প্ৰাচীন গ্ৰীচ
প্ৰাচীন গ্ৰীচ (ইংৰাজী: Ancient Greece) হৈছে খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ-৭ম শতিকাৰ পৰা খ্ৰীষ্টিয় ৬০০ চনলৈকে গ্ৰীচত বিৰাজমান এক সভ্যতা। এই কালছোৱাৰ পিছতেই প্ৰাৰম্ভিক মধ্য যুগ আৰু বিজেণ্টাইন শাসনকালৰ সূচনা হয়।[1] প্ৰাচীন গ্ৰীচ বুলিলে ধ্ৰুপদী গ্ৰীচকো (খ্ৰী:পূ: ৫ম ৰ পৰা ৪ৰ্থ শতিকা) অন্তৰ্ভুক্ত কৰা হয়। পৌৰাণিক এথেনিয়ানসকলে পাৰ্চীসকলৰ এক আক্ৰমণ প্ৰতিহত কৰাৰ সময়ৰ পৰাই ধ্ৰুপদী গ্ৰীচৰ যুগ আৰম্ভ হয়। মেচিড’নিয়াৰ মহাবীৰ আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ ফলস্বৰূপে মধ্য এচিয়াৰ পৰা মেডিটেৰেনিয়ান সাগৰৰ পশ্চিম প্ৰান্তলৈকে হেলেনিষ্টিক সভ্যতা প্ৰস্ফুটিত হয়।
ধ্ৰুপদী গ্ৰীক সংস্কৃতি, বিশেষকৈ দৰ্শনে ৰোমান সাম্ৰাজ্যৰ ওপৰত বহুল পৰিমাণে প্ৰভাৱ বিস্তাৰ কৰিছিল আৰু ৰোমানসকলে মেডিটেৰেনিয়ান অৱবাহিকা আৰু ইউৰোপৰ বিভিন্ন প্ৰান্তলৈ ইয়াৰ চিন বহন কৰি নিছিল। সেয়ে ধ্ৰুপদী গ্ৰীচক পশ্চিমীয়া সংস্কৃতিৰ ভেঁটি গঢ়োতা বুলি গণ্য কৰা হয়।[2][3][4][5][6][7][8][9][10][11][12][13][14][15][16][17]
কালপঞ্জী
[সম্পাদনা কৰক]খ্ৰী:পূ: ৮ম শতিকাতে মেডিটেৰেনিয়ান অঞ্চলত পৌৰাণিক সভ্যতাৰ উন্মেষ ঘটিছিল (হোমাৰৰ লিখিত কাব্যসমূহৰ সময়তে) আৰু খ্ৰীষ্টিয় ৬ষ্ঠ শতিকাত ইয়াৰ অন্ত পৰিছিল। ইয়াৰ পূৰ্বৱৰ্তী কালত গ্ৰীকৰ অন্ধকাৰ যুগ (১২০০-৮০০ খ্ৰী:পূ:) আৰম্ভ হৈছিল। এই কালছোৱাৰ পুৰাতাত্ত্বিক বৈশিষ্ট্য এয়ে যে অন্ধকাৰ যুগত বাচন-বৰ্তন বা পাত্ৰসমূহত জ্যামিতিক নক্সা অংকন কৰা হৈছিল। ইয়াৰ পিছতেই অৰ্থাৎ খ্ৰী:পূ: ৮ম শতিকাত প্ৰাচ্যকৰণৰ কাল বা আৰ্কেইক কাল আৰম্ভ হৈছিল আৰু চাইৰ’-হিটাইট, নৱ-এচিৰিয়ান সাম্ৰাজ্য, ফ’নেচিয়ান আৰু ৩য় মধ্যকালীন ইজিপ্টৰ সাংস্কৃতিক প্ৰভাৱ শক্তিশালী হৈ ধৰা দিছিল। প্ৰাচীন গ্ৰীচৰ ইতিহাস প্ৰাচ্যৰ প্ৰভাৱতে আৰম্ভ হোৱা বুলি গণ্য কৰা হয়। এই প্ৰভাৱে গ্ৰীচলৈ আখৰুৱা লিপি কঢ়িয়াই আনিছিল আৰু ইয়াৰ ফলস্বৰূপে গ্ৰীক সাহিত্যৰ জন্ম হৈছিল। অন্ধকাৰ যুগৰ অন্তকাল অৰ্থাৎ ৭৭৬ খ্ৰী:পূ:ত প্ৰথমবাৰৰ কাৰণে প্ৰাচীন অলিম্পিক ক্ৰীড়া সমাৰোহ অনুষ্ঠিত হৈছিল। [18] আৰ্কেইক কালৰ পিছত খ্ৰী:পূ: ৫ম শতিকামানত ধ্ৰুপদী গ্ৰীচৰ সূচনা হয় আৰু ৩২৩ খ্ৰী:পূ:ত আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছত হেলেনিষ্টিক কালৰ আৰম্ভ হয়।
প্ৰাচীন গ্ৰীচৰ ইতিহাসক তলত দিয়া ধৰণে ভগাব পাৰি:[19]
- আৰ্কেইক কাল (Archaic period) (খ্ৰী:পূ: ৮ম-৫ম শতিকা): এই কালছোৱাত শিল্পীসকলে আধাৰহীনভাৱে থিয় দি থকা বৃহৎ স্থাপত্যসমূহ নিৰ্মাণ কৰিছিল। এথেন্সৰ অন্তিমজন অত্যাচাৰী শাসকৰ পতন ঘটাই ৫০৮ খ্ৰী:পূ:ত এথেনীয় প্ৰজাতন্ত্ৰৰ জন্ম হৈছিল আৰু আৰ্কেইক কালৰ অন্ত পৰিছিল।
- ধ্ৰুপদী কাল (খ্ৰী:পূ: ৫০০-৩২৩): এই কালছোৱাৰ কলাত্মক ধাৰাটোক ধ্ৰ্পদী বুলি গণ্য কৰা হয়। উদাহৰণস্বৰূপে পাৰ্থেননৰ কথা উনুকিয়াব পাৰি। ৰাজনৈতিকভাৱে খ্ৰী:পূ: ৫ম শতিকাৰ ধ্ৰুপদী কালছোৱা এথেন্স আৰু ডিলিয়ান লীগৰ দ্বাৰা অধ্যষিত আছিল। কিন্তু খ্ৰী:পূ: ৪ৰ্থ শতিকাৰ প্ৰথমভাগত এই ক্ষমতা স্পাৰ্টানসকলৰ হাতলৈ যায়। ইয়াৰ পিছত থিবছ আৰু ব’য়েটিয়ানসকলে আৰু সৰ্বশেষত মেচিডনৰ নেতৃত্বাধীন ক’ৰিন্থ লীগে ক্ষমতা হস্তগত কৰে।
- হেলেনিষ্টিক কাল (খ্ৰী:পূ: ৩২৩-১৪৬): আলেকজেণ্ডাৰৰ মৃত্যুৰ লগে লগে হেলেনিষ্টিক কাল আৰম্ভ হয় আৰু ৰোমানসকলৰ বিজয়ৰ লগতে ইয়াৰ অন্ত পৰে। এই কালছোৱাত গ্ৰীক সংস্কৃতি আৰু ক্ষমতাই প্ৰাচ্য তথা মধ্য প্ৰাচ্যলৈকে বিস্তাৰ লাভ কৰে।
- ৰোমান গ্ৰীচ (খ্ৰী:পূ: ১৪৬-খ্ৰীষ্টিয় ৩৩০): ক’ৰিন্থসকলক ওফৰাই ৰোমান সাম্ৰাজ্য স্থাপনৰ পৰা ৩৩০ খ্ৰীষ্টাব্দত প্ৰথম কনষ্টেণ্টাইনৰ দ্বাৰা ৰোমান ৰাজধানী বিজেণ্টিয়ামৰ স্থাপনলৈকে ৰোমান গ্ৰীচৰ কাল বিস্তৃত।
- প্ৰাচীন গ্ৰীচৰ অন্তিম কাল: এই কালছোৱাত খ্ৰীষ্টধৰ্মই প্ৰভাৱ বিস্তাৰ কৰে আৰু ৰোমান সাম্ৰাজ্যৰ পতন ঘটে।[20]
ৰাজনৈতিক আৰু সামাজিক ব্যৱস্থা
[সম্পাদনা কৰক]ৰাজনৈতিক গাঁথনি
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীচ কেইবাখনো তূলনামূলকভাৱে স্বাধীন নগৰ-ৰাজ্যৰ (প’লিজ) দ্বাৰা গঠিত আছিল। নাগৰিকসকলৰ ধৰ্ম, মূল সংস্কৃতি আৰু ভাষা একে আছিল। তেওঁলোক নিজৰ জাতিগত মূল সম্পৰ্কে সচেতন আছিল। পাৰ্চীসকলৰ দ্বিতীয় আক্ৰমণৰ সময়ত কেইবাখনো ৰাজ্যই গ্ৰীচৰ ৰক্ষাৰ্থে মিত্ৰজোঁট বান্ধিছিল যদিও বাকীকেইখন ৰাজ্যই নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিছিল।[21]
চৰকাৰ আৰু আইন
[সম্পাদনা কৰক]প্ৰথমাৱস্থাত গ্ৰীক নগৰসমূহ সৰু সৰু ৰাজ্য আছিল আৰু ৰাজকীয় কাম-কাজ বা অনুষ্ঠানৰ বাবে একোজন নগৰ বিষয়া (বেচিলিয়াছ) আছিল।[22] আৰ্কেইক কালত প্ৰায়বোৰ নগৰ সামন্তবাদী ৰাজ্যলৈ ৰূপান্তৰিত হৈছিল। অৱশ্যে এই পৰিৱৰ্তনসমূহ কিদৰে সংঘটিত হৈছিল সেয়া এতিয়াও নিশ্চিতকৈ জানিব পৰা হোৱা নাই। কিন্তু নিঃসন্দেহে পৰিৱৰ্তনৰ প্ৰতিটো স্তৰতে সমাজৰ উচ্চবৰ্গৰ লোকসকললৈ ক্ষমতাৰ হস্তান্তৰ ঘটিছিল।
পুঁজিপতি পৰিয়ালসমূহৰ হাতত ৰাজনীতিক প্ৰভাৱিত কৰিব পৰা ক্ষমতা থকাৰ বাবে বহুকেইখন ৰাজ্যত সামাজিক অস্থিৰতাই বিৰাজ কৰিছিল। কিছুসংখ্যক নগৰত একোজন স্বৈৰাচাৰী শাসকৰো ৰাজত্ব চলিছিল।
এথেন্সত প্ৰজাতন্ত্ৰৰ উত্থান হোৱাৰ পিছত প্ৰায়ভাগ নগৰতে প্ৰজাতন্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। অৱশ্যে কিছুসংখ্যক নগৰে পৰম্পৰাগত শাসন ব্যৱস্থাকে অনুসৰণ কৰে।
সামাজিক গাঁথনি
[সম্পাদনা কৰক]নগৰ-ৰাজ্যসমূহত কেৱলমাত্ৰ মুক্ত, মাটিৰ গৰাকী, থলুৱা লোকেহে নাগৰিকত্ব লাভ কৰিছিল। পিছলৈ থলুৱা লোক হোৱাৰ চৰ্তটো শিথিল কৰা হয়। এথেন্সত সম্পত্তিৰ ওপৰত ভিত্তি কৰি জনসাধাৰণক চাৰিটা ভাগত ভাগ কৰা হৈছিল। স্পাৰ্টাত শিক্ষা সমাপ্ত কৰা সকলো পুৰুষকে সমান মৰ্যাদা দিয়া হৈছিল। অৱশ্যে দুটা ৰাজপৰিয়ালৰ পৰা সামৰিক আৰু ধৰ্মীয় নেতাৰ উদ্ভৱ হৈছিল।
- দাসপ্ৰথা
ক্ৰীতদাসসমূহৰ কোনো ক্ষমতা বা মৰ্যাদা নাছিল। তেওঁলোকে গৰাকীৰ অনুমতিসাপেক্ষে পৰিয়াল আৰু নিজা সম্পত্তি ৰাখিব পাৰিছিল। তেওঁলোকৰ কোনো ৰাজনৈতিক অধিকাৰ নাছিল। ধ্ৰুপদী এথেন্সৰ জনসংখ্যাৰ ৪০-৮০% ক্ৰীতদাস আছিল।[23] সৰহসংখ্যক পৰিয়ালে ঘৰুৱা পৰিচাৰক বা বনুৱা হিচাপে ক্ৰীতদাস ৰাখিছিল। ক্ৰীতদাসসমূহক মাৰ-ধৰ কৰা বা হত্যা কৰা নিষেধ আছিল। নগৰ-ৰাজ্যসমূহে আইনসঙ্গতভাৱে ক্ৰীতদাস ৰাখিছিল। এনে ক্ৰীতদাসসমূহৰ স্বাধীনতা ব্যক্তিগতভাৱে ৰখা ক্ৰীতদাসতকৈ ওপৰখাপৰ আছিল আৰু তেওঁলোকে নিজৰ নিজৰ গাইগুটীয়া কামসমূহ কৰিছিল। স্পাৰ্টাত হেলট নামৰ এক বিশেষধৰণৰ ক্ৰীতদাস ৰখা হৈছিল। এওঁলোক শস্য উৎপাদন আৰু ঘৰুৱা কাম-কাজত নিয়োজিত আছিল। প্ৰতিজন স্পাৰ্টান পুৰুষে প্ৰচলিত ৰীতি অনুযায়ী একোজন হেলটক হত্যা কৰিব লাগিছিল। পিছলৈ হেলটসকলে ক্ৰীতদাস বিদ্ৰোহৰ জন্ম দিছিল।
শিক্ষা
[সম্পাদনা কৰক]স্পাৰ্টাৰ বাহিৰে গ্ৰীকসকলৰ শিক্ষা আছিল ব্যক্তিগত। হেলেনিষ্টিক কালত কিছুসংখ্যক নগৰে সৰ্বজনীন পঢ়াশালি স্থাপন কৰিছিল। ধনী শ্ৰেণীৰ লোকসকলেহে একোজন শিক্ষকৰ ব্যৱস্থা কৰিব পাৰিছিল। ল’ৰাবোৰক পঢ়া, লিখা, সঙ্গীত, বাদ্যযন্ত্ৰ আৰু সমৰকলাৰ শিক্ষা দিয়া হৈছিল। ছোৱালীবোৰক পঢ়া, লিখা আৰু সৰল গণিতৰ শিক্ষা দিয়া হৈছিল।
গণিত, সঙ্গীত-বাদ্য আৰু ক্ৰীড়া আছিল প্ৰধান তিনিপ্ৰকাৰৰ শিক্ষা। ল’ৰাবোৰ সাত বছৰ বয়সত বিদ্যালয়লৈ যোৱাৰ বিপৰীতে স্পাৰ্টাৰ ল’ৰাবোৰক বেৰেকলৈ পঠোৱা হৈছিল।
১২ বছৰ বয়স হ’লে কিশোৰহঁতক মল্লযুঁজ, দৌৰ, ডিচকাচ আৰু যাঠী (জেভেলিন) নিক্ষেপ শিকোৱা হৈছিল। ১৮ বছৰ বয়সত স্কুলীয়া শিক্ষা সমাপ্ত হৈছিল আৰু ইয়াৰ পিছত তেওঁলোকক এক বা দুই বছৰৰ বাবে সামৰিক প্ৰশিক্ষণ দিয়া হৈছিল।[24]
অৰ্থনীতি
[সম্পাদনা কৰক]খ্ৰী:পূ: ৫ম আৰু ৪ৰ্থ শতিকাত গ্ৰীচৰ অৰ্থনীতিয়ে উন্নতিৰ চৰম শিখৰ পাইছিল আৰু সেই সময়ত গ্ৰীক অৰ্থনীতি পৃথিৱীৰ ভিতৰতে আগবঢ়া আছিল। কোনো কোনো অৰ্থনৈতিক ইতিহাসবিদৰ মতে গ্ৰীক অৰ্থনীতি উন্নত প্ৰাকঔদ্যোগীক অৰ্থনীতিসমূহৰ অন্যতম আছিল। গ্ৰীচৰ এজন বনুৱাৰ দৈনিক বেতন ঘেঁহুৰ হিচাপত ১২ কেজি হোৱাৰ বিপৰীতে ৰোমান কালৰ ইজিপ্টত এজন বনুৱাৰ দৈনিক বেতন আছিল ৩.৭৫ কেজি।[25]
সমৰকলা
[সম্পাদনা কৰক]অন্ততঃ আৰ্কেইক কালত গ্ৰীচৰ সিঁচৰতি নগৰসমূহৰ মাজত সঘনাই সংঘাত হৈছিল আৰু ইয়াৰ ফলত সমৰকলাৰ মাত্ৰা বাধাগ্ৰস্ত হৈছিল। পেছাদাৰী সৈন্যবাহিনী ৰখাটো সম্ভৱপৰ নোহোৱা হেতুকে নগৰসমূহে যুদ্ধ-বিগ্ৰহত নাগৰিকসকলৰ ওপৰতে ভৰসা কৰিবলগা হৈছিল। যুদ্ধৰ পিছত লোকসকলে পুনৰ নিজ নিজ বৃত্তিগত কামত ব্যস্ত হৈ পৰিছিল। পাৰ্চীসকলৰ সৈতে হোৱা যুদ্ধৰ পিছতে গ্ৰীচৰ সমৰকলাৰ ক্ষেত্ৰখনত নাটকীয় পৰিৱৰ্তন ঘটে। পাৰস্যৰ বিশাল সৈন্যবাহিনীক পৰাভূত কৰাটো এখন একক নগৰৰ বাবে কল্পনাৰো অগোচৰ আছিল। নগৰসমূহে মিত্ৰজোঁট বান্ধি পাৰ্চীসকলৰ ওপৰত বিজয় সাব্যস্ত কৰিছিল আৰু এই সময়ছোৱাতে বৃহৎ শক্তিৰূপত এথেন্স আৰু স্পাৰ্টাৰ উত্থান ঘটিছিল। ইয়াৰ ফলস্বৰূপে পেল’প’নেচিয়ান যুদ্ধৰ সূচনা হৈছিল আৰু ইয়াত সমৰসজ্জা আৰু কলা-কৌশলৰ অত্যন্ত বিকশিত ৰূপ এটা দেখা পোৱা গৈছিল। এথেন্সৰ নৌসেনা বাহিনী প্ৰাচীন গ্ৰীচৰ বৃহত্তম নৌসেনা বাহিনীসমূহৰ অন্যতম আছিল। প্ৰত্যেকতে ১৭০ জনকৈ নাৱৰীয়াৰে ২০০ খনতকৈয়ো অধিক নাও বাহিনীটোৰ অন্তৰ্ভুক্ত আছিল।
কলা-সংস্কৃতি
[সম্পাদনা কৰক]দৰ্শন
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীচৰ দাৰ্শনিকসকলৰ ভিতৰত প্লেটো আৰু ছক্ৰেটিছৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
সাহিত্য আৰু অভিনয়
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীক সমাজখনে সাহিত্যৰ ক্ষেত্ৰখনত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। হোমাৰৰ ইলিয়াদ আৰু ওডিচী মহাকাব্যক সেই সময়ৰ মহানতম ৰচনা বুলি কোৱা হয়। পৰৱৰ্তী কালৰ গ্ৰীক কবিৰ ভিতৰত শ্বেফ’ৰ নাম বিশেষভাৱে উল্লেখযোগ্য।
নাট্যকাৰ এচকিলাচে সংলাপৰ প্ৰৱৰ্তন কৰিছিল আৰু ইয়াৰ লগে লগে নাটকৰ সূচনা হৈছিল অন্য নাট্যকাৰসমূহৰ ভিতৰত আছিল ছ’ফ’ক্লিচ, ইউৰিপেডিচ আৰু এৰিষ্ট’ফেনচ।
নৃত্য-গীত
[সম্পাদনা কৰক]সঙ্গীত আছিল গ্ৰীক সমাজৰ এক অবিচ্ছেদ্য অংগ। বিবাহ, মৃতকৰ সৎকাৰ আৰু ধৰ্মীয় কাম-কাজত সঙ্গীত অপৰিহাৰ্য আছিল। গ্ৰীক সাহিত্য আৰু চিত্ৰকলাত সঙ্গীত আৰু বাদ্যযন্ত্ৰৰ বিৱৰণ পোৱা যায়। ইংৰাজী মিউজিক শব্দটো গ্ৰীক দেৱতা জিউচৰ জীয়ৰী কলাৰ অধিষ্ঠাত্ৰী দেৱী মিউজসকলৰ পৰা উদ্ভৱ হৈছে।
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীক গণিতজ্ঞসকলে গণিতৰ জগতলৈ বহুতো গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই থৈ গৈছে। ইয়াৰ ভিতৰত জ্যমিতিৰ প্ৰাথমিক নীতি তথা গাণিতিক প্ৰমাণৰ ধাৰণাৰ লগতে সংখ্যা তত্ত্ব, গাণিতিক বিশ্লেষণ আৰু প্ৰায়োগিক গণিত প্ৰধান। গণিতজ্ঞ পাইথাগোৰাছ, ইউক্লিড আৰু আৰ্কিমিডিছৰ উদ্ভাৱনসমূহ বৰ্তমান সময়তো গণিত শিক্ষাত অন্তৰ্ভুক্ত।
গ্ৰীকসকলে জ্যোতিৰ্বিদ্যাৰ বিকাশ ঘটাইছিল। খ্ৰী:পূ: ৪ৰ্থ শতিকাত গ্ৰহসমূহৰ গতি বুজাবলৈ ত্ৰিমাত্ৰিক নক্সাৰ ব্যৱহাৰ কৰা হৈছিল। পৃথিৱীৰ আৱৰ্তন গতি সম্পৰ্কীয় ধাৰণাৰ লগতে পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰাৰ ধাৰণাটোৰ সূচনা হৈছিল।[26]
খ্ৰীষ্টপূৰ্ব ৮০ ৰ গ্ৰীকসকলে এক বিশেষ সঁজুলিৰ যোগে গ্ৰহসমূহৰ গতিবিধি গনণা কৰিছিল আৰু ইয়াক বিশ্বৰ প্ৰথমটো জ্যোতিৰ্বৈজ্ঞানিক কম্পিউটাৰ বুলি কোৱা হয়।
চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰতো গ্ৰীকসকলৰ অৰিহণা গুৰুত্বপূৰ্ণ। হিপ’ক্ৰেটিছক ভেষজবিদ্যাৰ জনক বোলা হয়। [27][28][29][30][31]
চিত্ৰ আৰু স্থাপত্য-ভাস্কৰ্য
[সম্পাদনা কৰক]প্ৰাচীন গ্ৰীচৰ শিল্পকলা বিশেষকৈ ভাস্কৰ্য আৰু স্থাপত্যৰ প্ৰভাৱ বিভিন্ন ৰাষ্ট্ৰৰ সাংস্কৃতিক ক্ষেত্ৰখনত বিদ্যমান। উদাহৰণস্বৰূপে পশ্চিমে ৰোমান সাম্ৰাজ্যৰ চিত্ৰসমূহত গ্ৰীক প্ৰভাৱ দেখা যায়। আলেকজেণ্ডাৰৰ দিগ্বিজয়ৰ ফলস্বৰূপে পূবৰ মধ্য এচিয়া আৰু ভাৰতীয় সংস্কৃতিৰ সৈতে গ্ৰীক সংস্কৃতিৰ আদান-প্ৰদান হৈছিল।
ধৰ্ম আৰু পৌৰাণিক কথা
[সম্পাদনা কৰক]গ্ৰীক পৌৰাণিক কাহিনীসমূহ গ্ৰীক দেৱ-দেৱী আৰু মহানায়কসকলক লৈ ৰচিত হৈছে। প্ৰধান গ্ৰীক দেৱ-দেৱীসকল হৈছে দ্বাদশ অলিম্পিয়ান ক্ৰমে জিউচ, তেওঁৰ পত্নী হীৰা, প’জাইডন, এৰিছ, হাৰ্মিছ, হেফেষ্টাছ, এফ্ৰ’ডাইট, এথেনা, এপ’ল’, আৰ্টেমিছ, ডিমিটাৰ আৰু ডায়’নিচাছ। অন্যান্য উল্লেখযোগ্য দেৱ-দেৱীৰ ভিতৰত আছে হেবি, হেডিছ, হেলিঅ’ছ, হেষ্টিয়া, পাৰ্চিফ’ন আৰু হেৰাকলছ। জিউচ, প’জাইডন, হেডিছ, হীৰা, হেষ্টিয়া আৰু ডিমিটাৰৰ পিতৃ-মাতৃ হৈছে ক্ৰ’ন’ছ আৰু ৰিয়া।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- টোকা
- ↑ Carol G. Thomas (1988). Paths from ancient Greece. BRILL. পৃষ্ঠা. 27–50. ISBN 978-90-04-08846-7. https://books.google.com/books?id=NAwVAAAAIAAJ&pg=PA27। আহৰণ কৰা হৈছে: 12 June 2011.
- ↑ Maura Ellyn; Maura McGinnis (2004). Greece: A Primary Source Cultural Guide. The Rosen Publishing Group. পৃষ্ঠা. 8. ISBN 978-0-8239-3999-2. http://books.google.com/books?id=N69iOTtVHGYC&pg=PT8.
- ↑ John E. Findling; Kimberly D. Pelle (2004). Encyclopedia of the Modern Olympic Movement. Greenwood Publishing Group. পৃষ্ঠা. 23. ISBN 978-0-313-32278-5. http://books.google.com/books?id=QmXi_-Jujj0C&pg=PR23.
- ↑ Wayne C. Thompson; Mark H. Mullin. Western Europe, 1983. Stryker-Post Publications. পৃষ্ঠা. 337. http://books.google.com/books?id=serMXIpALD0C. "for ancient Greece was the cradle of Western culture ..."
- ↑ Frederick Copleston (1 June 2003). History of Philosophy Volume 1: Greece and Rome. A&C Black. পৃষ্ঠা. 13. ISBN 978-0-8264-6895-6. http://books.google.com/books?id=Y08L-MC36JUC&pg=PA13. "PART I PRE-SOCRATIC PHILOSOPHY CHAPTER II THE CRADLE OF WESTERN THOUGHT:"
- ↑ Mario Iozzo (2001). Art and History of Greece: And Mount Athos. Casa Editrice Bonechi. পৃষ্ঠা. 7. ISBN 978-88-8029-435-1. http://books.google.com/books?id=Q51-HAiZQwMC&pg=PA7. "The capital of Greece, one of the world's most glorious cities and the cradle of Western culture,"
- ↑ Marxiano Melotti (25 May 2011). The Plastic Venuses: Archaeological Tourism in Post-Modern Society. Cambridge Scholars Publishing. পৃষ্ঠা. 188. ISBN 978-1-4438-3028-7. http://books.google.com/books?id=jgIrBwAAQBAJ&pg=PA188. "In short, Greece, despite having been the cradle of Western culture, was then an “other” space separate from the West."
- ↑ Library Journal. 97. Bowker. April 1972. পৃষ্ঠা. 1588. http://books.google.com/books?id=TFZVAAAAYAAJ. "Ancient Greece: Cradle of Western Culture (Series), disc. 6 strips with 3 discs, range: 44-60 fr., 17-18 min"
- ↑ Stanley Mayer Burstein (2002). Current Issues and the Study of Ancient History. Regina Books. পৃষ্ঠা. 15. ISBN 978-1-930053-10-6. http://books.google.com/books?id=17xmAAAAMAAJ. "and making Egypt play the same role in African education and culture that Athens and Greece do in Western culture."
- ↑ Murray Milner, Jr. (8 January 2015). Elites: A General Model. John Wiley & Sons. পৃষ্ঠা. 62. ISBN 978-0-7456-8950-0. http://books.google.com/books?id=MvYlBgAAQBAJ&pg=PA62. "Greece has long been considered the seedbed or cradle of Western civilization."
- ↑ Aa.Vv. (2011-11-10T00:00:00+01:00). Slavica viterbiensia 003: Periodico di letterature e culture slave della Facoltà di Lingue e Letterature Straniere Moderne dell'Università della Tuscia. Gangemi Editore spa. পৃষ্ঠা. 148. ISBN 978-88-492-6909-3. http://books.google.com/books?id=f9fTPUTPPhkC&pg=PA148. "The Special Case of Greece The ancient Greece was a cradle of the Western culture,"
- ↑ Kim Covert (1 July 2011). Ancient Greece: Birthplace of Democracy. Capstone. পৃষ্ঠা. 5. ISBN 978-1-4296-6831-6. http://books.google.com/books?id=KVMYJNvUiYkC&pg=PP5. "Ancient Greece is often called the cradle of western civilization. ... Ideas from literature and science also have their roots in ancient Greece."
- ↑ Ricardo Duchesne (7 February 2011). The Uniqueness of Western Civilization. BRILL. পৃষ্ঠা. 297. ISBN 90-04-19248-4. http://books.google.com/books?id=pWmDPzPo0XAC&pg=PA297. "The list of books which have celebrated Greece as the “cradle” of the West is endless; two more examples are Charles Freeman's The Greek Achievement: The Foundation of the Western World (1999) and Bruce Thornton's Greek Ways: How the Greeks Created Western Civilization (2000)"
- ↑ Bruce Thornton, Greek Ways: How the Greeks Created Western Civilization, Encounter Books, 2002
- ↑ Richard Tarnas, The Passion of the Western Mind (New York: Ballantine Books, 1991).
- ↑ Colin Hynson, Ancient Greece (Milwaukee: World Almanac Library, 2006), 4.
- ↑ Carol G. Thomas, Paths from Ancient Greece (Leiden, Netherlands: E. J. Brill, 1988).
- ↑ Short, John R (1987), An Introduction to Urban Geography, Routledge, p. 10, https://books.google.com/books?id=uGE9AAAAIAAJ&pg=PA10&dq=greek+dark+ages+776+BC&hl=en&sa=X&ei=nTfmT_uSIOek0QXhtOzoCA&sqi=2&ved=0CFIQ6AEwBg#v=onepage&q=greek%20dark%20ages%20776%20BC&f=false.
- ↑ Pomeroy, Sarah B. (1999). Ancient Greece: a political, social, and cultural history. Oxford University Press. ISBN 978-0-19-509742-9. https://books.google.com/?id=INUT5sZku1UC.
- ↑ Hadas, Moses (1950). A History of Greek Literature. Columbia University Press. পৃষ্ঠা. 327. ISBN 0-231-01767-7. https://books.google.com/books?id=dOht3609JOMC&pg=PA273&dq=%22end+of+antiquity%22+%2B+%22529%22#v=onepage&q=%22end%20of%20antiquity%22%20%2B%20%22529%22&f=false.
- ↑ Holland, T. Persian Fire, Abacus, ISBN 978-0-349-11717-1
- ↑ Holland T. Persian Fire, p94 ISBN 978-0-349-11717-1
- ↑ Slavery in Ancient Greece. Britannica Student Encyclopædia.
- ↑ Angus Konstam: "Historical Atlas of Ancient Greece", pp. 94-95. Thalamus publishing, UK, 2003, ISBN 1-904668-16-X
- ↑ W. Schieder, "Real slave prices and the relative cost of slave labor in the Greco-Roman world", Ancient Society, vol. 35, 2005.
- ↑ Pedersen, Early Physics and Astronomy, pp. 55-6
- ↑ Grammaticos, P. C.; Diamantis, A. (2008). "Useful known and unknown views of the father of modern medicine, Hippocrates and his teacher Democritus". Hellenic journal of nuclear medicine খণ্ড 11 (1): 2–4. PMID 18392218.
- ↑ Hippocrates Archived 2009-10-29 at the Wayback Machine, Microsoft Encarta Online Encyclopedia 2006. Microsoft Corporation. 2009-10-31.
- ↑ Strong, W.F.; Cook, John A. (July 2007). "Reviving the Dead Greek Guys". Global Media Journal, Indian Edition. ISSN: 1550-7521. Archived from the original on April 25, 2015. https://web.archive.org/web/20150425122908/http://manipal.edu/gmj/issues/jul07/strong.php। আহৰণ কৰা হৈছে: September 10, 2015.
- ↑ Garrison, Fielding H. (1966). History of Medicine. প্ৰকাশক Philadelphia: W.B. Saunders Company. পৃষ্ঠা. 92–93.
- ↑ Nuland, Sherwin B. (1988). Doctors. Knopf. পৃষ্ঠা. 5. ISBN 0-394-55130-3.
- সহায়ক গ্ৰন্থ
- Charles Freeman (1996). Egypt, Greece and Rome. Oxford University Press.
- Paul MacKendrick (1962). The Greek Stones Speak: The Story of Archaeology in Greek Lands. St. Martin's Press.
- Thomas Wardle (1835). The history of ancient Greece, its colonies and conquests from the earliest accounts till division of the Macedonian Empire in the East.