শিয়ালকাঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
শিয়ালকাঁটা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
বৰ্গ: Ranunculales
পৰিয়াল: Papaveraceae
গণ: Argemone
প্ৰজাতি: mexicana
বৈজ্ঞানিক নাম
A. mexicana
L.
ভাৰতৰ ঝাৰখণ্ডত শিয়ালকাঁটা গছ
Argemone mexicana

শিয়ালকাঁটা বা Argemone mexicana (মেক্সিক'ৰ আফু,[1] Mexican prickly poppy, flowering thistle,[2] cardo বা cardosanto) আফুৰ এক প্ৰজাতি। প্ৰথমে মেক্সিক'ত পোৱা এই গছ এতিয়া গোটেই বিশ্বতে বিয়পি পৰিছে। ই প্ৰখৰ খৰাং আৰু বেয়া মাটি সহ্য কৰিব পাৰে। ইয়াৰ পৰা উজ্জ্বল হালধীয়া ৰঙৰ তৰুক্ষীৰ ওলায়। গছ-বন খাই ফুৰা জন্তুৰ বাবে ই বিষস্বৰূপ। কিন্তু মেক্সিক'ৰ কোনো অঞ্চল, পশ্চিম আমেৰিকাৰ স্থানীয় লোক আৰু ভাৰতৰো বহু লোকে ইয়াক দৰব হিচাপে ব্যৱহাৰ কৰে। শিয়ালকঁটাৰ ফুল মাৰ্চ মাহমানত বেছিকৈ ফুলে আৰু সেই সময়ছোৱাত ভাৰতৰ বহু প্ৰান্তত হোৱা হোলিকা দহন উৎসৱত মানুহে এই ফুলেৰে পূজা কৰে।

ৰাসায়নিক উপাদান[সম্পাদনা কৰক]

শিয়ালকাঁটাৰ গুটিত ২২–৩৬% লৈকে শেঁতা হালধীয়া বৰণৰ খোৱাৰ অনুপযোগী argemone oil নামৰ তেল থাকে য'ত বিষাক্ত এল্‌কালয়ড sanguinarine আৰু dihydrosanguinarine পোৱা যায়।

শিয়ালকাঁটাৰ গছৰ পৰা আন চাৰিবিধ এল্‌কালয়ড dehydrocorydalmine, jatrorrhizine, columbamine, আৰু oxyberberine নিষ্কাষণ কৰা হৈছে।[3]

গছজোপাৰ ফল কাটিলে berberine আৰু protopine থকা তৰুক্ষীৰ ওলায়।

বিষপ্ৰভাৱ[সম্পাদনা কৰক]

এই গছৰ গুটিবোৰ দেখাত প্ৰায় সৰিয়হৰ গুটিৰ দৰে। সেইবাবে শিয়ালকাঁটা গুটিৰে সৰিয়হ ভেজাল কৰাৰ ফলত ই বিষাক্ত হৈ পৰে। ভাৰত, ফিজি দক্ষিণ আফ্ৰিকা আৰু অন্যান্য দেশত শিয়ালকাঁটাৰ বিষপ্ৰভাৱৰ ঘটনা ঘটিছে। ১৯৯৮ চনত ভাৰতত ই Epidemic dropsy নামেৰে মহামাৰীৰ ৰূপ লৈছিল। এই ৰোগত ৰোগীৰ ভৰি দুখন বৰকৈ ফুলি উঠে। মিঠাতেলত শিয়ালকাঁটা তেলৰ ১% ভেজাল থাকিলেও ৰোগৰ সৃষ্টি হয়।[4] ভাৰতত পৰিমাণ বঢ়াবলৈ শিয়ালকাঁটাৰ তেলত সূৰ্যমুখী তেল আৰু তিলৰ তেল যোগ কৰা হয়, কিন্তু এই কামে স্বাস্থ্য হানি কৰে। ফলত বহু তেলৰ ব্ৰেণ্ডে আজিকালি "no argemone oil" বুলি লিখি দিয়ে।[5]

পৰম্পৰাগত ঔষধ[সম্পাদনা কৰক]

শিয়ালকাঁটাৰ ফল

মেক্সিক'ৰ ছন'ৰা প্ৰদেশৰ ছেৰি লোকসকলে গোটেই গছজোপা কেঁচাকৈ বা শুকুৱাই ব্যৱহাৰ কৰে। ই বৃক্কৰ বিষ কমায়, ছিগা গৰ্ভফুল বাহিৰ কৰে আৰু সন্তান জন্মৰ পাছত শৰীৰ শুদ্ধ কৰে বুলি বিশ্বাস কৰা হয়।[6]

স্পেনীয় লোকসকল ছন'ৰা আহোঁতে তেওঁলোকে এই গছক ঔষধৰ তালিকাত অন্তৰ্ভুক্ত কৰে। ইয়াৰ গুটিবোৰ শৌচ ঢিলা কৰিলৈ ব্যৱহৃত হৈছিল।[7]

মালিৰ পৰম্পৰাগত বৈদ্যই শিয়ালকাঁটা চাহ মেলেৰিয়াৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰে।[8] এই ব্যৱহাৰ জটিলতা নথকা মেলেৰিয়াৰ চিকিৎসাৰ ক্ষেত্ৰত অধ্যয়ন কৰা হৈছে।[9][10] এটা অধ্যয়নৰ ৭৩% ৰোগীয়ে লক্ষণ ভাল পাইছিল, কিন্তু সৰহভাগৰে তেজৰ পৰা পৰজীৱী আঁতৰ হোৱা নাছিল।[11] আন এক অধ্যয়নে প্ৰকাশ কৰে যে গ্ৰাম্যাঞ্চলত মেলেৰিয়াৰ আধুনিক চিকিৎসা পোৱাত পলম হ'লে শিয়ালকাঁটা ফাষ্ট-এইড হিচাপে ব্যৱহাৰ কৰিব পাৰি।[12]

ভাৰতৰ তামিলনাডু এই গছৰ ফুল গোটেই ৰাতি পানীত ডুবাই সেই পানী চকুৰ ৰোগৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। ইয়াৰ লগতে ছালৰ ৰোগ, হাওঁফাওঁৰ ৰোগ, দাঁতৰ ৰোগ আদিতো ইয়াৰ ব্যৱহাৰ কৰা হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "BSBI List 2007" (xls). Botanical Society of Britain and Ireland. http://www.bsbi.org.uk/BSBIList2007.xls। আহৰণ কৰা হৈছে: 2014-10-17. 
  2. Thomas C. Fuller (1986). Poisonous plants of California. University of California Press. পৃষ্ঠা. 201–. ISBN 978-0-520-05569-8. https://books.google.com/books?id=0-op0XwlDmQC&pg=PA201। আহৰণ কৰা হৈছে: 21 April 2013. 
  3. Singh, S.; Singh, T. D.; Singh, V. P.; Pandey, V. B. (February 2010). "Quaternary Alkaloids of Argemone mexicana". Pharmaceutical Biology খণ্ড 48 (2): 158–160. doi:10.3109/13880200903062622. PMID 20645832. 
  4. "Epidemic dropsy". WHO South East Asia Regional Office. Archived from the original on August 21, 2006. https://web.archive.org/web/20060821215951/http://w3.whosea.org/techinfo/dropsy.htm। আহৰণ কৰা হৈছে: 2006-11-17. 
  5. "What is argemone oil?". The Times of India. The Times of India. 31 August 2008. http://timesofindia.indiatimes.com/home/sunday-times/What-is-argemone-oil/articleshow/3426512.cms। আহৰণ কৰা হৈছে: 3 July 2016. 
  6. Felger, R. S.; Moser, M. B. (1985). People of the Desert and Sea. প্ৰকাশক Tucson, AZ: University of Arizona Press. 
  7. Moore, M. (1990). Los Remedios: Traditional Herbal Remedies of the Southwest. প্ৰকাশক Santa Fe, NM: Museum of New Mexico Press. 
  8. Willcox, M. L.এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত শব্দ "etal" (2007). "Argemone mexicana Decoction for the Treatment of Uncomplicated Falciparum Malaria". Transactions of the Royal Society of Tropical Medicine and Hygiene খণ্ড 101 (12): 1190–1198. doi:10.1016/j.trstmh.2007.05.017. PMID 17920092. 
  9. Merlin L Willco; Bertrand Graz; Jacques Falquet; Chiaka Diakite; Sergio Giani; Drissa Diallo (2011). "A "reverse pharmacology" approach for developing an anti-malarial phytomedicine". Malaria Journal খণ্ড 10 (Suppl 1): S8. doi:10.1186/1475-2875-10-S1-S8. PMID 21411019. 
  10. "Drug Developers Take a Second Look at Herbal Medicines". Scientific American. 2014-01-06. http://www.scientificamerican.com/article/drug-developers-take-a-second-look-at-herbal-medicines. 
  11. Merlin L. Willcox; Bertrand Graz; Jacques Falquet; Oumar Sidibé; Mathieu Forster; Drissa Diallo (2007). "Argemone mexicana decoction for the treatment of uncomplicated falciparum malaria". Trans R Soc Trop Med Hyg খণ্ড 101 (12): 1190–1198. doi:10.1016/j.trstmh.2007.05.017. PMID 17920092. 
  12. Bertrand Graza; Merlin L. Willcoxa; Chiaka Diakiteb; Jacques Falqueta; Florent Dackuo; Oumar Sidibe; Sergio Giani; Drissa Diallo (2010). "Argemone mexicana decoction versus artesunate-amodiaquine for the management of malaria in Mali: Policy and public-health implications". Trans R Soc Trop Med Hyg খণ্ড 104 (1): 33–41. doi:10.1016/j.trstmh.2009.07.005.