ইউক্লিড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Euclid

জন্ম Unknown
মৃত্যু Unknown
বাসস্থান Alexandria, Egypt
ক্ষেত্ৰ Mathematics
জনা যায় Euclidean geometry
Euclid's Elements

ইউক্লিড (আনুমানিক খ্ৰী:পূ: ৩৩০-খ্ৰী:পূ: ২৭৫) আছিল এজন মহান গ্ৰীক গণিতজ্ঞ । তেওঁক ‘জ্যামিতিৰ পিতা’ বুলিও অভিহিত কৰা হয় । ইউক্লিডৰ জীৱন সম্পৰ্কে অতি কম কথা জনা যায় । গ্ৰীক দাৰ্শনিক প্ৰক্লাছ আৰু পেপ্পাছৰ ৰচনাত ইউক্লিডৰ উল্লেখ আছে । ধাৰণা কৰা হয় যে আলেকজেন্দ্ৰিয়াত ইউক্লিডে ট’লেমি-১ ছ’টাৰৰ ৰাজত্বকালত এখন বিদ্যালয় স্থাপন কৰিছিল আৰু তাত শিক্ষকতাও কৰিছিল । জীৱন সম্পৰ্কে নহ’লেও তেওঁৰ কৰ্মৰাজীৰ বিষয়ে বিশদভাৱে জনা যায় । বিশেষকৈ জ্যামিতিৰ ক্ষেত্ৰত তেওঁৰ অৱদানসমূহ তেওঁৰ জীৱনকালৰ ২৩ টা শতিকাৰ পিছতো স্মৰণ কৰা হয় । জ্যামিতিৰ বাহিৰেও ইউক্লিডে আলোকবিজ্ঞান, সংখ্যাবিজ্ঞান আদিৰো চিন্তা-চৰ্চা কৰিছিল ।

এলিমেণ্ট‍ছ’(Elements) তেওঁৰ জ্যামিতিৰ এখন বিখ্যাত গ্ৰন্থ । ছপাৰ পদ্ধতি আৱিষ্কাৰ হোৱাৰ পিছত এই গ্ৰন্থখনৰ কমেও এহেজাৰ সংস্কৰণ ছপা হৈছে । জ্যামিতিৰ চৰ্চা ইউক্লিডৰ আগতেও আছিল, কিন্তু তেওঁ জ্যামিতিৰ যুক্তিবোৰ যথাযথভাৱে সজাই ইয়াক এক ক্ৰমবদ্ধ বিষয় হিছাপে প্ৰতিষ্ঠা কৰিলে । তেওঁ সৰলৰেখা,বিন্দু,ত্ৰিভূজ আদিৰ স্পষ্ট সূত্ৰ দিছিল আৰু এইবোৰৰ আলমত অনেক প্ৰতিজ্ঞা বা উপপাদ্যৰ যুক্তিসিদ্ধ প্ৰমাণ দাঙি ধৰিছিল । এই গ্ৰন্থত ‘সংখ্যাতত্ত্ব’ও সন্নিবিষ্ট কৰা হৈছে । ইউক্লিডৰ নষ্ট নোহোৱাকৈ থকা আন আন গ্ৰন্থসমূহ হ’ল- Data, On Divisions of Figures, Catoptrics, Phaenomena আৰু Optics । ওঠৰ শতিকাতহে জাৰ্মান গণিতজ্ঞ কাৰ্ল গাউছ(Karl Gauss)-এ এক অনা-ইউক্লিডীয় জ্যামিতিৰ উদ্ভাৱন কৰে যাক পাছলৈ ৰুছ গণিতজ্ঞ লবাছেভস্কি(Lobachevsky) আৰু হাংগেৰীয়ান গণিতজ্ঞ বলাই(Bolyai)-এ প্ৰকাশ কৰে । ই এতিয়া ইউক্লিডীয় জ্যামিতিৰ পৰা এক পৃথক ঠাল ।