উপলব্ধি

অসমীয়া ৱিকিপিডিয়াৰ পৰা

উপলব্ধি অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰাজতিলক থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাটক।

অভিনয় শিল্পীসকল[সম্পাদনা কৰক]

তপন দাস, মৈত্ৰেয়ী প্ৰিয়দৰ্শিনী, সঞ্জীৱ শৰ্মা, নিৰ্মল দত্ত, শ্ৰীমন্ত মাধৱ দত্ত,ৰাণী বেগম, মিতুল বালাজী, পঞ্চী বৰা আদি।

মূল কাহিনীভাগ[সম্পাদনা কৰক]

নায়কে বেংগলুৰুলৈ পঢ়িবলৈ গৈ বাহিৰৰ ৰং-চঙীয়া পৰিৱেশৰ মাজত নিজকে বিলীন কৰি দিয়াৰ পাছত কেনেকৈ নিজৰ জীৱনলৈ অমানিশা মাতি আনিছিল তাৰেই কাহিনীৰে আগবাঢ়িছে ‘উপলব্ধি। ’ নায়কে বেংগালুৰুত সঙ্গদোষত পৰি বহুতো বেয়া অভ্যাস গঢ়ি লয়। যাৰ ফলশ্ৰুতিত এটা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় নায়ক, যাৰ বাবে ঘৰৰ পৰা বাৰে বাৰে চেষ্টা কৰাৰ পাছতো সংসাৰ পাতিবলৈ মান্তি হোৱা নাছিল। পাছত অৱশ্যে নায়কে বিয়া পাতিবলৈ বাধ্য হৈছিল। নৱবিবাহিত পত্নীয়ে নায়কৰ দুৰাৰোগ্য বেমাৰৰ কথা গম পোৱাৰ পাছত পত্নীৰ কেনে প্ৰতিক্ৰিয়া এইবোৰ লৈ নাটকখনৰ পৰৱৰ্তী কাহিনীভাগ আগবাঢ়িছে।