আকাশী গংগা জলপ্ৰপাত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(আকাশী গংগাৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search

আকশী গংগা অসমনগাঁও জিলাৰ পৰা ৫০ কিলোমিটাৰ পূব-দক্ষিণ দিশত ডবকা-ডিমাপুৰ পথত অৱস্থিত এক জলপ্ৰপাত৷ লগতে এই অঞ্চলত ভালেসংখ্যক প্ৰত্নতাত্বিক ধ্বংসাৱশেষ পোৱা যায়৷ কালিকা পুৰাণতো এই অঞ্চলৰ উল্লেখ আছে বুলি জনা যায়৷ [1][2]

ভৌগোলিক অৱস্থান[সম্পাদনা কৰক]

আকাশী গংগা জলপ্ৰপাত ডবকা- ডিমাপুৰ পথত অৱস্থিত৷ ই নগাঁও জিলাৰ পূব-দক্ষিণ দিশত ৫০ কিলোমিটাৰ দূৰত্বত অৱস্থিত৷ এই অঞ্চলৰ নিকটৱৰ্ত্তী ৰে'লৱে ষ্টেচনটো হৈছে চাপৰমুখ৷ [3]

ইতিহাস[সম্পাদনা কৰক]

কিংবদন্তি অনুসৰি মহাদেৱৰ পত্নী সতীৰ পিতৃ দক্ষ ৰজাই মহাদেৱক নিজৰ যজ্ঞস্থলীত কৰা অপমান সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হয় আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰে। এনেদৰে ঘুৰি ফুৰোতে লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল।সতীৰ দেহৰ বিভিন্ন অংগ বিভিন্ন ঠাইত পৰাত তাত একোখন তীৰ্থস্থান গঢ়ি উঠিল।ইয়াৰে এটা অংশ আকাশী গংগাতো পৰা বুলি জনা যায়৷[4] লোকবিশ্বাস অনুসৰি, আকাশী গংগাই সৃষ্টি কৰা হ্ৰদটোত স্নান কৰিলে দেৱীৰ আশীষ পোৱা যায়৷

এই জলপ্ৰপাতৰ আশে পাশে শৈল মন্দিৰৰ ধ্বংসাৱশেষো পোৱা যায়৷ এইবোৰ দশম আৰু বাৰশ শতিকাৰ দুটা মন্দিৰৰ অৱশেষ বুলি জনা যায়৷ কালিকা পুৰাণত আকাশী গংগাক পীঠস্থান বুলি উল্লেখ কৰা হৈছে৷ [5]

পৰ্যটন[সম্পাদনা কৰক]

আকাশী গংগা বৰ্তমান এক পৰ্যটনস্থলী হিচাপে খ্যাত৷ তাৰোপৰি সমগ্ৰ বছৰ জুৰি ইয়াত ভক্তৰ সমাগম দেখা পোৱা যায়৷ এই ঠাইৰ পৰা ব্ৰহ্মপুত্ৰ নদো দেখা পোৱা যায়৷[6] [7]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]