ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জুলাই-২০১৯/ৱিকিপিডিয়ানৰ মনৰ কথা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
“স্বদেশ আৰু স্বজাতিৰ উন্নতি আৰু মঙ্গলমন্দিৰৰ সিংহ দুৱাৰ হৈছে মাতৃভাষা”

এটা জাতিৰ কৃষ্টি, সংস্কৃতি, ঐতিহ্য আদিৰ প্ৰতিফলন ঘটে মাতৃভাষাৰ মাধ্যমত। এখন দেশ তথা এটা জাতিৰ উত্তৰণ তথা সমৃদ্ধি বহু পৰিমানে নিৰ্ভৰ কৰে মাতৃভাষাৰ ওপৰত। মাতৃভাষা হৈছে এটা জাতিৰ মেৰুদণ্ড স্বৰূপ। মাতৃভাষাই জাতিটোক একতাৰ ডোলেৰে বান্ধি, সমন্বয়ৰ সাঁকো গঠন কৰে। ভৌগোলিক ভাৱে ভাৰতৰ উত্তৰ পূৱত অৱস্থিত অসমৰ মাতৃভাষা হৈছে অসমীয়া। বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ ভাষা আৰু ইয়াৰ থলুৱা লোকৰ ভাযাৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা ভাষা। অতিকৈ চেনেহৰ, অতিকৈ মৰমৰ, অতিকৈ আপোন ভাষা। আমাৰ অসমীয়া ভাষা। যাৰ সৃষ্টি আৰু ক্ৰমবিকাশৰ আঁৰত আছে এক দীঘলীয়া ইতিহাস। নানান ঘাত-প্ৰতিঘাত, উত্থান-পতন, সংগ্ৰাম-আন্দোলনৰ কণ্টকময় পথ অতিক্ৰমি অসমীয়া আজি এটা সুপ্ৰতিস্থিত ভাষা। আজি অসমীয়া ভাষা ভাৰতৰ এটা অন্যতম ৰাজ্যিক ভাষা। আজিৰ ইণ্টাৰনেট জগততো ই এটা বহু প্ৰচলিত ভাষা।

বৰ্তমান ইণ্টাৰনেটৰ যুগত অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কৰা অন্য এক নীৰৱ আন্দোলনৰ নাম হৈছে অসমীয়া ৱিকিপিডিয়া। কিন্তু এয়া যথেষ্ট নহয়। অমানিশাৰ ঘোৰ এন্ধাৰে যেন ক্ৰমশঃ গ্ৰাস কৰিছে অসমীয়া ভাষা্ক। বিতৰ্কৰ শীৰ্ষত আজি অসমীয়া ভাষা। সৰলীকৰণ, মাধ্যমৰ সমস্যা, ভাষাৰ সংকট আদি বিষয় আহিছে। কিছুলোক শংকিত হৈ পৰিছ ভাষাটোৰ স্থায়িত্বক লৈ। সন্তানক ভাষাটো শিকোৱাৰ ক্ষেত্ৰত অভিভাৱকসকল যেন আগ্ৰহী নহয়। নতুন প্ৰজন্মও যেন আগ্ৰহী নহয় ভাষাটোৰ বিশুদ্ধতাৰ প্ৰতি। তেন্তে উপায় কি?

উপায় নিশ্চয় আছে। আমাৰ ভাষাটোক এই সংকটৰ পৰা আমিয়েই উদ্ধাৰ কৰিব লাগিব। আমি ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কেৱল চৰকাৰৰ কাম, সাহিত্যিক, বুদ্ধিজীৱীৰ কাম বুলি হাত সাবতি বহি থাকিলে নহ’ব। আমি আমাৰ ভাষাটোক ভাল পাবলৈ আৰু সন্মান কৰিবলৈ শিকিব লাগিব।

আহক আমি অসমীয়া ৱিকিপিডিয়াৰ পৰাই এই নতুন যাত্ৰা আৰম্ভ কৰোঁ। সকলোৱে সগৌৰৱেৰে সমস্বৰে কওঁ,

“সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,
উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব”
-দিব্য দত্ত



“....কিবা এটা কৰোঁ বুলি "সৌৰভ কুমাৰ চলিহা" বিষয়ে কোনোবা এখন গল্পৰ কিতাপৰ গল্পকাৰ পৰিচিতিৰ পৰা চাই চাই অকণমান লিখিলোঁ। ন-শিকাৰু বাবে যুঁজি যুঁজি অসমীয়া টাইপ কৰোঁতেই বহু সময় লাগিল। সেইদিনা আছিল ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী। তেতিয়াৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত যুক্ত হ'লোঁ আৰু আজিও সেই সম্পৰ্ক অলপো টুটা নাই বুলি ভাবোঁ। অসমীয়া ৱিকিপিডিয়াৰ অৱস্থা ভাল কৰিবলৈ চিজু এলেক্স নামৰ এজন কেৰালাৰ ব্যক্তি আগবাঢ়ি আহিল। লগত কেইজনমান অসমীয়া e-সেনা। সকলোৱে মিলি আমি বেটুপাত সাজিলোঁ, সাঁচবোৰ ঠিক-ঠাক কৰিলোঁ, ইউজাৰ ইণ্টাৰফে'চৰ গতি লগালোঁ ইত্যাদি। আক-তাক ৱিকিপিডিয়াত লিখিবলৈ শিকালোঁ। লাহে লাহে দুই-এজনকৈ সক্ৰিয় সদস্য বাঢ়ি আহিল, প্ৰবন্ধৰ সংখ্যা-মানৰ উন্নতি হ'ল। ২০১৩ চনৰ ৪ জানুৱাৰীত সকলোৱে লাগি-ভাগি অনলাইন মুক্ত পুথিভঁৰাল অসমীয়া ৱিকিউৎসও মুকলি কৰিলোঁ।

বহুখিনি হোৱা দেখিলোঁ। বহুখিনি হ'বলৈ এতিয়াও বাকী। বহু ভাৰতীয় ভাষাৰ ৱিকিপিডিয়া, ৱিকিউৎসৰ তুলনাত আমি এতিয়াও পিছপৰা। ফে'চবুকত কথাৰ মহলা মৰা মানুহ বহুত, কিবা এটা কৰিবলৈ আগবাঢ়ি অহা মানুহ কম। তথাপিওতো হেঁপাহৰ শেষ নাই। অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জাকত জিলিকা হোৱালেই এতিয়া আমাৰ অপেক্ষা।”

-গীতাৰ্থ বৰদলৈ



“এটা মন কৰিবলগীয়া কথা হ'ল- অসমীয়া ৱিকিপিডিয়াত এতিয়ালৈ পঞ্জীয়নভুক্ত হোৱা মুঠ সদস্য সংখ্যা ২২ হাজাৰৰো অধিক। কিন্তু প্ৰৱন্ধসংখ্যা এতিয়াও পাঁচ হাজাৰৰ ঘৰতে আছে। অৰ্থাৎ যিসকলে অসমীয়া ৱিকিপিডিয়াৰ বিষয়ে কিছু পৰিমাণে হ'লেও জানিব পাৰিছে আৰু ইতিমধ্যে সদস্যভুক্ত হৈছেও, তেওঁলোকৰো অধিকাংশই কোনো অৱদান যোগোৱা নাই। কিবা শংকা-সংকোচৰ বাবেই এখেতসকলে সদস্যভুক্ত হৈয়ো লিখিবলৈ আগ নাবাঢ়িলে নে কি, সেইটো নিশ্চিত হ'ব নোৱাৰিলোঁ। যদি তেনে কোনো সদস্যই এইখিনি কথা পঢ়ি আছে, তেওঁলোকক মাত্ৰ এটা কথাই ক'ম যে ৱিকিপিডিয়াত লিখাটো একো টান কাম নহয়। লিখাৰ নীতি-নিৰ্দেশনাসমূহ ৱিকিপিডিয়াত ইতিমধ্যে উল্লেখ থকাৰ লগতে অসমীয়া ৱিকিপিডিয়াৰ টুইটাৰ আৰু ফেচবুকৰ পৃষ্ঠাৰেও নিজৰ সংকোচ, অসুবিধাখিনিৰ কথা জনাব পাৰে। যদি প্ৰতিজন সদস্যই মাত্ৰ পাঁচটাকৈয়ো নতুন প্ৰৱন্ধ আৰম্ভ কৰিলেহেঁতেন, অসমীয়া ৱিকিপিডিয়াৰ প্ৰৱন্ধই আজি লাখৰ ঘৰ চুলেহেঁতেন! অথচ ছ'চিয়েল মিডিয়াত যোৱা দিনকেইটাতে ভাৰত-পাকিস্তানৰ উত্তেজনা বা যুদ্ধৰ আশংকাক লৈ ৰায়দান দিয়া মানুহৰ অভাৱ নাই। এনেধৰণৰ সাময়িক উত্তেজনাকেন্দ্ৰিক অনৰ্থক বাদানুবাদ কৰি থকাতকৈ ৱিকিপিডিয়াত কিছু অৱদান আগবঢ়োৱাটোহে নিজৰ আৰু ভাষাটোৰ বাবে অধিক মংগলজনক।”

-প্ৰিয়াংকুশ ডেকা



“বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূৰ্ণ। নিজৰ মাতৃভাষাত ইন্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়।”

-অজয় দাস


“ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননী পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। তাৰ উপৰি ভাল লাগিছিল এইটো ভাবি যে মই মোৰ জীৱনত যিবোৰ পৃষ্ঠা ৱিকিপিডিয়াত বা ৱিকিউৎসত সৃষ্টি কৰি থৈ যাম সেইবোৰৰ ইতিহাস যুগযুগান্তৰলৈ মোৰ নামতেই ৱিকিপিডিয়াত খোদিত হৈ থাকিব। আমি এনেকৈ সৃষ্টি কৰা পৃষ্ঠাবোৰে আমাৰ ভবিষ্যত প্ৰজন্মৰ বাবে সদায় সহায়ক হৈ পৰিব। আজি এই কথা বহুতেই উপলদ্ধি কৰিব পৰা নাই যদিও, অনাগত দিনত এই কথা নিশ্চয় স্বীকাৰ কৰিবই লাগিব। এই কথাটোৱেই মোক বহুত প্ৰেৰণা দি আহিছে। এনেকৈয়ে মই ৱিকিপিডিয়াৰ পৰিয়ালৰ এজন হৈ গৌৰৱ অনুভৱ কৰোঁ। অনাগত দিনত ৰাইজৰ সহায় সহযোগ, মৰম চেনেহৰ মাজেৰে পাৰোঁ মানে ৱিকিপিডিয়ালৈ বৰঙণি আগবঢ়াই যাবলৈ মন ডাঠ কৰি ৰাখিছোঁ।”

-নিতুল বৰা