ডিপথেৰীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডিপথেৰীয়া (Diphtheria)
ডিপথেৰীয়াত ডিঙি ফুলি যাব পাৰে; চিকিৎসা বিজ্ঞানত ইয়াক bull neck (বলধৰ ডিঙি) বোলে।[1]
বিভাগ সংক্ৰামক ৰোগ
লক্ষণ ডিঙি বেয়া লগা, জ্বৰ, খুব বেছি কাহ[2]
আৰম্ভণি সংস্পৰ্শৰ ২-৫ দিনৰ পাছত[1]
কাৰণ Corynebacterium diphtheriae (প্ৰত্যক্ষ সংস্পৰ্শ আৰু বতাহৰ জৰিয়তে বিয়পে)[1]
ৰোগ নিৰূপণ ডিঙিৰ পৰীক্ষা, অণুজীৱৰ কাল্‌চাৰ[2]
প্ৰতিৰোধ ডিপথেৰীয়া প্ৰতিষেধক[1]
চিকিৎসা প্ৰতিজৈৱিক, শ্বাসনলীত ছিদ্ৰ কৰা[1]
পুনৰাবৃত্তি ৪,৫০০ (২০১৫ চন)[3]
মৃত্যু ২,১০০ (২০১৫ চন)[4]

ডিপথেৰীয়া বা ঘোঁৰা--শলখা Corynebacterium diphtheriae নামৰ বেক্টেৰিয়াবিধে কৰা এক সংক্ৰামক ৰোগ।[1] ৰোগৰ লক্ষণ আৰু চিহ্ন অলপীয়াৰ পৰা তীব্ৰ হ'ব পাৰে।[2] সাধাৰণতে বীজাণুৰ সংস্পৰ্শলৈ অহা দুইৰ পৰা পাঁচ দিনৰ পাছত ৰোগ আৰম্ভ হয়।[1] ডিঙি বেয়া লগা (sore throat) আৰু জ্বৰেৰে লক্ষণবোৰ আৰম্ভ হয়।[2] তীব্ৰ ৰোগত ডিঙিৰ ভিতৰত এখন ধোঁৱাবৰণীয়া বা বগা আৱৰণী গঢ়ি উঠে।[1][2] শ্বাসৰ পথ ৰুদ্ধ কৰি ই সজোৰ কাহৰ সৃষ্টি কৰিব পাৰে।[2] লসিকা গ্ৰন্থিবোৰ ডাঙৰ হৈ ডিঙি ফুলি উঠিব পাৰে।[1] ছাল, চক আৰু যৌনাংগ আক্ৰান্ত হোৱা এবিধ ডিপথেৰীয়াও দেখা যায়।[1][2] জটিলতাৰ ভিতৰত মায়'কাৰ্ডাইটিছ (হৃদপেশীৰ প্ৰদাহ), পেৰিফেৰেল নিউৰ'পেথী (স্নায়ুৰ প্ৰদাহ), বৃক্কৰ ৰোগ আৰু অণুচক্ৰিকা কমি ৰক্তক্ষৰণ হোৱা প্ৰধান।[1] মায়'কাৰ্ডাইটিছৰ ফলত হৃদস্পন্দনৰ খেলিমেলি হয় আৰু নিউৰ'পেথীৰ ফলত পক্ষাঘাত হ'ব পৰে।[1]

ডিপথেৰীয়া সাধাৰণৰে মানুহৰ মাজৰ প্ৰত্যক্ষ সংস্পৰ্শৰে বা বতাহৰ যোগেৰে বিয়পে।[1][5] বীজাণুযুক্ত বস্তুৰ মাধ্যেমেৰেও ই বিয়পে।[1] কোনো লোকে লক্ষণ নোহোৱাকৈ বেক্টেৰিয়াবিধ কঢ়িয়াই ফুৰে আৰু আন ব্যক্তিক আক্ৰান্ত কৰিব পাৰে।[1] C. diphtheriaeৰ তিনিটা মূল প্ৰকাৰে ভিন ভিন প্ৰাবল্যৰ ৰোগ কৰে।[1] বেক্টেৰিয়াবিধে তৈয়াৰ কৰা এবিধ বিহৰ (exotoxin) ফলত লক্ষণবোৰে দেখা দিয়ে।[2] ডিঙিৰ অৱস্থালৈ চাই আৰু জীৱাণুৰ কাল্‌চাৰ কৰি ৰোগ ধৰা পেলাব পাৰি।[2] আগতে হোৱা সংক্ৰমণে ভৱিষ্যতৰ সংক্ৰমণক বাধা দিব নোৱাৰে।[2]

ডিপথেৰীয়া প্ৰতিষেধকে ৰোগ প্ৰতিৰোধ কৰিব পাৰে।[1] শিশুকালত ধনুষ্টংকাৰৰ প্ৰতিষেধক আৰু হুপিং কাহৰ প্ৰতিষেধকৰ লগত তিনি বা চাৰিবাৰ এই বেজী দিয়া হয়।[1] তাৰ পাছত প্ৰতি দহ বছৰত ডিপথেৰীয়া-ধনুষ্টংকাৰ প্ৰতিষেধক দিয়া উচিত।[1] তেজত এণ্টিটক্সিন ধৰা পেলাই প্ৰতিষেধকৰ কুশলতা নিৰ্ণয় কৰিব পাৰি।[1] এৰীথ্ৰ'মাইচিন বা বেঞ্জাইলপেনিচিলিন নামৰ প্ৰতিজৈৱিকেৰে ডিপথেৰীয়াৰ চিকিৎসা সম্ভৱ।[1] ইতিমধ্যে সংক্ৰমণ হোৱা ব্যক্তিৰো আগলৈ ৰোগ প্ৰতিৰোধৰ বাবে এই এণ্টিবায়'টিক ব্যৱহাৰ কৰিব পাৰি।[1] জটিল ৰোগত শ্বাসনলীত বাহিৰৰ পৰা ছিদ্ৰ (tracheotomy) কৰিবলগীয়া হয়।[2]

২০১৫ চনত বিশ্বজুৰি ৰোগীৰ সংখ্যা আছিল প্ৰায় ৪,৫০০। ১৯৮০ চনত এই সংখ্যা আছিল প্ৰায় ১,০০,০০০।[3] ১৯৮০ চনৰ আগতে বছৰি প্ৰায় ১০ লাখমান লোক ৰোগত আক্ৰান্ত হৈছিল বুলি অনুমান কৰা হয়।[2] বৰ্তমান ডিপথেৰীয়া ৰোগ বেছিকৈ চাহাৰা-নিম্ন আফ্ৰিকা, ভাৰত আৰু ইণ্ডোনেছিয়াত দেখা যায়।[2][6] ২০১৫ চনত ইয়াৰ ফলত ২,১০০ লোকৰ মৃত্যু ঘটিছিল। ১৯৯০ চনত মৃত্যু হোৱা লোকৰ সংখ্যা আছিল ৮,০০০।[4][7] In areas where it is still common, children are most affected.[2] প্ৰতিষেধকৰ বহুল ব্যৱহাৰৰ ফলত উন্নত দেশসমূহত ডিপথেৰীয়া প্ৰায় নিচিহ্ন।[2][8] সংক্ৰমিত হোৱা ৫%ৰ পৰা ১০% লোকৰ মৃত্যু ঘটে।[1] হিপ'ক্ৰেটিছে খ্ৰী:পূ: পঞ্চম শতিকাতে এই ৰোগৰ বিৱৰণ দিছিল।[1] ১৮৮২ চনত এড্‌ৱিন ক্লেব্‌ছে বেক্টেৰিয়াবিধ চিনাক্ত কৰে।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 1.12 1.13 1.14 1.15 1.16 1.17 1.18 1.19 1.20 1.21 1.22 1.23 1.24 Atkinson, William (May 2012). Diphtheria Epidemiology and Prevention of Vaccine-Preventable Diseases (12 সম্পাদনা). Public Health Foundation. পৃষ্ঠা. 215–230. ISBN 9780983263135. Archived from the original on 15 September 2016. https://web.archive.org/web/20160915204257/http://www.cdc.gov/vaccines/pubs/pinkbook/dip.html. 
  2. 2.00 2.01 2.02 2.03 2.04 2.05 2.06 2.07 2.08 2.09 2.10 2.11 2.12 2.13 2.14 "Diphtheria vaccine". Wkly Epidemiol Rec খণ্ড 81 (3): 24–32. 20 January 2006. PMID 16671240. Archived from the original on 6 June 2015. http://www.who.int/wer/2006/wer8103.pdf. 
  3. 3.0 3.1 "Diphtheria". who.int. 3 September 2014. Archived from the original on 2 April 2015. http://www.who.int/immunization/monitoring_surveillance/burden/diphtheria/en/। আহৰণ কৰা হৈছে: 27 March 2015. 
  4. 4.0 4.1 GBD 2015 Mortality and Causes of Death, Collaborators. (8 October 2016). "Global, regional, and national life expectancy, all-cause mortality, and cause-specific mortality for 249 causes of death, 1980-2015: a systematic analysis for the Global Burden of Disease Study 2015.". Lancet খণ্ড 388 (10053): 1459–1544. doi:10.1016/s0140-6736(16)31012-1. PMID 27733281. 
  5. Kowalski, Wladyslaw (2012). Hospital airborne infection control. প্ৰকাশক Boca Raton, Florida: CRC Press. পৃষ্ঠা. 54. ISBN 9781439821961. Archived from the original on 21 December 2016. https://web.archive.org/web/20161221095743/https://books.google.com/books?id=rGS7fCcloBQC&pg=PA54. 
  6. Mandell, Douglas, and Bennett's Principles and Practice of Infectious Diseases (8 সম্পাদনা). Elsevier Health Sciences. 2014. পৃষ্ঠা. 2372. ISBN 9780323263733. Archived from the original on 21 December 2016. https://web.archive.org/web/20161221092112/https://books.google.com/books?id=73pYBAAAQBAJ&pg=PA2372. 
  7. GBD 2013 Mortality and Causes of Death, Collaborators (17 December 2014). "Global, regional, and national age-sex specific all-cause and cause-specific mortality for 240 causes of death, 1990–2013: a systematic analysis for the Global Burden of Disease Study 2013.". Lancet খণ্ড 385 (9963): 117–71. doi:10.1016/S0140-6736(14)61682-2. PMID 25530442. 
  8. Al, A. E. Paniz-Mondolfi et (en-us ভাষাত). Resurgence of Vaccine-Preventable Diseases in Venezuela as a Regional Public Health Threat in the Americas - Volume 25, Number 4—April 2019 - Emerging Infectious Diseases journal - CDC. doi:10.3201/eid2504.181305. https://wwwnc.cdc.gov/eid/article/25/4/18-1305_article. 

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Holmes, R .K. (2005). "Diphtheria and other corynebacterial infections". In Kasper. Harrison's Principles of Internal Medicine (16th সম্পাদনা). প্ৰকাশক New York: McGraw-Hill. ISBN 978-0-07-139140-5. 
  • "Antitoxin dars 1735 and 1740." The William and Mary Quarterly, 3rd Ser., Vol 6, No 2. p. 338.
  • Shulman, S. T. (2004). "The History of Pediatric Infectious Diseases". Pediatric Research খণ্ড 55 (1): 163–176. doi:10.1203/01.PDR.0000101756.93542.09. PMID 14605240. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

বৰ্গীকৰণ
বাহ্যিক সমল
  • ৱিকিমিডিয়া কমন্সত Diphtheria সম্পৰ্কীয় মিডিয়া ফাইল।