বিভুতি লহকৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিভুতি প্ৰসাদ লহকৰ ভাৰতৰ এগৰাকী প্ৰসিদ্ধ প্ৰকৃতিবিদ আৰু পৰিস্থিতি বিজ্ঞানী (Ecologist)।[1] তেওঁ অসমৰ ঘাঁহনি অঞ্চলৰ ওপৰত গৱেষণা কৰি আহিছে। তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয় আছিল অসমমানাহ ৰাষ্ট্ৰীয় উদ্যানত পিগমি হগৰ বিস্তৃতি অধ্যয়ন।

গৱেষণা[সম্পাদনা কৰক]

ড॰ বিভুতি লহকৰে অসমৰ মানাহ আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ঘাঁহনিৰ পৰিস্থিতিতন্ত্ৰৰ বিভিন্ন দিশৰ ওপৰত গৱেষণা চলাই আহিছে। [2]

মানাহ ৰাষ্ট্ৰীয় উদ্যানত দুটা দশক ধৰি তেওঁ কৰি অহা প্ৰচেষ্টাৰ বাবে ২০১১ চনত উদ্যানখন বিপদাক্ৰান্ত ৱৰ্ল্ড হেৰিটেজ চাইট (World Heritage in Danger) ৰ তালিকাৰ পৰা মুক্ত কৰিবলৈ সক্ষম হয়। মানাহৰ কাষৰীয়া গাওঁসমূহত তেওঁ ভালেসংখ্যক সভা আৰু আলোচনাচক্ৰৰ আয়োজন কৰি স্থানীয় লোকক উদ্যানখনৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে অৱগত কৰি আহিছে। তদুপৰি স্থানীয় যুৱকসকলক দৰকাৰী প্ৰশিক্ষণ দি আত্মনিৰ্ভৰশীল কৰাতো তেওঁ অৱদান যোগাইছ। তেওঁ এশৰো অধিক যুৱক-যুৱতীক জৈববৈচিত্ৰৰ জৰীপ আৰু ট্যুৰ গাইড হোৱাৰ প্ৰশিক্ষণ দিছে বুলি জনা যায়। [3]

বিভুতি লহকৰে মানাহত সামাজিক সংৰক্ষণৰ আৰু গিবন বন্যপ্ৰাণী অভয়াৰণ্যত হুলক গিবনৰ গৱেষণাৰ বাবে ৰাফৰ্ডছ ফাউণ্ডেশ্যনৰ পৰা পুঁজি লাভ কৰিছে।[4]

বঁটা আৰু সন্মান[সম্পাদনা কৰক]

  • আই ইউ চি এন ৱৰ্ল্ড হেৰিটেজ হিৰ’ বঁটা (IUCN World Heritage Hero Award)[5]

তথ্য উৎস[সম্পাদনা কৰক]

  1. "Assam ecologist nominated for IUCN award". The Assam Tribune. 25 August 2016. Archived from the original on 2016-08-28. https://web.archive.org/web/20160828212639/http://www.assamtribune.com/scripts/detailsnew.asp?id=aug2616/city054। আহৰণ কৰা হৈছে: 2016-08-27. 
  2. "Land-use and land-cover change and future implication analysis in Manas National Park, India using multi-temporal satellite data". Current Science VOL. 95, NO. 2, 25 JULY 2008. 25 July 2008. http://www.currentscience.ac.in/Downloads/download_pdf.php?titleid=id_095_02_0223_0227_0। আহৰণ কৰা হৈছে: 2016-08-27. 
  3. https://www.iucn.org/theme/world-heritage/our-work/global-world-heritage-projects/heritage-heroes/bibhuti-lahkar
  4. "Bibhuti Prasad Lahkar: Strengthening the Conservation Regime of Manas World Heritage Site Through Community Participation". The Rufford Foundation. http://www.rufford.org/rsg/projects/bibhuti_lahkar। আহৰণ কৰা হৈছে: 2016-08-31. 
  5. "Bibhuto Lahkar". IUCN. https://www.iucn.org/theme/world-heritage/our-work/more-projects/bibhuti-lahkar। আহৰণ কৰা হৈছে: 2016-08-27.