ৰিচাৰ্ড ফাইনমেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰিচাৰ্ড ফাইনমেন

ৰিচাৰ্ড ফাইনমেন
জন্ম ৰিচাৰ্ড ফিলিপছ ফাইনমেন
১১ মে' ১৯১৮
কুইনছ, নিউয়ৰ্ক, আমেৰিকা যুক্তৰাষ্ট্ৰ
মৃত্যু ৫ ফেব্ৰুৱাৰী ১৯৮৮
লছ এঞ্জলছ, কেলিফ'ৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ তাত্ত্বিক পদাৰ্থবিজ্ঞান
প্ৰতিষ্ঠান কৰ্ণেল বিশ্ববিদ্যালয়
কেলিফ'ৰ্ণিয়া প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান মাছাছুছেটছ ইনষ্টিটিউট অৱ টেকন'লজী (বিজ্ঞানৰ স্নাতক),
প্ৰিন্সটন বিশ্ববিদ্যালয় (পি এইচ ডি)
ডক্তৰেল পৰামৰ্শদাতা জন আৰ্চিবেল হুইলৰ
আন academic advisors মেনুৱেল ছেনড'ৱেল ভাল্লাৰ্তা
প্ৰভাৱ
প্ৰাভাৱ পেলাইছিল
উল্লেখনীয় বঁটা
Signature

ৰিচাৰ্ড ফিলিপছ ফাইনমেন (১১ মে’,১৯১৮ – ১৫ ফেব্ৰুৱাৰী,১৯৮৮) এজন সুবিখ্যাত আৰু প্ৰতিভাধৰ আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। পদাৰ্থ বিজ্ঞানৰ সমাজত তেওঁ কোৱান্টাম বলবিদ্যাৰ path integral formulation, অতিমাত্ৰা শীতল তৰল হিলিয়ামৰ superfluidity ৰ সম্পৰ্কিত অধ্যয়নৰ বাবে জনাজাত। কণা পদাৰ্থবিজ্ঞানত parton model ৰ সংযোজন তেওঁৰ আন এক কৃতিত্ব। কোৱান্টাম গতিবিদ্যুত নামৰ পদাৰ্থ বিজ্ঞানৰ শাখাটোৰ বাটকটীয়া আৰু সম্প্ৰ্সাৰক হিচাপে বিখ্যাত ফাইনমেনলৈ এইক্ষেত্ৰত আগবঢ়োৱা অসামান্য অৱদানৰ বাবে জুলিয়ান ছিৱিংগাৰ আৰু ছান-ইতিৰো তোমাংগাৰ সৈতে একেলগে ১৯৬৫ চনৰ ন’বেল বঁটা আগবঢ়োৱা হয়। ফাইনমেনৰ আন এক উল্লেখনীয় অৱদান হৈছে “ফাইনমেন নক্সা”। পাৰমাণৱিক কণিকাসমূহৰ আচৰণ ব্যাখ্যা কৰা গাণিতীয় বিন্যাসৰ সচিত্ৰ প্ৰ্দৰ্শনৰ কাৰণে তেওঁ সুচনা কৰা এই ফাইনমেন নক্সা পদাৰ্থ বিজ্ঞানত বহুলভাৱে প্ৰচলিত। নিজৰ জীৱনকালতে ফাইনমেন পৃথিৱীৰ বিখ্যাত বিজ্ঞানীসকলৰ মাজৰ এজন হিচাপে পৰিগণিত হৈছিল। ১৯৯৯ চনত Physics World নামৰ আলোচনীখনে প্ৰকাশ কৰা এক সমীক্ষাত সৰ্বকালৰ মুঠ ১৩০ জন আগৰণুৱা পদাৰ্থবিজ্ঞানীৰ তালিকাত ফাইনমেনে প্ৰথম দহজনৰ এজন হিচাপে স্থান পাইছিল[1]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণৱিক বোমাৰ প্ৰস্তুতকৰণ দলৰ তেওঁ সদস্য আছিল। আমেৰিকাৰ মহাকাশযান চেলেঞ্জাৰ দূৰ্ঘটনাৰ তদন্ত সমিতিৰ এজন সদস্য হিচাপে ফাইনমেন এক বৃহৎ সংখ্যক জনসাধাৰণৰ চিনাকি হৈ পৰিছিল। তাত্বিক পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনত কৰা তেওঁৰ কৰ্মৰাজিৰ উপৰিও কোৱাণ্টাম গণনাৰ ক্ষেত্ৰখনৰ বাটকটীয়া হিচাপে আৰু নেনো-প্ৰযুক্তিৰ মূলধাৰণাৰ সূচক হিচাপে ফাইনমেন জনাজাত[2]। ফাইনমেনে নিজৰ গ্ৰন্থ আৰু বক্তৃতা দুয়োটাৰ জৰিয়তে পদাৰ্থ বিজ্ঞানৰ জনপ্ৰিয়কৰণৰ বাবে প্ৰচেষ্টা চলাইছিল। তাৰ ভিতৰত ১৯৫৯ চনত নেনো-প্ৰযুক্তিৰ ওপৰত দিয়া “There’s Plenty of Room at the Bottom” শীৰ্ষক বক্তৃতা আৰু স্নাতকোত্তৰ মহলাত দিয়া শ্ৰেণীকোঠাৰ বক্তৃতা সমৃদ্ধ “The Feynman Lectures on Physics” উল্লেখযোগ্য। ফাইনমেনৰ জীৱন সম্পৰ্কে তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ “Surely You’re joking, Mr. Feynman!” আৰু “What Do You Care What Other People Think?” আৰু জীৱনীমূলক গ্ৰন্থ যেনে “Tuva or Bust!” আৰু “Genius: The Life and Science of Richard Feynman” (জেমছ গ্লীকৰ দ্বাৰা ৰচিত) ৰ পৰা জনা যায়।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯১৮ চনৰ মে’ মাহৰ ১১ তাৰিখে নিউয়ৰ্ক মহানগৰৰ কুইন্সত ৰিচাৰ্ড ফিলিপছ ফাইনমেনৰ জন্ম হৈছিল[3][4]। তেওঁৰ মাক লিউছিল এগৰাকী গৃহিণী আৰু দেউতাক মেলভিল আৰ্থাৰ ফাইনমেন ইউনিফৰ্ম তৈয়াৰ কৰা কোম্পানীৰ বিক্ৰী শাখাৰ পৰিচালক আছিল। ফাইনমেনৰ পিতৃ-মাতৃ দুয়ো ইহুদী পৰিয়ালৰ আছিল যাৰ ঘাইশিপা ৰাছিয়া আৰু পোলেণ্ডত থকা বুলি জনা যায়। ফাইনমেনৰ ঘৰখন সমসাময়িক ইহুদী পৰিয়ালবোৰৰ দৰে গোড়া ধাৰ্মিক প্ৰকৃতিৰ নাছিল যাৰ প্ৰভাৱতে হয়তো ফাইনমেনে যৌৱনপ্ৰাপ্ত হোৱাৰ পাছতে নিজকে নাস্তিক বুলি ঘোষণা কৰিছিল।

জন্মৰ পাছত ফাইনমেনৰ কথা ফুটিবলৈ সময় লৈছিল আৰু তিনি বছৰ বয়সলৈ তেওঁ শব্দ ক’ব পৰা নাছিল। পাছলৈ তেওঁ চিৰাচৰিত আমেৰিকান সুৰৰ সলনি ব্ৰন্স সুৰত (Bronx accent) কথা কৈছিল।

সৰু কালতে ফাইনমেন দেউতাকৰ দ্বাৰা বিশদভাৱে প্ৰভাৱিত হৈছিল, যিয়ে তেওঁক প্ৰশ্ন কৰিবলৈ শিকাইছিল আৰু যিকোনো বিষয়ত পাৰ্যমানে সহায় কৰিবলৈ সদাপ্ৰস্তুত আছিল। ফাইনমেন স্বভাৱতে ৰসিক প্ৰকৃতিৰ মানুহ আছিল যিটো স্বভাৱ তেওঁ মাকৰ পৰা পোৱা বুলি কোৱা হয়। সৰুৰে পৰাই আভিযান্ত্ৰিক বিজ্ঞানৰ প্ৰতি আগ্ৰহী ফাইনমেনে ঘৰতে এটা পৰীক্ষামূলক গৱেষণাগাৰ গঢ়ি তুলিছিল।

ৰিচাৰ্ডৰ পাঁচ বছৰ বয়সত এজন ভায়েকৰ জন্ম হৈছিল, কিন্তু দূৰ্ভাগ্যজনকভাৱে জন্মৰ চাৰি সপ্তাহৰ পাছতে ভায়েকৰ মৃত্যু হৈছিল। চাৰি বছৰৰ পাছত ৰিচাৰ্ডৰ ভনীয়েক জোৱানৰ জন্ম হয় আৰু পৰিয়ালটো কুইন্সৰে ফাৰ ৰকাৱে’ নামৰ ঠাইলৈ উঠি যায়।

শিক্ষা[সম্পাদনা কৰক]

ফাইনমেনে পঢ়াশলীয়া জীৱন অতিবাহিত কৰিছিল ফাৰ ৰকাৱে’ হাইস্কুলত[5]। এইখন বিদ্যালয়তে শিক্ষাগ্ৰহণ কৰা লোকৰ ভিতৰত ন’বেল বঁটা প্ৰাপ্ত বাৰ্টন ৰিখটাৰ আৰু বাৰুখ ছেমুৱেল ব্লুমবাৰ্গ অন্যতম। হাইস্কুলৰ শেষৰ বছৰত ফাইনমেনে নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ Math Championship প্ৰতিযোগিতাত শীৰ্ষস্থান লাভ কৰিছিল। ১৫ বছৰমান বয়সতে গণিতত চোকা ফাইনমেনে নিজা প্ৰচেষ্টাৰে ত্ৰিকোণমিতি, উচ্চ বীজগণিত, অসীম শ্ৰেণী, বৈশ্লেষিক জ্যামিতি আৰু কলন গণিতত পাৰদৰ্শী হৈছিল। তেওঁ কোৱামতে পঢ়াৰ সুবিধাৰ বাবে তেওঁ প্ৰচলিত চিহ্ন আৰু সংকেতবোৰৰ সলনি নিজে আৱিষ্কাৰ কৰা চিহ্ন আৰু সংকেত ব্যৱহাৰ কৰি পঢ়িছিল।

তেওঁ কলম্বিয়া বিশ্ববিদ্যালয়ত পঢ়িবলৈ আৱেদন কৰিছিল, কিন্তু তেওঁলোকৰ ইহুদী ছাত্ৰৰ বাবে থকা সীমিত নিৰ্ধাৰিত আসনৰ বাবে পঢ়িবলৈ সুযোগ নাপালে। তাৰসলনি তেওঁ মাচাছুটেছ ইন্সষ্টিটিউট অৱ টেকনলজি (MIT) ত নামভৰ্তি কৰে আৰু ১৯৩৯ চনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে সন্মানজনক Putnam Fellow হিচাপে নিৰ্বাচিত হয়। স্নাতক শিক্ষাৰ বাবে প্ৰিন্সটন বিশ্ববিদ্যালয়ে পতা প্ৰৱেশিকা পৰীক্ষাত ফাইনমেন গণিত আৰু পদাৰ্থ-বিজ্ঞানত অভূতপূৰ্বভাৱে সম্পূৰ্ণ নম্বৰ পাই উত্তীৰ্ণ হয়। প্ৰিন্সটনত ফাইনমেনে দিয়া প্ৰথমখন অধ্যয়ন চক্ৰত উপস্থিত থকাসকলৰ ভিতৰত অন্যতম আছিল এলবাৰ্ট আইনষ্টাইন, ৱ'ল্ফগেং পাউলি আৰু জন ভন নিউমেন। ১৯৪২ চনত ফাইনমেনে প্ৰিন্সটনৰ পৰা সন্মানজনক PhD ডিগ্ৰী লাভ কৰে। তেওঁৰ গৱেষণাৰ পৰামৰ্শদাতা আছিল জন আৰ্কিবাল্ড হুইলাৰ। তেওঁৰ গৱেষণা-পত্ৰ খনৰ নাম আছিল “The Principle of Least Action in Quantum Mechanics”।

মানহাট্টন প্ৰজেক্ট[সম্পাদনা কৰক]

প্ৰিন্সটনত থাকোঁতেই পদাৰ্থবিজ্ঞানী ৰবাৰ্ট ৱিলছনে ফাইনমেনক আমেৰিকান সেনাবাহিনীৰ আণৱিক বোমা নিৰ্মাণ প্ৰকল্পত যোগদান কৰিবলৈ অনুৰোধ কৰে। ফাইনমেনে উল্লেখ কৰা মতে নাজী জাৰ্মান বাহিনীয়ে তৈয়াৰ কৰাৰ আগতেই আণৱিক বোমা তৈয়াৰ কৰাৰ এই প্ৰকল্পটোত যোগ দিবলৈ তেওঁক একপ্ৰকাৰ জোৰেই কৰা হৈছিল। হেনছ বেথেৰ লগলাগি তেওঁ ফিছন বোমাৰ বাবে বেথে-ফাইনমেন সূত্ৰ উদ্ভাৱন কৰে। অৱশ্যে এই সূত্ৰটো ৰবাৰ্ট ছাৰ্বাৰে দি থৈ যোৱা ভেঁটিৰ ওপৰত প্ৰতিস্থিত।

আণৱিক বোমাৰ পৰীক্ষণৰ সময়ত ফাইনমেন উপস্থিত আছিল। এজন কণিষ্ঠ পদাৰ্থবিজ্ঞানী হিচাপে তেওঁ প্ৰধানকৈ গাণনিক দলৰ নেতৃত্ব দিছিল, কিন্তু প্ৰকল্পটোৰ মূলসূঁতিৰ সৈতে জড়িত নাছিল। প্ৰকল্পটোত জড়িত থকাৰ সময়তে ফাইনমেনে সময় উলিয়াই প্ৰায়ে তেওঁৰ ৰুগীয়া পত্নী আৰ্লীনক চিকিৎসালয়ত দেখা কৰিবলৈ এলবাকাৰ্কীলৈ গাড়ী চলাই গৈছিল। ফাইনমেনৰ মানহাট্টন প্ৰজেক্টৰ বিষয়ে দৃষ্টিভঙ্গী, প্ৰকল্পত যোগদান কৰাৰ যুক্তি, আণৱিক বোমা জাপানত বিস্ফোৰণ হোৱাৰ পাছৰ মনৰ অৱস্থা সকলোখিনি “The Pleasure of Finding Things Out” নামৰ গ্ৰন্থখনত সন্নিৱিষ্ট কৰিছে।

প্ৰাৰম্ভিক বিদ্যায়তনিক জীৱন[সম্পাদনা কৰক]

১৯৪২ চনত PhD সম্পূৰ্ণ কৰাৰ পাছত ফাইনমেনে ৱিজকনচিন-মেডিছন বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপকৰূপে যোগদান কৰে যদিও মানহাট্টন প্ৰজেক্টত ব্যস্ত থকাৰ কাৰণে তেওঁৰ কাৰ্যকাল ছুটীতে পাৰ হৈছিল। ১৯৪৫ চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা ফাইনমেনক পুনৰবাৰ যোগদান কৰিবলৈ আমন্ত্ৰণ কৰা হৈছিল যদিও তেওঁ উপেক্ষা কৰাত সেই প্ৰস্তাৱ পুনৰ সম্প্ৰসাৰণ কৰা নহ’ল। বহু বছৰ পাছত উক্ত বিশ্ববিদ্যালয়খনত দিয়া এটা বক্তৃতাত ফাইনমেনে ৰগৰ কৰি কৈছিল, “মোক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সুমতি থকা একমাত্ৰ বিশ্ববিদ্যালয়খনলৈ পুনৰবাৰ ঘূৰি আহি নি:সন্দেহে ভাল লাগিছে।”[6]

দ্বিতীয় বিশ্বযুদ্ধৰ পাছত ফাইনমেনে প্ৰিন্সটনত থকা Institute of Advanced Studies ত চাকৰি কৰাৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। উল্লেখযোগ্য যে সেই সময়ত উক্ত প্ৰতিষ্ঠানটোত থকা লোকসকলৰ ভিতৰত এলবাৰ্ট আইনষ্টাইন, কাৰ্ট গডেল আৰু জন ভন নিউমেনৰ দৰে জগতবিখ্যাত বিজ্ঞানীও আছিল। তাৰ পৰিৱৰ্তে ফাইনমেনে হেনছ বেথেক অনুকৰণ কৰি কৰ্নেল বিশ্ববিদ্যালয়ত যোগদান কৰিলে, য’ত তেওঁ ১৯৪৫ চনৰ পৰা ১৯৫০ চনলৈ তাত্ত্বিক পদাৰ্থবিজ্ঞান পঢ়াইছিল।

ইয়াৰ পাছত ফাইনমেনলৈ Institute of Advanced Studies ৰ পৰা পুনৰবাৰ আমন্ত্ৰণ প্ৰেৰণ কৰা হৈছিল। ফাইনমেনে পুনৰবাৰ প্ৰত্যাখ্যান কৰি মন্তব্য কৰিছিল যে তাত শিক্ষকতাৰ উপযুক্ত সুযোগ তেওঁ নাপাব। এই কথা শুনি Institute of Advanced Studies আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ে তেওঁক যুটীয়াভাৱে আমন্ত্ৰণ কৰিলে, যাতে তেওঁ প্ৰিন্সটনত শিক্ষকতা কৰি Institute of Advanced Studies ত গৱেষণাৰ কাম কৰিব পাৰে। কিন্তু তাৰ পৰিৱৰ্তে ফাইনমেনে কেলিফৰ্ণিয়া ইন্সটিটিউট অৱ টেকনলজি (চমুকৈ Caltech) ৰ পৰা পোৱা অধ্যাপক পদৰ আমন্ত্ৰণ গ্ৰহণ কৰিছিল।

সকলো কথা ছাত্ৰসকলে বুজি পোৱাকৈ সৰলভাৱে ব্যাখ্যা কৰাৰ ক্ষমতা থকা ফাইনমেনক “মহান ব্যাখ্যায়ক” (The Great Explainer) বুলি অভিহিত কৰা হৈছিল[7]। যিকোনো এটা বিষয় সকলোৰে বোধগম্য হোৱাকৈ ব্যাখ্যা কৰাটো শিক্ষক হিচাপে তেওঁৰ নৈতিক দায়িত্ব বুলি ফাইনমেনে গণ্য কৰিছিল। তেওঁ এই নীতিত বিশ্বাস কৰিছিল যে যদিহে কোনো এটা বিষয় নৱাগতসকলৰ বোধগম্য হোৱাকৈ সৰল কৰিব পৰা নাই, তেনেহ’লে সেই বিষয়টো শিক্ষকসকলেই ভালকৈ বুজিব পৰা নাই। Caltech ত থাকোতেই তেওঁ শ্ৰেণীকোঠাত দিয়া বক্তৃতাসমূহ পুনৰীক্ষণ তথা সম্পাদনা কৰি ৰবাৰ্ট বি. লেইটন আৰু মেথিউ ছেণ্ডছৰ সহযোগত তিনি বছৰৰ কষ্টৰ মূৰত “The Feynman Lectures on Physics” নামেৰে তিনিটা খণ্ডৰ গ্ৰন্থলানি প্ৰকাশ কৰে। প্ৰকাশৰ পাছৰ পৰাই সমগ্ৰ পৃথিৱীজুৰি পদাৰ্থবিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এই গ্ৰন্থলানি অৱশ্যপঠনীয় হিচাপে পৰিগণিত হৈ আহিছে।

চেলেঞ্জাৰ দূৰ্ঘটনা[সম্পাদনা কৰক]

শোকাৱহ চেলেঞ্জাৰ মহাকাশযান দূৰ্ঘটনাৰ তদন্ত কৰিবৰ কাৰণে গঠিত ৰ’জাৰ্ছ কমিছনৰ ফাইনমেনে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। দূৰদৰ্শনত প্ৰচাৰিত হোৱা তদন্ত সমিতিৰ এখন সংবাদ মেলত ফাইনমেনে যানখনৰ O-ring ত ব্যৱহৃত পদাৰ্থবিধৰ কম উষ্ণতাত স্থিতিস্থাপকতা কমি যায় বুলি বৰফগলা পানী আৰু পদাৰ্থবিধৰ সৰু আঙুঠি এটা লৈ প্ৰদৰ্শন কৰিছিল। পাছলৈ তদন্ত সমিতিৰ চূড়ান্ত প্ৰতিবেদনত দূৰ্ঘটনাৰ কাৰণ হিচাপে এই তথ্য দাঙি ধৰা হৈছিল। ফাইনমেনে এই তদন্ত প্ৰক্ৰিয়াত হোৱা সমগ্ৰ অভিজ্ঞতা পুংখানুপুংখভাৱে “What Do You Care What Other People Think?” নামৰ গ্ৰন্থত সন্নিৱিষ্ট কৰিছে।

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

ডক্টৰেট ডিগ্ৰীৰ বাবে গৱেষণা কৰি থকা সময়ছোৱাতে ফাইনমেনে প্ৰেয়সী আৰ্লীন গ্ৰীণবাউমৰ সৈতে বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা আৰ্লীন দূৰাৰোগ্য যক্ষ্মাৰোগত আক্ৰান্ত হোৱা বুলি গম পাই দুয়ো ততাতয়াকৈ বিবাহৰ সিদ্ধান্ত লয়। বিয়াৰ পাছত চিকিৎসালয়ত থকা আৰ্লীনক লগ ধৰিবলৈ ৰিচাৰ্ডে মানহাট্টন প্ৰজেক্টৰ পৰা সুবিধা পালেই বন্ধুৰ গাড়ী লৈ গৈছিল। ১৯৪৫ চনত আৰ্লীনৰ মৃত্যু হয়।

১৯৫২ চনত তেওঁ মেৰী লুইজ বে’লৰ সৈতে দ্বিতীয় বিবাহত বহে কিন্তু তেওঁলোকৰ সংসাৰ দীৰ্ঘস্থায়ী নহ’ল।

তাৰপাছত তেওঁ গোৱেনেথ হ’ৱাৰ্থৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু ফাইনমেনৰ মৃত্যুপৰ্যন্ত দুয়ো বিবাহিত হৈ থাকে। ১৯৬২ চনত তেওঁলোকৰ পুত্ৰ সন্তান কাৰ্লৰ জন্ম হয়। তেওঁলোকে ১৯৬৮ চনত মিছেল নামৰ এজনী ছোৱালী তুলি লয়।

পিছৰ জীৱনত ফাইনমেনে ছবি আঁকিবলৈ শিকিছিল। তেওঁ বংগো ড্ৰামৰ এজন অপেছাদাৰী বাদক আছিল আৰু Caltech ৰ অনুষ্ঠান কিছুমানত পৰিবাদন কৰিছিল।

মৃত্যু[সম্পাদনা কৰক]

ৰিচাৰ্ড ফিলিপছ ফাইনমেন Liposarcoma আৰু Waldenstrom’s macroglobulinemia নামৰ দুবিধ বিৰল কৰ্কট ৰোগত আক্ৰান্ত হৈছিল। ১৯৮৮ চনৰ ১৫ ফেব্ৰুৱাৰী তাৰিখে ৬৯ বছৰ বয়সত তেওঁৰ মৃত্যু হয়। ফাইনমেনৰ জীৱনৰ অন্তিম কথাষাৰ এইবুলি উল্লেখ আছে, “মই দ্বিতীয়বাৰ মৰিবলৈ নিবিচাৰো। মৰা কামটো বৰ আমনিদায়ক।”[8]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Tindol, Robert (December 2, 1999). "Physics World poll names Richard Feynman one of 10 greatest physicists of all time" (Press release). California Institute of Technology. Archived from the original on March 21, 2012. http://web.archive.org/web/20120321043038/http://media.caltech.edu/press_releases/12019। আহৰণ কৰা হৈছে: December 1, 2012. 
  2. West, Jacob (June 2003). "The Quantum Computer". http://www.xootic.nl/magazine/jul-2003/west.pdf। আহৰণ কৰা হৈছে: September 20, 2009. 
  3. "Richard P. Feynman – Biographical". The Nobel Foundation. http://www.nobelprize.org/nobel_prizes/physics/laureates/1965/feynman-bio.html। আহৰণ কৰা হৈছে: April 23, 2013. 
  4. "Guide to Nobel Prize – Richard P. Feynman". Guide to Nobel Prize – Richard P. Feynman. Encyclopaedia Britannica. http://www.britannica.com/nobelprize/article-9034161। আহৰণ কৰা হৈছে: March 31, 2013. 
  5. Schwach, Howard (April 15, 2005). "Museum Tracks Down FRHS Nobel Laureates". The Wave. http://www.rockawave.com/news/2005-04-15/Community/186.html। আহৰণ কৰা হৈছে: April 23, 2013. 
  6. Robert H. March. "Physics at the University of Wisconsin: A History". Physics in Perspective খণ্ড 5 (2): 130–149. doi:10.1007/s00016-003-0142-6. 
  7. LeVine 2009
  8. "Richard Feynman at Find a Grave". http://www.findagrave.com/cgi-bin/fg.cgi?page=gr&GRid=2562। আহৰণ কৰা হৈছে: October 4, 2008.