জীৱেশ্বৰ বৰুৱা
জীৱেশ্বৰ বৰুৱা Jibeswar Baruah | |
---|---|
জন্ম | ১৯০৬ আমোলাপট্টি, শিৱসাগৰ জিলা |
মৃত্যু | ৩১ জানুৱাৰী, ১৯৬৪ গুৱাহাটী, অসম, ভাৰত |
দেশ | ভাৰতীয় |
পেচা | চিত্ৰ আৰু ভাস্কৰ্য্য |
বিপ্লৱ | আধুনিকতাবাদ |
জীৱেশ্বৰ বৰুৱা (১৯০৬–১৯৬৪) এগৰাকী অসমীয়া শিল্পী৷ তেওঁ অসমৰ চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Art and Crafts) স্থাপন কৰিছিল৷
শৈশৱ
[সম্পাদনা কৰক]জীৱেশ্বৰ বৰুৱাৰ জন্ম হৈছিল শিৱসাগৰৰ আমোলাপট্টিত ১৯০৬ চনত৷ শৈশৱৰে পৰা তেওঁ শিল্পৰ প্ৰতি আকৃষ্ট হৈছিল৷
কৰ্মজীৱন
[সম্পাদনা কৰক]জীৱেশ্বৰ বৰুৱাই পানবজাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চিত্ৰকলাৰ শিক্ষক হিচাপে কৰ্মজীৱন আৰম্ভ কৰে৷ সেই বিদ্যালয়তে তেওঁ এখন আৰ্ট স্কুল প্ৰতিষ্ঠা কৰে যদিও বিদ্যালয়খনক পূৰ্ণাংগ ৰূপ দিবলৈ সংগ্ৰাম কৰিবলগীয়া হয়৷ পৰৱৰ্ত্তী কালত তেওঁ ফটোগ্ৰাফীৰ ব্যৱসায়ো আৰম্ভ কৰে৷
১৯৪৭ চনত বৰুৱাই পানবজাৰৰ ডন বস্কো বিদ্যালয়ত আৰ্ট স্কুলৰ প্ৰতিষ্ঠা কৰে৷ ১৯৪৮ চনৰ পৰা এই বিদ্যালয়ে অসম চৰকাৰৰ পৰা মাহেকীয়া পুঁজি লাভ কৰিবলৈ সক্ষম হয়৷ [1] ১৯৫৯ চনৰ পৰা এই পুঁজিৰ বৃদ্ধি হয় আৰু লাখটকীয়াত অৱস্থিত ললিত কলা একাডেমীৰ সৈতে একেলগে মাহেকীয়া পুঁজিৰ নিয়মীয়াকৰণ হয়৷ এই ললিত কলা একাডেমীৰ ছেক্ৰেটেৰী হিচাপেও বৰুৱাই কাৰ্য্যনিৰ্বাহ কৰে৷ [1] ১৯৫৮ চনত এই প্ৰতিষ্ঠানে পোনপ্ৰথমবাৰৰ বাবে দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে৷ ইয়াৰ পিছত বৰুৱাৰ তত্বাবধানত ললিত কলা একাডেমীয়ে গুৱাহাটীতো চিত্ৰ প্ৰদৰ্শনি অনুষ্ঠিত কৰে৷
বৰুৱাৰ মৃত্যুৰ পিছত এই ললিত কলা একাদেমী পৃথক হৈ স্বাধীনভাৱে চৰকাৰী চাৰু আৰু কাৰু কলা মহাবিদ্যালয় (Government College of Arts and Crafts, Assam) নামেৰে প্ৰসিদ্ধ হয়৷ বৰ্তমান এই শিক্ষানুষ্ঠানটো গুৱাহাটীৰ বশিষ্ঠত অৱস্থিত৷[1]
মৃত্যু
[সম্পাদনা কৰক]১৯৬৪ চনৰ ৩১ জানুৱাৰীত গুৱাহাটীত জীৱেশ্বৰ বৰুৱাৰ মৃত্যু হয়৷[1]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 Tiprasatimes (13 May 2017). "Government College of Art & Crafts: From Glory Towards Oblivion - Tiprasa Times". tiprasatimes.com. Archived from the original on 24 May 2017. https://web.archive.org/web/20170524154342/https://www.tiprasatimes.com/government-college-of-art-crafts-from-glory-towards-oblivion.html। আহৰণ কৰা হৈছে: 24 May 2017.