সমললৈ যাওক

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২৫/উল্লেখনীয় কাম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
  • অসমীয়া ৱিকিপিডিয়াত বিগত বৰ্ষৰ সংস্কৰণ ৱিকিপিডিয়া এছিয়ান মাহ(WAM)ৰ সম্পাদনা মেলা সক্ৰিয় ৱিকিমিডিয়ান চাণক্য কুমাৰ দাস, প্ৰাণজ্যোতি নাথ, আৰু ৰুমী বৰাৰ যৌথ উদ্যোগত ১৫ নৱেম্বৰৰ পৰা ১৫ ডিচেম্বৰলৈ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত মুঠ ১৭জন সদস্যই অংশগ্ৰহণ কৰি ১৮৯টা নতুন প্ৰবন্ধ সৃষ্টি কৰে।
  • ৱিকিপিডিয়া এছিয়ান মাহ, ২০২৪ উপলক্ষে যোৰহাটৰ নকছাৰি মহাবিদ্যালয়ৰ সহযোগত মহাবিদ্যালয়ৰ নৱনিৰ্মিত প্ৰেক্ষাগৃহত যোৱা ১৯ ডিচেম্বৰ তাৰিখে এখন অসমীয়া ৱিকিপিডিয়া কৰ্মশালা অনুষ্ঠিত হয়। এই কৰ্মশালাখনত মহাবিদ্যালয়ৰ মাননীয় অধ্যক্ষ উত্তম বৰুৱা, শি‍ক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক কুমুদ ঘোষ, কেইবাগৰাকীও অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ৫০ গৰাকী অংশগ্ৰহণকাৰী উপস্থিত থাকে।
  • অসমীয়া ৱিকিমিডিয়া সমাজৰ ৱিকিসংযোগ প্ৰকল্পৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিউৎসত সক্ৰিয় ৱিকিমিডিয়ান প্ৰণামিকা অধিকাৰী আৰু দিব্য দত্তৰ তত্ত্বাৱধানত ২০২৪ চনৰ ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈ এটি মুদ্ৰণ সংশোধন মেলা আয়োজন কৰা হয়। এই মুদ্ৰণ সংশোধন মেলাত সম্পাদক সকলে সৰ্বমুঠ ৫৭৬ টা পৃষ্ঠাৰ মুদ্ৰণ সংশোধন আৰু ৪৬৬টা পৃষ্ঠাৰ বৈধকৰণ কৰে।
  • অসমীয়া ৱিকিমিডিয়া সমাজৰ ৱিকিসংযোগ প্ৰকল্পৰ সৈতে সংগতি ৰাখি অসমীয়া ৱিকিপিডিয়াত ২০২৪ চনৰ ২৩ ডিচেম্বৰ-৩১ ডিচেম্বৰলৈ এক পোখালি বিস্তাৰ সম্পাদনা মেলাৰ আয়োজন কৰা হয়। এই মুদ্ৰণ সংশোধন মেলাত ১৮ গৰাকী অংশগ্ৰহণকাৰীয়ে মুঠ ৯৯ টা পোখালি প্ৰৱন্ধ বিস্তাৰ কৰে।
  • অসমীয়া ৱিকিমিডিয়াৰ বিভিন্ন প্ৰকল্পত অৱদান আগবঢ়াবলৈ আগ্ৰহী যিকোনো নতুন ব্যক্তিক সহায় আৰু পথ প্ৰদৰ্শনৰ বাবে অসমীয়া ৱিকিমিডিয়া সম্প্ৰদায়ৰ উদ্যোগত যোৱা ১ অক্টোবৰৰ পৰা ৩১ ডিচেম্বৰলৈ ৱিকিসংযোগ নামৰ মেণ্টৰশ্বিপ প্ৰকল্প সম্পন্ন হয়। এই প্ৰকল্পৰ অধীনত যোগ দিয়া ৫৮ গৰাকী নতুন সদস্যৰ ভিতৰত ছগৰাকী মেণ্টিয়ে ১০০০+, আঠগৰাকীয়ে ১০০+, ১৩ গৰাকীয়ে ১০+ আৰু বাকী ১১ গৰাকীয়ে ১+ টা সম্পাদনা কৰি ৱিকিৰ বিভিন্ন প্ৰকল্পলৈ অৱদান আগবঢ়ায়। প্ৰকল্পৰ শেষ দিনটোলৈকে সকলো মেণ্টিৰ সৰ্বমুঠ সম্পাদনা ১৯৭৬৭ টা। ইয়াৰ ভিতৰত সৰ্বোচ্চ সম্পাদনাৰে প্ৰথম তিনিটা স্থান পোৱা মেণ্টিসকল হৈছে কুমুদ ঘোষ (৪,৯৭৬ টা সম্পাদনা), পাপৰি বৰা (৩,৯৫২ টা) আৰু নৰুনা বৰুৱা (২,৭৮৩ টা)। তাৰোপৰি এই প্ৰকল্পৰ অধীনত অসমীয়া ৱিকিপিডিয়াত কুমুদ ঘোষে সৰ্বমুঠ ৯১ টা, নৰুনা বৰুৱাই ৭০ টা আৰু দীপাংকৰ দাসে ৪৬ টা নতুন প্ৰবন্ধ সৃষ্টি কৰে। তেনেদৰে ৱিকিউৎসত সৰ্বোচ্চ সম্পাদনা কৰা প্ৰথম তিনিগৰাকী মেণ্টি হৈছে হিমাশ্ৰী বৰা (৭৯৪ টা), সুস্মিতা লেখাৰু (৬৪৬ টা) আৰু অঞ্জুমণি শইকীয়া (৩৭০ টা)।