ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২০/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা


নিৰঞ্জন বড়া

 অসমীয়া ৱিকিপিডিয়া ২০০২ চনতেই আৰম্ভ হোৱা কিন্তু ২০১৫ চনলৈকে মই গমেই নাপাওঁঁ যে ৱিকিপিডিয়াৰ প্ৰবন্ধবোৰ আমিও লিখিব পাৰোঁ৷ ২০১৫ চনত আমাৰ শিক্ষানুষ্ঠানখনত অসমীয়া ৱিকিপিডিয়া সমাজৰ এখন আলোচনাসভা অনুষ্ঠিত হয় আৰু মোক বন্ধু এজনে কথাটো জনালে৷ তেওঁৰ কথামতে তালৈ গ’লো আৰু অসমীয়া ৱিকিপিডিয়াৰ কথা গ’ম পালোঁ৷ কেনেকৈ একাউণ্ট খোলে কেনেকৈ লিখা হয় এইবোৰ৷ মিটিঙৰ পৰা আহি বহুত উচ্ছাহ৷ লিখিয়ে যাম এফালৰপৰা, এনে মনোভাৱ৷ মিটিঙত কৈছিল যে নিজৰ অঞ্চলটোৰ বিষয়ে লিখিব পাৰা, লিখি দিলোঁ৷ আৰু কি লিখোঁ কি লিখোঁ ভাবি আৰু এটা লিখি দিলোঁ৷ দুই লাইন মাত্ৰ৷ সদায় লিখিম ভাবিছিলোঁ লিখা নহ’ল এবছৰ মান৷ তাৰ পিছত ভবাও নহ’ল৷ মিটিঙত বহুত কৈছিলে বানান নাজানিলেও লিখিবা, শুদ্ধ কৰা মানুহ ওলাব৷ এইবোৰ কথায়ে মনত খু দুৱাই আছিলে কিন্তু লিখা নহ’ল৷

 প্ৰায় তিনিবছৰৰ পিছত লগৰজনে ক’লে ৱিকিউৎসত লিখা মানুহ লাগে বহুত কম হৈ আছে৷ এখন কৰ্মশালা আছে৷ মই ভাবিলোঁ শিকি থোৱা যাওক সময়টো আছেই গতিকে লিখি থাকিব পাৰিম৷ কৰ্মশালাত সেইদিনা প্ৰথম বাৰৰ বাবে‌ অসমৰ ৱিকিমিডিয়ান সকলক লগ পালোঁ৷ এওঁলোক এজন‌ এজন ডাঙৰ ৱিকিমিডিয়ান৷ এজনে যদি ১০০ টাতকৈ অধিক প্ৰবন্ধ লিখিছে আনজনে কেইবাখনো কিতাপ দিনে ৰাতিয়ে টাইপ কৰি অসমীয়াত লিখিছে৷ মইটো পলাই দিওঁ যেন লাগিছিল৷ কিন্তু থাকিলোঁ কাৰণ কৰ্মশালাখন বহুত মনোগ্ৰাহী আছিল৷ মোৰ সদায় হামিয়াই হিকতিয়াই চকু ৰঙা হৈ থাকে কিন্তু কৰ্মশালাখনত হামিয়াই থকা মনত নপৰে৷ দুপৰীয়া আহাৰৰ সময়তো আমাৰ আহাৰ খাবলৈ উঠি যাবলৈ মন যোৱা নাছিল৷ কৰ্মশালাৰ প্ৰথম আকৰ্ষণ আছিল archieve.org. সংসাৰৰ কিতাপ বোৰটো তাতেই সোমাই আছে৷ মাত্ৰ download কৰক আৰু পঢ়ি যাওক আৰু যদিহে কিতাপখনৰ কপিৰাইট নাই সেইখন ৱিকি উৎসলৈ লৈ আহক৷ কৰ্মশালাটোৰ মুখ্য আকৰ্ষণ আছিল OCR৷ OCRৰ যি শক্তি গম পোৱাৰ পিছত সকলোৰে উচ্ছাহ কেইবা গুণো বাঢ়ি গ’ল৷ যি শিকালে আমি মন দি শিকি গ’লো৷ পিছত কৰ্মশালাৰ পৰা উভতি আহি লিখা আৰম্ভ কৰি দিলোঁ৷ সংশোধন বৈধকৰণ সকলো কৰি গৈ আছোঁ এতিয়াও৷ লাহে লাহে কিন্তু অলপ অলপ৷ ইমানো জীৱন ব্যস্ত নহয় তথাপিও সময়ে নিমিলে৷ সেইসকলক কিন্তু মানিব লাগিব যিসকলে বহু ব্যস্ততাৰ মাজতো কাম কৰি আছে নিয়মিতভাৱে৷ অসমীয়া ভাষাক আগুৱাই লৈ যোৱা এই সকল স্বেচ্ছাসেৱক স্বেচ্ছাসেৱিকা আনছাং নায়ক নায়িকা৷

 এতিয়া বৰ্তমানলৈ আহোঁ৷ মে’ মাহত CIS-A2K তৰফৰ পৰা এখন [প্ৰুফৰিডাথন]ৰ আয়োজন কৰা হৈছিল৷ ১ মে’ৰ পৰা ১০ মে’লৈকে হোৱা এই প্ৰতিযোগিতাত ভাৰতৰ মুঠ ১২টা ভাষাই অংশগ্ৰহণ কৰিছিল৷ অসমীয়া ৱিকিউৎসৰ তৰফৰ পৰা মুঠ ২৫জন সদস্য/ সদস্যাই অংশগ্ৰহণ কৰিছিল৷ এই সদস্য সদস্যা সকলৰ প্ৰচেষ্টাত অসমীয়া ৱিকিউৎসই প্ৰতিযোগিতাখনত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷ সৰ্বভাৰতীয় ভিত্তিত দুজনকৈ অসমীয়া ৱিকিমিডিয়ান প্ৰথম দহটা স্থানৰ ভিতৰত থাকে৷ এইয়া মাত্ৰ আৰম্ভণি আগলৈও অসমীয়া ৱিকিৰ স্বেচ্চাসেৱক সকলে এনে প্ৰচেষ্টা আগবঢ়াই যাব৷ বিকিউৎসৰ পুৰণি কিতাপবোৰ নপঢ়িলে বিশ্বাস কৰিব নোৱাৰি যে অসমীয়া ভাষাত বহুত ভাল পুথি আছিল৷ সকলোৱে এইসমূহ পুথি ডিজিটেলাইজ কৰাত সহায় কৰিব লাগে৷

 মই আগতে গুৰুত্ব নিদিয়া ৱিকিপিডিয়াৰ এটা লিংক হল ‘যিকোনো এটা পৃষ্ঠা’৷ ই ৰেডিঅ’ত গান শুনি থকাৰ দৰে কেনি লৈ যায় প্ৰথমে জনা নাযায়৷ পঢ়িও ভাল লাগে, সম্পূৰ্ণ অজ্ঞাত বিষয়লৈ নিব পাৰে৷ কিছুমান জনা বিষয়ো দেখুৱায় ই৷ এইবোৰত কিছুমান সৰুসুৰা ভুল থাকি যায় যিবোৰ শুদ্ধ কৰিও ৱিকিলৈ অৱদান আগবঢ়াব পাৰি, নতুন কথা সংযোগ কৰিব পাৰি, পুৰণি প্ৰবন্ধ আপডেট কৰিব পাৰি৷ বহুত বহুত প্ৰবন্ধ লিখা সকলোৰে পক্ষে সম্ভৱ নহয় কিন্তু সকলোৱে এনেদৰে অলপ অলপ বৰঙনি আগবঢ়াব পাৰে ৱিকিজগতলৈ৷ আৰু এনেকৈয়ে অসমীয়া ৱিকি বহুদূৰ আগবাঢ়ি যাব বুলি মই বিশ্বাস কৰোঁ৷

নিৰঞ্জন বড়া (talk) 17:37, 31 May 2020 (ইউ.টি.চি.)[উত্তৰ দিয়ক]