সমললৈ যাওক

নিক'লাচ ক'পাৰ্নিকাচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিক'লাচ ক'পাৰ্নিকাচ
জন্ম ১৯ ফেব্ৰুৱাৰী, ১৪৭৩
মৃত্যু ২৪ মে',১৫৪৩
শিক্ষানুষ্ঠান ক্ৰেকো বিশ্ববিদ্যালয়(১৪৯১-৯৪)
ব'ল'না বিশ্ববিদ্যালয়(১৪৯৬–১৫০০)
পাডুৱা বিশ্ববিদ্যালয়(১৫০১-০৩)
ফেৰাৰা বিশ্ববিদ্যালয়(১৫০৩)
পেচা গণিত, জ্যোতিৰ্বিজ্ঞান
জনা যায় সৌৰকেন্দ্ৰিক মতবাদ
টকাৰ সংখ্যাগত তত্ত্ব
গ্ৰেছাম-ক'ৰ্পানিকাচ সূত্ৰ
প্ৰভাৱিত কৰিছে জোহানচ্ কেপলাৰ
স্বাক্ষৰ

নিক'লাচ ক'পাৰ্নিকাচ (ইংৰাজী: Nicolaus Copernicus; ১৯ ফেব্ৰুৱাৰী ১৪৭৩ - ২৪ মে' ১৫৪৩) এজন বিখ্যাত জ্যোতিৰ্বিজ্ঞানী। তেওঁ নৱজাগৰণ যুগৰ এজন সুবিখ্যাত গণিতজ্ঞ আৰু জ্যোতিৰ্বিজ্ঞানী। তেওঁ সৃষ্টি কৰা ধাৰণা অনুসৰি 'সূৰ্যই নহয়, বৰং পৃথিৱী আৰু অন্যান্য গ্ৰহবিলাকহে সূৰ্যৰ চাৰিওফালে বৃত্তাকাৰে ঘূৰে', এই তত্ত্বৰ দ্বাৰা তেওঁ সৌৰজগত সম্বন্ধীয় পূৰ্বৰ ভ্ৰান্ত ধাৰণা কিছুমান প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছিল আৰু গ্ৰহ-নক্ষত্ৰৰ গতি সম্পৰ্কে এক নতুন ধাৰাৰ প্ৰৱৰ্তন কৰিবলৈ সমৰ্থৱান হৈছিল।[1][2]

১৫৪৩ চনত ক'পাৰ্নিকাচ মৃত্যুৰ পূৰ্বে, তেওঁৰ দ্বাৰা লিখিত গ্ৰন্থ 'জ্যোতিষ্কবিলাকৰ প্ৰদক্ষিণৰ বিষয়ে' (De revolutionibus orbium coelestium)-ৰ প্ৰকাশ হৈছিল-যি আছিল বিজ্ঞানৰ ইতিহাসত এক চিৰস্মৰণীয় ক্ষণ। এই বিশেষ গ্ৰন্থখনৰ প্ৰকাশেই 'ক'পাৰ্নিকাচ বিপ্লৱ'ৰ সূচনা কৰিছিল আৰু লগতে বৈজ্ঞানিক বিপ্লৱৰ প্ৰতিও এক যুগান্তকাৰী অৱদান হিচাপে চিহ্নিত হৈছিল।[3]

নিক'লাচ ক'পাৰ্নিকাচৰ প্ৰকৃত নাম আছিল মিকলা কপাৰ্নিক্। কিন্তু তেওঁ লেটিন নামটোৰেহে বেছি জনপ্ৰিয়। তেওঁৰ জন্ম হৈছিল ১৪৭৩ চনৰ ১৪ ফেব্ৰুৱাৰীত, প'লেণ্ডৰ ফিষ্টুলা নৈৰ পাৰৰ থ'ৰ্ণ নামৰ সৰু গাঁও এখনত। তেওঁৰ দেউতাক কপাৰৰ ব্যৱযায় কৰা এজন সদাগৰ আছিল।[1] দেউতাকৰ নাম আছিল মিক'লাজ (জ্যেষ্ঠ)।[4] ১৪৬১ আৰু ১৪৬৪ চনৰ মাজৰ কোনোবা এক সময়ত ক'পাৰ্নিকাচৰ দেউতাকে বাৰবাৰা ৱাটজেনৰ'ডক বিয়া কৰাইছিল। মাক বাৰবাৰাও এজন ধনী সদাগৰৰ জীয়েক আছিল। ১৪৮৩ চনত ক'পাৰ্নিকাচৰ দেউতাকৰ মৃত্যু হয়। তেতিয়া ক'ৰ্পানিকাচৰ বয়স আছিল দহ বছৰ।[5] দেউতাকৰ মৃত্যুৰ পিছত নিক'লাচ তেওঁৰ মোমায়েক লুকাচ ৱাটজেনৰ'ডে কনিষ্ঠৰ (১৪৪৭-১৫১২) তত্ত্বাৱধানত ডাঙৰ-দীঘল হ'বলৈ ধৰে।[6]

নিক'লাচৰ মোমায়েকে পুৰোহিতৰ কাম কৰিছিল আৰু এজন বিদ্বান পুৰুষ বুলি প'লেণ্ডত জনাজাত আছিল। তেওঁৰ এটা পুথিভঁৰাল আছিল য'ত জ্যোতিৰ্বিজ্ঞান, গণিত, সাহিত্য আদি অনেক বিষয়ৰ কিতাপ ঠাহ খাই আছিল। ক'ৰ্পানিকাচে সেই কিতাপবোৰ পঢ়ি নিজৰ জ্ঞান বঢ়াবলৈ সুবিধা পাইছিল। ওঠৰ বছৰ বয়সত ক'ৰ্পানিকাচে ক্ৰেকো নামৰ বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। সেই বিশ্ববিদ্যালয়তে তেওঁ সেই সময়ৰ প্ৰসিদ্ধ জ্যোতিৰ্বিদ আলবেআৰ্ট ব্ৰুদিৱেষ্কিৰ সান্নিধ্যলৈ আহে আৰু জ্যোতিৰ্বিদ্যাৰ প্ৰতি বিশেষভাৱে আকৃষ্ট হয়।[1]

ক'পাৰ্নিকাচ জাৰ্মান, প'লিচ, লেটিনৰ উপৰিও গ্ৰীক আৰু ইটালীয ভাষা ক'ব পাৰিছিল। ক'পাৰ্নিকাচে বেছিভাগ লেখাই লেটিন ভাষাত লিখিছিল।[7]

ক্ৰেকো বিশ্ববিদ্যালয়ত শিক্ষা সমাপ্ত কৰি তেওঁ ব'লনালৈ পঢ়িবলৈ আহে। সেয়া ১৪৯৬ চনৰ কথা। ব'লনাত তেওঁ জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক ডমেনিক' মাৰিয়া ন'ভাৰাৰ সান্নিধ্যা পায় আৰু তাতেই নিক'লাচে তেওঁৰ প্ৰথমটো জ্যোতিৰ্বৈজ্ঞানিক পৰ্যবেক্ষণ প্ৰকাশ কৰে। ইটালিৰ ৰাজধানী ৰোমত থাকোঁতেই ক'ৰ্পানিকাচে অংকশাস্ত্ৰত বক্তৃতাও প্ৰদান কৰিছিল। সেই বক্তৃতাবোৰত হয়তো জ্যোতিৰ্বিজ্ঞানৰ সুস্পষ্ট প্ৰভাৱ পৰিছিল। পিছে ডিগ্ৰী গ্ৰহণ নকৰাকৈয়ে ক'পাৰ্নিকাচে ১৫০১ চনত ব'লনা বিশ্ববিদ্যালয় ত্যাগ কৰে।[8]

তাৰপিছত তেওঁ ইটালিৰে পাডুৱা বিশ্ববিদ্যালয়লৈ আহে আৰু তাত চিকিৎসা, দৰ্শন আৰু জ্যোতিৰ্বিজ্ঞান অধ্যয়ন কৰে। অৱশ্যে পাডুৱাৰ পৰা তেওঁ চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লোৱাত অসমৰ্থ হয়। তাৰ পৰিৱৰ্তে তেওঁ ফেৰাৰা বিশ্ববিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। সেইখন বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ কেনন সূত্ৰত ডক্টৰেট লাভ কৰে।[8]

এইদৰেই ত্ৰিশ বছৰ পৰ্যন্ত ক'পাৰ্নিকাচে জ্যোতিৰ্বিজ্ঞান, গণিত, চিকিৎসা, দৰ্শন, আইন, ৰাজনীতি,ধৰ্ম-সাহিত্য ইত্যাদি নানানটা বিষয়ৰ অধ্যয়ন কৰে আৰু নিজৰ জ্ঞানৰ ভঁৰালটো টনকিয়াল কৰে। জ্ঞানৰ পৰিধিলৈ চাই ক'পাৰ্নিকাচক লিঅ'নাৰ্ড দা ভিন্সিৰ পিছতে স্থান দিব পাৰি।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

ৰোম বিশ্ববিদ্যালয়ত জ্যোতিৰ্বিজ্ঞানৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰাৰ পাছত ক'পাৰ্নিকাচে ছাত্ৰসকলক টলেমিৰ তত্ত্ব পঢ়ুৱাবলগা হৈছিল। পিছে তিনিটামান বছৰ সেই তত্ত্ব পঢ়োৱাৰ পাছত তেওঁ টলেমিৰ তত্ত্বৰ প্ৰতি সন্দিহান হৈ উঠিল। কিয়নো নতুন গ্ৰহ-তৰা আৱিষ্কাৰৰ ফলত টলেমিৰ তত্ত্ব ক্ৰমান্বয়ে জটিল হৈ উঠিছিল। উল্লেখযোগ্য যে, ক'পাৰ্নিকাচৰ দিনলৈ বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় প্ৰায় পয়সত্তৰটা তত্ত্বৰ সৃষ্টি হৈছিল। তথাপি পূৰ্বৰ এৰিষ্টটলৰ ধাৰণাৰ তিলমানো সাল-সলনি হোৱা নাছিল। ক'পাৰ্নিকাচে এই বিষয়ে গভীৰভাৱে অধ্যয়ন কৰিবলৈ মনস্থ কৰিলে। সেইবাবে তেওঁ অধ্যাপনাৰ কাম বাদ দি প'লেণ্ডৰ ফ্ৰাউএনবুৰ্গ নামে এখন গাঁৱত ধৰ্মযাজকৰ পদ গ্ৰহণ কৰিলেগৈ। তালৈ গৈ তেওঁ এজন চিকিৎসক হিচাপেও সুনাম আৰ্জিলে। সমাজসেৱক হিচাপেও সুখ্যাতি লভিলে। গাঁৱৰ পৰা বহু দূৰৈত থকা এখন নৈৰ পৰা নলা খান্দি তেওঁ নৈখনকে গাঁৱলৈ বোৱাই আনিলে। তদুপৰি যন্ত্ৰৰ দ্বাৰা পানী ওপৰলৈ তুলি ঘৰে-ঘৰে পানী যোগান ধৰাৰ ব্যৱস্থাও তেওঁ কৰি দিলে।[1]

তাৰপিছত ক'পাৰ্নিকাচে জ্যোতিৰ্বিজ্ঞান অধ্যয়নত মনোনিৱেশ কৰে। তেওঁ প্ৰতিনিশাই আকাশৰ গ্ৰহ-তৰাবিলাক নিৰীক্ষণ কৰি আৱশ্যকীয় টোকাবিলাক গোটাই গৈছিল। সেইসময়ত দূৰবীণ আৱিষ্কাৰ নোহোৱা হেতুকে তেওঁ গ্ৰহ-তৰা নিৰীক্ষণত যথেষ্ট অসুবিধাৰ সমুখীন হৈছিল। কিন্তু অপৰিসীম ধৈৰ্য আৰু কষ্টসহিষ্ণুতাৰ পৰিচয় দি তেওঁ নিজৰ কাম কৰি থাকিল। অৱশেষত ক'পাৰ্নিকাচে গ্ৰহবিলাকৰ প্ৰদক্ষিণ সম্পৰ্কে এটা নতুন তত্ত্ব উদ্ভাৱন কৰিলে। তেওঁ দেখুৱালে যে সূৰ্য পৃথিৱীৰ চাৰিওফালে নহয়, বৰঞ্চ গ্ৰহ-তৰাবিলাকহে সূৰ্যৰ চাৰিওফালে ঘূৰে। এই বিশেষ তত্ত্বৰ দ্বাৰা তেওঁ জ্যোতিৰ্বিজ্ঞানৰ বহুতো জটিল ধাৰণা ব্যাখ্যা কৰিব পৰা হ'ল। মঙ্গল, শনি, বৃহস্পতি আৰু শুক্ৰগ্ৰহৰ অৱস্থানো তেওঁ শুদ্ধকৈ গণনা কৰি উলিয়াইছিল। ইয়াৰোপৰি পৃথিৱী নামৰ গ্ৰহটো যে নিজ কক্ষৰ চাৰিওফালেও এবাৰ ঘূৰে-সেইয়াও তেওঁ প্ৰমাণ কৰিছিল। পিছে তেওঁৰ এই প্ৰমাণ আৰু আৱিষ্কাৰবোৰ প্ৰচলিত বিশ্বাসৰ বিৰোধী হোৱা বাবে তেওঁ মুকলিকৈ সকলো কথা প্ৰকাশ কৰিবলৈ দ্বিধাবোধ কৰিছিল। সেয়েহে 'মন্তব্য' (Commentariolus) নাম দি তেওঁ তত্ত্বটোৰ এটা সাৰাংশ লিখি উলিয়ালে আৰু তেওঁৰ কেইজনমান বন্ধুলৈ পঠিয়াই দিলে। সেইসকলৰ বহুতেই তেওঁক সমৰ্থন কৰিছিল যদিও সামাজিকভাৱে লাঞ্ছিত হোৱাৰ ভয়ত তেওঁলোকে সমৰ্থন দিয়া নাছিল। ফলত ক'পাৰ্নিকাচৰ সেই কিতাপখন বহুদিন মেজতে পৰি থাকিল।[1]

অৱশেষত প্ৰায় দহ বছৰৰ পিছত তেওঁৰ এজন অধ্যাপক বন্ধু ৰেটিকাচে এই কিতাপখন প্ৰকাশৰ দায়িত্ব গ্ৰহণ কৰিলে। কিতাপখনৰ নতুনকৈ নাম দিয়া হ'ল De Revolutionibus Oribum Coelestum অৰ্থাৎ, জ্যোতিষ্কবিলাকৰ প্ৰদক্ষিণৰ বিষয়ে।[9] পুথিখনত বিপ্লৱী মনোভাৱৰ বীজ থাকিলেও বাহ্যিক দিশত কিতাপখন ৰক্ষণশীল আছিল। পোপে ইয়াৰ প্ৰকাশ বন্ধ কৰি দয়াৰ ভয়ত তেওঁ এই কিতাপখন পোপলৈ উছৰ্গা কৰিছিল। ইয়াৰোপৰি প্ৰকাশকে কিতাপৰ পাতনিত লিখি দিছিল যে-এই কথাবিলাক সঁচা নহ'বও পাৰে। সেইবিলাক লেখকৰ কিছুমান ধেমেলীয়া কল্পনাহে মাথোঁন।[1] জ্যোতিৰ্বিজ্ঞানীৰ মহলত আলোড়ন সৃষ্টি কৰা এই বিশেষ কিতাপখন প্ৰকাশ হোৱাৰ কেইদিনমানৰ পাছতেই নিক'লাচ ক'পাৰ্নিকাচৰ মৃত্যু হয়।

১৫৪২ চনৰ শেষৰফালে ক'পাৰ্নিকাচ এপ'লেক্সি আৰু পেৰালাইছিছ ৰোগত আক্ৰান্ত হয়। ১৫৪৩ চনৰ ২৪ মে'ৰ দিনা ৭০ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।[10] কথিত আছে যে সেইদিনাই তেওঁৰ বন্ধু ৰেটিকাচে তেওঁক সদ্যপ্ৰকাশিত গ্ৰন্থখনৰ এটি ক'পি প্ৰদান কৰে। আৰু সেই দিনটোতেই কিতাপখন সাবটি ক'পাৰ্নিকাচ মৃত্যুৰ কোলাত ঢলি পৰে।[11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 বৰ্মন, ড॰ শিৱনাথ (২০১২,এপ্ৰিল). বিশ্বৰ বৰেণ্য বিজ্ঞানী. প্ৰকাশক গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২১-২৫. 
  2. Linton, Christopher M. (2004). From Eudoxus to Einstein: A History of Mathematical Astronomy. Cambridge: Cambridge University Press. ISBN 978-0-521-82750-8.
  3. Edward Rosen, "Copernicus, Nicolaus", Encyclopedia Americana, International Edition, volume 7, Danbury, Connecticut, Grolier Incorporated, 1986, ISBN 0-7172-0117-1, pp. 755–56.
  4. Dobrzycki and Hajdukiewicz (1969), p. 3.
  5. Dobrzycki and Hajdukiewicz (1969), p. 3.
  6. Dobrzycki and Hajdukiewicz (1969), p. 4.
  7. http://mentalfloss.com/article/533458/facts-about-nicolaus-copernicus
  8. 8.0 8.1 ষ্টেনফৰ্ড. "ক'পাৰ্নিকাচ". ষ্টেনফৰ্ড. http://plato.stanford.edu/entries/copernicus। আহৰণ কৰা হৈছে: 16 July 2019. 
  9. http://www.britannica.com/topic/Copernicus-anniversary-40058
  10. Bell, Eric Temple (1992) [1940]. The development of mathematics. New York: Dover Publications. ISBN 978-0-486-27239-9.
  11. http://www.biography.com/scientist/nicolaus-copernicus

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]