্পাদনা কৰক]

অৰ্থনীতিৰ দৰ্শনে অৰ্থনীতি সম্বন্ধীয় দাৰ্শনিক প্ৰশ্নসমূহ অধ্যয়ন কৰে। ইয়াক অৰ্থনীতিৰ সেই ভাগ ক'ব পাৰি যিয়ে নিজৰেই প্ৰতিষ্ঠা আৰু নীতিৰ বিষয়ে অধ্যয়ন কৰে। ইয়াক তিনি কেন্দ্ৰীয় বিষয়েৰে বিভক্ত কৰিব পাৰি।[61] প্ৰথমটো বিষয়, অৰ্থনীতিৰ অৰ্থ আৰু অৰ্থনীতিৰ সুযোগ। লগতে, কি প্ৰণালীৰে অৰ্থনীতি অধ্যয়ন কৰা উচিত আৰু সেই প্ৰণালীয়ে অৰ্থনীতিক এনেদৰে অধ্যয়ন কৰিব পৰা যায় নে যে ই এনে জ্ঞানতাত্ত্বিক স্তৰ পাওক যে ই মূল্যবোধ-মুক্ত তথ্য আগবঢ়াব পাৰে, গৱেষণাকাৰীৰ মতৰপৰা স্বাধীন? দ্বিতীয়টো, অৰ্থনীতিৰ অৰ্থ আৰু যুক্তিসংগততাৰ নিহিতাৰ্থ। যেনে, বীমা ক্ৰয় কৰাৰ সময়তে (আয় সম্বন্ধীয় আশংকা কমাই) লটাৰী টিকেট ক্ৰয় কৰা (আয় সম্বন্ধীয় আশংকা বৃদ্ধি কৰে) যুক্তিসংগত নে? তৃতীয়টো, অৰ্থনৈতিক নীতিৰ আৰু ফলাফলৰ আদৰ্শগত মূল্যাংকন। যেনে, কোনো ৰাজহুৱা নীতি সমাজৰ বাবে হিতকাৰী হয় নে নহয় সেয়া জানিবলৈ কি মানদণ্ড ব্যৱহাৰ্য?

সমাজ বিজ্ঞানৰ দৰ্শন[সম্পাদনা কৰক]

সমাজ বিজ্ঞানৰ দৰ্শনে সমাজ বৈজ্ঞানিক বিষয়সমূহ যেনে নাগৰিক-শাস্ত্ৰ, নৃবিদ্যা আৰু ৰাজনীতি বিজ্ঞানত থকা যুক্তি আৰু প্ৰণালী অধ্যয়ন কৰে।[62] সমাজ বিজ্ঞানৰ দাৰ্শনিকসকলে সমাজ বিজ্ঞান আৰু প্ৰকৃতি বিজ্ঞানৰ পাৰ্থক্য আৰু সামঞ্জস্য, সামাজিক ঘটনাসমূহৰ কাৰণ, সামাজিক নিয়মসমূহৰ সাম্ভাৱ্য অস্তিত্ব আৰু সংৰচনা আৰু সংস্থাৰ তত্ত্ববিদ্যা সম্বন্ধীয় মহত্ব অধ্যয়ন কৰে।

ফৰাচী দাৰ্শনিক আগাষ্টে কম্টেই (১৭৯৮-১৮৫৭) দৃষ্টবাদৰ জ্ঞানতাত্ত্বিক স্বৰূপ বিকাশ কৰিলে, দ্য ক'ৰ্চ অৱ পজিটিৱিষ্ট ফিলচফিত, যি ১৮৩০ৰ পৰা ১৮৪২ৰ ভিতৰত প্ৰকাশিত হৈছিল। প্ৰথম তিনিখন গ্ৰন্থত পূৰ্বৰেপৰা অস্তিত্বত থকা নৈসৰ্গিক বিজ্ঞানসমূহৰ (যেনে গণিত, জ্যোতিৰ্বিজ্ঞান, ভৌতিক বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱবিজ্ঞান) বিষয়ে লিখা হৈছিল। তাৰ পাছৰ দুখনত সমাজ বিজ্ঞান: চ'চিয়'লজিয়ে'ৰ অনিবাৰ্য আগমনৰ বিষয়ে লিখা হ'ল।[63] কমটেৰ মতে, নৈসৰ্গিক বিজ্ঞান প্ৰথমে অহাটো স্বাভাৱিক, মানৱ জাতিয়ে আটাইতকৈ প্ৰত্যাহ্বানমূলক আৰু জটিল "বিজ্ঞানৰ ৰাণী"ক ভালকৈ অধ্যয়ন কৰাৰ প্ৰচেষ্টাক সঠিকভাৱে ধাৰায়িত কৰাৰ পূৰ্বে, যি বিজ্ঞান স্বয়ং মানৱ সমাজৰ বিষয়ে। কমটেই সামাজিক জ্ঞানৰ সন্ধানৰ উন্নয়নৰ তিনি স্তৰ বৰ্ণাইছিল: ১/ ধৰ্মশাস্ত্ৰীয়, ২/ অধিবিদ্যা সম্বন্ধীয় আৰু ৩/ দৃষ্টবাদী।[64]

কমটেৰ দৃষ্টবাদে সমাজ-শাস্ত্ৰ আৰু সামাজিক অনুসন্ধানৰ প্ৰাৰম্ভিক দৰ্শন প্ৰতিষ্ঠা কৰিলে। ডুৰ্খেইম, মাৰ্ক্স, আৰু ৱেবাৰক সাধাৰণতে আধুনিক সমাজ বিজ্ঞানৰ জনক বোলা হয়। মনোবিজ্ঞানত, ঐতিহাসিকভাৱে দৃষ্টবাদী ব্যৱহাৰক সমৰ্থন জনোৱা হৈছে। দৃষ্টবাদে "প্ৰযুক্তিতান্ত্ৰিক" সকলকো লগ দিছে, যিয়ে বিশ্বাস কৰে যে বিজ্ঞান আৰু প্ৰযুক্তিৰ জড়িয়তে সামাজিক বিকাশ অনিবাৰ্য।[65]

দৃষ্টবাদী দৃষ্টিভংগীয়ে বিজ্ঞানবাদক সমৰ্থন জনায়, যে প্ৰাকৃতিক বিজ্ঞানসমূহত ব্যৱহৃত প্ৰণালীসমূহক দাৰ্শনিক, সমাজ বৈজ্ঞানিক, আৰু আন আন সকলো অনুসন্ধানত ব্যৱহাৰ কৰিব পৰা যায়। প্ৰায় সংখ্যক সমাজ বিজ্ঞানী  আৰু ইতিহাসবিদৰ মাজত গোঁড়া দৃষ্টবাদে জনপ্ৰিয় সমৰ্থন হেৰুৱাইছে। আজি, তাৰ বিপৰীতে, সমাজ আৰু প্ৰকৃতি উভয় বিজ্ঞানীয়েই পৰ্যবেক্ষকৰ পক্ষপাত আৰু গঠনগত সীমাবদ্ধতাসমূহক মানি লৈছে। এই সংশয়বাদক বিজ্ঞানৰ ন্যায়িক বিৱৰণসমূহৰ থমাচ কুহ্নৰ দৰে দাৰ্শনিকৰ সাধাৰণ দুৰ্বলীকৰণ আৰু নতুন নতুন দাৰ্শনিক আন্দোলন যেনে সমালোচনামূলক-বাস্তৱবাদ আৰু নব্যৰাষ্ট্ৰীয়বাদে সবল কৰি তুলিছে। দাৰ্শনিক-সমাজবিদ জুৰ্গান হাবাৰ্মাছে বিশুদ্ধ বাদ্যবাদী যুক্তিত্ব আলোচনা কৰিছে বৈজ্ঞানিক চিন্তাক স্বয়ং ভাৱাদৰ্শৰ সৈতে সমান যেন দেখুৱাবলৈ।[66]

লগতে চাওক[সম্পাদনা কৰক]

  1. বিজ্ঞান
  2. দৰ্শন
  3. মনোবিজ্ঞান

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Thornton, Stephen (2006). "Karl Popper". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/popper/। আহৰণ কৰা হৈছে: 2007-12-01. 
  2. "Science and Pseudo-science" (2008) in Stanford Encyclopedia of Philosophy
  3. Laudan, Larry (1983). "The Demise of the Demarcation Problem". In Adolf Grünbaum, Robert Sonné Cohen, Larry Laudan. Physics, Philosophy, and Psychoanalysis: Essays in Honor of Adolf Grünbaum. Springer. ISBN 90-277-1533-5. 
  4. Uebel, Thomas (2006). "Vienna Circle". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/vienna-circle/। আহৰণ কৰা হৈছে: 2007-12-01. 
  5. "Pseudoscientific – pretending to be scientific, falsely represented as being scientific", from the Oxford American Dictionary, published by the Oxford English Dictionary; Hansson, Sven Ove (1996)."
  6. Hempel, Carl G.; Paul Oppenheim (1948). "Studies in the Logic of Explanation". Philosophy of Science খণ্ড 15 (2): 135–175. doi:10.1086/286983. 
  7. Salmon, Merrilee; John Earman, Clark Glymour, James G. Lenno, Peter Machamer, J.E. McGuire, John D. Norton, Wesley C. Salmon, Kenneth F. Schaffner (1992). Introduction to the Philosophy of Science. Prentice-Hall. ISBN 0-13-663345-5. 
  8. Salmon, Wesley (1971). Statistical Explanation and Statistical Relevance. প্ৰকাশক Pittsburgh: University of Pittsburgh Press. 
  9. Woodward, James (2003). "Scientific Explanation". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/scientific-explanation/। আহৰণ কৰা হৈছে: 2007-12-07. 
  10. Vickers, John (2013). "The Problem of Induction". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/induction-problem/। আহৰণ কৰা হৈছে: 2014-02-25. 
  11. Levin, Michael (1984). "What Kind of Explanation is Truth?". In Jarrett Leplin. Scientific Realism. প্ৰকাশক Berkeley: University of California Press. পৃষ্ঠা. 124–1139. ISBN 0-520-05155-6. 
  12. 12.0 12.1 Boyd, Richard (2002). "Scientific Realism". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/scientific-realism/। আহৰণ কৰা হৈছে: 2007-12-01. 
  13. Specific examples include:
  14. Stanford, P. Kyle (2006). Exceeding Our Grasp: Science, History, and the Problem of Unconceived Alternatives. Oxford University Press. ISBN 978-0-19-517408-3. 
  15. Laudan, Larry (1981). "A Confutation of Convergent Realism". Philosophy of Science খণ্ড 48: 218–249. doi:10.1086/288975. 
  16. van Fraassen, Bas (1980). The Scientific Image. প্ৰকাশক Oxford: The Clarendon Press. ISBN 0-19-824424-X. 
  17. Winsberg, Eric (September 2006). "Models of Success Versus the Success of Models: Reliability without Truth". Synthese খণ্ড 152: 1–19. doi:10.1007/s11229-004-5404-6. 
  18. Stanford, P. Kyle (June 2000). "An Antirealist Explanation of the Success of Science". Philosophy of Science খণ্ড 67 (2): 266–284. doi:10.1086/392775. 
  19. Longino, Helen (2013). "The Social Dimensions of Scientific Knowledge". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/scientific-knowledge-social/। আহৰণ কৰা হৈছে: 2014-03-06. 
  20. Douglas Allchin, "Values in Science and in Science Education," in International Handbook of Science Education, B.J. Fraser and K.G. Tobin (eds.), 2:1083–1092, Kluwer Academic Publishers (1988).
  21. Aristotle, "Prior Analytics", Hugh Tredennick (trans.), pp. 181–531 in Aristotle, Volume 1, Loeb Classical Library, William Heinemann, London, UK, 1938.
  22. Lindberg, David C. (1980). Science in the Middle Ages. University of Chicago Press. পৃষ্ঠা. 350–351. ISBN 978-0-226-48233-0. https://books.google.com/books?id=lOCriv4rSCUC&pg=PA351&lpg=PA351&dq=alhazen+philosophy+of+science&source=bl&ots=0tZn241MNv&sig=oWjO29_lAhr_1tsNqwcxdU-EflY&hl=en&sa=X&ved=0CD4Q6AEwBGoVChMIhs7SqKboyAIVCkQmCh0IaQGX#v=onepage&q=alhazen%20philosophy%20of%20science&f=false. 
  23. Bacon, Francis Novum Organum (The New Organon), 1620.
  24. 24.0 24.1 McMullin, Ernan. "The Impact of Newton's Principia on the Philosophy of Science". Pari Center for New Learning. http://www.paricenter.com/library/papers/mullin02.php. 
  25. See "Vienna Circle" in Stanford Encyclopedia of Philosophy.
  26. Smith, L.D. (1986). Behaviorism and Logical Positivism: A Reassessment of the Alliance. Stanford University Press. পৃষ্ঠা. 314. ISBN 978-0-8047-1301-6. https://books.google.com/books?id=IZ6aAAAAIAAJ&pg=PA314. "The secondary and historical literature on logical positivism affords substantial grounds for concluding that logical positivism failed to solve many of the central problems it generated for itself. Prominent among the unsolved problems was the failure to find an acceptable statement of the verifiability (later confirmability) criterion of meaningfulness. Until a competing tradition emerged (about the late 1950's), the problems of logical positivism continued to be attacked from within that tradition. But as the new tradition in the philosophy of science began to demonstrate its effectiveness—by dissolving and rephrasing old problems as well as by generating new ones—philosophers began to shift allegiances to the new tradition, even though that tradition has yet to receive a canonical formulation." 
  27. Bunge, M.A. (1996). Finding Philosophy in Social Science. Yale University Press. পৃষ্ঠা. 317. ISBN 978-0-300-06606-7. https://books.google.com/books?id=8YAV43gVMsIC&pg=PA317. "To conclude, logical positivism was progressive compared with the classical positivism of Ptolemy, Hume, d'Alembert, Compte, John Stuart Mill, and Ernst Mach. It was even more so by comparison with its contemporary rivals—neo-Thomisism, neo-Kantianism, intuitionism, dialectical materialism, phenomenology, and existentialism. However, neo-positivism failed dismally to give a faithful account of science, whether natural or social. It failed because it remained anchored to sense-data and to a phenomenalist metaphysics, overrated the power of induction and underrated that of hypothesis, and denounced realism and materialism as metaphysical nonsense. Although it has never been practiced consistently in the advanced natural sciences and has been criticized by many philosophers, notably Popper (1959 [1935], 1963), logical positivism remains the tacit philosophy of many scientists. Regrettably, the anti-positivism fashionable in the metatheory of social science is often nothing but an excuse for sloppiness and wild speculation." 
  28. "Popper, Falsifiability, and the Failure of Positivism". 7 August 2000. Archived from the original on January 7, 2014. https://web.archive.org/web/20140107230818/http://www.drury.edu/ess/philsci/popper.html। আহৰণ কৰা হৈছে: 7 January 2014. "The upshot is that the positivists seem caught between insisting on the V.C. [Verifiability Criterion]—but for no defensible reason—or admitting that the V.C. requires a background language, etc., which opens the door to relativism, etc. In light of this dilemma, many folk—especially following Popper's "last-ditch" effort to "save" empiricism/positivism/realism with the falsifiability criterion—have agreed that positivism is a dead-end." 
  29. T. S. Kuhn, The Structure of Scientific Revolutions, 2nd. ed., Chicago: Univ. of Chicago Pr., 1970, p. 206.
  30. Heilbron 2003, পৃষ্ঠা vii
  31. Gauch 2002, পৃষ্ঠা 154, "Expressed as a single grand statement, science presupposes that the physical world is orderly and comprehensible.
  32. Gould 1987, পৃষ্ঠা 120, "You cannot go to a rocky outcrop and observe either the constancy of nature's laws or the working of known processes.
  33. Olsson, Erik (2014). "Coherentist Theories of Epistemic Justification". In Zalta, Edward N.. Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/archives/spr2014/entries/justep-coherence/। আহৰণ কৰা হৈছে: 2015-10-26. 
  34. Sandra Harding (1976). Can theories be refuted?: essays on the Dunhem–Quine thesis. Springer Science & Business Media. পৃষ্ঠা. 9–. ISBN 978-90-277-0630-0. https://books.google.com/books?id=Uwit8JTcLfAC&pg=PR9. 
  35. Paul Feyerabend, Against Method: Outline of an Anarchistic Theory of Knowledge (1975), ISBN 0-391-00381-X, ISBN 0-86091-222-1, ISBN 0-86091-481-X, ISBN 0-86091-646-4, ISBN 0-86091-934-X, ISBN 0-902308-91-2
  36. Kuhn, T. S. (1996). "[Postscript]". The Structure of Scientific Revolutions, 3rd. ed.. [Univ. of Chicago Pr]. পৃষ্ঠা. 176. ISBN 0-226-45808-3. "A paradigm is what the members of a community of scientists share, and, conversely, a scientific community consists of men who share a paradigm." 
  37. Quine, Willard Van Orman (1980). "Two Dogmas of Empiricism". From a Logical Point of View. Harvard University Press. ISBN 0-674-32351-3. http://www.ditext.com/quine/quine.html. 
  38. Ashman, Keith M.; Barringer, Philip S., eds (2001). After the Science Wars. প্ৰকাশক London, UK: Routledge. ISBN 0-415-21209-X. https://books.google.com/books?id=XImEAgAAQBAJ&pg=PR1&dq=After+the+science+wars&hl=en&sa=X&ved=0CCsQ6AEwAGoVChMIquOilbHoyAIVhkgmCh0_AQSy#v=onepage&q=After%20the%20science%20wars&f=false। আহৰণ কৰা হৈছে: 29 October 2015. "The "war" is between scientists who believe that science and its methods are objective, and an increasing number of social scientists, historians, philosophers, and others gathered under the umbrella of Science Studies." 
  39. Woodhouse, Edward.
  40. Wheeler, Michael (2015). "Martin Heidegger". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/heidegger/। আহৰণ কৰা হৈছে: 2015-10-29. 
  41. Cat, Jordi (2013). "The Unity of Science". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/scientific-unity/। আহৰণ কৰা হৈছে: 2014-03-01. 
  42. Kitcher, P. Science, Truth, and Democracy, Oxford: Oxford University Press, 2001
  43. ডেনেট ডেনিয়েল (1995) ডাৰ্ৱিন্স ডেঞ্জাৰেচ আইডিয়া: ইভ'লিউচন এণ্ড দ্য মিনিং অৱ লাইফ, চাইমন এণ্ড চাষ্টাৰ পৃ ২১, ISBN 978-1-4931-2629-5।
  44. Romeijn, Jan-Willem (2014). "Philosophy of Statistics". In Zalta, Edward N.. Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/archives/win2014/entries/statistics/। আহৰণ কৰা হৈছে: 2015-10-29. 
  45. Horsten, Leon (2015). "Philosophy of Mathematics". In Zalta, Edward N.. Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/archives/spr2015/entries/philosophy-mathematics/। আহৰণ কৰা হৈছে: 2015-10-29. 
  46. Ismael, Jenann (2015). "Quantum Mechanics". In Zalta, Edward N.. Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/qm/। আহৰণ কৰা হৈছে: 2015-10-29. 
  47. Weisberg, Michael; Needham, Paul; Hendry, Robin (2011). "Philosophy of Chemistry". Stanford Encyclopedia of Philosophy. http://plato.stanford.edu/entries/chemistry/। আহৰণ কৰা হৈছে: 2014-02-14. 
  48. Hull D. (1969), What philosophy of biology is not, Journal of the History of Biology, 2, p. 241–268.
  49. Recent examples include Okasha S. (2006), Evolution and the Levels of Selection.
  50. Papineau, D., 1994.
  51. Jstor, Worrall, J., 2002.
  52. Worrall, J., 2007.
  53. Lee, K., 2012.
  54. Grünbaum, A., 1981.
  55. Gøtzsche, P.C., 1994.
  56. Nunn, R., 2009.
  57. Springer Turner, A., 2012.
  58. PubMed, Worrall, J., 2011.
  59. 59.0 59.1 Mason, Kelby; Sripada, Chandra Sekhar; Stich, Stephen (2010). "Philosophy of Psychology". In Moral, Dermot. Routledge Companion to Twentieth-Century Philosophy. প্ৰকাশক London: Routledge. http://www.rci.rutgers.edu/~stich/Publications/Papers/PHILOSOPHYofPSYCHOLOGY.pdf. 
  60. Bickle, John, Mandik, Peter and Landreth, Anthony, "The Philosophy of Neuroscience", The Stanford Encyclopedia of Philosophy (Summer 2010 Edition), Edward N. Zalta (ed.), URL = <http://plato.stanford.edu/archives/sum2010/entries/neuroscience/
  61. Hausman, Daniel (Dec 18, 2012). "Philosophy of Economics". Stanford University. http://plato.stanford.edu/entries/economics/। আহৰণ কৰা হৈছে: 20 February 2014. 
  62. Hollis, Martin (1994). The Philosophy of Social Science: An Introduction. Cambridge. ISBN 0-521-44780-1. 
  63. Stanford Encyclopaedia: Auguste Comte
  64. Giddens, Positivism and Sociology, 1
  65. Schunk, Learning Theories: An Educational Perspective, 5th, 315
  66. Outhwaite, William, 1988 Habermas: Key Contemporary Thinkers, Polity Press (Second Edition 2009), ISBN 978-0-7456-4328-1 p.68

উদ্ধৃত লিখনি[সম্পাদনা কৰক]

আৰু পঢ়ক[সম্পাদনা কৰক]

  • Bovens, L. and Hartmann, S. (2003), Bayesian Epistemology, Oxford University Press, Oxford.
  • Gutting, Gary (2004), Continental Philosophy of Science, Blackwell Publishers, Cambridge, MA.
  • Kuhn, T. S. (1970). The Structure of Scientific Revolutions, 2nd. ed. [Univ. of Chicago Pr]. ISBN 0-226-45804-0. 
  • Losee, J. (1998), A Historical Introduction to the Philosophy of Science, Oxford University Press, Oxford, UK.
  • Papineau, David (2005) Science, problems of the philosophy of. Oxford Companion to Philosophy. Oxford.
  • Salmon, Merrilee; John Earman, Clark Glymour, James G. Lenno, Peter Machamer, J.E. McGuire, John D. Norton, Wesley C. Salmon, Kenneth F. Schaffner (1992). Introduction to the Philosophy of Science. Prentice-Hall. ISBN 0-13-663345-5.  CS1 maint: Multiple names: authors list (link)
  • Popper, Karl, (1963) Conjectures and Refutations: The Growth of Scientific Knowledge, ISBN 0-415-04318-2
  • van Fraassen, Bas (1980). The Scientific Image. Oxford: The Clarendon Press. ISBN 0-19-824424-X. 
  • Ziman, John (2000). Real Science: what it is, and what it means. Cambridge, Uk: Cambridge University Press.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]