জহৰুল হক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড॰ জহৰুল হক
জন্ম ১১ অক্টোবৰ, ১৯২৬
দেওবাৰী গাঁও, কৰিমগঞ্জ জিলাঅসম, ভাৰত
মৃত্যু ১৮ জানুৱাৰী, ২০১৭ (৯০ বছৰ)
মস্কট, ওমান
শিক্ষানুষ্ঠান কলিকতা বিশ্ববিদ্যালয়
মিচিগান বিশ্ববিদ্যালয়
পেচা জনস্বাস্থ্য বিষয়া, অনুবাদক

ড॰ জহৰুল হক( ১১ অক্টোবৰ ১৯২৬ – ১৮ জানুৱাৰী ২০১৭) এগৰাকী বিখ্যাত ইছলামিক বিদ্বান। তেওঁ অসমীয়া, বঙালী আৰু ইংৰাজী ভাষাত পৱিত্ৰ কোৰআনৰ অনুবাদ কৰিছিল। তেওঁ অসমীয়া ভাষাত পোন প্ৰথমবাৰৰ বাবে পৱিত্ৰ কোৰানক ভাঙনি কৰিছিল। এজন জনস্বাস্থ্য বিষয়া হিচাপে তেওঁ জীৱনৰ শেষৰফালে ওমানত বাস কৰিছিল।

জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯২৬ চনৰ ১১ অক্টোবৰ তাৰিখে অসমৰ কৰিমগঞ্জ জিলাৰ দেওবাৰী গাঁৱত ড॰ জহৰুল হকৰ এক চুন্নী মুছলমান পৰিয়ালত জন্ম হৈছিল। তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ পৰা জনস্বাস্থ্য অধ্যয়ন কৰিছিল। তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকাৰ মিচিগান বিশ্ববিদ্যালয়লৈ যায়। পিছলৈ তেওঁ অসমৰ স্বাস্থ্য সেৱাৰ সঞ্চালক হৈছিল। লগতে তেওঁ বিশ্ব স্বাস্থ্য সংস্থাৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। পিছলৈ তেওঁ ওমানলৈ যায় আৰু তাতে স্থায়ী ভাবে থাকিবলৈ লয়।

অনুবাদ[সম্পাদনা কৰক]

প্ৰায় বাৰ বছৰ অশেষ কষ্ট কৰাৰ পিছত তেওঁ ১৯৮৬ চনত বঙালী ভাষাত কোৰান অনুবাদ কৰে। বঙালী ভাষাত অনুবাদ কৰিবলৈ লোৱাৰ আগতেই তেওঁ অসমীয়া ভাষাত কোৰান অনুবাদ কৰিবলৈ লৈছিল।

ড॰ হকে কোৰানৰ অসমীয়া ভাঙনি তিনিটা খণ্ডত প্ৰকাশ কৰিছিল। তাৰ পিছত ১৯৯৩ চনত তেওঁ ইংৰাজী ভাষাত কোৰান অনুবাদ কৰিবলৈ লৈছিল। ২০০০ চনৰ ১ এপ্ৰিল তাৰিখে তেওঁ ১২৫০ পৃষ্ঠাজোৰা ট্ৰান্সলেচন এণ্ড কমেণ্টৰী অন দা হলি কোৰান প্ৰকাশ কৰে। এইখন পৱিত্ৰ কোৰান পূব প্ৰকল্পৰ অধীন আছিল।[1]

তেওঁৰ অসমীয়া অনুবাদ গ্ৰন্থখন গুৱাহাটীৰ বীণা লাইব্ৰেৰীয়ে প্ৰকাশ কৰিছিল।[2]

মৃত্যু[সম্পাদনা কৰক]

২০১৭ চনৰ ১৮ জানুৱাৰী তাৰিখে ওমানৰ ৰাজধানী মস্কটত তেওঁৰ মৃত্যু হয়।[3] মৃত্যুৰ পিছত তেওঁক ওমানৰ কেন্দ্ৰীয় ৰাজহুৱা কবৰস্থানত সমাধিস্থ কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. Hoque, Zohurul (1 April 2000). "Translation and Commentary on The Holy Qur-an". Holy Quran Publishing Project. https://www.amazon.com/Translation-Commentary-Quran-Zohurul-Hoque/dp/0967830400। আহৰণ কৰা হৈছে: 22 January 2017. 
  2. "Qur'an Bangla Anubad". qurananubad.com. http://www.qurananubad.com। আহৰণ কৰা হৈছে: 22 January 2017. 
  3. K, Rejimon (21 January 2017). "Noted Indian Islamic scholar passes away in Oman". Times of Oman. https://timesofoman.com/article/101009/Oman/Education/Noted-Indian-Islamic-scholar-passes-away-in-Oman। আহৰণ কৰা হৈছে: 8 October 2018. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]