ইনামুল হক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ইনামুল হক

জন্ম ১ মাৰ্চ, ১৯৪০
মুৰাবজাৰ, শিৱসাগৰ, অসম, ভাৰত
মৃত্যু ২ ফেব্ৰুৱাৰী, ২০১৪ (৭৩ বছৰ)
ডিব্ৰুগড়, ভাৰত
বাসস্থান কনভয় ৰোড, ডিব্ৰুগড়, অসম, ভাৰত
নাগৰিকত্ব
ক্ষেত্ৰ Spectroscopy, Chemistry
কৰ্মস্থান
শিক্ষানুষ্ঠান

ইনামুল হক (ইংৰাজী: Inamul Haque) অসমৰ এগৰাকী প্ৰসিদ্ধ ৰসায়ন বিজ্ঞানী৷ অসমৰ কটন মহাবিদ্যালয়, শিৱসাগৰ মহাবিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত তেওঁ শিক্ষকতা কৰিছিল৷ ১৯৬৮ চনত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা স্পেকট্ৰ’স্কপি বিষয়ত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে৷

জন্ম[সম্পাদনা কৰক]

ইনামুল হকৰ জন্ম হৈছিল ১৯৪০ চনৰ এক মাৰ্চত শিৱসাগৰ জিলাৰ মুৰাবজাৰত৷

কেৰিয়াৰ[সম্পাদনা কৰক]

তেওঁ ১৯৬৩ চনত কটন মহাবিদ্যালয়ত অধ্যাপক পদত যোগ দি শৈক্ষিক কেৰিয়াৰ আৰম্ভ কৰে৷ ১৯৬৩-৬৫ চনলৈ তেওঁ শিৱসাগৰ মহাবিদ্যালয়ত কাৰ্য্যনিৰ্বাহ কৰে৷ ইয়াৰ পিছতে ১৯৬৫ চনত ইনামুল হকে লণ্ডনৰ ইম্পেৰিয়েল কলেজলৈ গৈ গৱেষণা আৰম্ভ কৰে৷ ১৯৬৮ চনত স্পেকট্ৰ’স্কপি (Spectroscopy) বিষয়ত গৱেষণা কৰি তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী আৰম্ভ কৰে৷

অসমলৈ উভতি আহি তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত যোগদান কৰে৷ ২০০৩ চনত এই বিশ্ববিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰালৈকে তেওঁ আন্তৰাষ্ট্ৰীয় পত্ৰিকাত প্ৰায় ৪৫ খন ৰসায়ন বিজ্ঞান বিষয়ক গৱেষণা পত্ৰ প্ৰকাশ কৰে আৰু ১৫ জন ছাত্ৰ-ছাত্ৰীৰ ডক্টৰেট গৱেষণাৰ তত্তাৱধান কৰে৷

ইনামুল হকে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপেও কিছুকাল কাৰ্য্যনিৰ্বাহ কৰিছিল৷[1] অৱসৰ গ্ৰহণৰ পিছত তেওঁ ৰেক্টৰ ৰূপে ডিব্ৰুগড়ৰ চল্ট ব্ৰুক একাডেমীত যোগদান কৰে আৰু ৰসায়ন বিজ্ঞানত শিক্ষাদান কৰে৷ [2]

Annual group photo with faculties of Salt Brook Academy, 2011

মৃত্যু[সম্পাদনা কৰক]

চল্ট ব্ৰুক একাডেমীত কাৰ্য্যনিৰ্বাহ কৰি থকাৰ সময়তে ইনামুল হক কৰ্কট ৰোগত আক্ৰান্ত হয়৷ ২০১৪ চনৰ ২ ফেব্ৰুৱাৰীৰ দিনা তেওঁ মৃত্যুবৰণ কৰে৷ [3]

তথ্য উৎস[সম্পাদনা কৰক]

  1. A collection of life sketches of more than 200 past teachers of Cotton College, Assam. Published by Tarakeswar Choudhury, President, Cotton College Retired Teacher's Forum in May 2011
  2. " Archived 2015-09-24 at the Wayback MachineAswini Dowerah, Director of Saltbrook Academy, recalled the idea behind the inception of the institution"-The Sentinel. Retrieved 15 June 2012
  3. "Director's Message Salt Brook Academy. Retrieved June 2015". Archived from the original on 2016-02-03. https://web.archive.org/web/20160203222402/http://saltbrookacademy.com/index.php?option=com_content&view=article&id=101&Itemid=497। আহৰণ কৰা হৈছে: 2019-01-10.