ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০১৯/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নিক'লা টেছলা

নিক'লা টেছলা (১০ জুলাই, ১৮৫৬ – ৭ জানুৱাৰী, ১৯৪৩) আছিল এজন ছাৰ্বিয়ান-আমেৰিকান উদ্ভাৱক, বৈদ্যুতিক অভিযন্তা, যান্ত্ৰিক অভিযন্তা আৰু ভৱিষ্যৎদ্ৰষ্টা। বৈদ্যুতিক ক্ষেত্ৰলৈ আগবঢ়োৱা অবিস্মৰণীয় অৱদানৰ বাবে নিক'লা টেছলাক ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উদ্ভাৱক হিচাপে গণ্য কৰা হয়। পৰিৱৰ্তী প্ৰৱাহৰ দ্বাৰা চালিত অধিকাংশ যন্ত্ৰৰে মূল চালিকা শক্তি ঘূৰ্ণীয়মান চুম্বকীয় ক্ষেত্ৰ (Rotating Magnetic Field) আৱিষ্কাৰ কৰিছিল নিক'লা টেছলাই। বিদ্যুৎ পৰিৱহনৰ তিনিতৰপীয়া প্ৰণালীটোৰো (Three Phase System) মূল্যৱান বিকাশ সাধন কৰিছিল নিক'লা টেছলাই। ১৮৮৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰে আৰু পৰিৱৰ্তী প্ৰৱাহচালিত ডাইনাম', ট্ৰেন্সফৰ্মাৰ,আৰু মটৰৰ পেটেণ্টৰ স্বত্বসমূহ জৰ্জ ৱেষ্টিংহাউছক বিক্ৰী কৰে। ১৮৯১ চনত তেওঁ টেছলা কুণ্ডলী আৱিষ্কাৰ কৰে, যি কুণ্ডলী ৰেডিঅ' প্ৰযুক্তিত ব্যাপক ৰূপত ব্যৱহৃত হৈছিল।

পৃথিৱী পোহৰাই তোলা এই জিনিয়াছজনক এতিয়া টেছলা নামৰ এটা এককৰ জৰিয়তে স্মৰণ কৰা হয়। টেছলা হৈছে চুম্বকীয় অভিৱাহ ঘনত্ব (Magnetic Flux Density) ৰ একক।

আৰু পঢ়ক...