শিক্ষাৰ অধিকাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেপালৰ তিনিজন শিশুৱে কিতাপ পঢ়াৰ দৃশ্য

শিক্ষাৰ অধিকাৰ (ইংৰাজী: Right to education)ক বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত এক মানৱ অধিকাৰ হিচাপে মান্যতা প্ৰদান কৰা হৈছে, য'ত আৰ্থিক, সামাজিক, সাংস্কৃতিক অধিকাৰৰ আন্তঃৰাষ্ট্ৰীয় চুক্তিও সন্মিলিত হৈ আছে। এই চুক্তি অনুসৰি সকলোৰে বাবে বিনামূলীয়া, বাধ্যতামূলক প্ৰাথমিক শিক্ষাক মান্যতা প্ৰদান কৰা হৈছে, ইয়াৰ উপৰিও মাধ্যমিক শিক্ষাক সকলোৰে বাবে সুলভ কৰি তোলা, বিশেষ ভাৱে বিনামূলীয়া মাধ্যমিক শিক্ষাৰ প্ৰগতিশীল প্ৰাথমিক ব্যৱস্থা গ্ৰহণৰ লগতে সকলোৰে বাবে উচ্চশিক্ষাক সুলভ কৰি প্ৰগতিশীল পৰিচয় প্ৰদান কৰা আদি। আজি সমগ্ৰ বিশ্বতে ৭৫ মিলিয়ন শিশুক প্ৰতিদিনে স্কুললৈ যোৱাত বাধা প্ৰদান কৰা হয়।[1] ২০১৫ চনলৈকে ১৬৪খন ৰাজ্য এই চুক্তিৰ পক্ষপাতী আছিল।[2]

শিক্ষাৰ অধিকাৰত স্কুল আদিৰ দ্বাৰা প্ৰাথমিক শিক্ষা সাং কৰিব নোৱাৰা লোক সকলক বুনিয়াদী শিক্ষা প্ৰদানৰ দায়িত্বৰ কথাও উল্লেখ আছে। শিক্ষাৰ অধিকাৰে শিক্ষাৰ্থী সকলৰ মাজত কোনো ভেদাভেদ নোহোৱাকৈ, ন্যূনতম শৈক্ষিক মান বৰ্তাই ৰাখি শিক্ষা প্ৰদান কৰা আৰু শিক্ষাৰ গুণগত মান বৃদ্ধিৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে।

সংজ্ঞা[সম্পাদনা কৰক]

শিক্ষাৰ অধিকাৰক বৰ্ণনা কৰা ৰোমানিয়া সংবিধানৰ ধাৰা ৩২ প্ৰদৰ্শন কৰা ৰোমানিয়াৰ ঐতিহাসিক ডাক টিকট

শিক্ষা আনুষ্ঠানিক প্ৰাতিষ্ঠানিক নিৰ্দেশাৱলীৰ দ্বাৰা গঠিত। সাধাৰণত, আন্তৰ্জাতিক উপকৰণসমূহে এই অৰ্থত অভিধাটো ব্যৱহাৰ কৰে তথা আন্তৰ্জাতিক মানবাধিকাৰ উপকৰণৰ দ্বাৰা সুৰক্ষিত শিক্ষাৰ অধিকাৰে, এক সংকীৰ্ণ অৰ্থত প্ৰাথমিক বুনিয়াদী শিক্ষাক বুজায়। শিক্ষাৰ বৈষম্যৰ বিৰুদ্ধে ১৯৬০চনৰ ৰাষ্ট্ৰসংঘৰ সন্মিলনত শিক্ষাৰ সংজ্ঞা ধাৰা ১(২) এ এইভাবে সংজ্ঞায়িত কৰিছে: "শিক্ষাৰ সমস্ত প্ৰকাৰ তথা স্তৰ, (যেনে) শিক্ষাৰ প্ৰৱেশ, শিক্ষাৰ মান আৰু গুণগত মান, আৰু শৈক্ষিক স্থিতি, যাৰ অধীনত শিক্ষা প্ৰদান কৰা হৈছে।"[3]

বহল অৰ্থত শিক্ষা বুলিলে "সমস্ত ক্ৰিয়াকলাপ, যাৰ দ্বাৰা এটা মানৱ গোষ্ঠীয়ে তেওঁলোকৰ বংশধৰৰ নিৰ্দিষ্ট জ্ঞান তথা দক্ষতাৰ এক সুনিৰ্দিষ্ট ৰূপ বা নৈতিক নিয়মাৱলী যি এই দলটোক তিষ্ঠি থাকিবলৈ সক্ষম কৰে।"[3] এই অৰ্থত শিক্ষা বুলিলে বুজায় যে দৈনন্দিন জীৱন-যাত্ৰাৰ কাৰ্য সম্পাদনৰ বাবে প্ৰয়োজনীয় দক্ষতা সমূহ পৰৱৰ্তী প্ৰজন্মলৈ হস্তান্তৰ কৰা তথা নিৰ্দিষ্ট সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আৰু দাৰ্শনিক মূল্যবোধক আগলৈ অধিক বিস্তাৰ কৰা। মানবাধিকাৰ তথা মৌলিক স্বাধীনতা সম্পৰ্কিত আন্তৰ্জাতিক বোধগম্যতা, সহযোগিতা আৰু শান্তি শিক্ষা সম্পৰ্কিত শিক্ষাৰ বিষয়ে ৰাষ্ট্ৰসংঘৰ ১৯৭৪ চনৰ প্ৰস্তাবৰ অনুচ্ছেদ ১(ক)ত শিক্ষাৰ বিস্তৃত অৰ্থ স্বীকৃত হৈছে।[4]

সামাজিক জীৱনৰ গোটেই প্ৰক্ৰিয়াটোৰ যোগেদি ব্যক্তিবিশেষ আৰু সামাজিক গোটে অভ্যন্তৰৰ পৰা জাগ্ৰতভাৱে, আৰু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গোটৰ, আৰু নিজৰ ব্যক্তিগত সক্ষমতা, অধিবৃত্তি, যোগ্যতা আৰু জ্ঞানৰ লাভালাভৰ বাবে বিকাশ লাভ কৰিবলৈ শিকে।[3]

বাধ্যতামূলক শিক্ষা[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় স্তৰত শিক্ষাৰ অধিকাৰৰ উপলব্ধি বাধ্যতামূলক শিক্ষাৰ মাধ্যমে বা নিৰ্দিষ্টভাৱে বিনামূলীয়া বাধ্যতামূলক প্ৰাথমিক শিক্ষাৰ মাধ্যমেৰে অৰ্জন কৰিব পৰা যাব, যিটো নেকি মানবাধিকাৰৰ সৰ্বজনীন ঘোষণাপত্ৰ তথা অৰ্থনৈতিক, সামাজিক ও সাংস্কৃতিক অধিকাৰ সম্পৰ্কিত আন্তৰ্জাতিক চুক্তি উভয় ক্ষেত্ৰতেই উল্লেখ কৰা হৈছে।[5][6]

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন (ভাৰত)[সম্পাদনা কৰক]

অসমৰ এখন বিদ্যালয়ত শিশুক বিনামূলীয়া পাঠ্যপুথি বিতৰণ

ই হৈছে ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। যিয়ে ভাৰতীয় সংবিধানৰ ধাৰা ২১(ক)ৰ অধীনত ৬ ৰ পৰা ১৪ বছৰৰ শিশুসকলৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ বিভিন্ন বিষয় আৰু প্ৰয়োজনীয়তা সমূহৰ ব্যাখ্যা আগবঢ়াইছে।[7]

২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে পৰিগণিত হয়।[8][9][10] শিক্ষা আইনখনে 'বিনামূলীয়া আৰু বাধ্যতামূলক' শব্দ দুটাৰ সমন্বয় ঘটাইছে। বিনামূলীয়া শিক্ষাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰা শিশুসকলক বাদ দি বাকী কোনো শিশুয়েই কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে। 'বাধ্যতামূলক শিক্ষা'ই চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষক ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাবে প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাকৈ নামভৰ্তি আৰু নিয়মীয়া উপস্থিতিৰ দায়িত্ব প্ৰদান কৰিছে।

২০০৯ চনৰ ২ জুলাইত কেবিনেটত আইনখন অনুমোদিত হৈছিল।[11] একেটা বছৰৰ ২০ জুলাইত ৰাজ্যসভাত[12] পাছ হোৱাৰ পিছত ৪ আগষ্টত লোকসভাত গৃহীত হয়।[13] ৰাষ্ট্ৰপতিৰ সন্মতি লাভ কৰাৰ[14] পিছত ২০০৯ চনৰ ২৬ আগষ্টত এইখন শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইনৰূপে পৰিগণিত হয়।[15]

জম্মু আৰু কাশ্মীৰৰ বাহিৰে সমগ্ৰ ভাৰততে ২০১০ চনৰ ১ এপ্ৰিলৰ পৰা আইনখন বলৱৎ কৰা হয়। সেই সময়ৰ ভাৰতীয় প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ বক্তৃতাৰ দ্বাৰা আইনখন বলৱৎ হোৱাত ভাৰতীয় ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে বক্তৃতাৰে এখন আইন বলৱৎ কৰা হয়। ড॰ মনমোহন সিঙে তেওঁৰ বক্তৃতাত কয়, "লিংগবৈষম্য আৰু সামাজিক বৈষম্য আঁতৰাই সকলো শিশুৰ শিক্ষা লাভ নিশ্চিতকৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ। সেই শিক্ষা হʼব দায়িত্বশীল আৰু সক্ৰিয় নাগৰিক হিচাপে গঢ়ি তুলিব পৰা প্ৰয়োজনীয় দক্ষতা, জ্ঞান, নীতি আৰু আহৰণ কৰিব পৰা শিক্ষা।" ২০১৯ চনত কেন্দ্ৰীয় শাসিত অঞ্চল ঘোষিত হোৱাৰ পিছত জম্মু আৰু কাশ্মীৰতো এই আইন বলৱৎ হয়।[16]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "What is HRBAP? | Human Rights-based Approach to Programming | UNICEF". UNICEF. Archived from the original on 2016-10-02. https://web.archive.org/web/20161002080956/http://www.unicef.org/policyanalysis/rights/index_62012.html। আহৰণ কৰা হৈছে: 2016-09-28. 
  2. "UN Treaty Collection: International Covenant on Economic, Social and Cultural Rights". UN. 3 January 1976. https://treaties.un.org/Pages/showDetails.aspx?objid=080000028002b6ed। আহৰণ কৰা হৈছে: 21 November 2016. 
  3. 3.0 3.1 3.2 Beiter, Klaus Dieter (2005). The Protection of the Right to Education by International Law. প্ৰকাশক The Hague: Martinus Nijhoff. পৃষ্ঠা. 19. ISBN 90-04-14704-7. 
  4. Beiter, Klaus Dieter (2005). The Protection of the Right to Education by International Law. Martinus Nijhoff Publishers. পৃষ্ঠা. 226–227. ISBN 9789004147041. https://books.google.com/books?id=VWs2UCuG-XQC&q=%22right+to+education%22. 
  5. Article 26, Universal Declaration of Human Rights
  6. Article 14, International Covenant on Economic, Social and Cultural Rights
  7. "Provisions of the Constitution of India having a bearing on Education". Department of Higher Education. Archived from the original on 1 February 2010. https://web.archive.org/web/20100201181216/http://www.education.nic.in/constitutional.asp। আহৰণ কৰা হৈছে: 1 April 2010. 
  8. Aarti Dhar (1 April 2010). "Education is a fundamental right now". The Hindu. http://www.thehindu.com/news/national/article337111.ece. 
  9. "India launches children's right to education". BBC News. 1 April 2010. http://news.bbc.co.uk/2/hi/8598167.stm. 
  10. "India joins list of 135 countries in making education a right". The Hindu News. 2 April 2010. http://www.thehindu.com/news/national/article365232.ece. 
  11. "Cabinet approves Right to Education Bill". The New Indian Express. 2 July 2009. Archived from the original on 23 October 2013. https://web.archive.org/web/20131023141338/http://newindianexpress.com/nation/article90087.ece। আহৰণ কৰা হৈছে: 2 July 2009. 
  12. "Rajya Sabha passes Right to Education bill". The News Indian Express. 20 July 2009. Archived from the original on 28 August 2016. https://web.archive.org/web/20160828145108/http://www.newindianexpress.com/nation/article97310.ece. 
  13. "Parliament passes landmark Right to Education Bill". The Indian Express. 4 August 2009. http://www.indianexpress.com/news/parliament-passes-landmark-right-to-education-bill/497964/. 
  14. "The Right of Children to Free and Compulsory Education Act, 2009 notified". Press Information Bureau. 3 September 2009. http://pib.nic.in/release/release.asp?relid=52370। আহৰণ কৰা হৈছে: 1 April 2010. 
  15. "Right to Education Bill 2009" (PDF). Archived from the original on 12 February 2012. https://web.archive.org/web/20120212101037/http://education.nic.in/Elementary/free%20and%20compulsory.pdf। আহৰণ কৰা হৈছে: 1 September 2010. 
  16. "Prime Minister's Address to the Nation on The Fundamental Right of Children to Elementary Education". Pib.nic.in. http://www.pib.nic.in/release/release.asp?relid=60001। আহৰণ কৰা হৈছে: 1 September 2010.