হ' চি মিন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

হ' চি মিন (/h mɪn/;[1] Vietnamese: [hò cǐ mīŋ̟] (listen), Saigon: [hò cǐ mɨ̄n] (শুনক); Chữ nôm: 胡志明; 19 May 1890 – 2 September 1969), জন্মত ঙুয়েন চিন কুন,[2][3][4] ঙুয়েন টাট থান, ঙুয়েন আই চুৱ'ক, বাক হ' বা বাক নামেৰেও জনাজাত, এগৰাকী ভিয়েটনামী সাম্যবাদী বিপলৱী নেতা যি ভিয়েটনাম শ্ৰমিক দলৰ সভাপতি আৰু প্ৰথম সচিব আছিল। তেওঁ ভিয়েটনাম গণতান্ত্ৰিক গণৰাজ্যৰ প্ৰধান মন্ত্ৰী (১৯৪৫-১৯৫৫) আৰু ৰাষ্ট্ৰপতি (১৯৪৫-১৯৬৯) আছিল। তেওঁ ভিয়েটনাম গণতান্ত্ৰিক গণৰাজ্য আৰু ভিয়েটনাম যুদ্ধৰ সময়ত ভিয়েটনাম গণসেনা আৰু ভিয়েট কং গঠনত সক্ৰিয় আছিল।

১৯৪১ চনৰপৰা তেওঁ ভিয়েট মিন স্বাধীনতা আন্দোলনৰ নেতৃত্বত আছিল, ১৯৪৫ত সাম্যবাদী শাসন আৰম্ভ কৰিছিল আৰু ১৯৫৪ত ফৰাচী সংঘক ডিয়েন বিয়েন ফুৰ যুদ্ধত পৰাজিত কৰিছিল। স্বাস্থ্যৰ অৱনতি হোৱাত তেওঁ আনুষ্ঠানিকভাৱে ১৯৬৫ত ক্ষমতা ত্যাগ কৰিছিল। যুদ্ধৰ পাছত, ভিয়েটনাম গণৰাজ্যৰ পূৰ্বৰ ৰাজধানী চাইগনক হ' চি মিন মহানগৰ নামাকৰণ কৰা হ'ল।

হ'ৰ ক্ষমতা লাভৰ পূৰ্বৰ জীৱন স্পষ্ট ৰূপে জনা নাযায়। তেওঁ অন্ততঃ ৫০টা[5]:582 আৰু সম্ভৱতঃ ২০০টা ছদ্মনাম ব্যৱহাৰ কৰিছিল।[6] তেওঁৰ জন্মৰ তাৰিখ আৰু স্থানৰ বিষয়ে কোনো ঐক্যমত নাই। চাৰি আনুষ্ঠানিক জীৱনীত ভিন ভিন তাৰিখ আৰু স্থান উল্লিখিত। অনানুষ্ঠানিক জীৱনীসমূহত অধিক পাৰ্থক্য দেখিবলৈ পোৱা যায়।[7]

আন্তৰ্জাতিক প্ৰভাৱ[সম্পাদনা কৰক]

ভাৰতৰ কলকাতাত হ' চি মিনৰ মূৰ্ত্তি

হ' চি মিন বিশ্বৰ আতাইতকৈ প্ৰভাৱশালী নেতাৰ অন্যতম। টাইমছ আলোচনীয়ে তেওঁক বিংশ শতিকাৰ ১০০ গুৰুত্বপূৰ্ণ ব্যক্তিৰ তালিকাত ১৯৯৮ত স্থান প্ৰদান কৰিলে।[8][9] বিশ্বজোৰা ঔপনিৱেশিক শাসনৰ অন্তৰ কালত হ'ৰ আদৰ্শিই এছিয়া, আফ্ৰিকা আৰু লেটিন আমেৰিকাত অনেক লোকক আৰু নেতাক প্ৰভাৱিত কৰিলে। আন্তৰ্জাতিক সাম্যবাদী আন্দোলনত তেওঁক প্ৰশংসা কৰা হয়।[10]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Ho Chi Minh". Random House Webster's Unabridged Dictionary.
  2. Trần Quốc Vượng. "Lời truyền miệng dân gian về Hồ Chí Minh". BBC Vietnamese. http://www.bbc.co.uk/vietnamese/entertainment/story/2005/08/printable/050808_trongcoi.shtml। আহৰণ কৰা হৈছে: 10 December 2013. 
  3. Vũ Ngự Chiêu. "Vài vấn nạn lịch sử thế kỷ XX: Hồ Chí Minh—Nhà ngoại giao, 1945–1946". Hợp Lưu Magazine. Note: See the document in French, from Centre des archives d'Outre-mer [CAOM] (Aix)/Gouvernement General de l'Indochine [GGI]/Fonds Residence Superieure d'Annam [RSA]/carton R1, and the note in English at the end of the cited article. http://www.hopluu.net/D_1-2_2-95_4-1862_5-8_6-3_17-108_14-2/। আহৰণ কৰা হৈছে: 10 December 2013. 
  4. Nguyễn Vĩnh Châu. "Phỏng vấn sử gia Vũ Ngự Chiêu về những nghiên cứu lịch sử liên quan đến Hồ Chí Minh". http://www.hopluu.net/D_1-2_2-117_4-1513/। আহৰণ কৰা হৈছে: 10 December 2013. 
  5. Duiker, William J. Ho Chi Minh: A Life. New York: Hyperion, 2000.
  6. Duncanson, Dennis J. Ho Chi Minh in Hong Kong 1931-1932. 57. The China Quarterly. p. 85. 
  7. Pike, Douglas. Ho Chi Minh: A Post-War Re-evaluation. 30th Annual Congress of Orientalists. 
  8. "TIME Magazine -- U.S. Edition -- April 13, 1998 Vol. 151 No. 14". http://content.time.com/time/magazine/0,9263,7601980413,00.html. 
  9. Stanley Karnow, 13 April 1998, Ho Chi Minh, TIME
  10. Interview with William Duiker on Hồ Chí Minh: A Life, 12 November 2000