সমললৈ যাওক

ৱিকিপত্ৰিকা, জুন-২০১৯

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
জুন ২০১৯ সংখ্যা
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক

প্ৰতিনিয়ত পেটৰ তাড়নাত পৰি কৰা কামৰ ফাঁকে ফাঁকে মনকো আহাৰ যোগাব লাগে। নহ'লে মনে বিদ্ৰোহ কৰে। মন সুখেৰে নাথাকিলে দেহেও বিদ্ৰোহ কৰিবলৈ ধৰে। সেয়ে মনক চম্ভালি ৰাখিবৰ বাবে মনে ভালপোৱা কিবা-কিবি কৰি থকা হয়। মনৰ তাগিদাত কৰা এই কামবোৰৰ ভিতৰতে আছিল অনলাইন আলোচনী 'বৌদ্ধিক-বিচাৰ'ৰ কাম। সহ সম্পাদক ৰূপে আলোচনীখনৰ কেইবাটাও শিতান চম্ভালিব লগা হৈছিল। ৰুচি আছিল বেছিকৈ 'শিল্পকলা' শিতানত। এই 'শিল্পকলা' শিতানত অন্তৰ্ভুক্তিৰ নিমিত্তে অসমৰ চিত্ৰশিল্পীসকলৰ জীৱন বিষয়ক টোকা কিছু লিখাৰ কথা ভৱা হৈছিল। একে প্ৰয়োজনতে কি পাওঁ বুলি ৱিকিপিডিয়াত খুঁচৰি যেতিয়া বিশেষ একো নাপালোঁ আৰু ইতিমধ্যে, ঘটনাক্ৰমে বৌদ্ধিক বিচাৰৰো দায়িত্ব এৰিলোঁ। ভাবিলোঁ আজৰি সময়ত মই নিজেই দেখোন অসমৰ চিত্ৰশিল্পীসকলৰ বিষয়ে ৱিকিপিডিয়াত লিখিব পাৰোঁ। অসমৰ এজন লেখৰ আৰ্টিষ্ট দেৱানন্দ উলুপদেৱৰ সাক্ষাৎকাৰ এটা লৈছিলোঁ ২০১৭/১৮ চনত। এই সাক্ষাৎকাৰটিকে তথ্য উৎস ৰূপে লৈ 'দেৱানন্দ উলুপ' নামেৰে ৱিকিপিডিয়াত মোৰ প্ৰথমটো লেখা লিখিলোঁ। কাৰো সহায় অবিহনে, আগতে ৱিকিপিডিয়াত কোনোবা এজনে লিখি থোৱা 'নীলপৱন বৰুৱা' পৃষ্ঠা চাই চাই মই 'দেৱানন্দ উলুপ' লেখাটো লিখিছিলোঁ। এতিয়ালৈ গম পাইছোঁ যে মোৰ লিখাটো একেবাৰে সাধাৰণ মানৰ। অসমীয়া ৱিকিপিডিয়াত যথেষ্ট উচ্চখাপৰ প্ৰবন্ধ আৰু জীৱনীমূলক লেখা আছে। যিনহওঁক, এই লেখাটোৰে মই ক্ৰমশঃ ৱিকিপিডিয়া পৰিয়ালত সোমাই পৰিলোঁ।

ফেচবুকৰ 'অসমীয়াত কথা-বতৰা' গোটত এদিন গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউটৰ অধ্যাপক শ্ৰীমান প্ৰাঞ্জল দাসৰ 'ৱিকিপিডিয়াত কেনেকৈ লিখিব' লেখাটো পঢ়ি ৱিকিপিডিয়াত লগ ইন কৰিবলৈ শিকিছিলোঁ, একেদৰে এদিন 'অসমীয়াত কথা-বতৰা' গোটত এটি পষ্ট পঢ়ি ফেচবুকত 'আচামিজ ৱিকিপিডিয়া কম্যুনিটি' বুলি এটা পেইজ আছে বুলি গম পালোঁ। সেই পেইজতে জানিলোঁ ৱিকিউৎসৰ বিষয়ে। ৱিকিৰ সক্ৰিয় সদস্য চাণক্য কুমাৰ দাস আৰু দিব্য দত্তই (বৰ্তমান প্ৰশাসক) মোৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি মোক ভালেখিনি আগুৱাই লৈ গ'ল। ইয়াতে ৱিকিউৎসৰ কামৰ বিষয়ে গম পালোঁ আৰু ময়ো ৱিকিউৎসত প্ৰুফ ৰিডিঙৰ কাম কৰিবলৈ ধৰিলোঁ। কাৰিকৰী কথাবোৰ সুধি ৱিকিৰ আন এজন প্ৰশাসক ডা° গীতাৰ্থ বৰদলৈক আমনি কৰোঁ। পিছে অলপো আমনি পাইছোঁ বুলি অনুভৱ কৰিবলৈ নিদিয়াকৈ গীতাৰ্থই মোক আগবঢ়াত বহুখিনি সহায় কৰিলে।

নব্বৈৰ দশকত নতুন প্ৰযুক্তিৰ সৈতে চিনাকী বুলিবলৈ ঘৰত দুয়োফালে মাইকা লগোৱা মস্ত কাঠৰ বাকচৰ এটা টিভি আছিল। আমাৰ ঘৰতে থাকি টিভি ইঞ্জিনিয়াৰিং পঢ়ি থকা ল'ৰা এজনে এইটো সাজি উলিয়াছিল। প্ৰতি দেওবাৰে ৰামায়ণ চাবলৈ অহা দৰ্শকৰে ঘৰ ভৰি পৰিছিল। তাৰো এক দশক পিছতহে ডেক্সটপ কম্পিউটাৰটো হাতেৰে চুই চাবলৈ পাইছিলোঁ। মেইল কৰাৰ বাহিৰেও যে ইয়াতে লিখিব-পঢ়িব পাৰি, সেয়া বুজিবলৈ লাগিল আৰু এটা দশক। এই দশকত, দিগন্ত কুমাৰ ভট্টাচাৰ্য, ঈশান জ্যোতি বৰাৰ দৰে কিছু নিস্বাৰ্থ, নিৰপেক্ষ মানুহৰ সাহসত আৰু আন্তৰিক প্ৰচেষ্টাত কিছু কাৰিকৰী জ্ঞান লভিলোঁ। সেই সাহসেই ৱিকিপত্ৰিকাত মনৰ কথা লিখিবলৈ পোৱা সাহস।

ভাষা মাতৃ। মা বুলি আপোন মাতৃক সম্বোধি জীৱনৰ প্ৰথমটো আগ্ৰহক মুখফুটাই কোৱাৰ যি আৱেগ, সেয়ানো জীৱন থাকে মানে এৰোঁ কেনেকৈ? এই আৱেগেই আপোন ভাষাটোক হানি-বিঘিনি হ'বলৈ নিদিয়াকৈ আটোমটোকাৰিকৈ আগবঢ়াই নিব। আমি মাত্ৰ দায়িত্ব বুজি কাম কৰিলেই হ'ল। বয়সত আগবঢ়া হৈও আমি নিজে বহুজন প্ৰতিভাৱান ৱিকিপিডিয়ানতকৈ কামৰ ক্ষেত্ৰত পিছপৰা। তেওঁলোকে নিজৰ লগতে আমাকো আগবঢ়াই লৈ যাব আৰু ভাষামাতৃৰ হকে আমি এনেদৰে ঐক্যৱদ্ধ হৈ ভাল কামবোৰ কৰি গৈ থাকিম বুলি আশাবাদী। এই আশা আৰু কাম কৰি থকাৰ প্ৰতিশ্ৰুতিৰে,

ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
নিক'লা টেছলা

নিক'লা টেছলা (১০ জুলাই, ১৮৫৬ – ৭ জানুৱাৰী, ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়। পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ (Rotating Magnetic Field) আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। বিদ্যুৎ পৰিৱহনৰ তিনিতৰপীয়া প্ৰণালীটোৰো (Three Phase System) মূল্যৱান বিকাশ সাধন কৰিছিল নিক'লা টেছলাই। ১৮৮৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰিৱৰ্তী প্ৰৱাহচালিত ডাইনাম', ট্ৰেন্সফৰ্মাৰ,আৰু মটৰৰ পেটেণ্টৰ স্বত্বসমূহ জৰ্জ ৱেষ্টিংহাউছক বিক্ৰী কৰে। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল।

পৃথিৱী পোহৰাই তোলা এই জিনিয়াছজনক এতিয়া টেছলা নামৰ এটা এককৰ জৰিয়তে স্মৰণ কৰা হয়। টেছলা হৈছে চুম্বকীয় অভিৱাহ ঘনত্ব (Magnetic Flux Density) ৰ একক।

আৰু পঢ়ক...
সৃষ্টি কৰা প্ৰবন্ধসমূহ
মে’-২০১৯ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
  1. আহোম সৈন্যবাহিনী
  2. চাওফা
  3. গগৈ
  4. বিশ্ব পশু চিকিৎসা দিৱস
  5. মল্লিকা ফুল
  6. চীনা গোলাপ
  7. আহোম লিপি
  8. বুঢ়াগোহাঞি
  9. ফণী (ঘূৰ্ণীবতাহ)
  10. চৈয়দ আকবৰুদ্দিন
  11. ‎এনডিএফবি
  12. টিকটক
  13. ‎ফুকন
  14. তুংখঙিয়া
  15. বিশ্ব হাঁহি দিৱস
  16. শিয়ালকাঁটা
  17. হিম’গ্ল’বিন
  18. খেউন ৰৌণ মাই ক্ব
  19. ৰেৱতী ফুল
  20. জুহি ফুল
  21. কঁঠাল
  22. প্ৰভাতী
  23. কামিনী কাঞ্চন
  24. ভূমি চম্পা
  25. তিতা চঁপা
  26. অৰবিন্দ ৰাজখোৱা
  27. তাঈ জাতি
  28. প্ৰেমনাৰায়ণ দত্ত
  29. নিক'লা টেছলা
  30. ‎ভাৰতীয় প্ৰশাসনিক সেৱা
  31. সাধাৰণ আপেক্ষিকতাবাদ
  32. কলেষ্টেৰল
  33. হৃদয় কঁপোৱা গান
  34. প্ৰকাশ
  35. লতা কৰৱী
  36. জয়ন্ত নাথ
  37. শামুক
  38. পৰিমেয় সংখ্যা
  39. স্মাৰ্টফোন
  40. যোগাত্মক বিপৰীত সংখ্যা
  41. টেলিস্ক'প ৰেকৰ্ডছ
  42. পানিকা ফুল
  43. উৎপাদক (গণিত)
  44. অপৰিমেয় সংখ্যা
  45. অনুপাত
  46. মন ডিমৰু
  47. মৌ ডিমৰু
  48. ২১ মে'
  49. কৰমা কে ৰাতি
  50. ২২ মে'
  51. ২৪ মে'
  52. ২৫ মে'
  53. ২৬ মে'
  54. ২৭ মে'
  55. ২৯ মে'
  56. ২৮ মে'
  57. ৩০ মে'
  58. ৩১ মে'
  59. ‎ঝাওবন
  60. মেজাংকৰি
  61. ৰাঁচী
  62. ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬
  63. সাক্ষৰতাৰ হাৰ অনুযায়ী ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ তালিকা
  64. মাজুআই
  65. অমিয়া ৰাজবংশী
  66. বৰফ
  67. তুষাৰ
  68. ঋণাত্মক অখণ্ড সংখ্যা
  69. হেপাটাইটিছ চি
  70. ডিপথেৰীয়া
  71. ‎আহোম মুদ্ৰা
  72. বেণু মিশ্ৰ
  73. ৰাধিকামোহন ভাগৱতী
  74. ‎‎মাম্প্‌ছ
  75. ধনাত্মক অখণ্ড সংখ্যা
  76. জঁ-জাক ৰুছ’
  77. ১৭ ফেব্ৰুৱাৰী
  78. ১৯ ফেব্ৰুৱাৰী
  79. হিজল
  80. ‎বতৰ
  81. বতাহ
  82. গোবিন্দপ্ৰসাদ শৰ্মা
  83. হীৰা
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
অসমৰ বনাঞ্চলত দেখা পোৱা এবিধ আপুৰুগীয়া প্ৰাণী সোণালী বান্দৰ। এই বান্দৰক বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত আই ইউ চি এন ৰঙা তালিকাত বিলুপ্তপ্ৰায় প্ৰজাতি ৰূপে চিহ্নিত কৰা হৈছে৷
আলোকচিত্ৰশিল্পী: Yathin S Krishnappa
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিপিডিয়ান
গীতাৰ্থ বৰদলৈ
পথ প্ৰদৰ্শকৰ পদক
বিষ্ণু শইকীয়া
অক্লান্ত কৰ্মী পদক
নিতুল বৰা
কাৰিকৰী বিশেষজ্ঞ পদক
দিব্য দত্ত
আয়োজক পদক
গীতাৰ্থ বৰদলৈ
ৱিকিমিডিয়া প্ৰচাৰ পদক
চাণক্য কুমাৰ দাস
অজয় দাস‎
ৱিকিউৎসৰ উদীয়মান সম্পাদক
ভাস্কৰজ্যোতি ভূঞা
নয়ন জ্যোতি নাথ
গীতাৰ্থ কৌশিক
তাজনীন হুছেইন
বিদ্যুৎ শৰ্মা
অজয় দাস
ৱিকিউৎসৰ সহযোগিতা পদক
বাবুল বৈশ্য
অনিমেষ বৰা
ঈশান জ্যোতি বৰা
প্ৰাণজ্যোতি নাথ
অনামিকা বড়া
জলি বৰা




উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৫৫১৮ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত গ্ৰন্থৰ সংখ্যা ১৪৫ খনলৈ বৃদ্ধি পালে।
  • ৱিকিউৎসত মে' ২০১৯ মাহটোক পদ্মনাথ গোহাঞিবৰুৱা মাহ হিচাপে পালন কৰা হয়৷ এইমাহৰ উল্লেখযোগ্য সহযোগিতামূলক কাম হৈছে-

পদ্মনাথ গোহাঞিবৰুৱাৰ

অন্য গ্ৰন্থ:

  • ১১ আৰু ১২ মে’ ২০১৯ তাৰিখে গুৱাহাটীত প্ৰথম অসমীয়া ৱিকিউৎস কৰ্মশালা অনুষ্ঠিত হয়। সবিশেষ জানিবলৈ এই পৃষ্ঠা চাওক।
কৰ্মশালাৰ অন্তত সমূহীয়া ছবি
কৰ্মশালাৰ অন্তত সমূহীয়া ছবি


পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
গীতাৰ্থ বৰদলৈ৭৬১,৩৭২৫৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
বিষ্ণু শইকীয়া৬৫৮১৭১৮১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা১২০৫৭২১০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
প্ৰাণজ্যোতি নাথ৩২৫৩৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
জলি ৰুমী বৰা১১০৩৪৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
দিব্য দত্ত৩৩৫৬০২১৫৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ভাস্কৰজ্যোতি ভূঞা৪৩৩০২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা(চুমু) বড়া৩১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী৯৫২০১৩০৪৯৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০বাবুল বৈশ্য২৬৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১নিতুল বৰা১৬৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২বিদ্যুৎ শৰ্মা৭৯ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩নয়ন জ্যোতি নাথ২৮৫০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪অনিমেষ বৰা৮৫১২ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।