সমললৈ যাওক

১৯৮০ মোৰাদাবাদ সংঘৰ্ষ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১৯৮০ মোৰাদাবাদ সংঘৰ্ষ
ভাৰতৰ ধৰ্মীয় হিংসাত্মক ঘটনা-ৰ অংশ

ভাৰতৰ মানচিত্ৰত মোৰাদাবাদৰ অৱস্থান
তাৰিখ আগষ্ট ১৯৮০
স্থান
পদ্ধতি হত্যা, অগ্নিদাহ, লুটপাত
জড়িত থকা গোটসমূহ
আৰক্ষী, হিন্দু
মুছলমান

১৯৮০ চনৰ মোৰাদাবাদ সংঘৰ্ষউত্তৰ প্ৰদেশৰ মোৰাদাবাদ নগৰত ১৯৮০ৰ আগষ্টৰ পৰা নবেম্বৰলৈ হোৱা হিংসাত্মক ঘটনাৰাজিক বুজায়। এই হিংসাত্মক ঘটনাৰাজি আংশিকৰূপে হিন্দু-মুছলমানৰ মাজত ঘটা সংঘাট আৰু আংশিকৰূপে আৰক্ষী আৰু মুছলমানৰ মাজত ঘটা সংঘাট আছিল। ১৩ আগষ্টৰ দিনা স্থানীয় আৰক্ষীয়ে ঈদগাহ ময়দানত চৰি থকা গাহৰি এটা খেদাই পঠিয়াবলৈ অসন্মত হোৱা আৰু তাকে লৈ মুছলমান লোকৰ এটা দলে আৰক্ষীলৈ শিলগুটি দলিওৱাক কেন্দ্ৰ কৰি এই সংঘৰ্ষৰ আৰম্ভণি হয়। আৰক্ষীয়ে উধাই-মুধাই গুলি চালনা কৰাত এশৰো অধিক মানুহৰ মৃত্যু হয়। এই ঘটনাৰ পিছতে সা-সম্পত্তি জুই লগাই দিয়া, লুটমাৰ, হত্যা আদি এলানি হিংসাত্মক ঘটনা ঘটিবলৈ ধৰে, যাৰ প্ৰকৃতি আছিল ধৰ্মীয়। সংঘৰ্ষ ১৯৮০ৰ নবেম্বৰলৈ চলি থাকে। মুঠ নিহতৰ সংখ্যা অনিশ্চিত যদিও চৰকাৰে ৪০০ জন মানুহৰ মৃত্যু চিহ্নিত কৰে আৰু ক্ষতিপূৰণ প্ৰদান কৰে; যিক্ষেত্ৰত বেচৰকাৰী হিচাপ মতে নিহতৰ সংখ্যা ২৫০০ৰো অধিক।[1] এই সংঘৰ্ষই মোৰাদাবাদৰ পিতল উদ্যোগত কু-প্ৰভাৱ পেলায়। পিতলৰ সামগ্ৰীৰ উৎপাদন আৰু ৰপ্তানী লক্ষণীয়ভাবে কমি যায়।[2]

পৃষ্ঠভূমি

[সম্পাদনা কৰক]

মোৰাদাবাদৰ হিন্দু-মুছলমান সংঘৰ্ষৰ এক ইতিহাস আছে। প্ৰথম ১৮৪৮ত তেনে এক সংঘৰ্ষ সংঘটিত হৈছিল; অন্য এটা সংঘৰ্ষ হৈছিল ১৮৭২ত।[1] ১৮৮০ত নগৰখনত হিন্দু ভোটাৰৰ আধিক্য আছিল যদিও সেইসময়ৰ পৌৰসভাৰ মুছলমান সচিবজনে পৌৰসভাৰ ভোটাৰ ৱাৰ্ডৰ সীমাৰেখা এনেকৈ অঙ্কণ কৰিছিল, যাতে হিন্দুসকল মাত্ৰ এটা ৱাৰ্ডতে সীমিত হৈ ৰয়। বাকী পাঁচটা ৱাৰ্ডত মুছলমানসকল সংখ্যাগৰিষ্ঠ আছিল।[3] ফলস্বৰূপে মুছলমানসকলে পৌৰসভাত সদায় সংখ্যাগৰিষ্ঠতা পাইছিল। হিন্দুসকলে ইয়াৰ বিৰোধিতা কৰাত পৌৰ-ৱাৰ্ডবোৰৰ সীমাৰেখা নতুনকৈ অঙ্কণ কৰা হৈছিল আৰু ইয়াৰ পিছত হিন্দুসকলে সংখ্যাগৰিষ্ঠতা পাইছিল। উভয় সম্প্ৰদায়ে ধৰ্মীয় দৃষ্টিভঙ্গীৰে প্ৰশাসনীয় ক্ষমতা ব্যৱহাৰ কৰিব বিচাৰিছিল; ইয়ে উভয় সম্প্ৰদায়কে শত্ৰু মনোভাবাপন্ন কৰি তুলিছিল।[1]

ফিৰিঙতি

[সম্পাদনা কৰক]

১৯৮০ৰ মাৰ্চৰ পৰাই কেইজনমান মুছলমান ব্যক্তিয়ে এজনী দলিত ছোৱালীক অপহৰণ কৰাক কেন্দ্ৰ কৰি হিন্দু-মুছলমানৰ মাজত উত্তেজনাই বিৰাজ কৰি আছিল। এই দলিত আৰু মুছলমানসকল এখন ঈদগাহ ময়দানৰ ওচৰত দুটা পৃথক বস্তিত বাস কৰিছিল। ছোৱালীজনীক পিছলৈ উদ্ধাৰ কৰা হৈছিল আৰু তাইৰ অপহৰণকাৰীহঁতক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই বছৰৰে জুলাইত তাইৰ বিয়া এজন দলিত যুৱকৰ সৈতে ঠিক হৈছিল; কিন্তু বৰযাত্ৰী দলটোক কেইজনমান মুছলমান লোকে মছজিদৰ ওচৰত উচ্চস্বৰৰ সংগীত বজাই যোৱাৰ অভিযোগ কৰি বাধা প্ৰদান কৰিছিল। অতি সোনকালে দুয়োটা পক্ষৰ মাজত হোৱা তৰ্ক-বিতৰ্কই দুয়োটা সম্প্ৰদায়ৰ মাজত হিংসাত্মক কাজিয়াৰ ৰূপ লৈছিল আৰু বহুকেইটা ঘৰত লুটপাত চলোৱা হৈছিল।[4]

১৯৮০ৰ ১৩ আগষ্টৰ দিনা এটা পোহনীয়া গাহৰিয়ে ঈদগাহ ময়দানত চৰি ফুৰিছিল। সেইসময়ত তাত প্ৰায় ৫০,০০০ লোকে ঈদ-মিলাদুন-নবীৰ প্ৰাৰ্থনা কৰি আছিল। মুছলমানসকলে গাহৰিক হাৰাম (অপবিত্ৰ) বুলি বিবেচনা কৰে। সেই গাহৰিটো ওচৰৰ হিন্দু দলিতসকলে ইচ্ছাকৃতভাবে ঈদগাহ ময়দানত মেলি দিয়া বুলি বিশ্বাস কৰিলে।[5] তেওঁলোকে সেইসময়ত কৰ্তব্যৰত এজন আৰক্ষী জোৱানক গাহৰিটো আঁতৰাই দিবলৈ ক’লে। কিন্তু জোৱানজনে সেইটো কৰিবলৈ অস্বীকাৰ কৰাত উত্তপ্ত বাক-বিতণ্ডাৰ সৃষ্টি হ’ল আৰু কেইজনমান লোকে আৰক্ষীৰ ওপৰত শিলগুটি নিক্ষেপ কৰিলে।[4]

জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কপালত এটা শিলগুটি লাগে আৰু তেওঁ পৰি যায়। অতিৰিক্ত জিলা দণ্ডাধীশ ডি.পি. সিঙক কেইজনমান লোকে চোঁচৰাই লৈ যায় আৰু পিছত তেওঁৰ মৃত্যু ঘটে। আৰক্ষীয়ে তেতিয়া ভীৰক উদ্দেশ্য কৰি উধাই-মুধাই গুলিয়াবলৈ ধৰে।[6] গুলি লাগি বহুকেইজন মুছলমান লোকৰ মৃত্যু ঘটিল। হুৰা-মুৰাত প্ৰায় ৫০জন লোকৰ প্ৰাণ গ'ল। পিছত মুছলমান নেতা চৈয়দ চাহাবুদ্দিনে এই ঘটনাক জালিৱানৱালা বাগ কাণ্ডৰ সৈতে তুলনা কৰিছিল।[1]

আগষ্ট হিংসা

[সম্পাদনা কৰক]

ঈদগাহ ময়দানত গোট খোৱা মুছলমান লোকসকলে জাক পাতি দলিতসকলৰ বস্তিত গণ লুটপাত, জুই লগাই দিয়া আদি কাৰ্যত লিপ্ত হ’ল। তেওঁলোকে নগৰৰ বিভিন্ন অঞ্চলত আৰক্ষী বাহিনীৰ লোককো মাৰধৰ কৰিলে। উত্তৰ প্ৰদেশৰ সশস্ত্ৰ আৰক্ষীৰ এজন কনিষ্টবলক জীয়াই জীয়াই পুৰি মাৰিলে।[4] সন্ধিয়ালৈ মুছলমানসকলৰ এটা গোটে গলছহিদ আৰক্ষী চকীত জুই লগাই দিয়ে আৰু দুজন আৰক্ষীক হত্যা কৰি অস্ত্ৰ-শস্ত্ৰ লুট কৰে। ইয়াৰ পিছত আৰক্ষীয়েও হিংসাত্মক পন্থা লয়।[1]

পিছদিনা ১৪আগষ্টত জামাত-ই-ইছলামী-হিন্দে বিভিন্ন ৰাজনৈতিক দলৰ মুছলমান লোকসকলক গোট খুৱায় আৰু সংঘৰ্ষটোক গৰিহণা দি এটা বিবৃতি জাৰী কৰে।[7] পৰৱৰ্তী পৰ্যায়ত হিংসাই ধৰ্মীয় ৰূপ লয় আৰু মোৰাদাবাদ জিলাৰ গ্ৰামীণ অঞ্চলকে ধৰি ওচৰৰ আলিগড় নগৰতো হিংসা বিয়পি পৰে।[8] হিংসা প্ৰশমণ কৰিবলৈ অঞ্চলটোত সেনা বাহিনী নিয়োগ কৰা হয়। ২ চেপ্তেম্বৰলৈ মোৰাদাবাদত হিংসা নিয়ন্ত্ৰণাধীন হয় আৰু চৰকাৰে সেনা বাহিনীক অপসাৰণ কৰিবলৈ আৰম্ভ কৰে। ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা ভি পি সিঙৰ মুখ্যমন্ত্ৰিত্বৰ কালচোৱাত এই সংঘৰ্ষৰ ঘটনা ঘটে। কেন্দ্ৰীয় মন্ত্ৰী যোগেন্দ্ৰ মাকৱানাই হিংসাৰ বাবে আৰ.এচ.এচ, জনসংঘ আৰু ভাৰতীয় জনতা পাৰ্টিক জগৰীয়া কৰে। প্ৰধান মন্ত্ৰী ইন্দিৰা গান্ধীয়ে ইয়াৰ আঁৰত বিদেশী শক্তি (অৰ্থাৎ পাকিস্তানৰ) সাম্প্ৰদায়িক দলবোৰ থকাৰ অভিযোগ কৰে। দি টাইমচ্ অৱ ইণ্ডিয়াৰ সম্পাদক গিৰিলাল জৈনে মুছলমানসকলৰ মাজত থকা “অসামাজিক ব্যক্তি” (anti-social elements) কিছুমানক আংশিকৰূপে দায়ী কৰে। মুছলমান নেতাসকলে প্ৰকৃত সত্যক আওকান কৰি আৰ.এচ.এচক জগৰীয়া কৰিব বিচৰা কথাটোৰো সমালোচনা কৰে। তেওঁ ইন্দিৰা গান্ধীৰ ‘’বিদেশী হাত’’ তত্বটোকো credence দিয়ে আৰু উত্তৰ প্ৰদেশলৈ অহা পাকিস্তানৰ ভ্ৰমণকাৰীৰ এখন তালিকা দি এটা প্ৰবন্ধও প্ৰকাশ কৰে। বি.জে.পি. নেতা লালকৃষ্ণ আদৱানীয়ে হিংসাৰ বাবে মুছলমান নেতাসকলক দোষাৰোপ কৰে।[8] চৰকাৰে এলাহাবাদ উচ্চ ন্যায়ালয়ৰ বিচাৰপতি চাক্সেনাক সংঘৰ্ষৰ বিষয়ে অনুসন্ধান কৰিবলৈ নিয়োগ কৰে। বিচাৰপতি চাক্সেনাই ১৯৮৩ৰ মে’ত প্ৰতিবেদন দাখিল কৰে, য’ত হিংসাত্মক ঘটনাৰাজিৰ বাবে মুছলমান নেতাসকল আৰু ভি.পি. সিঙৰ প্ৰতি আঙুলি টোৱোৱা হৈছিল।[9]


পৰৱৰ্তী প্ৰভাৱ

[সম্পাদনা কৰক]

হিংসাত্মক ঘটনা কম পৰিমাণে ১৯৮০ৰ নবেম্বৰলৈ চলি আছিল। এটা ডাঙৰ হিংসাত্মক ঘটনা চেপ্তেম্বৰত হিন্দুসকলৰ উৎসৱ ৰক্ষাবন্ধনৰ দিনা সংঘটিত হৈছিল। অক্টোবৰৰ শেষৰ ফালে আততায়ীৰ হাতত অতি কমেও ১৪জনৰ মৃত্যু ঘটিছিল।[4]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 Satish Saberwal, Mushirul Hasan (1991). "14. Moradabad Riots, 1980: Causes and Meanings". In Asgharali Engineer. Communal riots in post-independence India. Universities Press. পৃষ্ঠা. 209–227. ISBN 978-81-7370-102-3. http://books.google.com/books?id=yB5NM0o3I9QC&pg=PA209। আহৰণ কৰা হৈছে: 6 April 2013. 
  2. Sami Uddin (1989). Entrepreneurship Development In India. Mittal Publications. পৃষ্ঠা. 254–. ISBN 978-81-7099-115-1. http://books.google.com/books?id=SzQlpskiOKsC&pg=PA254। আহৰণ কৰা হৈছে: 6 April 2013. 
  3. Francis Robinson (3 December 2007). Separatism Among Indian Muslims: The Politics of the United Provinces' Muslims, 1860-1923. Cambridge University Press. পৃষ্ঠা. 80–81. ISBN 978-0-521-04826-2. http://books.google.com/books?id=QS7FmiBwt-QC&pg=PA80। আহৰণ কৰা হৈছে: 6 April 2013. 
  4. 4.0 4.1 4.2 4.3 Shashi B Sahai (1 January 1997). India: Twilight at Midday : Untold Story of a Sick Society. Gyan Books. পৃষ্ঠা. 123–124. ISBN 978-81-212-0532-0. http://books.google.com/books?id=Vq-_8V1GKGQC&pg=PA123। আহৰণ কৰা হৈছে: 6 April 2013. 
  5. Steven I. Wilkinson (23 November 2006). Votes and Violence: Electoral Competition and Ethnic Riots in India. Cambridge University Press. পৃষ্ঠা. 37–. ISBN 978-0-521-53605-9. http://books.google.com/books?id=tLpRFbLSxvAC&pg=PA37। আহৰণ কৰা হৈছে: 6 April 2013. 
  6. Krishna Gandhi (6 September 1980). "Anatomy of the Moradabad Riots". Economic and Political Weekly খণ্ড 15 (36): 1505–1507. http://www.jstor.org/stable/4369047. 
  7. S. K. Ghosh (1987). Muslim Politics In India. APH Publishing. পৃষ্ঠা. 33–. ISBN 978-81-7024-070-9. http://books.google.com/books?id=sSn5xuF_ARkC&pg=PA33। আহৰণ কৰা হৈছে: 6 April 2013. 
  8. 8.0 8.1 Paul R. Brass (15 May 2011). The Production of Hindu-Muslim Violence in Contemporary India. University of Washington Press. পৃষ্ঠা. 124–104. ISBN 978-0-295-80060-8. http://books.google.com/books?id=9XGZ0kKmJx0C&pg=PT124। আহৰণ কৰা হৈছে: 6 April 2013. 
  9. India Today. Thomson Living Media India Limited. 1997. পৃষ্ঠা. 46. http://books.google.com/books?id=6VxDAAAAYAAJ। আহৰণ কৰা হৈছে: 7 April 2013.