চাৰিদুৱাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাৰিদুৱাৰ
—  অঞ্চল  —
চাৰিদুৱাৰ
চাৰিদুৱাৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°52′0″N 92°46′50″E / 26.866667°N 92.78056°E / 26.866667; 92.78056
দেশ  ভাৰত
ৰাজ্য অসম
জিলা শোণিতপুৰ জিলা
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
ক'ড
  • পিনক'ড • ৭৮৪১০৩
    ফোন • +(৯১)৩৭১৪
    • যান-বাহনৰ নম্বৰ • এ এচ-১২

চাৰিদুৱাৰ শোণিতপুৰ জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত এটি অঞ্চল। জিলাৰ সদৰ তেজপুৰ চহৰৰ পৰা চাৰিদুৱাৰ অঞ্চলৰ দূৰত্ব প্ৰায় ৩০ কিলোমিটাৰ। চাৰিদুৱাৰৰ পূৱে জীয়া ভৰলী নদী, পশ্চিমে গাভৰু নদী, দক্ষিণে বালিপৰা আৰু উত্তৰে অসম-অৰুণাচল সীমান্তৰ ভালুকপুং। ভিন্ন জাতি-জনজাতি, ধৰ্ম-সম্প্ৰদায়ৰ লোকৰ বসতি চাৰিদুৱাৰ অঞ্চলৰ সামাজিক-সাংস্কৃতিক-ঐতিহাসিক গুৰুত্ব অপৰিসীম।

চাৰিদুৱাৰ নামটোৰ উৎপত্তি:[সম্পাদনা কৰক]

চাৰিদুৱাৰ অঞ্চলৰ গাঁও সমূহ:[সম্পাদনা কৰক]

চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত চাৰিদুৱাৰ অঞ্চলৰ গাঁও সমূহ হ’ল চেঙেলীমাৰী, নঘৰীয়া, চপালগা, গাৰোগাঁও, গামিনী, এৰাললগা, ঢাৰিকাটি, গড়মৰা, আমলগা,চপালগা।

লোকসভা আৰু বিধানসভা সমষ্টি:[সম্পাদনা কৰক]

চতিয়া বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত চাৰিদুৱাৰ অঞ্চলটো তেজপুৰ লোকসভা সমষ্টিৰ অধীনত।

শিক্ষা প্ৰতিষ্ঠান:[সম্পাদনা কৰক]

  1. চেঙেলীমাৰী চৰকাৰী প্ৰাথমিক বিদ্যালয়
  2. চেঙেলীমাৰী উচ্চ মাধ্যমিক বিদ্যালয়
  3. চাৰিদুৱাৰ চৰকাৰী নেভিল মধ্য ইংৰাজী বিদ্যালয়
  4. চাৰিদুৱাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

চাৰিদুৱাৰ অঞ্চলটোৰ গুৰুত্ব:[সম্পাদনা কৰক]

চাৰিদুৱাৰত অসমৰ একমাত্ৰ কপাহী সূতা কটা কল আছিল। পিছে কেঁচা মালৰ অভাৱ আৰু বিভিন্ন প্ৰশাসনিক অসুবিধাৰ বাবে বৰ্তমান কলঘৰটো বন্ধ হৈ আছে। ইয়াৰোপৰি এই চাৰিদুৱাৰ অঞ্চলতেই নামেৰী ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত। দেশী-বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ থলী এই নামেৰী ৰাষ্ট্ৰীয় উদ্যানখনে বিশ্ব মানচিত্ৰত চাৰিদুৱাৰ অঞ্চলৰ যথেষ্ট গুৰুত্ব বঢ়াইছে।

==তথ্য সংগ্ৰহ==জলবায়ু