শিশু ৰত্ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
শিশু ৰত্ন (শিশু কিশোৰৰ দুমহীয়া আলোচনী )
সম্পাদক গোবিন চন্দ্ৰ নাথ
প্ৰকাশনৰ হাৰ দুমহীয়া
প্ৰকাশক প্ৰজ্ঞাতীৰ্থ প্ৰকাশন
প্ৰতিষ্ঠা নৱেম্বৰ, ২০০৪ চন
দেশ ভাৰতভাৰত
ভাষা অসমীয়া

শিশু ৰত্ন (ইংৰাজী: Shishu Ratna) শিশু আৰু কিশোৰ সকলৰ বাবে অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া আলোচনী। শিশু ৰত্নৰ প্ৰকাশক প্ৰজ্ঞাতীৰ্থ প্ৰকাশন। আলোচনীখনৰ প্ৰথম প্ৰকাশ হৈছিল ২০০৪ চনৰ নৱেম্বৰ মাহত। ২০০৬ চনৰ এপ্ৰিল মাহলৈকে ৯ টা সংখ্যা প্ৰকাশ পোৱাৰ পিছত অনিবাৰ্য কাৰণবশতঃ আলোচনীখনৰ প্ৰকাশ বন্ধ হয়।[1] আলোচনীখনৰ আৰম্ভণিতে সম্পাদক আছিল গোবিন চন্দ্ৰ নাথ। কাৰ্যবাহী সম্পাদক আছিল প্ৰশান্ত কুমাৰ বৰা আৰু সহযোগী সম্পাদক ফটিক চন্দ্ৰ বৰা।[2] পিছলৈ মুখ্য সম্পাদক আছিল গোবিন চন্দ্ৰ নাথ , সম্পাদক ফটিক চন্দ্ৰ বৰা কাৰ্যবাহী সম্পাদক আছিল প্ৰশান্ত কুমাৰ বৰা।[3]

নিয়মীয়া শিতানসমূহ[সম্পাদনা কৰক]

নিয়মীয়াকৈ প্ৰকাশ পোৱা গল্প আৰু কবিতাৰ ওপৰিও তলৰ শিতানসমূহ প্ৰকাশ পাইছিল।

  • ৰত্ন মামাৰ চিঠি: শিশু আৰু কিশোৰ সকললৈ শিশু ৰত্নৰ সম্পাদকৰ পত্ৰসদৃশ সম্পাদকীয়।
  • পঢ়ুৱৈৰ মতামত: আলোচনীখন পঢ়ি পঢ়োৱৈ সকলে আগবঢ়োৱা গঠনমূলক দিহা পৰামৰ্শৰ নিয়মীয়া শিতান।
  • অনেক তথ্য অনেক কথা: সাধাৰণ জ্ঞান আৰু জানিবলগীয়া অনেক তথ্য সমৃদ্ধ ৰচনাৰ শিতান।
  • শিশু পৰ্যটন: শিশু সকলে বিভিন্ন ঠাই ভ্ৰমণ কৰি পোৱা অভিজ্ঞতাৰ বৰ্ণনামূলক ৰচনা।
  • শিক্ষাৰত্ন: শিক্ষা বিষয়ক ৰচনা
  • স্বাস্থ্য ৰত্ন: শিশু আৰু কিশোৰ সকলৰ স্বাস্থ্য সম্পৰ্কীয় ৰচনা।
  • নান্দনিক চ’ৰা : বৰেণ্য শিল্পী, বিখ্যাত চিত্ৰকৰ আদিৰ বিষয়ৰ প্ৰৱন্ধ।
  • ৰত্ন সংবাদ: শিশু সকলৰ প্ৰতিভা প্ৰদৰ্শন সম্পৰ্কীয় সংবাদ।
  • কলা বীথিকা: শিশু সকলে অঁকা চিত্ৰৰ শিতান।
  • বিজ্ঞান চ’ৰা: বিজ্ঞান সম্পৰ্কীয় ৰচনা।

ধাৰাবাহিক নাটক[সম্পাদনা কৰক]

এই শিতানত শিশু নাট ধাৰাবাহিক ভাবে প্ৰকাশ কৰা হয়। ইতিপূৰ্বে যশশ্ৰী নাট্যকাৰ ভৱ পূজাৰী দেৱৰ দ্বাৰা ৰচিত শিশু নাটক বকুল তলৰ ধেমালী[4], দুলাল দত্তৰ মকৰা[5] ইত্যাদি শিশু ৰত্নত প্ৰকাশ পায়।

অন্যান্য শিতান[সম্পাদনা কৰক]

  • ছবি ৰং কৰা,ফটো চাই ব্যক্তি চিনাক্ত কৰা,ছবিৰ পাৰ্থক্য উলিওৱা আদি।
  • মগজুৰ খোৰাক, শব্দ ৰত্ন (শব্দ শৃংখল), ছবি চাই কবিতা লিখা প্ৰতিযোগিতা, সাঁথৰ, কৌতুক, খেল ৰত্ন (খেল বিষয়ৰ সংবাদ আদি।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "শিশু ৰত্ন - দ্বিতীয়". শিশু ৰত্ন (তৃতীয় সংখ্যা). মাৰ্চ-এপ্ৰিল - ২০০৬ চন দ্বিতীয় বছৰ. 
  2. "শিশু ৰত্ন - প্ৰথম". শিশু ৰত্ন (প্ৰথম সংখ্যা). নৱেম্বৰ,২০০৪ চন প্ৰথম বছৰ. 
  3. "শিশু ৰত্ন - দ্বিতীয় বছৰ". শিশু ৰত্ন (প্ৰথম সংখ্যা). নৱেম্বৰ-ডিচেম্বৰ'২০০৫ চন দ্বিতীয় বছৰ. 
  4. "শিশু ৰত্ন, দ্বিতীয় বছৰ : প্ৰথম সংখ্যা". শিশু ৰত্ন (প্ৰখম সংখ্যা): পৃষ্ঠা ৩২-৩৫. নৱেম্বৰ-ডিচেম্বৰ'২০০৫ চন দ্বিতীয় বছৰ. 
  5. "শিশু ৰত্ন,প্ৰখম বছৰ:প্ৰখম সংখ্যা". শিশু ৰত্ন (প্ৰথম সংখ্যা). মাৰ্চ-এপ্ৰিল ২০০৫ চন প্ৰখম বছৰ.