ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২২/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

এলিজাবেথ চেজ অলচেন এগৰাকী আমেৰিকান অভিনেত্ৰী। কেলিফৰ্ণিয়াৰ শ্বাৰমান অকছত জন্মগ্ৰহণ কৰা অলচেনে চাৰি বছৰ বয়সতে অভিনয় কৰিবলৈ আৰম্ভ কৰে। ২০১১ চনত থ্ৰিলাৰ মাৰ্থা মাৰ্চি মে মাৰ্লিনত তেওঁৰ প্ৰথম চলচ্চিত্ৰ চৰিত্ৰত অভিনয় কৰিছিল-যাৰ বাবে তেওঁ প্ৰশংসিত হৈছিল আৰু ক্ৰিটিক্স চয়ছ মুভি বঁটাৰ বাবে মনোনীত হৈছিল। তাৰ পিছত হ'ৰৰ ছবি চাইলেণ্ট হাউছত তেওঁ অভিনয় কৰিছিল। ইয়াৰ বাবে অলচেনে বাফটা ৰাইজিং ষ্টাৰ বঁটাৰ মনোনয়ন লাভ কৰে। দুবছৰৰ পিছত তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।

মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছ মিডিয়া ফ্ৰেঞ্চাইজিত ৱাণ্ডা মেক্সিমফ/স্কাৰলেট উইচৰ চিত্ৰণৰ বাবে অলচেনে বিশ্বব্যাপী স্বীকৃতি লাভ কৰে। তেওঁ ছুপাৰহিৰো ছবি এভেঞ্জাৰছ: এজ অৱ আল্ট্ৰন (২০১৫), কেপ্তেইন আমেৰিকা: চিভিল ৱাৰ (২০১৬), এভেঞ্জাৰছ: ইনফিনিটি ৱাৰ (২০১৮)ত অভিনয় কৰে। ডাক্তৰ ষ্ট্ৰেঞ্জ ইন দ্য মাল্টিভাৰ্ছ অৱ মেডনেছ (২০২২), মিনিচিৰিজ ৱাণ্ডাভিজন (২০২১) গুৰুত্বপূৰ্ণ ছবি। ৱাণ্ডাভিজনৰ বাবে তেওঁ প্ৰাইমটাইম এমি বঁটা আৰু গোল্ডেন গ্ল’ব বঁটাৰ বাবে মনোনয়ন লাভ কৰে। সবিশেষ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ আলাবৈৰ ৰণৰ বিষয়ে ইয়াত পঢ়ক...