ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুন-২০২৩/ভাল প্ৰবন্ধ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
সংঘৰ্ষৰ সূত্ৰপাত হোৱা মণিপুৰৰ চুড়াচান্দপুৰ জিলা।

মণিপুৰ সংঘৰ্ষ ২০২৩ হৈছে ২০২৩ চনৰ ৩ মে' তাৰিখে ভাৰতৰ উত্তৰ-পূব ৰাজ্য মণিপুৰত সংখ্যাগৰিষ্ঠ মেইতেই জনগোষ্ঠী আৰু জনজাতীয় কুকি আৰু জ' জনগোষ্ঠীৰ মাজত সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষ। ইম্ফল উপত্যকাত বসবাস কৰা মেইতেই জনগোষ্ঠীৰ লোকসকল সংখ্যাগৰিষ্ঠভাবে হিন্দু ধৰ্মাৱলম্বী আৰু কাষৰীয়া পাহাৰীয়া অঞ্চলত বসবাস কৰা কুকি আৰু জ'সকল মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী। এই সংঘৰ্ষৰ ফলত কমেও ৭০ গৰাকী ব্যক্তি নিহত আৰু কমেও ২৪০ গৰাকী ব্যক্তি আহত হয়। মণিপুৰ উচ্চ ন্যায়ালয়ে মণিপুৰ চৰকাৰক মেইতেই সম্প্ৰদায়ক অনুসূচীত জনজাতি হিচাপে মনোনীত কৰিবলৈ নিৰ্দেশ প্ৰদানৰ প্ৰতিবাদত সদৌ মণিপুৰ জনজাতি ছাত্ৰ সন্থায়ে আহ্বান জনোৱা "জনজাতি সংহতি যাত্ৰা"ৰ সময়ত চুড়াচান্দপুৰ জিলাত এই সংঘৰ্ষৰ সূচনা হৈছিল। সংঘৰ্ষৰ পিছত আইন-শৃংখলা পুনৰুদ্ধাৰৰ বাবে প্ৰায় ১০,০০০ সৈন্য আৰু অৰ্ধসামৰিক বাহিনী মণিপুৰত মোতায়ন কৰা হয়। ৰাজ্যখনত ইণ্টাৰনেট সেৱা পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হয় আৰু ভাৰতীয় দণ্ডবিধিৰ ১৪৪ নং ধাৰা প্ৰয়োগ কৰা হয়। উত্তপ্ত পৰিস্থিতিক নিয়ন্ত্ৰণ কৰিবলৈ ভাৰতীয় সৈন্যক "চৰম ক্ষেত্ৰত" সান্ধ্য আইন বলবৎ কৰিবলৈ "শ্বুট অন চাইট"ৰ নিৰ্দেশ দিয়া হৈছিল। বিতংকৈ ইয়াত পঢ়ক...

যোৱামাহৰ ভাল প্ৰবন্ধ মালিৰ নাৰীৰ বিষয়ে ইয়াত পঢ়ক...