সমললৈ যাওক

ফাটিমা বিবি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এম. ফাটিমা বিবি
তামিলনাডুৰ ৰাজ্যপাল
কাৰ্যকাল
২৫ জানুৱাৰী ১৯৯৭  ৩ জুলাই ২০০১
পূৰ্বসূৰী কৃষ্ণণ কান্ত
উত্তৰসূৰী চি. ৰংগৰাজন
ভাৰতৰ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগৰ সদস্য
কাৰ্যকাল
১৯৯৭  ২০০১
ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ
কাৰ্যকাল
৬ অক্টোবৰ ১৯৮৯  ২৯ এপ্ৰিল ১৯৯২
ব্যক্তিগত তথ্য
জন্ম ৩০ এপ্ৰিল, ১৯২৭
পথানমথিট্টা, ত্ৰাভনকৰ ৰাজ্য, ব্ৰিটিছ ভাৰত
(বৰ্তমান কেৰালা)
মৃত্যু ২৩ নৱেম্বৰ, ২০২৩ (৯৬ বছৰ)
কোল্লাম, কেৰালা
শিক্ষানুষ্ঠান তিৰুঅনন্তপুৰমৰ ইউনিভাৰ্চিটি কলেজ
তিৰুঅনন্তপুৰম চৰকাৰী আইন মহাবিদ্যালয়
জীৱিকা ন্যায়াধীশ

এম. ফাটিমা বিবি (ইংৰাজী: Fathima Beevi; ৩০ এপ্ৰিল ১৯২৭ - ২৩ নৱেম্বৰ ২০২৩) ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ। তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল। উচ্চতম ন্যায়ালয়লৈ নিযুক্তি লাভ কৰা তেওঁ প্ৰথম গৰাকী মহিলা।[1][2][3][4][5][6] উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগত সদস্য হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৯৭ চনৰ পৰা ২০০১ চনলৈ তামিলনাডুৰ ৰাজ্যপাল আছিল।[2][7][8] তেওঁক ২০২৩ চনত কেৰেলা চৰকাৰে দিয়া দ্বিতীয় সৰ্বোচ্চ সন্মান কেৰেলা প্ৰভা বঁটাৰে সন্মানিত কৰা হয়।[2][9][10] ২০২৪ চনত ভাৰত চৰকাৰে তেওঁক মৰণোত্তৰভাৱে দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ বঁটা প্ৰদান কৰে।[11]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯২৭ চনৰ ৩০ এপ্ৰিল তাৰিখে ত্ৰাভনকৰ ৰাজ্যৰ পথানমথিট্টাত ফাটিমা বিবিৰ জন্ম হৈছিল। বৰ্তমান তেওঁৰ জন্মস্থান ভাৰতৰ কেৰালা ৰাজ্যত অৱস্থিত। তেওঁৰ পিতৃ আন্নাভিটিল মীৰা চাহিব আৰু মাতৃ খাদেজা বিবি।[12]

তেওঁ প্ৰথমে পথানমথিট্টাৰ কেথলিক স্কুলত শিক্ষা লাভ কৰে। তাৰ পিছত তেওঁ তিৰুঅনন্তপুৰমৰ ইউনিভাৰ্চিটি কলেজৰ পৰা বিজ্ঞানৰ স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ তিৰুঅনন্তপুৰম চৰকাৰী আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

[সম্পাদনা কৰক]

ফাটিমা বিবি ১৯৫০ চনৰ ১৪ নৱেম্বৰ তাৰিখে অধিবক্তা হিচাপে ভৰ্তি হয়। কেৰালাৰ নিম্ন আদালতত তেওঁ কৰ্ম জীৱন আৰম্ভ কৰিছিল। ১৯৫৮ চনত তেওঁ কেৰালাৰ জিলা কোৰ্টত মুন্সীফ পদত অধিষ্ঠিত হয়। ১৯৬৮ চনত তেওঁ চাব-অৰ্ডিনেট ন্যায়াধীশ, ১৯৭২ চনত মুখ্য ন্যায়িক মেজিষ্টেট আৰু ১৯৭৪ চনত জিলা সত্ৰ ন্যায়াধীশ পদলৈ পদোন্নতি লাভ কৰে।[1]

১৯৮০ চনৰ জানুৱাৰী মাহত তেওঁ ভাৰতীয় আয়কৰ ট্ৰিবিউনৰ ন্যায়িক সদস্য হিচাপে নিযুক্তি লাভ কৰে। তেওঁ ১৯৮৩ চনৰ ৪ আগষ্ট তাৰিখে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পদত অধিষ্ঠিত হয়।[1][6]

১৮৮৪ চনৰ ১৪ মে তাৰিখে তেওঁ উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ হয়। ১৯৮৯ চনৰ ২৯ এপ্ৰিল তাৰিখে তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তাৰ পিছত তেওঁ ১৯৮৯ চনৰ ৬ অক্টোবৰ তাৰিখে ভাৰতৰ উচ্চতম ন্যায়ালয়লৈ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ১৯৯২ চনৰ ২৯ এপ্ৰিল তাৰিখে তেওঁ উচ্চতম ন্যায়ালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে।[1]

তামিলনাডুৰ ৰাজ্যপাল

[সম্পাদনা কৰক]

১৯৯৭ চনৰ ২৫ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে তেওঁক তামিলনাডুৰ ৰাজ্যপাল নিযুক্ত কৰে।[1][13][14]

তামিলনাডুৰ ৰাজ্যপালৰ পদত থকা সময়ত তেওঁ ৰাজীৱ গান্ধীৰ হত্যাৰ লগত জড়িত কাৰবন্দী চাৰিজনৰ শাস্তিৰ দয়া প্ৰাৰ্থনা প্ৰত্যাখান কৰে।[15][16]

অন্যান্য

[সম্পাদনা কৰক]

তেওঁ ১৯৯৩ চনত কেৰালা পিছপৰা জাতি আয়োগৰ অধ্যক্ষা আছিল। একে বছৰে তেওঁ ৰাষ্ট্ৰীয় মানৱধিকাৰ আয়োগৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৯০ চনত তেওঁ সন্মানীয় ডি.লিট ডিগ্ৰী আৰু মহিলা শিৰোমণি বঁটা লাভ কৰিছিল।[17] তেওঁ ভাৰত জ্যোতি বঁটাও লাভ কৰিছিল।[18][19]

২০২৩ চনৰ ২৩ নৱেম্বৰ তাৰিখে ৯৬ বছৰ বয়সত ফাটিমা বিবিৰ মৃত্যু হয়।[20][21]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 "M. FATHIMA BEEVI". supremecourtofindia.nic.in. Archived from the original on 5 December 2008. https://web.archive.org/web/20081205061057/http://supremecourtofindia.nic.in/judges/bio/mfbeevi.htm আহৰণ কৰা হৈছে: 2009-01-15.
  2. 1 2 3 "Welcome to Women Era....". Archived from the original on 2018-12-25. https://web.archive.org/web/20181225230605/http://www.indiaepostoffice.com/women47/index3.html আহৰণ কৰা হৈছে: 2009-01-15.
  3. "Women in Judiciary". NRCW, Government of India. Archived from the original on 23 December 2008. https://web.archive.org/web/20081223174826/http://nrcw.nic.in/index2.asp?sublinkid=478 আহৰণ কৰা হৈছে: 2009-01-15.
  4. "FIRST WOMEN OF INDIA:". womenofindia.net. http://www.womenofindia.net/FIRST_WOMEN.htm আহৰণ কৰা হৈছে: 2009-01-16.
  5. "Convict Queen". india-today.com. Archived from the original on 2008-12-03. https://web.archive.org/web/20081203185846/http://www.india-today.com/itoday/20010528/cover.shtml আহৰণ কৰা হৈছে: 2009-01-16.
  6. 1 2 "High Court of Kerala: Former Judges". highcourtofkerala.nic.in. http://highcourtofkerala.nic.in/frmrjudges.html আহৰণ কৰা হৈছে: 2009-01-16.
  7. "Raj Bhavan Chennai: Past Governors". Governor's Secretariat Raj Bhavan, Chennai - 600 022. http://www.tnrajbhavan.gov.in/PastGovernors.htm আহৰণ কৰা হৈছে: 2009-01-15.
  8. "Governors of Tamil Nadu since 1946". tn.gov.in. http://www.assembly.tn.gov.in/archive/list/governors1946.htm আহৰণ কৰা হৈছে: 2009-01-15.
  9. "Raj Bhavan Chennai: Past Governors". Governor's Secretariat Raj Bhavan, Chennai – 600 022. http://www.tnrajbhavan.gov.in/PastGovernors.htm আহৰণ কৰা হৈছে: 15 January 2009.
  10. "Governors of Tamil Nadu since 1946". tn.gov.in. http://www.assembly.tn.gov.in/archive/list/governors1946.htm আহৰণ কৰা হৈছে: 15 January 2009.
  11. "Padma Awardees List 2024". Padma Awards. 25 January 2024. https://www.padmaawards.gov.in/Content/PadmaAwardees2024.pdf আহৰণ কৰা হৈছে: 25 January 2024.
  12. "How a Kerala Woman Made History By Becoming India’s 1st Female Supreme Court Judge". thebetterindia.com. https://www.thebetterindia.com/127700/fathima-beevi-kerala-indias-first-female-supreme-court-judge/ আহৰণ কৰা হৈছে: 6 February 2018.
  13. "Women Governors In India:". .indianofficer.com. 2007-04-16. Archived from the original on 5 March 2008. https://web.archive.org/web/20080305133437/http://www.indianofficer.com/forums/india-world/748-women-governors-india.html আহৰণ কৰা হৈছে: 2009-01-16.
  14. "We should show the world we are capable of tackling any crisis'". Rediff on the net. Archived from the original on 2011-07-13. https://web.archive.org/web/20110713025520/http://www.indiaabroad.com/news/jun/03sharma.htm আহৰণ কৰা হৈছে: 2009-01-16.
  15. "Rajiv case TN Governor rejects mercy pleas". .indianexpress.com. 29 October 1999. http://www.indianexpress.com/res/web/pIe/ie/daily/19991029/ige29057.html আহৰণ কৰা হৈছে: 2009-01-16.[সংযোগবিহীন উৎস]
  16. "Rajiv case accused will wait for pardon". indianexpress.com. 4 November 1999. http://www.indianexpress.com/res/web/pIe/ie/daily/19991104/ige04009.html আহৰণ কৰা হৈছে: 2009-01-16.[সংযোগবিহীন উৎস]
  17. Sleeman, Elizabeth, ed. The International Who's Who 2004 (67 সম্পাদনা). Europa Publications. পৃষ্ঠা. 517. ISBN 9781857432176. https://books.google.com/books?id=SK-81iI6NJQC&pg=PA517.
  18. "Bharat Jyoti Award". Delhi University. Archived from the original on 15 May 2009. https://web.archive.org/web/20090515101248/http://dlis.du.ac.in/Faculty%20Members/Shailendra%20Kumar.htm আহৰণ কৰা হৈছে: 2009-01-16.
  19. K. Bhushan, G. Katyal (2002). A.P.J. Abdul Kalam: The Visionary of India. APH Publishing. পৃষ্ঠা. 185. ISBN 9788176483803. https://books.google.com/books?id=W3K3wQsM9PUC.
  20. "India's First Female Supreme Court Judge Justice Fathima Beevi Passes Away". Live Law. 23 November 2023. https://www.livelaw.in/top-stories/justice-fathima-beevi-passes-away-first-female-supreme-court-judge-242830.
  21. "न्यायमूर्ति फातिमा बीवी का निधन, प्रधानमंत्री मोदी ने जताया शोक" (hi ভাষাত). Post Inshort. 24 November 2023. https://postinshort.in/news/india/justice-fatima-beevi-passes-away-prime-minister-modi-expresses-grief আহৰণ কৰা হৈছে: 24 November 2023.[সংযোগবিহীন উৎস]